ভিলেজ ৰকষ্টাৰ্ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভিলেজ ৰকষ্টাৰ্ছ
Village Rockstars

ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ পোষ্টাৰ
পৰিচালক ৰীমা দাস
ৰচনা ৰীমা দাস
প্ৰযোজক ৰীমা দাস
জয়া দাস
অভিনয়ত ভণিতা দাস
চিত্ৰগ্ৰহণকাৰী ৰীমা দাস
সম্পাদনা ৰীমা দাস
সংগীত পৰিচালক নিলোৎপল বৰা
পৰিবেশক ফ্লাইং ৰিভাৰ ফ্লিমছ
মুক্তি
২০১৭
দৈৰ্ঘ্য
৮০ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া (কামৰূপী উপভাষা)

ভিলেজ ৰকষ্টাৰ্ছ ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি।[1] বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিছে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। লগতে ৰীমা দাস এই ছবিৰ চিত্ৰনাট্যকাৰ, কাৰ্যবাহী নিৰ্মাতা, সম্পাদক, চিত্ৰনাট্যকাৰ, আৰু প্ৰডাক্টচন ডিজাইনাৰ।[2] ছবিখন চিনেমা গৃহত মুক্তি লাভ কৰে ২০১৮ৰ ২৮ ছেপ্তেম্বৰত।[3]

কাহিনী[সম্পাদনা কৰক]

বোলছবি খনৰ কাহিনী এগৰাকী কিশোৰী ধুনু আৰু তাইৰ সপোনৰ আধাৰত। সমাজৰ ঘাট-প্ৰতিঘাতৰ মাজতো তাই নিজৰ এটা বেণ্ড গঠন কৰা সপোন বুকুত কঢ়িয়াই ফুৰে। ১০ বছৰীয়া ধুনু (ভণিতা দাস) তাইৰ বিধৱা মাক (বাসন্তী দাস) আৰু ককায়েক মনৱেন্দ্ৰৰ (মনৱেন্দ্ৰ দাস) লগত কামৰূপ জিলাৰ ছয়গাঁৱত বাস কৰে। ধুনুৰ মাকে এখনি সৰু দোকানৰ জৰিয়তে পৰিয়ালৰ পোহ-পাল কৰে। এদিন মাকৰ লগত স্থানীয় অনুষ্ঠান এটিত দোকানৰ কামত সহায় কৰি থাকোঁতে ধুনুৱে এটা বেণ্ডৰ অনুষ্ঠান দেখিলে। বেণ্ডৰ অনুষ্ঠান দেখি ধুনুৰ নিজাকৈ এটা গীটাৰ লোৱাৰ সপোন দেখিছিল। গাঁৱৰ লৰা-ছোৱালীয়ে সেই বেণ্ডক নকল কৰি সততে পোৱা বস্তুৰে বাদ্য সাজি বেণ্ড বেণ্ড খেলিবলৈ ধৰিলে। ধুনুৱে ৰকষ্টাৰ জিমি হেন্দ্ৰিস্কক অনুসৰণ কৰি এটা নকল গীটাৰ অনবৰতে কঢ়িয়াই ফুৰিব ধৰিলে।

ধুনুয়ে এক কমিক্স কিতাপ পঢ়ি এটা আচল বেণ্ড গঠন কৰি, আচল বাদ্যযন্ত্ৰ বজাবলৈ মনস্থ কৰে। তাৰপিছত এটকা এটকাকৈ সাঁচি তাই নিজৰ এটা বৈদ্যুতিক গীটাৰ কিনাৰ সপোন দেখে। টুকুৰা বাতৰি কাকতৰ এটা প্ৰবন্ধ পঢ়ি ধুনুৰ মন আৰু বেছি দৃঢ় হয়। তাই বুজি পায় যে ধনান্মক চিন্তাৰ দ্বাৰা তাইৰ সপোন সাৰ্থক হব।[4]

বোলছবিখন কামৰূপী উপভাষাত নিৰ্মাণ কৰা হৈছে।

চৰিত্ৰ[সম্পাদনা কৰক]

  • ভনিতা দাস (ধুনু)
  • বাসন্তী দাস (ধুনুৰ মাক)
  • মানবেন্দ্ৰ দাস(ধুনুৰ জ্যেষ্ঠ ভ্ৰাতৃ)
  • বলোৰাম দাস
  • ৰিংকু দাস
  • বিষ্ণু কলিতা

সমালোচনা[সম্পাদনা কৰক]

ছবিখনৰ কলা-কুশলীৰ সৈতে পৰিচালক ৰীমা দাস (সোঁফালৰ পৰা তৃতীয়গৰাকী), ভাৰতৰ ৪৮তম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত, গোৱাৰ পানাজীত, ২০১৭ চনৰ ২১ নৱেম্বৰত

২০১৭ চনত ভিলেজ ৰকষ্টাৰ্ছে "ফিল্ম ক্ৰিটিকছ্ চাৰ্কল অৱ ইণ্ডিয়া"ৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ বঁটা লাভ কৰে৷[5] বিচাৰক ডাল্টন এলে ছবিখনক মাইলষ্টোনৰ লগত তুলনা কৰে ("a milestone film of sorts") আৰু তাৰে লগত সংযোজন কৰি কয় যে-

"Village Rockstars epitomises the trials and tribulations, and heralds the coming of age, of a filmmaker, of her protagonist, and of the indie film movement in India".

আন এগৰাকী বিচাৰক প্ৰিয়ংকা দাসগুপ্তাই কয়-

"Rima Das’ film is a lyrical montage of life and times in contemporary rural India. It subtly draws attention to complex gender issues – sometimes even subverting the conventional gender norms – without ever getting preachy. Bhanita Das – the pint-sized fiery ball of lovable energy – is endearingly natural. But just when one fears that the film might become schmaltzy, the film-maker takes control. The lens speaks volumes, sometimes conveying more than the dialogues. Such a work by a first-time director holds a lot of promise for Indian cinema".

বিচাৰক প্ৰেমচান্দে ছবিখনক "এগৰাকী নাৰীৰ বিষয়ৰ কেন্দ্ৰবিন্দুৰ গভীৰলৈ যাত্ৰা" বুলি অভিহিত কৰে৷ সন্থাৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য শৈবাল ছেটাৰ্জীয়ে ছবিখনৰ পাঁচটা ৰেংকিং দিয়ে আৰু কয় যে-

"A masterwork is usually the result of strict adherence to artistic and functional rules. Village Rockstars respects none: it dons a raw, innocent cloak and exudes a degree of purity that deliberate craft can never bestow on a film... The film stands for something that is always under threat: the courage to ignore the reality that life is exceedingly difficult for cinema that is made on the margins of a giant production machinery and recognize that there always are ways out for those who revel in battling the odds, no matter how daunting, and overcoming them."

[6] ভেৰাইটি আলোচনীৰ এটি সমালোচনাত মেগি লীয়ে মন্তব্য কৰে যে-

"By focusing on tween characters, the picture evokes that freewheeling stage when gender roles are still blurry in the friendships between boys and girls. Then as suddenly as a monsoon, Dhunu’s first period arrives. The rituals held to initiate her into womanhood — making her wear a sari, segregating her from the boys — are seen as attempts to enforce her otherness."

[7] হলিউড ৰিপৰ্টাৰৰ এটি সমালোচনাত দেবোৰাহ ইয়ঙে কয় যে-

"Village Rockstars’ storytelling is so offhand it borders on documentary. The action follows natural rhythms, the seasons, biology."

[8] পিছটবাৰ্গ চিটি পেপাৰৰ এটি আলোচনাত হান্না লিনে ছবিখনক "দ্য ফ্লৰিডা প্ৰজেক্ট"ৰ লগত তুলনা কৰে আৰু মন্তব্য কৰে যে-ছবিখন aimless without being pointless.[9] দ্য গ্লোব এণ্ড মেইলত বেৰি হাৰ্টজে ছবিখনক " সুদৃঢ় আৰু শৃংখলিত" বুলি প্ৰশংসা কৰি চাৰিৰ ভিতৰত ৩.৫ টা ষ্টাৰ দিয়ে৷[10] বাতৰিকাকত নাউত ৰাধেয়ান ছিমনপিল্লায়ে ছবিখনক চাৰিটা ষ্টাৰ প্ৰদান কৰে আৰু একাডেমীলৈ মনোনীত নোহোৱাৰ বাবে বিষোদগাৰ প্ৰকাশ কৰে৷ তেওঁ এই বিস্ময়কৰ, কাব্যময় ছবিখনক ৰোমা, কোল্ড ৱাৰ, কেপাৰনম বা নেভাৰ লুক এৱেতকৈ অগ্ৰাধিকাৰ দিলেহেঁতেন বুলি মন্তব্য কৰে৷ [11]

বৰ্তমান ৰটেন টোমেট'ছত এই ছবিখনে ১৫ টা সমালোচনাৰ ভিত্তিত ৯৩% অনুমোদন লাভ কৰি আছে৷ দহৰ ভিতৰত গড় ৰেটিং হৈছে ৭.৯৭ ৷ [12] আনহাতে ইণ্টাৰনেট মুভি ডাটাবেছত ছবিখনৰ ৰেটিং হৈছে ৭.৩৷ [13]

বঁটা[সম্পাদনা কৰক]

অনুষ্ঠানৰ নাম দিনাংক[1] শাখা প্ৰাপক আৰু মনোনীতসকলৰ নাম ফলাফল তথ্যসূত্ৰ
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ একাডেমী বঁটা ৯১ সংখ্যক একাডেমী বঁটা, ২৪-০২-২০১৯ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ একাডেমী বঁটা ভাৰতৰ অ'ফিচিয়েল এণ্ট্ৰি অমনোনীত [14][15]
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৩-০৪-২০১৮ শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰীমা দাস বিজয়ী [16]
শ্ৰেষ্ঠ শিশুশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা ভনিতা দাস বিজয়ী
শ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ ৰাষ্ট্ৰীয় বঁটা, শ্ৰেষ্ঠ লোকেছন ছাউণ্ড ৰেকৰ্ডিষ্ট মল্লিকা দাস বিজয়ী
শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় বঁটা ৰীমা দাস বিজয়ী
জিঅ' মামি ছবি মহোৎসৱ ২০১৭ ১৮-১০-২০১৮ ইণ্ডিয়া গোল্ড শিতানত শ্ৰেষ্ঠ ছবিৰ গোল্ডেন গেটৱে বঁটা ভিলেজ ৰকষ্টাৰছ বিজয়ী [17]
লিংগসমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফেম বঁটা ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী
যুৱ সমালোচকৰ দ্বাৰা নিৰ্বাচিত বঁটা ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী
কৰ্ক ছবি মহোৎসৱ ১১-১১-২০১৭ গ্ৰাদাম স্পয়ৰড না ফেইলে (Gradam Spiorad Na Féile, Spirit of the Festival Award) ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [18]
কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২১-১১-২০১৭ আন্তঃৰাষ্ট্ৰীয় সমালোচক সপ্তাহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কলাত্মক অৱদান ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [19]
শিশু আৰু কিশোৰৰ অলিম্পিয়া আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২৬-১১-২০১৭ শ্ৰেষ্ঠ অভিনেত্ৰী ভনিতা দাস বিজয়ী [20]
শ্ৰেষ্ঠ পৰিচালক ৰীমা দাস বিজয়ী [20]
বিচাৰকৰ বিশেষ বঁটা ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [20]
শিশু আৰু কিশোৰৰ স্মাইল আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱ,Siffcy ১৭-১২-২০১৭ শ্ৰেষ্ঠ শিশুকেন্দ্ৰিক ছবি ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [21]
শ্ৰেষ্ঠ অভিনেত্ৰী ভনিতা দাস বিজয়ী [21]
ছিনে জুনিয়ৰ ছবি মহোৎসৱ, ফ্ৰান্স ২০১৮ ০১-০১-২০১৮ গ্ৰেণ্ড প্ৰিক্স (শ্ৰেষ্ঠ ছবি) ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [22]
মুয়েষ্ট্ৰা ডে চিনে লানজাৰোটে ২০১৭,স্পেইন ১৮-০৫-২০১৭ কিশোৰৰ বাবে শ্ৰেষ্ঠ ছবি ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [23]
লছ এঞ্জেলছৰ ভাৰতীয় ছবি মহোৎসৱ ১৫-০৪-২০১৮ শ্ৰেষ্ঠ ছবিৰ গ্ৰেণ্ড জুৰীৰ বঁটা ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [24]
বুয়েনছ এয়াৰচে ফেষ্টিভেল ইণ্টাৰনেচনেল ডি চিনে ইণ্ডিপেণ্ডিয়েট, আৰ্জেণ্টিনা ২০১৮ ২২-০৪-২০১৮ ছিগনিছ বঁটা ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [25]
প্ৰাগ চিনে বঁটা ২০১৮ ২৭-০৫-২০১৮ শ্ৰেষ্ঠ ছবি ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী [26]
শ্ৰেষ্ঠ অভিনেতা(মহিলা) ভনিতা দাস বিজয়ী
শ্ৰেষ্ঠ সম্পাদনা ৰীমা দাস বিজয়ী
শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম বিজয়ী
বিচাৰকৰ বিশেষ উল্লেখ বাসন্তী দাস বিজয়ী
সপ্তম অসম ৰাজ্যিক বঁটা আৰু মহোৎসৱ ২৯-০৭-২০১৮ কমল নাৰায়ণ চৌধুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা ৰীমা দাস বিজয়ী
শ্ৰেষ্ঠ শব্দ-পৰিকল্পনা (Sound Design) অমৃত প্ৰীতম বিজয়ী
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী ভনিতা দাস বিজয়ী
নলীন দুৱৰা শ্ৰেষ্ঠ দৃশ্যগ্ৰহণৰ বঁটা (Cinematography) ৰীমা দাস বিজয়ী
তৃতীয় ব্ৰিকছ ছবি মহোৎসৱ, BRICS film festival ২৭-০৭-২০১৮ শ্ৰেষ্ঠ অভিনেত্ৰী ভনিতা দাস বিজয়ী
বিচাৰকৰ বিশেষ বঁটা ভিলেজ ৰকষ্টাৰ্ছ বিজয়ী

চলচ্চিত্ৰ মহোৎসৱত ভিলেজ ৰকষ্টাৰ্ছ[সম্পাদনা কৰক]

  • Toronto International Film Festival (Discovery Section) 2017[27]
  • San Sebastián International Film Festival (New Directors Competition) 2017[28]
  • Guwahati International Film Festival[29]
  • Dharamshala International Film Festival[30] (closing film)
  • Cannes Film Festival 2017[31]
  • Kerala International Film Festival (International Competition) 2017[32]
  • SIFFCY[33] 2017 (Opening film)
  • Tallinn Black Nights 2017[34]
  • HKIFF, Hong Kong International Film Festival 2018[35]
  • International Film Festival of India, Goa 2017[36]
  • Glasgow Film Festival, UK 2018 (UK premiere)[37]
  • Cairo International Film Festival 2017, Egypt[38]
  • MAMI Mumbai Film Festival 2017, India[17]
  • Medellín International Film Festival 2017, Colombia
  • International Children's Film Festival India 2017, India (Competition Section)[39]
  • Leiden International Film Festival, Netherlands 2017[40]
  • Cork Film Festival 2017, Ireland[18]
  • Olympia International Film Festival 2017, Greece (Competition Section)[20]
  • Cine Junior Film Festival, France, 2018 (French premiere)[22]
  • Les Toiles Filantes, France, 2018
  • Cairo International Women's Film Festival, Egypt, 2018
  • Aga Khan Museum, Canada, 2018[41]
  • Reel 2 Real International Film Festival for Youth, Canada, 2018[42]
  • Tromso International Film Festival, Norway, 2018 (Norwegian premiere)
  • Göteborg International Film Festival, Sweden, 2018 (Swedish Premiere)
  • MOOOV Film Festival, Belgium, 2018 (Belgium premiere)
  • Muestra de Cine de Lanzarote, Spain, 2017[23]
  • Jogjakarta Film Festival, Indonesia 2017 (South East Asian Premiere)
  • Bangalore Film Festival, India
  • Chennai International Film Festival, India[43]
  • Singapore South Asian International Film Festival 2018

টোকা[সম্পাদনা কৰক]

^ যিমানদূৰলৈকে সম্ভৱ হৈছে,প্ৰতিটো তাৰিখেই বঁটা প্ৰদান কৰা বৰ্ষ অনুযায়ী প্ৰবন্ধটোৰ লগত সংযুক্ত কৰা হৈছে৷

তথ্য উৎস[সম্পাদনা কৰক]

  1. https://themoviean.com/rima-das-interview/
  2. http://www.livemint.com/Leisure/IA1CeUUZaGW3jlGejVDyNK/Meet-the-onewoman-army-behind-Village-Rockstars.html
  3. "Village Rockstars is India’s official entry to Oscars 2019". https://www.livemint.com/Leisure/1xK5T6lYa7b6eoZPjaOexN/Village-Rockstars-is-Indias-official-entry-to-Oscars-2019.html। আহৰণ কৰা হৈছে: 27 September 2018. 
  4. https://www.northeasttoday.in/assamese-filmmakers-village-rockstars-steals-the-show-at-mami-2017/
  5. "3rd annual Film Critics Circle of India Award". filmcriticscircle.com. Archived from the original on 26 November 2016. https://web.archive.org/web/20161126222101/http://filmcriticscircle.com/fcci-awards/। আহৰণ কৰা হৈছে: 22 September 2018. 
  6. Chatterjee, Saibal (6 February 2019). "Village Rockstars Movie Review: Rim Das' Film Is Not A Masterpiece, It's A Miracle". https://www.ndtv.com/entertainment/village-rockstars-movie-review-when-great-cinema-is-propelled-by-passion-not-money-5-stars-1923015। আহৰণ কৰা হৈছে: 14 February 2020. 
  7. "Toronto Film Review: ‘Village Rockstars’". variety.com. https://variety.com/2017/film/asia/village-rockstars-review-1202556321/। আহৰণ কৰা হৈছে: 27 September 2018. 
  8. "'Village Rockstars': Film Review - Mumbai 2017". hollywoodreporter.com. https://www.hollywoodreporter.com/review/village-rockstars-1058170। আহৰণ কৰা হৈছে: 27 September 2018. 
  9. Lynn, Hannah. "What’s coming to the Silk Screen?". Pittsburgh City Paper. https://www.pghcitypaper.com/pittsburgh/whats-coming-to-the-silk-screen/Content?oid=10759401. 
  10. "Review: Rima Das’s Village Rockstars brings down the house, and proves the 2019 Oscars are singing the wrong tune". https://www.theglobeandmail.com/arts/film/reviews/article-review-rima-dass-village-rockstars-brings-down-the-house-and-proves/. 
  11. Simonpillai, Radheyan (28 January 2019). "Review: Village Rockstars should have got a foreign-language Oscar nomination". NOW Magazine. https://nowtoronto.com/api/content/dd641d44-233f-11e9-a5d2-120e7ad5cf50/. [সংযোগবিহীন উৎস]
  12. "Village Rockstars (2017)". Rotten Tomatoes. Fandango Media. https://www.rottentomatoes.com/m/village_rockstars। আহৰণ কৰা হৈছে: 4 February 2019. 
  13. https://www.imdb.com/title/tt7297966/
  14. "Oscars: India Selects 'Village Rockstars' for Foreign-Language Category". The Hollywood Reporter. https://www.hollywoodreporter.com/news/oscars-india-selects-village-rockstars-foreign-language-category-1145297। আহৰণ কৰা হৈছে: 21 November 2018. 
  15. "Village Rockstars out of Oscars 2019 race" (en-IN ভাষাত). 2018-12-18. https://indianexpress.com/article/entertainment/bollywood/village-rockstars-out-of-oscars-2019-race-5498454/. 
  16. "65th National Film Awards: A look at the complete list of winners and more". India Today. https://www.indiatoday.in/education-today/gk-current-affairs/story/65th-national-film-awards-1225873-2018-05-03। আহৰণ কৰা হৈছে: 21 November 2018. 
  17. 17.0 17.1 "Village Rockstar steals the show at MAMI 2017, bags 3 awards". India Today. http://indiatoday.intoday.in/story/village-rockstar-steals-the-show-at-mami-2017-bags-3-awards/1/1071351.html। আহৰণ কৰা হৈছে: 21 November 2018. 
  18. 18.0 18.1 "Awards" (en-GB ভাষাত). Cork Film Festivalcorkfilmfest.org. https://corkfilmfest.org/festival-2017/awards/। আহৰণ কৰা হৈছে: 2018-03-17. 
  19. "Cairo International Film Festival". www.ciff.org.eg. Archived from the original on 2018-03-05. https://web.archive.org/web/20180305063726/https://www.ciff.org.eg/static/en/article.html?id=2057। আহৰণ কৰা হৈছে: 2018-03-17. 
  20. 20.0 20.1 20.2 20.3 "Τα Βραβεία του 20ου Φεστιβάλ Ολυμπίας" (en-US ভাষাত). Olympia Festival. 2017-12-10. Archived from the original on 2018-03-17. https://web.archive.org/web/20180317232945/https://olympiafestival.gr/2017/12/10/%CF%84%CE%B1-%CE%B2%CF%81%CE%B1%CE%B2%CE%B5%CE%AF%CE%B1-%CF%84%CE%BF%CF%85-20%CE%BF%CF%85-%CF%86%CE%B5%CF%83%CF%84%CE%B9%CE%B2%CE%AC%CE%BB-%CE%BF%CE%BB%CF%85%CE%BC%CF%80%CE%AF%CE%B1%CF%82/. 
  21. 21.0 21.1 "Siffcy Winner" (en ভাষাত). siffcy.org. Archived from the original on 2018-03-15. https://web.archive.org/web/20180315144230/http://siffcy.org/siffcy-winner20162017.php। আহৰণ কৰা হৈছে: 2018-03-17. 
  22. 22.0 22.1 "Palmarès du Festival Ciné Junior 2018". Archived from the original on 2018-03-17. https://web.archive.org/web/20180317232440/https://cinemapublic.org/IMG/pdf/palmarescinejunior2018.pdf। আহৰণ কৰা হৈছে: 2020-08-31. 
  23. 23.0 23.1 ""Milla", de Valerie Massadian, se alza con el Premio a la Mejor película de la 7ª Muestra de cine de Lanzarote" (es-ES ভাষাত). Muestra de Cine de Lanzarote. 2017-12-04. Archived from the original on 2018-03-17. https://web.archive.org/web/20180317235643/https://muestradecinedelanzarote.com/milla-valerie-massadian-se-alza-premio-la-mejor-pelicula-la-7a-muestra-cine-lanzarote/. 
  24. desk, Northeast Live web (18 April 2018). "Village Rockstars awarded Grand Jury Best Feature Film at Indian Film Festival of Los Angeles - North East Live". Archived from the original on 20 April 2018. https://web.archive.org/web/20180420140119/http://northeastlivetv.org/2018/04/18/village-rockstars-awarded-grand-jury-best-feature-film-at-indian-film-festival-of-los-angeles/। আহৰণ কৰা হৈছে: 22 September 2018. 
  25. "Películas de India y Colombia, premiadas por SIGNIS en el 20 BAFICI". SIGNIS. 23 April 2018. Archived from the original on 14 August 2022. https://web.archive.org/web/20220814091541/https://www.signis.net/noticias/cultura/23-04-2018/pelculas-de-india-y-colombia-premiadas-por-signis-en-el-20-bafici। আহৰণ কৰা হৈছে: 31 August 2020. 
  26. "Govinda at Prag Cine Awards 2018 » Northeast Today". 29 May 2018. https://www.northeasttoday.in/govinda-at-prag-cine-awards-2018/। আহৰণ কৰা হৈছে: 22 September 2018. 
  27. "Village Rockstars" (en ভাষাত). www.tiff.net. https://www.tiff.net/tiff/village-rockstars/। আহৰণ কৰা হৈছে: 2018-03-17. 
  28. "San Sebastian Film Festival". sansebastianfestival. https://www.sansebastianfestival.com/2017/sections_and_films/new_directors/7/655594/in। আহৰণ কৰা হৈছে: 2018-03-17. 
  29. "'Village Rockstars' to be screened at Guwahati international film fest". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/village-rockstars-to-be-screened-at-guwahati-international-film-fest/articleshow/61330807.cms. 
  30. "Rising Star: Village Rockstars director Rima Das". 15 October 2017. http://indianexpress.com/article/entertainment/regional/village-rockstars-rima-das-4890447/। আহৰণ কৰা হৈছে: 22 September 2018. 
  31. "Rima Das’s Village Rockstars to be showcased at Cannes film festival - The News Mill". 21 March 2017. https://thenewsmill.com/rima-dass-village-rockstars-showcased-cannes-film-festival/amp/। আহৰণ কৰা হৈছে: 22 September 2018. 
  32. girish, girish. "Village Rockstars" (en-US ভাষাত). 22nd International Film Festival of Kerala. Archived from the original on 2018-03-17. https://web.archive.org/web/20180317233048/https://iffk.in/village-rockstars/. 
  33. "Siffcy". siffcy.org. http://siffcy.org/। আহৰণ কৰা হৈছে: 22 September 2018. 
  34. Pandya, Sonal. "Ajji, Mukkabaaz, Village Rockstars among 5 Indian films chosen for Black Nights Film Festival in Estonia". Cinestaan. Archived from the original on 2018-03-18. https://web.archive.org/web/20180318060505/https://www.cinestaan.com/articles/2017/nov/16/9322/ajji-mukkabaaz-village-rockstars-among-5-indian-films-chosen-for-black-nights-film-festival-in-estonia। আহৰণ কৰা হৈছে: 2018-03-17. 
  35. Frater, Patrick (2018-02-28). "Hong Kong Festival Sets Debut Features as Opening Film Pair" (en-US ভাষাত). Variety. https://variety.com/2018/film/festivals/hkiff-hong-kong-film-festival-debut-features-1202712886/. 
  36. "Indian Panorama 2017" (en-US ভাষাত). IFFI Goa. 2017-11-10. Archived from the original on 2017-11-15. https://web.archive.org/web/20171115141415/http://iffigoa.org/2017-indian-panorama/. 
  37. "Scotland’s original independent cinema is the" (en ভাষাত). glasgowfilm.org. 2018-03-17. https://glasgowfilm.org/shows/village-rockstars-nc-12। আহৰণ কৰা হৈছে: 2018-03-17. 
  38. "'Village Rockstars’ wins Cairo film festival award". The New Indian Express. http://www.newindianexpress.com/entertainment/english/2017/dec/01/village-rockstars-wins-cairo-film-festival-award-1715634.html. 
  39. "20th International Children's Film Festival India". cfsindia.org. Archived from the original on 2018-03-19. https://web.archive.org/web/20180319011828/http://cfsindia.org/20icffi/awards.php। আহৰণ কৰা হৈছে: 2018-03-17. 
  40. "Village Rockstars" (en ভাষাত). Leiden International Film Festivalliff.nl. Archived from the original on 2018-03-18. https://web.archive.org/web/20180318060215/https://www.liff.nl/en/Program/Movie/village-rockstars/3274। আহৰণ কৰা হৈছে: 2018-03-17. 
  41. "Aga Khan Museum" (en ভাষাত). Aga Khan Museum. https://www.agakhanmuseum.org/programs/village-rockstars। আহৰণ কৰা হৈছে: 2018-03-17. 
  42. "Village Rockstars | R2R Festival" (en ভাষাত). www.2018.r2rfestival.org. Archived from the original on 2018-03-16. https://web.archive.org/web/20180316024447/http://www.2018.r2rfestival.org/content/village-rockstars। আহৰণ কৰা হৈছে: 2018-03-17. 
  43. "Films" (en-US ভাষাত). Chennai International Film Festival. 2016-11-28. Archived from the original on 2018-03-18. https://web.archive.org/web/20180318152354/http://chennaifilmfest.com/films/.