ভাওনা
অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা[1]। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নামাকৰণ কৰে। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ ভাও দি দেখুওৱা কাৰ্য। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয় । বৰ্তমান এনে নাটক ভাওনা বোলা হয় আৰু ৰচনা কাৰ্যক নাট-কটা বা নাট-লেখা বুলি কোৱা হয়।
সূচী |
উদ্দেশ্য[সম্পাদনা কৰক]
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱএ সংস্কৃতিৰ দিশত লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহণ কৰিছিল অংকীয়া নাটৰ প্ৰদৰ্শন অৰ্থাৎ ভাওনাক। এই অংকীয়া নাটৰ প্ৰধান উদ্দেশ্য ধৰ্ম সাধনা, মোক্ষপ্ৰাপ্তি আৰু কাম পূৰণ। শংকৰদেৱৰ নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰপৰা এই কথা স্পষ্টকৈ বুজা যায়।[2]
বৰ্ণনা[সম্পাদনা কৰক]
শংকৰদেৱএ তেৰাৰ নাটত নাট, নাটক আৰু যাত্ৰা শব্দহে ব্যৱহাৰ কৰিছে। মাধবদেৱৰ নাটত ঝুমুৰা, যাত্ৰা আদি শব্দ ব্যবহাৰ হৈছিল। সুখ-দুখৰ উৎপত্তি দেখুওৱা আৰু শৃংগাৰ আদি ৰসৰ পৰিপূৰ্ণতাই নাটৰ বিষয়বস্তু যদিও সাত্বিক অভিনয়হে মূল কথা।[2] ‘অংক’ বা ‘অংকীয়া নাট’ বুলি পিছত চৰিতকাৰসকলেহে ব্যবহাৰ কৰিছে। নাটৰ বিভিন্ন বিভাগবোৰক ‘অংক’ বোলা হয়।[2]
ভৰত মুনিৰ মতে ৰূপক দহবিধ আৰু উপৰূপক ওঠৰবিধ। ৰূপকৰ অংক বা উৎসৃষ্টিকাংক আৰু উপৰূপকৰ হল্লীসৰ লগত অংকীয়া নাটৰ কিছু সাদৃশ্য আছে। কিন্তু মূল লক্ষণবোৰৰ ক্ষেত্ৰত যথেষ্ট অমিলো আছে। অংকীয়া নাটক এক অংক বিশিষ্ট নাট বোলা হয়। ভাওনা হ’ল নাট নৃত্ত আৰু নৃত্যৰ সমাহাৰ। নৃত্ত আৰু নৃত্য হ’ল মুকাভিনয় কিন্তু শ্লোক, বচন, গীত, পয়ৰবিলাকৰ লগে লগে নৃত্য বা নাচৰ চাল-চলন, মুদ্ৰা আদিও থাকে।[2]
ভাওনাৰ শ্লোক, অপিচ আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে[3]। গীত-পদ-ৰাগ-তালৰ কৰ্ত্তব্যখিনি গায়ন-বায়নৰ ওপৰত নিৰ্ভৰ কৰে। গীত-মাতত মহিলা, ঋষি-মুনিসকলৰ প্ৰৱেশ হয়। ভাৱৰীয়া প্ৰৱেশত সূত্ৰধাৰ, কৃষ্ণ বা ৰামৰ, ৰজা-মহাৰজা, মন্ত্ৰী-যুৱৰাজ, সৈন্যসকলৰ, অসূৰসকলৰ, ৰাক্ষস-ৰাক্ষসীসকলৰ আৰু দূতৰ প্ৰৱেশ-প্ৰস্থানত খোলৰ চেও বেলেগ বেলেগ। ভাওনাৰ আৰম্ভনিতে গায়ন-বায়নৰ জোৰাগোৱা পৰ্বটো অতি গুৰুত্বপূৰ্ণ।[2]
ভাওনাৰ দিনা কীৰ্তনঘৰ, নামঘৰ, নাটঘৰ বা মুকলি মঞ্চ পৰিষ্কাৰ কৰি, কলপুলি ৰুই সজাই পৰাই সুন্দৰ পৰিবেশ গঢ়ি তোলা হয়। সূত্ৰধাৰ প্ৰৱেশৰ আগতে ন গছি বন্তিৰে ‘অগ্নিগড়’’ প্ৰৱেশ পথত দুজনে ধৰি ৰাখে আৰু আঁৰ-কাপোৰ ধৰি সূত্ৰৰ প্ৰৱেশৰ লগে লগে মহতা জ্বলাই (সূত্ৰধাৰৰ আগত এটা আৰু পাছত এটা) কীৰ্তনখন বা ৰভাঘৰ পোহৰ কৰি ৰাখে। তেনেকৈ কৃষ্ণ, ৰাম বা বিশেষ ৰজাৰ প্ৰৱেশতো আঁৰ-কাপোৰ ধৰে। বন্তি, মহতা বা আঁৰিয়াবোৰ মিঠাতেলৰ দ্বাৰাই জ্বলোৱা হয়।[2]
অগ্নিগড়ৰ ন গছি বন্তি হ’ল ন বিধ ভক্তিৰ প্ৰতীক। কেতিয়াবা ৰজা-মন্ত্ৰীৰ প্ৰৱেশত ফুলজাৰি জ্বলোৱা হয়। সেইবোৰ য-খাৰ, বগৰীৰ এঙাৰ, বাহক তিতাৰ এঙাৰ গুড়ি কৰি তৈয়াৰ কৰা হৈছিল।[2]
ধৰ্মীয় বিশ্বাস[সম্পাদনা কৰক]
ভাওনাৰ আগদিনা এভাগ শৰাই-শলিতা দি মাহ-প্ৰসাদেৰে নামঘৰত প্ৰাৰ্থনা জনোৱা হয়। গায়ন-বায়ন, সূত্ৰধাৰ আৰু শ্ৰীকৃষ্ণৰ ভাও লোৱাসকলে আগদিনা উপবাসে থাকি পিছদিনা লঘু আহাৰ গ্ৰহণ কৰি দিনত ৰাইজৰ নাম-কীৰ্তনত অংশগ্ৰহণ কৰি নামৰ পিছত আশীৰ্বাদ গ্ৰহণ কৰে। ভাওনাৰ দিনা সত্ৰ বা ৰাজহুৱা নামঘৰত এটি পবিত্ৰ অনুষ্ঠানৰূপে পালন কৰা হয়।[2]
সাজ-পোচাক[সম্পাদনা কৰক]
নাটৰ চৰিত্ৰ অনুসাৰে ভাৱৰীয়াসকলক বাচনি কৰি সাজ-পোচাক নিদ্দিষ্ট কৰি দিয়া হয়। গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ পিন্ধনত বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ থাকে[4]। কিছুমান সত্ৰ বা নামঘৰত মোগলাই বগা পাগো ব্যৱহাৰ হয়। ৰামৰ চৰিত্ৰৰ বাবে গা আৰু হাতত নীল, হালধীয়া ৰং মিশ্ৰিত অনুলেপন সানি কপালত দীঘলীয়া ফোট, পিন্ধনত গেৰুৱা বা হালধীয়া ধুতি আৰু ৰঙীণ চেলেং চাদৰ। হাত আৰু বাহুত বাজু, ভৰিত কিংকিনি থাকে। কৃষ্ণ আৰু বলৰামৰ ক্ষেত্ৰত কৃষ্ণক গেৰুৱা-হালধীয়া ধূতি, গাত গেঞ্জী, পিঠিয়া আৰু বুকুৰফালে বুকুৱা, গাত ৰঙীণ চেলেং চাদৰ, কঁকাল বান্ধনী, মুখ-হাতত বগা, হালধীয়া আৰু কিছু নীল মিশ্ৰণ কৰি প্ৰস্তুত কৰা অনুলেপন, কপালত দীঘলীয়া ফোট, হাত আৰু ভৰিত বাজু, মণি-মুকুতা সজোৱা ৰাজকীয় পোচাক, ভৰিত জুনুকা বা নূপূৰ, কঁকালত বান্ধনী, ৰঙীণ শাৰী, ডিঙিত মণি-মুকুতাৰ মালা বা ফুলৰ মালা, মূৰত কীৰিতি বা মুকুট, হাতত বাজু, ভীমৰ মূৰত বাৰ্বি, গাত গাঁঠি চোলা, মাণিক-মুকুতা লগোৱা পোচাক, কঁকাল বান্ধনী, পিন্ধনত ৰঙীণ শাৰী, হাত-বাহুত বাজু, ডিঙিত ৰাজকীয় মালা বা মণি, ঋষি-মুনিসকলৰ মূৰত জঁটা, মুগা-ক’লা বৰণৰ, গাত অনুলেপন, হালধীয়া ধূতি, হালধীয়া চেলেং-চাদৰ, হাত-ডিঙিত মালা, কপালত চন্দনৰ দীঘল ফোঁট, হাতত কমণ্ডলু, চিমতা, কিছুমানে জঁটাতো ফুলৰ মালা পিন্ধা দেখা যায়। অসুৰৰ ৰজা-মন্ত্ৰীসকলৰ মণি-মুকুতা খটোৱা ৰাজকীয় পোচাক, হাতত গদা বা ত্ৰিশূল, কঁকাল বান্ধনী, ডিঙিত মণি, হাত-বাহুত বাজু, মূৰত চুলি আৰু কীৰিতি মুকুট, চকুৰ পতাত ৰঙা ৰাংপতা বা ৰং, কঁপালত ফোঁট আৰু কিছুমান অসুৰে গাত অনুলেপন সানি, হাতত শূল লৈ প্ৰৱেশ কৰা দেখা যায়। অসুৰৰ পিন্ধনত ৰঙীন শাৰী, কঁকাল বান্ধনী, ৰঙীন চেলেং চাদৰ, কপালত দীঘলীয়া বা পথালিকৈ ফোট, ৰাক্ষস-ৰাক্ষসীৰ পিন্ধনত গাত ক’লা বা ৰঙীণ জলম, মূখ-মূৰত আউলী-বাউলী চুলি, পিন্ধনত সুবিধা অনুযায়ী ৰঙীণ কাপোৰ, হাতৰ আঙুলিত দীঘল নখ থকা দেখা যায়। ভালুক-বান্দৰৰ জলম ঘৰতে তৈয়াৰ কৰি লোৱা হয়। সকলোবিলাক ভাৱৰীয়াই ভৰিত জুনুকা বা নূপূৰ পিন্ধে, কাণত কুণ্ডল, মণি আদি পিন্ধা দেখা যায়।[2]
বিশেষ লক্ষণসমূহ[সম্পাদনা কৰক]
- সূত্ৰধাৰ
- দ্বিতীয় গীত-শ্লোক আৰু পয়াৰৰ প্ৰয়োগ
- ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ
- লয়যুক্ত গদ্য প্ৰয়োগ
- সংস্কৃত শ্লোকৰ ব্যৱহাৰ[2]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Dilip Ranjan Barthakur (2003). The Music And Musical Instruments Of North Eastern India. Mittal Publications. পৃষ্ঠা. 11–. ISBN 978-81-7099-881-5. http://books.google.com/books?id=oP4vH-4oSEcC&pg=PA11। আহৰণ কৰা হৈছে: 19 December 2012.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 2.9 ভাওনা: লোহিত চন্দ্ৰ দেৱগোস্বামী, ৰামধেনু, দৈনিক অসম, ২৬ মে’ ২০১২
- ↑ S. Gajrani (1 September 2004). History, Religion & Culture of India. Gyan Publishing House. পৃষ্ঠা. 113–. ISBN 978-81-8205-065-5. http://books.google.com/books?id=QQWMc7_qj4kC&pg=PA113। আহৰণ কৰা হৈছে: 20 December 2012.
- ↑ Projesh Banerji (1983). Indian Ballet Dancing: Album. Abhinav Publications. পৃষ্ঠা. 84–86. ISBN 978-0-391-02716-9. http://books.google.com/books?id=5fXZKe3xHQAC&pg=PA86। আহৰণ কৰা হৈছে: 19 December 2012.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘ভাওনা’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বোকা ভাওনা সম্পৰ্কীয় এটা বাতৰি
|
||||||||||||||||||||