ভূমিকম্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বৰ ভূমিকম্পৰ উপকেন্দ্ৰ (epicenter) সমূহ,১৯৬৩-১৯৯৮
বিশ্বৰ টেক্ট'নিক প্লেটসমূহৰ চলন

ভূমিকম্প (ইংৰাজী: Earthquake) হৈছে পৃথিৱীৰ ভূগৰ্ভত কেতিয়াবা হঠাতে কোনো অদৃশ্য কাৰণত সৃষ্টি হোৱা জোকাৰণি৷ ভূগৰ্ভৰ শিলাস্তৰ সমূহৰ স্থিতিস্থাপক অৱস্থাৰ সাল-সলনি নাইবা মহাকৰ্ষনীয় (Gravitional) শক্তিৰ ভাৰসাম্যহীন অৱস্থাৰ ফলত যি জোকাৰণিৰ সৃষ্টি হয়,আচলতে তাকেই ভূমিকম্প বোলে৷ ভূমিকম্পৰ জোকাৰণি কেতিয়াবা মৃদু হয় আৰু কেতিয়াবা তীব্ৰ হয়৷ কেতিয়াবা ই ইমান তীব্ৰ হয় যে মানুহৰ ঘৰ-দুৱাৰ ভাগি পৰে,ভূ-পৃষ্টত গভীৰ ফাট মেলে,কোনো দ ঠাই ওপৰলৈ উঠি আহে আৰু কোনো বাম ঠাই তললৈ বহি যায়৷ ভূমিকম্পৰ উৎস হৈছে পৃথিৱীৰ অভ্যন্তৰত৷ পৃথিৱীৰ অভ্যন্তৰৰ যি ঠাইত কম্পন উৎপত্তি হয় তাক ভূমিকম্পটোৰ কেন্দ্ৰ (Focus) বোলা হয়৷ কেন্দ্ৰটো ভূ-পৃষ্টৰ পৰা বহুকিলোমিটাৰ গভীৰতালৈ থাকে৷ কেন্দ্ৰৰ ঠিক ওপৰৰ ধৰাপৃষ্টৰ ঠাইখনক উপকেন্দ্ৰ (Epicentre) বোলে৷ ভূমিকম্প বিজ্ঞানীসকলে ভূকম্পনলিখ (Seismograph) যন্ত্ৰৰ সহায়ত ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰে৷[1]


তিনি প্ৰকাৰৰ তৰংগ[সম্পাদনা কৰক]

Fault types

ভূমিকম্পৰ পৰা তিনিবিধ ঢৌৰ সৃষ্টি হয়৷

  1. প্ৰথমবিধ হ'ল প্ৰাথমিক তৰংগ বা 'P' তৰংগ৷ এই তৰংগ কেন্দ্ৰৰ পৰা চাৰিওফালে বিস্তৃত হৈ যায়৷ এই কম্পন ওপৰ তল বা উলম্বভাৱে হয়৷ ইহঁতক সেইকাৰণে অনুদৈৰ্ঘিক তৰংগ (Longitudinal wave) বোলে৷
  2. ভূমিকম্পৰ দ্বিতীয় বিধ তৰংগৰ নাম 'S' তৰংগ নাইবা অনুপ্ৰাস্থিক তৰংগ (Transverse wave)৷ এইবিধ তৰংগৰ কঁপনি ইয়াৰ গতি পথৰ উলম্বিক দিশত হয়৷ এই তৰংগৰ প্ৰভাৱত শিলৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়৷
  3. তৃতীয় বিধৰ নাম 'L' তৰংগ৷ এইবিধে উৎসৰ পৰা ভূ-ত্বকৰ উপৰি ভাগেদি গতি কৰে৷ এইবিধ তৰংগক পৃষ্ঠ তৰংগ (Surface wave) বোলে৷[1]


ভূমিকম্প হোৱাৰ কাৰণ[সম্পাদনা কৰক]

  • পৃথিৱীৰ অভ্যন্তৰত হোৱা বিবৰ্তনিক আন্দোলনৰ কাৰণে যেতিয়া ভূগৰ্ভত ঘৰ্ষণ হয় তেতিয়া ভূমিকম্প হয়৷ সেইকাৰণে ভংগিল পৰ্বত বা গ্ৰস্ত উপত্যকা থকা অঞ্চলত ভূমিকম্প হয়৷ পৃথিৱীৰ আটাইতকৈ ধ্বংসাত্মক ভূমিকম্পবোৰ বিবৰ্তনিক কাৰণত হৈছে বুলি ঠাৱৰ কৰা হৈছে৷
  • আগ্নেয়গিৰিৰ উদগীৰণ হ'লে ভূমিকম্প হয়৷ সেইকাৰণে জ্বালামুখী থকা অঞ্চলত ভূমিকম্প সঘনাই হোৱা দেখা যায়৷ জাপানৰ বহুত ভূমিকম্প জ্বালামুখীৰ উদগীৰণৰ ফলত হয়৷ ১৮৮৩ চনত ক্ৰাকাটু জ্বালামুখীৰ উদগীৰণৰ ফলত সুমাত্ৰা দ্বীপত ভূমিকম্প হোৱাৰ প্ৰমাণ আছে৷

এইবোৰৰ উপৰিও ভূমিগত খনি অঞ্চলত যেতিয়া ওপৰৰ পৰা বিৰাট অংশ একোটা তলৰ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প হয়৷ [1]


ভূমিকম্পৰ ফলাফল[সম্পাদনা কৰক]

ভূমিকম্পই পৃথিৱীৰ উপৰিভাগত হঠাতে পৰিৱৰ্তন ঘটায়৷

  • ভূমিকম্পৰ ফলত কেতিয়াবা বহুত মানুহৰ মৃত্যু হয় আৰু সা-সম্পত্তি নষ্ট হয়৷
  • পৃথিৱীৰ স্থলভাগ আৰু জলভাগত বিভিন্ন পৰিৱৰ্তন হয়৷ ভূ-পৃষ্ঠৰ কোনো কোনো অংশ কেতিয়াবা হঠাতে ফাটি গৈ বিদৰ আৰু চ্যুতিৰ সৃষ্টি হয়৷ আনহাতে কোনো অংশ কেতিয়াবা তললৈ বহি গৈ গ্ৰস্ত উপত্যকাৰ সৃষ্টি হ'ব পাৰে৷
  • নদীৰ গতিপথ বন্ধ হ'ব পাৰে আৰু ইয়াৰ ফলত জনসাধাৰণৰ সা-সম্পত্তিও হানি হ'ব পাৰে৷ উদাহৰণ স্বৰূপে ১৯৫০ চনত অসমত হোৱা ভূমিকম্পৰ ফলত ভূস্খলন হৈ সোৱনশিৰি নদীৰ গতিপথ বহুদিনলৈ বন্ধ হৈছিল৷ পিছত নদীৰ প্ৰবল সোঁতৰ হেঁচাত যেতিয়া সেই বাধা ভাঙিল,তেতিয়া প্ৰবল বানপানী হৈ বহুত মানু্হ,গৰু-ছাগলীৰ মৃত্যু হৈছিল৷
  • কেতিয়াবা হ্ৰদ পোত খাই সমতল ভূমি হয় আৰু কেতিয়াবা সমতল ভূমি তললৈ বহি গৈ হ্ৰদৰ সৃষ্টি হয়৷
  • ভূমিকম্পৰ ফলত কেতিয়াবা পাললিক শিলাত ভাঁজ লাগে৷
  • সমুদ্ৰত দ্বীপৰ সৃষ্টি হব পাৰে৷
  • কেতিয়াবা কোনো পৰ্বত - পাহাৰ আদিৰ উচ্চতা কম বা বেচি হ'ব পাৰে৷
  • সমুদ্ৰ অঞ্চলত কেতিয়াবা ভূমিকম্পৰ ফলত পানীৰ ঢৌ বহুত ওপৰলৈ উঠে৷ ফলত জাহাজ,নাও আদি ধ্বংস হয়৷[1]


ভূমিকম্পৰ বিতৰণ[সম্পাদনা কৰক]

কিছুমান বিশেষ ভূতাত্ত্বিক অৱস্থালৈ লক্ষ্য ৰাখি পৃথিৱীৰ কেতবোৰ অঞ্চল ভূমিকম্প অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে৷

  1. প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চল - এই অঞ্চলটোৱে প্ৰশান্ত মহাসাগৰ অঞ্চলক আগুৰি আছে৷ পৃথিৱীত হোৱা মুঠ ভূমিকম্পৰ ৬৮ শতাংশ এই প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয় অঞ্চলত হয়৷ বিশেষকৈ কেলিফৰ্ণিয়া,চিলি,আলাস্কা,জাপান,ফিলিপাইনচ,নিউজিলেণ্ড আদিত ভূমিকম্পৰ প্ৰাদুৰ্ভাৱ বেছি৷
  2. ভূমধ্যসাগৰীয় অঞ্চল

এই অঞ্চলসমূহ হৈছে - আল্পছ,ককেছাছ,হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল,পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকাত প্ৰায় ২১ শতাংশ ভূমিকম্প হয়৷ পৃথিৱীৰ আন আন অঞ্চলত বাকী ১১শতাংশ ভূমিকম্প হয়৷ ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত হৈছে৷ অসম,অৰুণাচল প্ৰদেশ,মণিপুৰ,মেঘালয়,মিজো হিলচ,নগালেণ্ড আৰু ত্ৰিপুৰা এই অঞ্চলত ধৰা হৈছে৷ বি.চি.এলেনৰ মতে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পটো আটাইতকৈ ভয়ানক আছিল৷[1]

ভূমিকম্পৰ ক্ষয়ক্ষতি ঘটোৱাৰ ব্যৱস্থা[সম্পাদনা কৰক]

  • ভয়ত ত্ৰাসযুক্ত হ'ব নালাগে৷
  • ঘৰৰ ভিতৰত থাকিলে ভূমিকম্পৰ জোকাৰণি কম নোহোৱা পৰ্যন্ত বাহিৰলৈ ওলাব নালাগে৷
  • দৰ্জাৰ মুখত দুৱাৰৰ চৌকাঠৰ ওচৰত সাজু হৈ থাকিব লাগে৷ নাইবা টেবুল বা বিচনাৰ ঠিক ওচৰত থকাৰ প্ৰয়োজন৷
  • চেলফ নথকা বা লাইটৰ বোৰ্ড নথকা ঘৰৰ দেৱালৰ ওচৰত থিয় হৈ থাকিব লাগে৷
  • ভূমিকম্প শেষ হোৱাৰ লগে লগে কোঠালিৰ পৰা ওলাই আহি গছ-গছনি নথকা মুকলি ঠাইত থিয় হ'ব লাগে৷
  • মোবাইল ফোন,টৰ্চ লাইট,দিয়াচলাই,মমবাতি,দীঘল ৰচী,জখলা,বিস্কুট জাতীয় খাদ্য,পানীৰ বটল,গৰম কাপোৰ আদি সহজে পোৱা ঠাইত ৰাখিব লাগে৷
  • ঘৰ-দুৱাৰ সদায় ভূমিকম্প প্ৰতিৰোধক ব্যৱস্থাৰে সজাবলৈ যত্ন কৰিব লাগে৷[1]

অসমীয়া লোক সাহিত্যত ভূমিকম্প[সম্পাদনা কৰক]

সাঁথৰ[সম্পাদনা কৰক]

ইয়াতে মাৰিলোঁ টিপা।
গঁড়গাওঁ পালেগৈ শিপা।।

নকলেও হ'ব যে উত্তৰটো "ভূঁইকঁপ"।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]