বৰশৰালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰশৰালি
Fulvous Whistling Duck
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Dendrocygninae
গণ: Dendrocygna
প্ৰজাতি: D. bicolor
বৈজ্ঞানিক নাম
Dendrocygna bicolor
(Vieillot, 1816)

বৰশৰালি (ইংৰাজী: Fulvous Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna bicolor) এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালিৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷

বিৱৰণ[সম্পাদনা কৰক]

বৰশৰালিৰ দেহৰ দৈৰ্ঘ্য ৪৮-৫৩ ছৈ:মি:৷ ইয়াৰ ঠোঁট দীঘল আৰু মুগা বৰণৰ, মূৰ দীঘল আৰু ডেউকা গাঢ় মুগা বৰণৰ হয়৷ ইয়াৰ নেজ আৰু ডেউকাৰ অংশবিশেষ ৰঙচুৱা (chestnut) আৰু নেজৰ ওপৰভাগত বগা আঁচ দেখা যায়৷ পূৰ্ণবয়স্ক দীঘলনেজী হাঁহৰ মতা-মাইকী উভয়ৰে এটা ৰঙা-মটিয়া (rufous-brown) বৰণৰ মুকুট (crown) থকা দেখা যায়৷

মতা-মাইকীৰ বাহ্যিক গঠন একে হয়৷ কেৱল পোৱালি অৱস্থাত নেজ আৰু দেহৰ বৰণ শেঁতা হৈ থাকে৷

বিতৰণ[সম্পাদনা কৰক]

বৰশৰালি প্ৰধানকৈ স্থানীয় চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ বিশ্বৰ ক্ৰান্তীয় (tropical) অঞ্চলসমূহত প্ৰজনন কৰে৷ ইয়াক কেন্দ্ৰীয় আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকা, ভাৰত উপমহাদেশ আদি অঞ্চলত সাধাৰণতে দেখা পোৱা যায়৷

বাসস্থান[সম্পাদনা কৰক]

বৰশৰালিয়ে ঘাইকৈ হ্ৰদ, ধাননি, জলচৰ উদ্ভিদেৰে পূৰ্ণ নদীবান্ধ আদিত চৰে৷ ই ধাননি পথাৰত বাহ সাজে৷

আচৰণ[সম্পাদনা কৰক]

বৰশৰালিয়ে নিশাৰ ভাগত ধান, গুটি বা অন্যান্য উদ্ভিদৰ সন্ধান কৰে৷

এই প্ৰজাতিটোৱে গছৰ ডালিৰে বাহ সাজে৷ এবাৰত ই ১২-১৩ টাকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে উমনি দিয়ে আৰু পোৱালিৰ যত্ন লয়৷

বৰশৰালিয়ে বৃহৎ গোটত বাস কৰে৷ ই এবিধ হুলস্থুলীয়া হাঁহৰ প্ৰজাতি বুলি খ্যাত৷ ইয়াৰ মাতটো কিই-উইই-উউউ ধৰণৰ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]