ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুনৰ পৰা দেশজুৰি জৰুৰীকালীন অৱস্থা বলবৎ কৰে

ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ ৰ দ্বাৰা, ভাৰতত ১৯৭৫-৭৭ ৰ একৈশ মাহ জুৰি সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশজুৰি বলবৎ কৰা জৰুৰীকালীন অৱস্থাক সূচোৱা হয়। চৰকাৰীভাৱে, তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ-এ ভাৰতীয় সংবিধানৰ ৩৫২(১) নং অনুচ্ছেদৰ অধীনত ‘’অভ্যন্তৰীণ সমস্যা (internal disturbance)”-ৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰে। এই অৱস্থা ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে বলবৎ থাকে। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ হাতলৈ নিৰ্বাচন স্থগিত কৰা, নাগৰিকৰ অধিকাৰ খৰ্ব্ব কৰাকে ধৰি অন্যান্য ক্ষেত্ৰতো প্ৰচুৰ ক্ষমতা আহি পৰে। এই সময়ছোৱাত ইন্দিৰা গান্ধীৰ প্ৰায়ভাগ ৰাজনৈতিক প্ৰতিদন্দ্বী কাৰাবাস খাটিবলগীয়াত পৰে আৰু জনসংযোগ মাধ্যমসমূহৰ বাক-স্বাধীনতাও সীমাবদ্ধ হৈ পৰে। ভাৰতৰ স্বাধীনতা লাভৰ পিছত জৰুৰীকালীন অৱস্থাৰ এই সময়ছোৱাই ৰাজনৈতিক ইতিহাসত আটাইতকৈ বিতৰ্কিত সময়। [1]

প্ৰেক্ষাপট[সম্পাদনা কৰক]

ইন্দিৰা গান্ধীৰ উত্থান[সম্পাদনা কৰক]

"Indira is India, India is Indira."

ৰাজনৈতিক অস্থিৰতা[সম্পাদনা কৰক]

বিৰোধ[সম্পাদনা কৰক]

১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচন[সম্পাদনা কৰক]

১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষষ্ঠ লোকসভা গঠনৰ উদ্দেশ্যে সাধাৰণ নিৰ্বাচন ঘোষণা কৰিছিল। জয়প্ৰকাশ নাৰায়ণৰ প্ৰচেষ্টাত ভাৰতীয় লোকদলৰ নেতৃত্বত ইন্দিৰা বিৰোধী বিভিন্ন ৰাজনৈতিক দল লগলগাই গঠন কৰা জনতা মৰ্চাই ২৯৮খন আসন লাভ কৰিছিল। মোৰাৰজী দেশাইক মৰ্চাৰ নেতা নিৰ্বাচন কৰা হৈছিল আৰু তেনেকৈয়ে তেওঁ ভাৰতৰ প্ৰথমজন অনা-কংগ্ৰেছ প্ৰধানমন্ত্ৰী হৈছিল। নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত জনতা মৰ্চাৰ দলবোৰ বিলুপ্তি ঘটাই জনতা পাৰ্টি গঠন কৰা হৈছিল। কংগ্ৰেছে পাইছিল মাত্ৰ ১৫৩খন আৰু হেৰুৱাবলগীয়া হৈছিল ১৯৭খন আসন। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী উভয়ে পৰাজয় বৰণ কৰিছিল।[3]

সংস্কৃতিত[সম্পাদনা কৰক]

সাহিত্যত[সম্পাদনা কৰক]

চলচ্চিত্ৰত[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "India in 1975: Democracy in Eclipse", ND Palmer – Asian Survey, vol 16 no 5. Opening lines.
  2. Guha, p. 467
  3. M.R. Masani, "India's Second Revolution," Asian Affairs (1977) 5#1 pp 19–38.

অন্যান্য উৎস[সম্পাদনা কৰক]

  • Atul Kohli. Democracy and Discontent: India's Growing Crisis of Governability. Cambridge University Press. 1991. ISBN 0-521-39161-X.
  • Atul Kohli (ed.). The Success of India's Democracy. Cambridge University Press. 2001 [2004]. ISBN 81-7596-107-4.
  • B. G. Verghese Warrior of the Fourth Estate: Ramnath Goenka of the Express. Viking, Penguin India. 2005. ISBN 978-0-67005-842-6.
  • Bipan Chandra et al. India Since Independence. Penguin India. 2008 . e-ISBN 978-81-8475-053-9.
  • Durga Das Basu. Introduction to the Constitution of India. LexisNexis Butterworths. 1960 [20th edition, 2011 reprint]. ISBN 978-81-8038-559-9.
  • Inder Malhotra. Indira Gandhi: A Personal and Political Biography. Hodder and Stoughton. 1989. ISBN 0-340-40540-6.
  • Mary C. Carras. Indira Gandhi: In the Crucible of Leadership. Jaico Publishing House. 1979 [1980].
  • Partha Chatterjee (scholar). Lineages of Political Society. Orient Blackswan. 2011. ISBN 81-7824-317-2.
  • Partha Chatterjee (scholar). Empire and Nation: Essential Writings, 1985–2005. Orient Blackswan. 2010. ISBN 81-7824-267-2..
  • Ramachandra Guha. India After Gandhi: The History of the World's Largest Democracy. HarperCollins. 2008. ISBN 978-0-330-50554-3.
  • S. S. Gill. The Dynasty: A Political Biography of the Premier Ruling Family of Modern India. HarperCollins. 1996. ISBN 81-7223-245-4.
  • Subhash C. Kashyap. Indian Constitution: Conflicts and Controversies. Vitasta Publishing. 2010. ISBN 978-81-89766-41-2.
  • T. V. Sathyamurthy. State and Nation in the Context of Social Change. Oxford University Press. 1994. ISBN 0-19-563136-6.

লগতে চাওক[সম্পাদনা কৰক]

  • Aaron S. Klieman. "Indira's India: Democracy and Crisis Government", Political Science Quarterly (1981) 96#2 pp. 241–259 in JSTOR
  • Kuldip Nayar. The Judgement: Inside Story of the Emergency in India. 1977. Vikas Publishing House. ISBN 0-7069-0557-1.
  • P. N. Dhar. Indira Gandhi, the "Emergency", and Indian Democracy (2000), 424pp
  • Ramashray Roy and D. L. Sheth. "The 1977 Lok Sabha Election Outcome: The Salience of Changing Voter Alignments Since 1969," Political Science Review (1978), Vol. 17 Issue 3/4, pp. 51–63

বাহ্যিক সংযোগ[সম্পাদনা কৰক]