ভৈৰৱী মন্দিৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


ভৈৰৱী মন্দিৰ

ভৈৰৱী মন্দিৰৰ বাটচৰা
নাম
অন্যান্য নাম: মাইথান
স্থান
দেশ: ভাৰত
ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চল: অসম
জিলা: শোণিতপুৰ
এলেকা: কলিবাৰী, তেজপুৰ
স্থাপত্য আৰু সংস্কৃতি
মূখ্য দেৱ/দেৱী: ভৈৰৱী
বিশিষ্ট উৎসব: দুৰ্গাপূজা
বাস্তুশৈলী: অসমীয়া
বুৰঞ্জী
প্রতিস্থাপক: অজ্ঞাত


তেজপুৰ চহৰৰ নতুন কলিবাৰীব্ৰহ্মপুত্ৰ নৈৰ নিচেই দাতিকাষৰৰ ভৈৰৱী টিলাৰ ওপৰতেই এই প্ৰাচীন আৰু ঐতিহাসিক ভৈৰৱী মন্দিৰ অৱস্থিত। এই মন্দিৰক স্থানীয়ভাৱে মাইথান বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মান সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল। এই মন্দিৰত বলিবিধান প্ৰথা আজিওঁ চলি আছে। মন্দিৰৰ চাৰিওফালে অসংখ্য পুৰণিকালৰ ভগ্ন শিলাখণ্ড সিচঁৰিত হৈ পৰি আছে।

ভৈৰৱী মন্দিৰ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত