ভোলা গছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভোলা গছ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Anacardiaceae
গণ: Semecarpus
প্ৰজাতি: S. anacardium
বৈজ্ঞানিক নাম
Semecarpus anacardium
L.f.

ভোলা গছ (ইংৰাজী: Marking nut or Dhobi nut) বৈজ্ঞানিক নাম - Semecarpus anacardium, পৰিয়াল - Anacardiaceae ৷ ভাৰতৰ বিভিন্ন স্থানীয় ভাষাত ইয়াক ভালকাটা,ভিলৱা আদি নামেৰে জনা যায়৷ এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ৷ ভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱসাৰ হৈ আহিছে৷ অসমযোৰহাট জিলাৰ হোলোঙা চাপৰি আৰু শিৱসাগৰজিলাত কিছু ভোলা গছ দেখা যায়৷ [1]


উৎপত্তি স্থল[সম্পাদনা কৰক]

ভাৰতবৰ্ষহিমালয়ৰ পাদদেশ,মধ্য ভাৰত আৰু বিষুৱীয় অঞ্চলত এই গছবিধ পোৱা যায়৷

ঔষধি গুণ[সম্পাদনা কৰক]

প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰই কোৱাৰ ধৰণেই আধুনিক বিজ্ঞানেও ভোলা গুটিৰ বিভিন্ন ঔষধি গুণৰ কথা প্ৰনাণ কৰি দেখুৱাইছে৷ বিজ্ঞানীসকলে এন্দুৰৰ ওপৰত কৰা পৰীক্ষাৰদ্বাৰা ভোলা গুটিৰ কৰ্কট ৰোগ নিৰাময়ৰ ক্ষমতা থকাৰ কথাও নিশ্চিত কৰিছে৷ তদুপৰি স্নায়ুৰ অসুখ,বাতবিষ,মধুমেহ আদি ৰোগ নিৰাময়ৰ বাবেও ভোলা গুটিৰপৰা আহৰণ কৰা ঔষধবোৰ ফলপ্ৰসূ বুলি জানিব পৰা গৈছে৷ [1]

গুটিৰ ব্যৱহাৰ[সম্পাদনা কৰক]

ভোলা গছৰ গুটি প্ৰাচীন কালৰপৰাই বিভিন্ন চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ ছালৰ ৰোগ,টিউমাৰ,জ্বৰ ,মহিলাৰ বিভিন্ন ৰোগ,অন্ত্ৰৰ বিকাৰ,বাতবিষ,হৃদৰোগ ইত্যাদিত ইয়াৰ ব্যৱহাৰৰ কথা পোৱা যায়৷ কিন্তু শোধন নকৰাকৈ ব্যৱহাৰ কৰিলে ইয়াৰপৰা বিভিন্ন পাৰ্শ্বক্ৰিয়া হ'ব পাৰে৷ সেইবাবে ইয়াক এবিধ বিশেষ পদ্ধতিৰে শোধন কৰাৰ পাছতহে ব্যৱহাৰ কৰা হৈছিল৷ আয়ুৰ্বেদত উল্লেখ থকা এই পদ্ধতি অনুসৰি কেৱল পানীত ডুবি যোৱা গুটিবিলাকহে ব্যৱহাৰৰ বাবে লোৱা হৈছিল৷ গুটিবোৰ ভাঙি তাৰ লগত ইটাগুৰি মিহলাই এটা দিন থৈ দিয়া হৈছিল৷ পাছদিনা সেইবিলাক পানীৰে ধুই ৩ - ৪ বাৰ উতলাই,ভালদৰে শুকুৱাই,গুৰি কৰি ঔষধ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু আধুনিক বিজ্ঞানৰ গৱেষণাই প্ৰমান কৰিছে যে এই পদ্ধতিৰে গুটিবিলাক কিছু পৰিমাণে শোধন কৰিব পাৰি যদিও সম্পূৰ্ণৰূপে বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰাৰ ক্ষেত্ৰত ই সিমান ফলপ্ৰসূ নহয়৷ তাৰ সলনি হেক্সেন (Hexane) নামৰ দ্ৰব্যবিধেৰে ধুই ইয়াৰপৰা বিষাক্ত তেলেতীয়া পদাৰ্থবোৰ আঁতৰ কৰিব পাৰি৷ এইদৰে শোধন কৰাৰ পাছত ইথালনৰ সহায়ত ঔষধি গুণসম্পন্ন যৌগবোৰ নিষ্কাসন কৰিব পাৰি৷ গৱেষণাৰপৰা জনা গৈছে যে হেক্সেনৰ লগত ওলাই অহা দ্ৰব্যবোৰে আমাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক মুক্ত মূলকবোৰ (Free radicals) প্ৰস্তুত কৰে৷ আনহাতে ইথালনৰ লগত ওলাই অহা দ্ৰব্যবোৰে আকৌ মুক্ত মূলকবোৰক বাধা দিয়াত অৰিহণা যোগায়৷ ভোলা গছৰ গুটিটোত কেইবাবিধো বাইফ্লেভনইড (Biflavonoid) থাকে৷ তেলেতীয়া অংশটোত কেইবাবিধো ফিন'লিক যৌগ (Phenolic compound) থাকে৷ ভোলা গছৰ গুটিৰপৰা এবিধ ক'লা ৰং ওলায়৷ এই ৰং ধোবাসকলে কাপোৰত দাগ দিয়াৰ বাবে ব্যৱহাৰ কৰে৷ সেইবাবে ইয়াক Marking nut বা Dhobi nut বুলি জনা যায়৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 পঞ্চমী শৰ্মা আৰু ড° মদন মোহন বৰা (১ - ১৫ নৱেম্বৰ ২০১২). "ঔষধি গুণৰ এক অনন্য ভাণ্ডাৰ:ভোলা গছ". প্ৰান্তিক খণ্ড ৩১শ বছৰ (২৩শ সংখ্যা): পৃষ্ঠা ৩০.