ভোট-জলকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভোট-জলকীয়া
Habanero fruits
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Solanaceae
গণ: Capsicum
প্ৰজাতি: C. chinense
বৈজ্ঞানিক নাম
Capsicum chinense
Jacq.
সমাৰ্থক[1]
  • Capsicum sinense Murray
  • Capsicum toxicarium Poepp. ex Fingerh.

ভোট-জলকীয়া (ইংৰাজী: Bhut-Jolokia, বৈজ্ঞানিক নাম Capsicum chinens) Solanaceae গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ গুল্মজাতীয় উদ্ভিদ। ২০০৭ চনৰ ফেব্ৰুৱাৰি মাহত বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে “গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ”ত স্থান লাভ কৰি ভোট-জলকীয়াই অসমত বিৰাজমান জৈৱবৈচিত্ৰ্যৰ ছবিখন বহিজগতৰ সমুখত পুনৰ দাঙি ধৰিলে। শ শ বছৰ আগৰেপৰাই ভোট-জলকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মাজত সকলোতকৈ জলা জলকীয়া হিচাপে জনপ্ৰিয়৷ শেহতীয়াভাৱে ভোট-জলকীয়াৰ বিষয়ে বিখ্যাত “Time” আলোচনীতো বিশ্বৰ সবাতোকৈ জলা জলকীয়াৰূপে আলোচনা প্ৰকাশ হৈছে৷ “Time” আলোচনীখনত (২৫ জুন – ২জুলাই,২০০৭) প্ৰকাশিত ছাইমন ৰবিনছনৰ Chili Pepper: Global Warming নামৰ নিবন্ধত ভোট-জলকীয়াৰ গুণাগুণ,ব্যৱহাৰ আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইয়াৰ জনপ্ৰিয়তাৰ বিশদ বিৱৰণ প্ৰকাশ পাইছে। পকা ভোট-জলকীয়াত অতিমাত্ৰা কেপছেইছিন থকাৰ বাবে ইয়াক স্পৰ্শ কৰিলেই হাত ভমভমাই উঠে। নিউ মেক্সিকোত HPLC পদ্ধতিৰদ্বাৰা ভোট-জলকীয়াৰ জলা ১,০০১,৩০৪ SHU বুলি নিৰ্ণীত হোৱাৰ পাছতেই ১৯৯৪ চনৰপৰা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত খোপনি পোতা কেলিফ’ৰ্নিয়াৰ ৰেড ছাভিনাৰ (৫৭৭,০০০SHU)স্থান ভোট-জলকীয়াই দখল কৰিলে৷ ড° বছলেণ্ডে ভোট-জলকীয়াক অসমৰ থলুৱা জাত বুলিয়েই সদৰি কৰিছে৷ আন্ত:ৰাষ্ট্ৰীয় বীজৰ বজাৰত একো একোটা ভোট-জলকীয়া বীজৰ মূল্য প্ৰায় ২০টকা (১০টা গুটিৰ এটা পেকেটৰ মূল্য ৫ আমেৰিকান ডলাৰ) পৰ্যন্ত।[2]

টেক্স'নমি[সম্পাদনা কৰক]

অসমত অঞ্চলভেদে ভোট-জলকীয়াক বিভিন্ন নামেৰে জনা যায়। যেনে – বিহ-জলকীয়া,নগা-জলকীয়া,নগা-মৰিচ,ৰাজা-মৰিচ ইত্যাদি৷ প্ৰতিটো নামেই অত্যধিক জলাৰ ইংগিত দিয়ে৷ আদিভূমি দক্ষিণ আমেৰিকাৰপৰা এই জলকীয়া বৰ্তমান বিশ্বৰ চুকে-কোণে বিস্তৃত হৈ আছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল বিভিন্ন জলবায়ুত অতি সহজেই এই খেতি কৰিব পৰা যায়৷ নিউ মেক্সিকোৰ Chile Pepper Institute-অৰ সঞ্চালক ড° পল বছলেণ্ডৰ (Dr.Paul Bosland) দৃষ্টিত – “সম্ভৱতঃ ইয়েই আছিল বিশ্বৰ প্ৰথম বিশ্বায়িত উদ্ভিদ”(It was probably the very first plant that was globalized)৷ অসমত অঞ্চল আৰু বতৰভেদে ভোট-জলকীয়াৰ গোন্ধ আৰু জলাৰ পৰিমাণ কম-বেছি হোৱা দেখা যায়৷ ড° বছলেণ্ডে ভোট-জলকীয়াক প্ৰকৃতিতসৃষ্ট,অসমৰ থলুৱা,আন্ত:প্ৰজাতিৰ হাইব্ৰিড(Interspecific hybrid)বুলি উল্লেখ কৰিছে।[2]

Close-up photograph of a typical Capsicum chinense flower (Madame Jeanette variety).

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদা[সম্পাদনা কৰক]

নানান ঔষধি আৰু ব্যৱহাৰিক উপযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভোট-জলকীয়াৰ চাহিদা যথেষ্ঠ বেছি৷ জলাৰ মাত্ৰা অত্যধিক বাবে অলিঅ’ৰেচিন কেপচিকাম (Oleoresin capsicum)আৰু কেপছেইছিন উৎপাদনৰ বাবে অতি উপযুক্ত উৎস৷ শুকান ভোট-জলকীয়াৰ গাঢ় ৰঙা ছালখন ‘অলিঅ’ৰেছিন পেপৰিকা’ৰ (Oleoresin paprika) উপযুক্ত উৎস হিচাপেও ব্যৱহাৰ হয়৷ ভোট-জলকীয়াৰ চাহিদা বিশ্বৰ বজাৰত শুকান জলকীয়া (Whole dry pod), ফ্লেকছ (flakes) আৰু পাউদাৰ হিচাপেই অধিক। থাইলেণ্ড,ছিংগাপুৰ আদিত শুকান ভোট-জলকীয়াৰ চাহিদা যথেষ্ট বেছি। [2]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Plant List". http://www.theplantlist.org/tpl/record/kew-2698475. 
  2. 2.0 2.1 2.2 ড° দীপালী মজুমদাৰ (১৬ - ৩১ আগষ্ট ২০০৭). "ভোট জলকীয়াৰ বিশ্ব অভিলেখ". প্ৰান্তিক খণ্ড ২৬শ বছৰ (১৮শ সংখ্যা): ৩৪ - ৩৫.