মকবুল ফিদা হুছেইন
| মকবুল ফিদা হুছেইন | |
|---|---|
MF Husain at Museum of Islamic Art, Doha |
|
| নাম | মকবুল ফিদা হুছেইন |
| জন্ম | ১৭ ছেপ্টেম্বৰ, ১৯১০ ৰপুৰ, মহাৰাষ্ট্ৰ |
| মৃত্যু | ৯ জুন, ২০১১ (৯৫ বছৰ) লণ্ডনৰ ৰয়েল ব্ৰম্পটন হাস্পতাল |
| দেশ | ভাৰতীয়, কাটাৰৰ নাগৰিক (২০১০-২০১১)[1] |
| পেচা | Painting, Drawing, Writer, Film Maker |
| প্ৰশিক্ষণ | ছাৰ জে জে স্কুল অফ আৰ্ট (Sir J. J. School of Art) |
| বিপ্লৱ | Progressive Art Group |
| বঁটা | পদ্মশ্ৰী (১৯৫৫) পদ্মভূষণ (১৯৭৩) পদ্ম বিভূষণ (১৯৯১) |
| ৱেবচাইট | www.mfhussain.com |
মকবুল ফিদা হুছেইন (ইংৰাজী: Maqbool Fida Husain , জন্ম: ১৭ ছেপ্টেম্বৰ, ১৯১৫, মৃত্যু: ৯ জুন, ২০১১) ভাৰতৰ এজন অতি জনপ্ৰিয় চিত্ৰশিল্পী।
সূচী |
হুছেইনৰ কৰ্মৰাজি [সম্পাদনা কৰক]
মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল৷ স্বাধীনতাৰ পিছত বিগত শতিকাৰ ৪০ৰ দশকৰ শেষৰ ফালে তেওঁ বোম্বে প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে৷ ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক, টকিঅ' আদিৰ বিখ্যাত আৰ্ট গেলাৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামোদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল৷ অংকনৰ জগতৰ লগতে তেওঁ কেমেৰাৰে ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল৷ ১৯৬৭ চনত নিৰ্মান কৰা তেওঁৰ প্ৰথমখন চিনেমা থ্ৰু দ্য মাইণ্ডঅৱ এ পেইণ্টাৰ-এ বাৰ্লিন চলচিত্ৰ মহোত্সৱত 'গ'ল্ডেন বিয়েৰ বঁটা' লাভ কৰিছিল৷ পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ মীনাক্ষী : এ টেল অৱ থ্ৰী চিটিজ আৰু মাধুৰীক নায়িকাৰূপে লৈ গজগামিনী নিৰ্মাণ কৰিছিল৷
হুছেইনৰ চিত্ৰশিল্প [সম্পাদনা কৰক]
| এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
স্বীকৃতি আৰু সন্মান [সম্পাদনা কৰক]
কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে হুছেইনক ১৯৫৫ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়৷
হুছেইন আৰু বিতৰ্ক [সম্পাদনা কৰক]
১৯৮৬ চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়৷ বিগত শতিকাৰ ৯০ৰ দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে৷ তাৰ পিছতে হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ তেওঁ ২০০৬ চনৰ পিছৰে পৰা ডুবাই আৰু লণ্ডনত থাকিবলৈ লয়৷ ২০১০ চনত তেওঁ কাটাৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে৷
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ "M F Husain given Qatar nationality". CNN-IBN. http://timesofindia.indiatimes.com/india/M-F-Husain-given-Qatar-nationality/articleshow/5614470.cms। আহৰণ কৰা হৈছে: 25 February 2010.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘মকবুল ফিদা হুছেইন’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Husain's website
- মকবুল ফিদা হুছেইন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য
- Works by or about মকবুল ফিদা হুছেইন in libraries (WorldCat catalog)
- Collection of M.F. Husains's Good images
- MF Husain collected news and commentary from The Times of India
- Requiem for M.F. Husain, N. Ram, The Hindu, 10 June 2011
- মকবুল ফিদা হুছেইন সম্পৰ্কে সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য দ্যা নিউয়ৰ্ক টাইমছৰ সৌজন্যত
- Slideshow, Financial Times
- Maqbool Fida Husain, India’s Most Famous Painter, Dies at 95 NYTimes.com