১৯৬৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬৭ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬৭
ভাৰত
1962 ←
১৭-২১ ফেব্ৰুৱাৰী ১৯৬৭
→ 1971

লোকসভাৰ ৫২০খন আসন
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ২৬১খন
  প্ৰথম দল দ্বিতীয় দল
 
নেতা ইন্দিৰা গান্ধী চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
দল কংগ্ৰেছ SWA
নেতাৰ আসন ৰায়বেৰেলী নাই
বিজয়ী আসন 283 44
পৰিৱৰ্তিত আসন -78 +26

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

ইন্দিৰা গান্ধী
কংগ্ৰেছ

নিৰ্বাচিত প্ৰধানমন্ত্ৰী

ইন্দিৰা গান্ধী
কংগ্ৰেছ

১৯৬৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৪ৰ্থ লোকসভাৰ সদস্যসকলক নিৰ্বাচন কৰিবলৈ অনুষ্ঠিত হৈছিল। ১৭ৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ ভোটদান হোৱা এই নিৰ্বাচনটোত ৫২০খন এজনীয়া সদস্যৰ আসনে ভাৰতৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিছিল। বিগত নিৰ্বাচনটোতকৈ আসনৰ সংখ্যা ২খন বৃদ্ধি পাইছিল।[1] ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ ৫৪% আসন লাভ কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে ক্ষমতালৈ আহিছিল; আনহাতে অন্য ৰাজনৈতিক দলবোৰে ১০%তকৈ বেছি আসন বা ভোট লাভ কৰা নাছিল। জৱাহৰলাল নেহৰুৰ নেতৃত্বত পূৰ্বৰ তিনিটা লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ফলৰ তুলনাত এই নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ফল লক্ষণীয়ভাবে নিম্নস্তৰৰ আছিল। ১৯৬৭ত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ নিম্ন আছিল। ৩য় পঞ্চবাৰ্ষিক পৰিকল্পনাত (১৯৬১-৬৬) বাৰ্ষিক বিকাশৰ লক্ষ্য আছিল ৫.৬%। কিন্তু প্ৰকৃত বিকাশৰ হাৰ আছিল মাত্ৰ ২.৪%হে। ১৯৬৫ৰ ভাৰত-পাক যুদ্ধই লালবাহাদুৰ শাস্ত্ৰী চৰকাৰৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। কিন্তু ইয়াৰ আগৰ ১৯৬২ৰ ভাৰত-চীন যুদ্ধকে ধৰি এই যুদ্ধই অৰ্থনীতিত বেয়া প্ৰভাৱ পেলাইছিল। কংগ্ৰেছৰ মাজত অভ্যন্তৰীণ বিবাদে দেখা দিছিল। নেহৰু আৰু শাস্ত্ৰীৰ দৰে দুগৰাকী জনপ্ৰিয় নেতাৰ মৃত্যু হৈছিল। শাস্ত্ৰীৰ মৃত্যুৰ পাছত ইন্দিৰা গান্ধীয়ে চৰকাৰৰ নেতৃত্ব লাভ কৰিছিল যদিও আন এজন প্ৰধানমন্ত্ৰীৰ পদ প্ৰয়াসী মোৰাৰজী দেশাইৰ সৈতে সংঘাত তুঙ্গত উঠিছিল।[2]

কংগ্ৰেছৰ ক্ৰমহ্ৰাসমান জনপ্ৰিয়তা ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনতো প্ৰতিফলিত হৈছিল। ১৯৬৭ চনত কংগ্ৰেছে ৬খন ৰাজ্যত ক্ষমতা হেৰুৱাবলগীয়া হৈছিল। গান্ধীৰ সৈতে কংগ্ৰেছৰ দলীয় নেতৃবৃন্দৰ মতবিৰোধ হৈছিল আৰু ইয়াৰ ফলত ১৯৬৯ত কংগেছ দল দুইভাগত বিভক্ত হৈছিল।[2]

ফলাফল[সম্পাদনা কৰক]

দলভিত্তিক ফলাফল[সম্পাদনা কৰক]

লোকসভা নিৰ্বাচন ১৯৬৭
ভোটদানৰ হাৰ: 61.04%
সংক্ষিপ্ত ৰূপ % জয়লাভ
(মুঠ 520)
ভাৰতীয় জনসংঘ BJS 9,31 35
ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI 5,11 23
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPI(M) 4,28 19
ভাৰতীয় জাতীয় কংগ্ৰেছ INC 40,78 283
প্ৰজা চোচিয়েলিষ্ট পাৰ্টি PSP 3,06 13
সংযুক্ত চোচিয়েলিষ্ট পাৰ্টি SSP 4,92 23
স্বতন্ত্ৰ পাৰ্টি SP 8,67 44
আকালী দল- মাষ্টাৰ তাৰা সিং ADM 0,13 0
আকালী দল- সন্ত ফটেহ সিং ADS 0,66 3
ফৰৱাৰ্ড ব্লক AIFB 0,43 2
বাংলা কংগ্ৰেছ BC 0,83 5
দ্ৰাবিড়া মন্নেত্ৰা কাঝাগম DMK 3,79 25
ডেমোক্ৰেটিক নেচনেল কনফাৰেঞ্চ DNC 0,02 0
ইণ্ডিয়ান ইউনিয়ন মুচলিম লিগ IUML 0,28 2
কেৰালা কংগ্ৰেছ KC 0,22 0
নাগা নেচনেলিষ্ট অৰ্গেনাইজেচন NNO 0,00 0
পিজেণ্টচ্ এণ্ড ৱাৰ্কাৰ্চ্ পাৰ্টি অৱ ইণ্ডিয়া PWPI 0,71 2
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়া RPI 2,47 1
ইউনাইটেড গোৱানচ্ পাৰ্টি (ফাৰটেড' গোট) UG(F) 0,00 0
ইউনাইটেড গোৱানচ্ পাৰ্টি (চেকুৱেৰা গোট) UG(S) 0,07 1
জনক্ৰান্তি দল JKD 0,13 1
জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চ NC 0,14 1
নিৰ্দলীয় - 13,78 35
ইংগ-ভাৰতীয় মনোনীত সদস্য - - 2


তথ্য উৎস[সম্পাদনা কৰক]

  1. "General Election of India 1967, 4th Lok Sabha". Election Commission of India. পৃষ্ঠা: 5. http://eci.nic.in/eci_main/StatisticalReports/LS_1967/Vol_I_LS_67.pdf। আহৰণ কৰা হৈছে: 2010-01-13. 
  2. 2.0 2.1 "politics since independence". The Age. Jun 2, 1970. http://news.google.com/newspapers?nid=1300&dat=19700602&id=dgkyAAAAIBAJ&sjid=tpADAAAAIBAJ&pg=7395,224298। আহৰণ কৰা হৈছে: 29 March 2014.