ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ ৰেল পৰিবহনৰ ইতিহাসৰ পৰা পুনঃনিৰ্দেশিত)
গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰেলৱে নেটৱৰ্ক, ১৮৭০

ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা । ১৮৪৯ চনত ভাৰতত এক কিলোমটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰেলপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰেলৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং। [1]

ভাৰতত ৰেল সংযোগ[সম্পাদনা কৰক]

মুম্বাইৰ পৰা থানেলৈ গৈ থকা এখন যাত্ৰীবাহী ৰেল, ১৮৫৫

প্ৰশাসনিক আৰু অৰ্থনৈতিক কাৰণত বৃটিছে ভাৰতত ৰেলপথ নিৰ্মাণ কৰাৰ বাবে বহুদিন ধৰি গুণা-গঠা কৰি আছিল। তাৰোপৰি বিশাল ঊপনিবেশখনত নিয়ন্ত্ৰণ ৰখাৰ খাটিৰত দ্ৰুতগতিত সৈন্য সঞ্চালন কৰাও বৃটিছসকলৰ বাবে আৱশ্যকীয় হৈ পৰিছিল। স্বাভাৱিকতে তাৰ বাবে প্ৰয়োজন আছিল এক বিশাল ৰেলৱে নেটৱৰ্কৰ। এনে উদ্দেশ্য আগত ৰাখি বৃটিছ সংসদত গৃহীত হোৱা এখন আইনৰ যোগে ১৮৪৯ চনৰ ১ আগষ্টত দি গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰেলৱে (Great Indian Peninsula Railway) গঠন কৰা হৈছিল। মুখ্য কাৰ্যলয় স্থাপন কৰা হৈছিল মুম্বইৰ ব'ৰি বন্দৰত। কোম্পানীটোৰ অংশ মূলধন আছিল ৫০,০০০ পাউণ্ড। ১৮৪৯ চনৰ ১৭ আগষ্টত পেনিনচুলা ৰেলৱেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে ৫৬ কিঃ মিঃ দৈৰ্ঘৰ এটা ৰেলপথ স্থাপন আৰু পৰিচালনা সম্পৰ্কীয় এখন চুক্তিত আৱদ্ধ হয়। ১৬ এপ্ৰিল ১৮৫৩ তাৰিখটো ভাৰতীয় ৰেল পৰিবহনৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ভাৰতত মুম্বইৰ ব'ৰি বন্দৰ ষ্টেচনৰ পৰা থানেলৈকে প্ৰথম ৰেলৰ যাত্ৰা আৰম্ভ হৈছিল। ফকলেণ্ড[2] নামৰ সৰু ভাপ ইঞ্জিন এটাই টানি নিয়া ১৪টা ডবাৰ ৰেলখন সিদিনা কোনো সাধাৰণ যাত্ৰী নাছিল। আছিল ৪০০জন বিশিষ্ট ব্যক্তি। ২১ জাই তোপধ্বনিৰে এই ঐতিহাসিক যাত্ৰাৰ শুভাৰম্ভ কৰা হৈছিল আবেলি ৩-৩৫ বজাত।[3] ব'ৰি বন্দৰ ষ্টেচনক পৰৱৰ্তী কালত ভিক্টোৰিয়া টাৰ্মিনাচ আৰু বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ বুলি নামকৰণ কৰা হ'ল। গ'থিক স্থাপত্যৰ আৰ্হিত নিৰ্মাণ কৰা এই ষ্টেচনটো বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পাইছে।[4]

১৮৪৫-৪৬ চনত কলকাতাৰ পৰা আৰু দিল্লীলৈ ৰেলপথ বহুওৱাৰ বাবে চাৰ্ভে কৰা হয়। ইয়াৰ তিনি বছৰ পাছতে ইষ্ট ইণ্ডিয়া ৰেলৱেই হাওৰাৰ পৰা পাণ্ডুৱালৈ ৰেলপথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰে। ইষ্ট ইণ্ডিয়া ৰেলৱেৰ মুখ্য কাৰ্যালয় আছিল হাওৰাত। ১৯৫৭ চনৰ শেষৰ ফালে এই ৬১ কিঃ মিঃ দৈৰ্ঘৰ পথচোৱাৰ কাম শেষ হয়। ১৮৫৪ চনৰ ২৮ জুনৰ দিনা পৰীক্ষামূলকভাবে ৰেলৰ চলাচল কৰোৱা হয়। একে বছৰৰে ১৫ আগষ্টৰ পৰা নিয়মীয়াকৈ হাওৰা আৰু হুগলীৰ মাজত পুৱা-আবেলি যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ হয়।

মাদ্ৰাজ ৰেলৱে কোম্পানীয়ে ৱেয়াচাপান্দিৰ পৰা (Veyasarpandy) আৰু ৱালাজা ৰ'ড বা আৰকটলৈ (Walajah Road) ৬৩ কিঃমিঃ ৰেলপথ ১৮৫৬ চনৰ ১ জুলাইৰ দিনা মুকলি কৰে। আৰ আৰ ভাণ্ডাৰীয়ে তেওঁৰ 'চাউদাৰ্ণ ৰেলৱে' নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে মাদ্ৰাজ প্ৰেচিডেঞ্চিত ১৮৩৬ চনতে ৩.৫ মাইল (৫.৬ কিঃমিঃ) দৈৰ্ঘৰ এটা ৰেলপথ বহুওৱা হৈছিল। এইটোৱে ভাৰতৰ সৰ্বপ্ৰথম ৰেলপথ। ৰেড হিলৰ পৰা চেইণ্ট থমাচ মাউণ্টৰ শিলৰ খনিলৈকৈ মাত্ৰ শিল কঢ়িওৱাৰ উদ্দেশ্যে এই পথটো নিৰ্মাণ কৰা হৈছিল। তাৰোপৰি মাদ্ৰাজ প্ৰেচিডেঞ্চিয়ে ১৯৩২ চনত সৰ্বপ্ৰথম ৰেলপথ নিৰ্মাণৰ প্ৰস্থাৱ দাখিল কৰিছিল। ইয়াৰ পাছতহে বেংগল আৰু বোম্বে প্ৰেচিডেঞ্চিয়ে এনে প্ৰস্থাৱ আগবঢ়াইছিল। [5] এলাহাবাদৰ পৰা কানপুৰলৈকে ১১৯ মাইল দৈৰ্ঘৰ ৰেলপথ ১৯৫৯ চনৰ ৩ মাৰ্চত মুকলি কৰা হৈছিল। ই আছিল উত্তৰ ভাৰতৰ প্ৰথম ৰেলপথ। ১৮৮৯ চনত বহুওৱা হৈছিল দিল্লী- আম্বালা- কালকা পথ।[6]

১৮৭৪ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত নৰ্থ বেংগল ষ্টেট ৰেলৱেই বৰ্তমান বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ পৰা চিলাহাটী হৈ উত্তৰ বংগৰ শিলিগুৰিলৈ এটা ২৫০ কিঃমিঃ দৈৰ্ঘৰ ৰেলপথ নিৰ্মাণ কৰিছিল। ১৮৮২ চনত অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে প্ৰথম অসমত ৰেলপথ স্থাপন কৰিছিল। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা দিনজানলৈ নিৰ্মাণ কৰা ১৫ কিঃ মিঃ দৈৰ্ঘৰ মূলতঃ চাহপাত আৰু কয়লা কঢ়িয়াবলৈ নিৰ্মাণ কৰা এই ৰেলপথ ১৯৮৪ চনত মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ কৰা হৈছিল। এই কোম্পানীটোৱে ডিব্ৰু শদিয়া ৰেলৱে় নামেৰে অসমত প্ৰথম যাত্ৰীবাহী ৰেলৰ প্ৰচলন কৰিছিল। আনহাতে ইষ্টাৰ্ণ বেংগল ৰেলৱেই হালদিবাৰী-শিলিগুৰি, বাৰসোই-কিসানগঞ্জ, মণিহাৰি-কাটিহাৰ-কাসবা ৰেলপথকেইটা ১৯০০ চনৰ কিছু আগতে নিৰ্মাণ কৰি উলিয়াইছিল। ১৯০০- ১৯১১ চনৰ ভিতৰত হাচিমাৰা-আলিপুৰ দুৱাৰ, গীতালদহ- বামনহাট, গোলোকগঞ্জ-ধুবৰী-আমিনগাঁও, ৰঙিয়া-ৰঙাপাৰা ৰেলপথকেইটা নিৰ্মাণ কৰা হৈছিল। অসমৰ বৰাক উপত্যাকাৰ ৰেলপথ সম্প্ৰসাৰণৰ কাম কৰিছিল আসাম বেংগল ৰেলৱেই।

ভাৰতীয় ৰেলৰ আৰম্ভণি[সম্পাদনা কৰক]

বিশ্ব ঐতিহ্যৰ তালিকাভূক্ত, ভাৰতৰ ব্যস্ততম ৰেল ষ্টেচন ছত্ৰপতি শিৱাজী টাৰ্মিনাছ। পূৰ্বৰ নাম আছিল ক্ৰমে ব'ৰি বন্দৰ আৰু ভিক্টোৰিয়া টাৰ্মিনাচ

১৯৪৭ চনত ভাৰতে বিভাজিত ৰূপত স্বাধীনতা লাভ কৰিলে। ৰেল নেটৱৰ্কৰ ৪০ শতাংশ পাকিস্তানৰ অন্তৰ্ভূক্ত হ'ল। ফলস্বৰূপে কিছুমান ঠাইৰ সৈতে ৰেল যোগাযোগ বিচ্ছিন্ন হ'ল। বিশেষকৈ অসমৰ সৈতে ভাৰতৰ মূল ভূমিভাগক সংযোগ কৰা ৰেলপথটোৰ এটা অংশ পূব-পাকিস্তানত পৰাত দুই বছৰতকৈ অধিক কাল অসমৰ ৰেল যোগাযোগ বিচ্ছিন্ন হৈ থাকিল।

অসম ৰেল সংযোগ প্ৰকল্পৰ অধীনত কিসানগঞ্জ আৰু ফকিৰাগ্ৰাম সংযোগী ৰেলপথ নিৰ্মাণৰ পাছতহে ৰাজ্যখনৰ সৈতে পুনৰ যোগাযোগ স্থাপন হ'ল। অসমৰ বৰাক উপত্যাকা, পাঞ্জাৱ, পশ্চিমবংগ আদি ৰাজ্যৰ বহু কেইটা ৰেলপথ বন্ধ হৈ গ'ল। নতুন পথ নিৰ্মাণ যোগাযোগ সূচল কৰি তোলা হ'ল। স্বাধীনতাৰ পূৰ্বে বহু ঠাইত বিভিন্ন কোম্পানীৰ অধীনত ৰেলসেৱা চলি আছিল।

স্বাধীনতাৰ পাছত ভাৰতৰ ৰেল পৰিবহনক ৰাষ্ট্ৰীয়তকৰণ কৰা হয় আৰু পৰিচালনাৰ সুবিধাৰ্থে ১৯৫১-৫২ চনত ভাৰতীয় ৰেলক ৬টা জ'নত (Zone) বিভাজন কৰা হয়।[7]

স্থাপনাৰ তাৰিখ জ'ন সদৰ পূৰ্বৰ ৰেল কোম্পানী
১৪-৪-১৯৫১ দক্ষিণ ৰেলৱে
Southern Railway
চেন্নাই দক্ষিণ মাৰহাট্টা ৰেলৱে
মাদ্ৰাজ ৰেলৱে
মহীশুৰ ৰেলৱে
দক্ষিণ ভাৰতীয় ৰেলৱে
৫-১১-১৯৫১ মধ্য ৰেলৱে
Central Railway
মুম্বাই গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰেলৱে
নিজাম ৰেলৱে
স্কিণ্ডিয়া ৰেলৱে
ধলপুৰ ৰেলৱে
৫-১-১৯৫১ পশ্চিম ৰেলৱে
Western Railway
মুম্বাই বোম্বে বৰোদা আৰু মধ্য ভাৰতীয় ৰেলৱে
সৌৰাষ্ট্ৰ ৰেলৱে
ৰাজস্থান ৰেলৱে
জয়পুৰ ৰেলৱে
১৪-৪-৯৫২ উত্তৰ ৰেলৱে
Northern Railway
নতুন দিল্লী পূব পাঞ্জাৱ
বিকানীৰ ৰেলৱে
পূব ভাৰতীয় ৰেলৱেৰ ৩, আপাৰ ডিভিজন
১৪-৪-১৯৫২ উত্তৰ-পূব ৰেলৱে
North Eastern Railway
গোৰখপুৰ অৱোধ
তিৰহুট ৰেলৱে
আসাম ৰেলৱে
১৪-৪-১৯৫২ পূব ৰেলৱে
Eastern Railway
কলকাতা বংগ-নাগপুৰ ৰেলৱে
পূব ৰেলৱেৰ বাকী অংশ

পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় ৰেলৰ আৰু কিছুমান জ'নৰ সৃষ্টি কৰা হয়। শেহতীয়াকৈ ভাৰতীয় ৰেলৰ মুঠ জ'ন ১৬টা।[8] নতুনকৈ স্থাপন কৰা জ'নকেইটা হ'ল-

স্থাপনাৰ তাৰিখ জ'ন সদৰ
১৯৫৫ দক্ষিণ পূব ৰেলৱে
South Eastern
কলকাতা
১৯৫৮ উত্তৰ-পূব সীমান্ত ৰেলৱে
Northeast Frontier Railway
গুৱাহাটী
২-১০-১৯৬৬ দক্ষিণ মধ্য ৰেলৱে
South Central
চেকেন্দ্ৰাবাদ
১-১০-২০০২ পূব মধ্য ৰেলৱে
East Central Railway
হাজীপুৰ
১-১০-২০০২ উত্তৰ পশ্চিম ৰেলৱে
North Western Railway
জয়পুৰ
১-৪-২০০৩ দক্ষিণ পূব মধ্য ৰেলৱে
South East Central Railway
বিলাসপুৰ
১-৪-২০০৩ দক্ষিণ পশ্চিম ৰেলৱে
South Western Railway
হুবলী
১-৪-২০০৩ পশ্চিম মধ্য ৰেলৱে
West Central Railway
জবলপুৰ
১-৪-২০০৩ পূব উপকূলীয় ৰেলৱে
East Coast Railway
ভূৱনেশ্বৰ
১-৪-২০০৩ উত্তৰ মধ্য ৰেলৱে
North Central Railway
এলাহাবাদ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

সহায়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]