ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
ভীমবেটকা প্ৰস্তৰ ক্ষেত্ৰ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম

ভীমবেটকা প্ৰস্তৰক্ষেত্ৰৰ শিলত অংকিত চিত্ৰ

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি (iii)(v)
উদ্ধৃতি 925
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল দক্ষিণ এছিয়া
অভিলিখনৰ ইতিহাস
অভিলিখন ২০০৩ (২৭তম অধিবেশন)

স্থানাংক: 22°55′40″N 77°35′00″E / 22.92778°N 77.5833333°E / 22.92778; 77.5833333

ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ (ইংৰাজী: Bhimbetka rock shelters) ভাৰতমধ্যপ্ৰদেশৰ ৰাইছেন জিলাত অৱস্থিত। মধ্যপ্ৰদেশভীমবেটকাত (ভীমবৈঠক) প্ৰস্তৰ যুগৰ গুহাচিত্ৰ আৱিষ্কাৰ হৈছে। এই ভাৰতৰ সবাতোকৈ পুৰণা সভ্যতাৰ নিদৰ্শন। ভীমবেটকা প্ৰস্তৰক্ষেত্ৰ সম্পৰ্কে ইউনেস্কো অভিলেখনত কোৱা হৈছে যে "এই স্থানটি প্ৰাকৃতিক শিলাসমূহৰ মাজত প্ৰস্তৰ চিত্ৰকলাৰ এক অসাধাৰণ ভাণ্ডাৰ।" মধ্যভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ বিন্ধ্য পৰ্বতমালাৰ পাদদেশত এই প্ৰস্তৰক্ষেত্ৰ অৱস্থিত। ১৮৯৩ হেক্টৰ এলাকাত পাথৰৰ আধাৰৰ উপৰত এই প্ৰস্তৰক্ষেত্ৰ প্ৰসাৰিত। মূল অঞ্চলটোৰ মাটিকালি ১০,২৮০ হেক্টৰ। ১৯৫৭ চনত এই প্ৰস্তৰক্ষেত্ৰ আৱিষ্কৃত হয়। ইয়াত পাঁচটা প্ৰস্তৰক্ষেত্ৰৰ অংশত মেচ'লিথিক যুগৰপৰা ঐতিহাসিক যুগ পৰ্যন্ত চিত্ৰকলা ৰক্ষিত আছে। পাৰ্শ্বৱৰ্তী ২১টা অঞ্চলৰ লোক ঐতিহ্যত এই চিত্ৰকলাৰ প্ৰভাৱ সুস্পষ্ট। এই ক্ষেত্ৰসমূহ ১০০,০০০ খ্ৰী:পূ: ৰপৰা ১০০০ খ্ৰীষ্টাব্দৰ মধ্যৰৰ্তী বিভিন্ন সময়ত নিৰ্মিত হয়। প্ৰাচীনকালৰ চিকাৰী লোকসকলৰ অৰ্থনীতিৰ লগত সম্পৰ্কযুক্ত এই চিত্ৰকলাত মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক প্ৰদৰ্শিত হৈছে। ২০০৩ চনত ইউনেস্কোয়ে ইয়াক এক অনন্য সাংস্কৃতিক সম্পত্তিৰূপে বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰে।[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Buddhist Monuments at Sanchi" (pdf). UNESCO. http://whc.unesco.org/en/list/925। আহৰণ কৰা হৈছে: 2010-10-02. 
  2. "Bhimbetka (India)" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/925.pdf। আহৰণ কৰা হৈছে: 2010-10-02. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]