ভূপেন হাজৰিকা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


ভূপেন হাজৰিকা
Bhupen Hazarika.jpg
জন্ম ৮ চেপ্তেম্বৰ ১৯২৬
জন্মস্থান শদিয়া
মৃত্যু ৫ নৱেম্বৰ ২০১১
মৃত্যুস্থান মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1]
জাতীয়তা ভাৰতীয়
পেশা গীতিকাৰ, সুৰকাৰ, গায়ক আৰু চলচিত্ৰ নিৰ্মাতা আৰু পৰিচালক
দাম্পত্য সঙ্গী প্ৰীয়ম হাজৰিকা (m. 1950–1963) «start: (1950)–end+1: (1964)»"Marriage: প্ৰীয়ম হাজৰিকা to ভূপেন হাজৰিকা" Location:সাঁচ:Placename/do-adrPropসাঁচ:Placename/do-adrPropসাঁচ:Placename/do-adrPropসাঁচ:Placename/do-adrProp (linkback://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%82%E0%A6%AA%E0%A7%87%E0%A6%A8_%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%BE)
সহযোগী কল্পনা লাজমী
সন্তান তেজ ভূপেন হাজৰিকা
স্বাক্ষৰ Bhupen Hazarika Signature.png
ৱেবচাইট আনুষ্ঠানিক ৱেবচাইট

ড° ভূপেন হাজৰিকা(হিন্দী: भूपेन हाजोरिका, ইংৰাজী: Bhupen Hazarika)(১৯২৬-২০১১), অসম তথা ভাৰতৰ এজন বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী। তেখেত একেধাৰে এজন সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, গায়ক, চলচিত্ৰ নিৰ্মাতা আৰু পৰিচালক আছিল। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো তেখেত এজন অত্যন্ত জনপ্ৰিয় শিল্পী।[2] উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী । অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজীয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভূত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাটো অৱদান আগবঢ়াই আহিছে। সংগীত, সাহিত্য, নাট্যকলা (performing arts(?)), চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূৱ এচিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল[3][4] [5] [6]

সূচী

[সম্পাদনা কৰক] জীৱন

[সম্পাদনা কৰক] জন্ম আৰু পৰিয়াল

ড° ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত, শদিয়াৰ এখন আদি গাঁৱত। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা । তেওঁলোকৰ বাই ভনী সকলো মিলি মুঠ দহটা সন্তান আছিল। ড° হাজৰিকা পিতৃ মাতৃৰ প্ৰথম সন্তান । বাকী কেইগৰাকী হৈছে – অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা । ড° হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিবেশৰ পৰা লাভ কৰিছিল । তেওঁৰ পিতাক শিক্ষক, ধুবুৰী বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক পিছত তেজপুৰলৈ মাটিৰ হাকিম হৈ আহে ।

১৯৫০ চনত নিউয়ৰ্কত ড° হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেল[7] লগত বিবাহ পাশত আবদ্ধ হয় । ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়[8][9] ড: হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়ম্বদা পেটেল অ'টাৱাত আছিল।[10]

পৰবৰ্তীকালত ড° হাজৰিকাৰ "ৰুদালি", "দমন", "এক পল" আদি খ্যাত চলচিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠে আৰু মুম্বাইত তেওঁলোক থাকিবলৈ লয় ।[11]

[সম্পাদনা কৰক] শিক্ষা

ড° হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে| তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন কলেজৰ পৰা ইন্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে[12] । Role of Mass Communication in India’s Adult Education বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ‘ডক্টৰেট’ উপাধি লাভ কৰে । তেখেতে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল'শ্বিপ লাভ কৰিছিল।[13]

[সম্পাদনা কৰক] কৰ্মজীৱন

Bhupen hazaika.png

ড° হাজৰিকাই কিছুদিন বি বৰুৱা কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল । ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত, উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল। ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা অসম বিধান সভাৰ সদস্য আছিল।[14] নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ বাবে তেখেতে যুঁজ দিছিল।[15] তেখেতে কাৰ্য্যনিবাহ কৰা অন্য পদ হ'ল:[16]

  • চেয়াৰমেন, এপেলেট বডী অব চেন্ট্ৰেল ব'ৰ্ড অব ফিল্ম চেঞ্চৰচ, ভাৰত চৰকাৰ, ১৯৯০ ৰ পৰা আৰম্ভ কৰি ৯ বছৰ।
  • মেম্বাৰ, স্ক্ৰীপ্ট কমিটি অব নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ইষ্টাৰ্ণ ইণ্ডিয়া।
  • ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দা ব'ৰ্ড অব ডাইৰেক্টৰচ অব নেশ্যনেল ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ভাৰত চৰকাৰ
  • এক্‌জিকিউটিভ কাউন্সীল মেম্বাৰ, চিল্‌ড্ৰেন্স ফিল্ম চ'চাইটী।
  • মেম্বাৰ, ব'ৰ্ড অব ট্ৰাষ্টীজ, পুৱৰ আৰ্টিষ্টছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ
  • চেয়াৰমেন, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৮৫।
  • জুৰী মেম্বাৰ, জুৰী অব দা নেশ্যনেল ফিল্ম এৱাৰ্ডচ, ১৯৫৮-ৰ পৰা ১৯৯০ লৈকে কেইবাবাৰো।
  • মেম্বাৰ, পি চি জোশী কমিটী। এই কমিটি ভাৰত চৰকাৰৰ তথ্য মন্ত্ৰালয়ে টেলিভিশ্যন কাৰ্য্যক্ৰমৰ সহায়ত একবিংশ শতিকাত ভাৰতত চফ্‌টৱেৰ প্ৰগ্ৰেমিংত প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান কৰিবলৈ নিয়োগ কৰিছিল।
  • মেম্বাৰ, ফিল্ম এণ্ড টেলিভিশ্যন ইন্সটিটিউটৰ পলীচি মেকিং বডী, ভাৰত চৰকাৰ

[সম্পাদনা কৰক] মৃত্যু

কিডনীৰ সমস্যা আৰু আনুসংগিক জটিলতাত ভুগি থকা ড° হাজৰিকাই ৫ নৱেম্বৰ ২০১১ চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।

জীৱনৰ শেষ কালচোৱাত তেখেত ঘনিষ্ঠ বান্ধৱী, চলচিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্বাবধানত আছিল। [17][18][19]

[সম্পাদনা কৰক] শিল্প আৰু সাহিত্য

Hartmut König -অৰ লগত বাৰ্লিনৰ Festival of Political Songs -অত, ১৯৭২ চন

পাঁচবছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল।[20] ড° হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সাংস্কৃতিক জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়[20]। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত "উলাহতে নাচিবাগি হ'লি বিয়াকুল" আৰু "কাষতে কলচী লৈ" গীত দুটিও বানীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাবে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৫৫ চনত দিল্লী অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অধিকাৰ কৰে[20]

ড° ভূপেন হাজৰিকা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। পল ৰবচনৰ "Old man river"[21][22]-ৰ অৱলম্বনতে তেখেতে তেখেতৰ "বিস্তীৰ্ণ পাৰৰে"[23] গানটো ৰচনা কৰে। পাছত ইয়াৰ বাংলা আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়।

সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যঠেষ্ট অৱদান আছে। তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা। কলম্বিয়া ইউনিভাৰছিটিত থকা সময়ত তেখেত "নিউ ইণ্ডিয়া" পত্ৰিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনত তেখেত কলা বিষয়ক "গতি" আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী "বিন্দু" ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী "আমাৰ প্ৰতিনিধি", আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী "প্ৰতিধ্বনি"ৰ সম্পাদক আছিল।

শিশুৰ বাবেও ভূপেন হাজৰিকাই "ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ" নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল[উদ্ধৃতিৰ প্ৰয়োজন]

অসম সাহিত্য সভাই ২০০৮ চনৰ ৮ ফেব্ৰুৱাৰীত হাজৰিকাৰ সাহিত্যকৰ্মৰ বাবে "সাহিত্যাচাৰ্য" উপাধি প্ৰদান কৰে। [24] [25] [26] [27] [28] [29] [30]

[সম্পাদনা কৰক] চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক] পৰিচালিত চলচিত্ৰ

[সম্পাদনা কৰক] সংগীত পৰিচালক হিচাপে অসমীয়া চলচিত্ৰ

[সম্পাদনা কৰক] সংগীত পৰিচালক হিচাপে হিন্দী চলচিত্ৰ

[সম্পাদনা কৰক] সংগীত পৰিচালক হিচাপে বাংলা চলচিত্ৰ

[সম্পাদনা কৰক] সংগীত পৰিচালক হিচাপে আন ভাষাৰ চলচিত্ৰ

[সম্পাদনা কৰক] গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক] বঁটা আৰু কৃতিত্ব


[সম্পাদনা কৰক] গেলেৰী

নিজৰাপাৰৰ ঘৰত, ৭ নভেম্বৰ, ২০১১
নিজৰাপাৰৰ ঘৰত, ৭ নভেম্বৰ, ২০১১
অন্তিম সন্মান প্ৰদৰ্শন, জজফিল্ড, গুৱাহাটী, ৮ নভেম্বৰ, ২০১১
অন্তিম সন্মান প্ৰদৰ্শন, জজফিল্ড, গুৱাহাটী, ৮ নভেম্বৰ, ২০১১
অন্তিম সন্মান প্ৰদৰ্শন, জজফিল্ড, গুৱাহাটী, ৮ নভেম্বৰ, ২০১১
অন্তিম সন্মান প্ৰদৰ্শন, জজফিল্ড, গুৱাহাটী, ৮ নভেম্বৰ, ২০১১



[সম্পাদনা কৰক] তথ্য সংঘ্ৰহ

  1. "Acclaimed singer Bhupen Hazarika dies at 85". CNN-IBN. 5 November 2011. http://ibnlive.in.com/news/acclaimed-singer-bhupen-hazarika-dies-at-85/199577-8-66.html. Retrieved 5 November 2011. 
  2. (November 8, 2011). "Bangladesh Foreign Minister pays tributes to Hazarika". Hindu The Hindu. (Web link). সংগ্ৰহ কৰা হৈছে: April 24, 2012.
  3. http://bhupenhazarika.com/bio/index.php
  4. https://apps.facebook.com/theguardian/world/2011/nov/06/bhupen-hazarika (৮/৯/২০১১)
  5. http://www.dnaindia.com/india/report_assam-rises-in-respect-of-bhupen-hazarika_1609104
  6. http://www.newsbullet.in/movies/25-more/20820-bhupen-hazarika-the-bard-of-brahmaputra
  7. http://manipurhub.com/ne-news/assam-news/dr-bhupen-hazarika-life-of-a-genius/
  8. http://manipurhub.com/ne-news/assam-news/dr-bhupen-hazarika-life-of-a-genius/
  9. http://entertainment.oneindia.in/music/indian/2011/bhupen-hazarika-tribute-remembered-songs-071111.html
  10. http://www.assamtribune.com/scripts/detailsnew.asp?id=nov0911/at06
  11. http://www.bhupenhazarika.com/wordpress/?p=22#comment-6582
  12. http://manipurhub.com/ne-news/assam-news/dr-bhupen-hazarika-life-of-a-genius/
  13. http://www.bhupenhazarika.com/bio/index.php
  14. Assam Legislative Assembly - MLA 1967-72, অসম বিধান সভাৰ চৰকাৰী ৱেবছাইট, আহৰণ কৰা তাৰিখ: ০৫-০৪-২০১২
  15. ভূপেন হাজৰিকা, মই বিধান সভাৰ সদস্য কিয় হৈছিলোঁ?, শিল্পীৰ পৃথিৱীৰ ভূপেন হাজৰিকা (সম্পাদনা: হেমচন্দ্ৰ বৰা), তৃত্বীয় প্ৰকাশ, নৱেম্বৰ, ২০১১ পৃষ্ঠা: ১৪
  16. http://www.bhupenhazarika.com/wordpress/?p=5
  17. http://ibnlive.in.com/blogs/rituparnachatterjee/2802/62880/kalpana-lajmibhupen-hazarika-a-40yearold-love-story.html
  18. http://www.deccanchronicle.com/channels/nation/northeast/hazarika-funeral-put-fans-keep-pouring-063
  19. http://movies.ndtv.com/movie_story.aspx?Section=Movies&ID=ENTEN20110187485&subcatg=MOVIESINDIA&keyword=music&nid=147290
  20. 20.0 20.1 20.2 কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া; সম্পাদনা:প্ৰণতি গোস্বামী শৰ্মা, অনিল শৰ্মা, জাৰ্নাল এম্পৰিয়াম; ১৯৯৯
  21. http://www.youtube.com/watch?v=eh9WayN7R-s
  22. http://www.lyricsfreak.com/f/frank+sinatra/ol+man+river_20055702.html
  23. http://www.youtube.com/watch?v=SnwGyTMKT6U
  24. http://books.google.co.in/books?id=oP4vH-4oSEcC&pg=PA165&lpg=PA165&dq=amar+pratinidhi&source=bl&ots=PMQqVR2wmd&sig=6rA4PxaWxlFcVU2SgmizGNm3v98&hl=en&ei=bQK-TpjKLMforAf84InsAQ&sa=X&oi=book_result&ct=result&resnum=6&ved=0CDYQ6AEwBQ#v=onepage&q=amar%20pratinidhi&f=false
  25. http://www.vigyanprasar.gov.in/dream/february99/febvpnews.htm
  26. http://onlinesivasagar.com/music/bhupen-hazarika.html
  27. http://manipurhub.com/ne-news/assam-news/dr-bhupen-hazarika-life-of-a-genius/
  28. http://www.assamtribune.com/scripts/detailsnew.asp?id=nov1211/at08
  29. http://bhupenhazarika-news.blogspot.com/2008/07/one-editorial-of-amar-pratinidhi-oct.html
  30. http://ratimohannath.blogspot.com/
  31. http://www.imdb.com/title/tt0122233/fullcredits#cast date:05-03-2012 'Saaj' cast and credit in IMDB

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

  1. আনুষ্ঠানিক ৱেবচাইট
  2. ড° ভূপেন হাজৰিকাৰ চিত্ৰকলা: এক আলোকপাত, আমি অসমীয়া ৱেবছাইট|
  3. বিপুলজ্যোতি ডট ইনত থকা ভূপেন হাজৰিকাৰ বিস্তৃত তথ্য
  4. The Golden Voice of Bhupen Hazarika
  5. The song of Bhupen Hazarika, The Times of India, 07/11/2011]
  6. About Bhupen Hazarika 07/11/2011
  7. Bloomberg, 09/11/2011
  8. The Hindu, 09/11/2011




ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত