হিন্দী হৈছে ভাৰতৰ অধিকাৰিক (অফিছিয়েল) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়।
২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতী প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।
| ভাষা |
ভাষা পৰিয়াল |
ভাষীকৰ সংখ্যা (২০০১, নিযুতত) [1] |
ৰাজ্য |
| অসমীয়া |
হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল |
১৩ |
অসম, অৰুণাচল প্ৰদেশ |
| বাংলা |
হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল |
৮৩ (ভাৰতত) |
পশ্চিমবঙ্গ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত |
| বড়ো |
তিব্বত-বৰ্মা |
১.৪ |
অসম |
| ডোগৰি |
হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল |
২.৩ |
জম্মু আৰু কাশ্মীৰ |
| গুজৰাটী |
হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল |
৪৬ |
দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট |
| মানিক (ষ্টেণ্ডাৰ্ড) হিন্দী |
হিন্দ-আৰ্য্য, মধ্য |
অজ্ঞাত[2] |
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্রদেশ, বিহাৰ, চণ্ডিগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড |
| কানাড়া |
দ্ৰাবিড় |
৩৮ |
কৰ্ণাটক |
| কাশ্মীৰী |
হিন্দ-আৰ্য্য |
৫.৫ |
জম্মু আৰু কাশ্মীৰ |
| কোংকনী |
হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য |
২.৫ |
গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰেলা |
| মৈঠিলি |
হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল |
১২ |
বিহাৰ |
| মালায়লম |
দ্ৰাবিড় |
৩৩ |
কেৰেলা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লক্ষদ্বীপ, পণ্ডিচেৰী |
| মণিপুৰী (বা মৈটৈ বা মৈঠৈ) |
তিব্বত-বৰ্মা |
১.৫ |
মণিপুৰ |
| মাৰাঠী |
হিন্দ-আৰ্য্য, দাক্ষিনাত্য |
৭২ |
মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্যপ্ৰদেশ, কৰ্ণাটক |
| নেপালী |
হিন্দ-আৰ্য্য, উত্তৰাঞ্চল |
২.৯ (ভাৰতত) |
ছিক্কিম, পশ্চিমবঙ্গ, অসম |
| ওড়িয়া |
হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল |
৩৩ |
উৰিষ্যা |
| পাঞ্জাবী |
হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল |
২৯ (ভাৰতত) |
চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পাঞ্জাব |
| সংস্কৃত |
হিন্দ-আৰ্য্য |
০.০১ |
অক্ষেত্ৰীয় |
| সন্ঠালি |
মুন্ডা |
৬.৫ |
বিহাৰ, ছত্তীছগঢ়, ঝাৰখণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ সন্ঠাল আদিবাসী সকল |
| সিন্ধি |
হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল |
২.৫ (ভাৰতত) |
অক্ষেত্ৰীয় |
| তামিল |
দ্ৰাবিড় |
৬১ |
তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী |
| তেলুগু |
দ্ৰাবিড় |
৭৪ |
আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী |
| উৰ্দু |
হিন্দ-আৰ্য্য, মধ্য |
৫২ (ভাৰতত) |
জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ |