ভ্ৰাম্যমাণ থিয়েটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভ্ৰাম্যমাণ থিয়েটাৰ মূলত: নাট্য পৰিবেশনৰ এক মাধ্যম। এখন ঠাইৰপৰা আন এখন ঠাইলৈ নাটক প্ৰদৰ্শন কৰি ফুৰি কৰাটোৱেই ভ্ৰাম্যমাণৰ মূল চিনাকি হ'লেও যাত্ৰা বা অন্যান্য ভ্ৰমণকাৰী নাট্য দলৰ লগত ইয়াৰ কেইটামান উল্লেখনীয় পাৰ্থক্য আছে। নাটকৰ লগত জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ লগতে সমগ্ৰ মঞ্চ, পেক্ষাগৃহ আৰু দৰ্শকৰ বাবে চকী আদিও ভ্ৰাম্যমাণ থিয়েটাৰে নিজেই মজুত ৰাখি পৰিবহন কৰে। ভ্ৰাম্যমাণৰ সামগ্ৰিক পৰিচালনা চাৰ্কাচ দলৰ লগতহে ৰিজাব পাৰি(উদ্ধৃতি লাগিব)। ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অনুষ্ঠান অসমৰ বাহিৰে পৃথিৱীৰ কোনো অংশতে পোৱা নাযায় বুলি কোৱা হয়। বৰ্তমান অসমত কেবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ দলে বছৰি নাট্য প্ৰদৰ্শন কৰি ফুৰিছে।

ভ্ৰাম্যমাণৰ জন্ম[সম্পাদনা কৰক]

ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰ

ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয় অচ্যুত লহকৰক। বৰপেটাত ১৮৬০ চন মানত তিথিৰাম বায়ন নামৰ এজন নৃত্য-বাট্য বিশাৰদে প্ৰথমে অসমীয়া কলা-কুশলীৰে গঠিত যাত্ৰাদল গঠন কৰি অসমৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰি ফুৰিছিল। তেখেতৰ নাটক কেইখন আছিল 'দুৰ্য্যোধনৰ উৰু-ভংগ', 'ৰাম বনবাস' আৰু 'ৰাধিকাৰ মান ভঞ্জন'; ইয়াৰে প্ৰথমখন নাট আছিল বঙালী নাট্যকাৰৰ আৰু শেষৰ দুখন আছিল প্ৰসন্নলাল চৌধুৰীৰ ককাকদেউতা গোবিন্দৰাম চৌধুৰী। ১৮৬০ চনৰপৰা আৰম্ভ কৰি ১৯৩০ চন পৰ্য্যন্ত ঘাইকৈ কামৰূপ আৰু গোৱালপাৰা জিলাত কেবাটাও এনে যাত্ৰা পাৰ্টি বা অপেৰা দল গঢ়ি উঠিছিল।

১৯১০ চনত পাঠশালাত নাট্যকাৰ অভিনেতা সন্তৰাম চৌধুৰীয়ে 'পাঠশালা থিয়েটাৰ পাৰ্টি' গঠন কৰি নাট্যদলৰ লগতে মঞ্চ আৰু মঞ্চাভিনয়ৰ সা-সঁজুলি কঢ়িয়াই লৈ যোৱাৰ প্ৰথা ম্ৰথমে অৱলম্বন কৰিছিল। ১৯৩০ চনত ব্ৰজনাথ শৰ্মাই গঠন কৰা কহিনুৰ অপেৰা পাৰ্টি বিপুল ভাৱে জনপ্ৰিয় হৈছিল আৰু সমগ্ৰ অসম ভ্ৰমণ কৰি নাট্য প্ৰদৰ্শন কৰিছিল। কহিনুৰ অপেৰাই স্বয় নিৰ্ভৰশীল ভাৱে পৰিভ্ৰমী নাট্যনুষ্ঠান গঠন কৰাত বিশেষ বৰঙনি যোগাইছিল। কহিনুৰ অপেৰাতে অসমত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ পাতনি মেলা হৈছিল বুলি জনা যায়।[1] (বৰ্তমানে কহিনুৰ অপেৰাৰ আগেয়েও অসমত সহ-অভিনয়ৰ আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে।[2]) এই কহিনুৰ অপেৰা পাৰ্টিৰ আলমতে আৰু কেবাটাও অপেৰা পাৰ্টি গঢ়ি উঠিছিল। তেনে এটা অপেৰা পাৰ্টি আছিল পুৰণি কামৰূপ জিলাৰ অন্তৰ্গত (বৰ্তমানৰ বৰপেটা জিলা) বজালী অঞ্চলৰ পাঠশালা নিবাসী সদানন্দ লহকৰৰ। তেখেতৰ অপেৰা দলটোৰ নাম আছিল নটৰাজ অপেৰা। স্থাপন কৰা হৈছিল ১৯৫৯ চনত।[1]

সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে 'নটৰাজ অপেৰা'ক নতুন ৰূপ দিবলৈ গৈ বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিয়ে। অচ্যুত লহকৰে নিজৰ অনুলিখিত আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয় কেইটা আছিল: পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঁথা সংলাপ আৰু অনূদিত নাটকৰ পয়োভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওঁক আৰু নাটক হওঁক মৌলিক লগতে হওঁক অসমৰ পটভূমিৰ।

তাৰ বাহিৰেও এই অনুষ্ঠানটোৰ যোগেদি তেখেতে শিল্পীৰ পেছাদাৰী দিশটো টনকিয়াল কৰি ৰখাত গুৰুত্ব দিছিল। সেই বাবেই ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰথমৰ পৰাই বাণিজ্যিক ভিত্তিত নাট্য-প্ৰদৰ্শন কৰাত গুৰুত্ব দিছিল তেখেতে আত্মজীৱনীত উল্লেখ কৰিছে। সেয়ে তেখেতে পোহৰ নিক্ষেপনৰ কাৰচাজী, শব্দযন্ত্ৰত ব্যৱহাৰত নতুনত্ব আৰু অন্যান্য চমকদাৰী কলা-কৌশল ব্যৱহাৰ কৰি ভ্ৰাম্যমাণক যাত্ৰা-অপেৰাতকৈ পৃথক কৰি দেখুওৱাত গুৰুত্ব দিছিল।

সমগ্ৰ অসম পৰিভ্ৰমণ কৰি নাটক দেখুৱাবলৈ যাওঁতে আহিব পৰা অসুবিধা আদিলৈ চাই তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহাৰ আসন আদিও লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল, যাৰ বাবেই ভ্ৰাম্যমাণ থিয়েটাৰ এটা অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল।

নটৰাজ থিয়েটাৰৰ প্ৰথম প্ৰদৰ্শনী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ নামকৰণ[সম্পাদনা কৰক]

১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগনত সজা অস্থায়ী প্ৰক্ষাগৃহত প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণৰ নাটক মঞ্চস্থ কৰা হৈছিল। নাটক আছিল ফণী শৰ্মাৰ 'ভোগজৰা'। তেতিয়ালৈ অৱশ্যে ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ নাম দিয়া হোৱা নাছিল। প্ৰথম বছৰেই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই গুৱাহাটীৰ টাউন ক্লাবৰ সাহায্যাৰ্থ নটৰাজ থিয়েটাৰক নিমন্ত্ৰণ কৰিছিল আৰু বাতৰি কাকতত "বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ" বুলি ডাঙৰ হৰফেৰে বিজ্ঞাপন দিছিল। তেতিয়াৰেপৰাই এই অনুষ্ঠান 'ভ্ৰাম্যমাণ থিয়েটাৰ' বুলি জনাজাত হয়।

নটৰাজে থিয়েটাৰে প্ৰথম বৰ্ষত নিবেদন কৰা নাটকসমূহ আছিল: উত্তম বৰুৱাৰ 'জেৰেঙাৰ সতী', ফণী শৰ্মাৰ 'ভোগজৰা', অতুল চন্দ্ৰ হাজৰিকাৰ 'টিকেন্দ্ৰজিৎ' আৰু অনুদিত নাটক 'হায়দৰ আলি'।[1] বিষ্ণুপ্ৰসাদ ৰাভা, ড: কৃষ্ণকান্ত লহকৰ, ধৰনী গোস্বামী উপদেষ্টা আছিল। নাটক কেইখনৰপৰিচালনা কৰিছিল চন্দ্ৰ চৌধুৰীয়ে। গজেন বৰুৱা, আদ্য শৰ্মা আৰু ত্ৰৈলোক্য দত্তই ৰূপাঙ্কন কৰিছিল। আলোক পৰিচালনা আছিল অচ্যুত লহকৰৰ নিজা।

প্ৰথম অৱস্থাৰ মঞ্চ[সম্পাদনা কৰক]

প্ৰথমে ভ্ৰাম্যমাণ থিয়েটাৰ আজি-কালিৰ দৰে দুখন মঞ্চৰ ব্যৱহাৰ নাছিল। নাটক পৰিবেশন হোৱা মঞ্চ আছিল এখনেই। কিন্তু ছেট আদি দুখন চকা লগোৱা মঞ্চত সজোৱা হৈছিল, আৰু সেই দুখন মঞ্চৰ তলত চকা লগোৱা আছিল। এখন মঞ্চত অভিনয় চলি থাকোঁতে আনখন মঞ্চত ছেট সজাই সাজু কৰি ৰখা হৈছিল আৰু ড্ৰপ-চিন পৰাৰ লগে লগে অভিনয় চলি থকা মঞ্চখন ঠেলি আঁতৰাই ছেট সাজু কৰি ৰখা মঞ্চখন ড্ৰপচিনৰ আঁৰত ৰখা হৈছিল। এই সুবিধাৰ বাবে এটা দৃশ্যৰপৰা আন এটা দৃশ্যলৈ যোৱাৰ সময়ৰ ব্যৱধান একে বাৰে কমি গৈছিল। প্ৰথম অৱ্স্থাত টায়াৰৰ চকা ব্যৱ্হাৰ কৰা হৈছিল যদিও পাছলৈ লোৰে নিৰ্মিত বিশেষ ধৰণৰ চকা ব্যৱহাৰ কৰা হৈছিল।

নটৰাজৰ দ্বিতীয় বছৰ[সম্পাদনা কৰক]

নটৰাজ থিয়েটাৰৰ প্ৰথম বছৰৰ নাটক জনপ্ৰিয় হৈছিল যদিও ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱা নাছিল। কিন্তু দ্বিতীয় বছৰ নটৰাজ থিয়েটাৰে হাতত লোৱা 'বেউলা' নামৰ নাটকখন প্ৰভূত জনপ্ৰিয় হৈছিল আৰু সিয়েই ভ্ৰাম্যমাণৰ বাণিজ্যিক দিশটো টনকিয়াল কৰি ৰখাত সহায় কৰিছিল। অচ্যুত লহকৰৰ মতে 'বেউলা'ই ভ্ৰাম্যমাণক জীয়াই ৰাখিছিল। উল্লেখনীয় যে 'বেউলা' নাটকখন একেৰাহে চল্লিচ বছৰ ধৰি নটৰাজ থিয়েটাৰত প্ৰদৰ্শন কৰা হৈছিল।

ভ্ৰাম্যমাণ থিয়েটাৰৰ সফলতা আৰু বিকাশ[সম্পাদনা কৰক]

নটৰাজ থিয়ৈটাৰৰ বিপুল জনপ্ৰিয়তালৈ চাই ধীৰে ধীৰে অসমত অন্য থিয়েটাৰ দলৰ জন্ম হ'বলৈ ধৰে আৰু বৰ্তমান ই অসমৰ এক বিশেষ সাংস্কৃইতক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। নটৰাজ থিয়েটাৰৰ সফলতাৰ পাছত 'আৰাধনা থিয়েটাৰ' (প্ৰযোজক--সদানন্দা লহকৰ), কহিনুৰ থিয়েটাৰ (প্ৰযোজক--ৰতন লহকৰ), আৱাহন থিয়েটাৰ (প্ৰযোজক--কৃষ্ণ ৰয়), ভাগ্যদেৱী থিয়েটাৰ (প্ৰসোজক--শৰৎ মজুমদাৰ) আৰু বহুতো থিয়েটাৰ দলৰ জন্ম হৈছে আৰু বৰ্তমানেও ভ্ৰাম্যমাণ থিয়টাৰ অসমত এক জনপ্ৰিয় অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে।

বিভিন্ন প্ৰকাৰৰ মঞ্চ উদ্ভাৱন (যেনে, থিয়েটাৰ-স্কোপ, অলছোম); পোহৰৰ বা অন্য কাৰিকৰী কৌশল আদিও নিত্য নতুন ভাৱে পৰিবেশন কৰাৰ চেষ্টা কৰা হয়। কিছুমান নাটকত মাজতে কিছুমান দৃশ্য চিনেমা হিচাপেও প্ৰদৰ্শন কৰা হৈছিল। পাছলৈ এখন ঞঞ্চৰ সলনি দুখন মঞ্চত নাটক প্ৰদৰ্শন ৰ ব্যৱস্থা কৰা হয়। বৰ্তমানেও নাটক প্ৰদৰ্শনৰ বাবে দুখন মঞ্চই ব্যৱহাৰ কৰা হয়।

ভ্ৰাম্যমাণ থিয়েটাৰৰ বছৰেকীয়া কাৰ্য্য-ক্ৰমণিকা[সম্পাদনা কৰক]

ভ্ৰাম্যমাণৰ এটা বছৰ আৰম্ভ হয়, এপ্ৰিল-মে মাহৰপৰা। তাৰ আগতেই নাট্যকাৰৰ লগত যোগাযোগ কৰি নাট ৰছনা কৰি স্থিৰ কৰা হয় আৰু কলা-কুশলী সকলক ঠিকা-ভিত্তিত বছৰটোলৈ নিযুক্তি দিয়া হয়। জুন-জুলাই মাহৰপৰা নাটকৰ আখৰা আৰম্ভ হয়। সাধাৰণতে চাৰিটা-নিশাৰ বাবে নাটক লোৱা হয়, অৱশ্যে কেতিয়াবা কোনোবাখন নাটকৰ জনপ্ৰিয়তালৈ চাই, কোনোবাখন নাটক বাদ দিয়াও হয়। আগষ্ট মাহৰ দ্বিতীয় পক্ষৰপৰা থিয়েটাৰ বিলাকে নিজৰ নাট্য-প্ৰদৰ্শন আৰম্ভ কৰে।

নাটক প্ৰদৰ্শনৰ সূচীও আগৰ বছৰেই সাজু হৈ থাকে। কোনো অনুষ্ঠান-প্ৰতিষ্ঠানৰ আমন্ত্ৰণ মৰ্মে সাধাৰণতে চাৰিটা নিশাৰ বাবে নাট্য-প্ৰদৰ্শন কৰা হয়। বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি নাটক প্ৰদৰ্শনৰ তাৰিখ ঠিক কৰি থোৱা হয়। এই কামৰ বাবে প্ৰতিটো ভ্ৰাম্যমাণ দলৰে বিশেষ প্ৰতিনিধি থাকে। ভ্ৰমণ কৰিবলগীয়া ঠাইবোৰ আগেয়েই পকা কৰি থোৱা হয় বাবে ভ্ৰাম্যমাণৰ ব্যৱসায়ত সুবিধা হয়। আগৰ দিনৰ যাত্ৰা-পাৰ্টি বা অপেৰা বোৰে এনেকুৱা বছৰেকীয়া কাৰ্য্যসূচী লৈ নাটক মঞ্চস্থ কৰা নাছিল। বিভিন্ন উৎসৱ-পাৰ্ৱনৰ সময়তহে তেওঁলোকে বেলেগ বেলেগ ঠাইলৈ গৈ নাটক প্ৰদৰ্শন কৰিছিল। ভ্ৰাম্যমাণেই বছৰ জোৰা (আচলতে আঠ মাহ) নাটক প্ৰদৰ্শনৰ ধাৰা প্ৰচলন কৰে।

সাধাৰণতে চাৰি নিশাৰ বাবে নাটক প্ৰদৰ্শন কৰা হয়। কেতিয়াবা কিছুমান নাটকৰ একেদিনাই দুটা দৰ্শনীও প্ৰদৰ্শন কৰা হয়। দৰ্শকে টিকট লৈ প্ৰবেশ কৰিব লাগে। থিয়েটাৰ দলটোৱে নিজৰ প্ৰাপ্য মাননী লোৱাৰ পাছত ৰৈ যোৱা লাভৰ অংশ আমন্ত্ৰণ কৰি অনা অনুষ্ঠানটোৱে পায়। সাধাৰণতে প্ৰেক্ষাগৃহ আৰু মঞ্চৰ দুটাকৈ ছেট ৰখা হয়, আৰু এখন ঠাইত নাটকৰ প্ৰদৰ্শন কৰি থকাৰ সময়ত আন এখন ঠাইত দ্বিতীয়টো ছেট সাজি লোৱা হয়। ওচৰ ঠাই হ'লে একে ৰাতিয়েই মঞ্চ উঠাই আনখন ঠাইত পতা হয়।

ভ্ৰাম্যমাণৰ নাট প্ৰদৰ্শন ১৩ এপ্ৰিললৈ চলে। ইয়াৰ আগতেই দ্বিতীয় বছৰৰ বাবে নাটক বাচনি কৰা, অভিনেতা, অভিনেত্ৰী, কলা-কুশলী নিৰ্বাচন কৰি নিজৰ দললৈ অনাৰ কাম সম্পন্ন কৰা হয়, আৰু নাট্য-দলটোৰ আন এটা নাট্য-বৰ্ষ আৰম্ভ হয়।

ভ্ৰাম্যমাণৰ নাট প্ৰদৰ্শনৰ কিছুমান খুঁটি-নাটি[সম্পাদনা কৰক]

মূল নাটকৰ আগে আগে প্ৰায়েই এখন চুটি নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হয়। এইখনত নাচেই প্ৰধান। সংলাপ অংশ সাধাৰণতে নেপথ্যৰপৰা কোৱা হয়, আৰু অভিনেতা-অভিনেত্ৰীয়ে সংলাপৰ মাইম কৰে।

আৰু চাওক[সম্পাদনা কৰক]

অসমত গঢ়ি উঠা ভ্ৰাম্যমাণ থিয়েটাৰৰ এখন তালিকা।
নটৰাজ থিয়েটাৰৰ সবিশেষ।

তথ্য সমল[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড), সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১
  2. ভূপেন তালুকদাৰৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ অধীনত পি এইচ ডি ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা গৱেষণা পত্ৰ। কিশোৰ কুমাৰ কলিতা সংকলিত ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস, প্ৰথম খণ্ড, পৃ. ১৭-ৰ পৰা উল্লেখিত।
  • এলেক্স ফিগো (অনুলেখক), মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ভ্ৰাম্যমাণ থিয়েটাৰ, বুক ৱৰ্ল্ড পাব্লিকেশ্বন, পাঠশালা (২০১০)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. দ্য চান্‌ডে ইণ্ডিয়ান ৱেবছাইটত ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে থকা তথ্য
  2. ভ্ৰাম্যমানৰ পূৰ্ব্বকথা আৰু ইয়াৰ জয়যাত্ৰাঃ এটি আলোকপাত, চেভেন চিষ্টাৰছ ডট ইন ৱেবছাইটতত