মঙ্গোলিয়া
| Монгол улс মঙ্গোল-উল্স মঙ্গোলিয়া
|
||||||
|---|---|---|---|---|---|---|
|
|
||||||
| ৰাষ্ট্ৰীয় সঙ্গীত "Монгол улсын төрийн дуулал" মঙ্গোলিয়াৰ ৰাষ্ট্ৰীয় সংগীত |
||||||
| ৰাজধানী (আৰু বৃহত্তম নগৰ) |
উলান বাটোৰ 47°55′N 106°53′E / 47.917°N 106.883°E |
|||||
| ৰাষ্ট্ৰভাষা (সমূহ) | মঙ্গোলিয় |
|||||
| আধিকাৰিক লিপি | মঙ্গোলিয় চিৰিলিক মঙ্গোলিয় লিপি[1] |
|||||
| জনগোষ্ঠীসমূহ (২০১০) | ৯৫.৩৫% মঙ্গোলিয়, ৩.৮৬% কাজাক ০.৮% অন্যান্য[2] |
|||||
| জাতীয়তাসূচক বিশেষণ | মঙ্গোল, মঙ্গোলিয়ান[3] | |||||
| চৰকাৰ | বহুদলীয় সংসদীয় গণতন্ত্ৰ | |||||
| - | ৰাষ্ট্ৰপতি | Tsakhiagiin Elbegdorj | ||||
| - | প্ৰধান মন্ত্ৰী | Sükhbaataryn Batbold | ||||
| সংগঠন | ||||||
| - | Xiongnu সংঘৰ প্ৰতিষ্ঠা | ২০৯ খ্ৰীষ্টপূৰ্ব | ||||
| - | মঙ্গোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা | ১২০৬ | ||||
| - | স্বাধীনতা ঘোষণা (চীনৰ কিং বংশৰ পৰা) | ২৯ ডিচেম্বৰ, ১৯১১ | ||||
| মাটিকিলি | ||||||
| - | মুঠ | 15,64,115.75 বৰ্গ কিমি (১৯তম) 6,03,909 বৰ্গ মাইল |
||||
| - | জলভাগ (%) | ০.৪৩[4] | ||||
| জনসংখ্যা | ||||||
| - | ২০১০ লোকপিয়ল | ২,৭৫৪,৬৮৫[5] | ||||
| জিডিপি (পিপিপি) | ২০১১ আনুমানিক | |||||
| - | মুঠ | ১২.২৩৭ বিলিয়ন $[6] | ||||
| - | জনমুৰি | ৪,৩৮৪ $[6] | ||||
| জিডিপি (নামমাত্র) | ২০১১ আনুমানিক | |||||
| - | মুঠ | ৮.৮৫৯ বিলিয়ন $[6] | ||||
| - | জনমুৰি | ৩,১৭৪ $[6] | ||||
| জিনি সহগ? (২০০৫) | ৩৩.০[7] (মধ্যম) | |||||
| মানৱ উন্নয়ন সূচক (২০১১) | ||||||
| মুদ্ৰা | টুগৃক্ (টোগৃগ্) (MNT) |
|||||
| সময় স্থান | (ইউটিচি+৭ ৰ পৰা +৯ লৈ[9][10][11]) | |||||
| তাৰিখ বিন্যাস | yyyy.mm.dd (CE) | |||||
| গাড়ী চলোৱা হয় | সোঁফালে | |||||
| ইণ্টাৰনেট টিএলডি | .mn | |||||
| কলিং ক'ড | +976 | |||||
মঙ্গোলিয়া (ইংৰাজী: Mongolia;
i/mɒŋˈɡoʊliə/; মঙ্গোলিয়: Монгол улс, অভিধানিক অৰ্থ: মঙ্গোল দেশ/ৰাজ্য) পূব আৰু মধ্য এছিয়াৰ এখন দেশ। দেশখনৰ চাৰিওফাল ভূ-ভাগেৰে আবৰা। ইয়াৰ ৰাজধানী উলান বাটোৰ। মঙ্গোলিয়া হৈছে এখন বহুদলীয় সংসদীয় গণতান্ত্ৰিক দেশ।
সূচী |
[সম্পাদনা কৰক] ভৌগোলিক অবয়ৱ
মঙ্গোলিয়া হৈছে মূলতঃ স্থলবন্দি উচ্চ মালভূমিৰ দেশ। উত্তৰে ৰাছিয়া, পূব, দক্ষিণ আৰু পশ্চিমে চীনৰ বিশাল ভূ ভাগেৰে আগুৰা। পশ্চিমে স্পৰ্শ নকৰিলেও চীনৰ সামান্য ভূ-ভাগ পাৰ হৈয়ে পায় মধ্য এছিয়াৰ অন্য এখন ৰাষ্ট্ৰ কাজাখস্তান। উত্তৰে আৰু পূবে শীতল অৰ্ধ মৰুস্থল তথা মুঠ ভূ-ভাগৰ ৫০% জুৰি ষ্টেপ ঘাঁহনি সমতল আৰু মাজে মাজে পাহাৰ আছে। উত্তৰ-পশ্চিম অংশত অৰণ্য তথা কেইবাটাও বিশাল হ্ৰদ আৰু প্ৰাকৃতিক জলাশয় আছে। তাৰ ভিতৰত “হভ্গআল্” হ্ৰদটো (হভ্গল্ নূৰ) পুৰণি আৰু গভীৰতম, যি ৰাছিয়াৰ সীমাৰ ভিতৰত থকা তথা বিশ্বৰ ভিতৰতে গভীৰতম হ্ৰদ বৈকালৰ ওচৰতে অৱস্থিত। দেশখনত ওখ অৰণ্যই জুৰি আছে মাটিকালিৰ ৮% মাথোন। পশ্চিম আৰু দক্ষিণ-পশ্চিম অংশত কেইবাটাও সু-উচ্চ পাহাৰ আৰু পৰ্বতেৰে বিখ্যাত “আল্টাই” পৰ্বতমালা অৱস্থিত, যি দক্ষিণ-পূব অংশলৈকে বিস্তৃত হৈ আছে। আল্টাইৰ গড় উচ্চতা ২০০০-৩০০০ মিটাৰৰ ভিতৰত। দেশখনৰ সৰ্ব্বোচ্চ শৃংগটোও ইয়াতে অৱস্থিত। নাম “নাজ্ৰাম্ডাল ঊৰ” (টাভান-বোগ্ডো-উলি?)। উচ্চতা ৪৩৭৩ মিটাৰ। এই পৰ্বতমালা দক্ষিণে পৃথিৱীৰ ৪ৰ্থ বিশাল মৰুভূমি “গোবি মৰুভূমি”ৰ লগত মিলি গৈছে। মঙ্গোলিয়াৰ এক তৃতীয়াংশ ভূ-ভাগেই গোবি মৰুভূমিয়ে জুৰা।
মঙ্গোলিয়াৰ সুমধ্য বিন্দুটো হৈছে ৪৬০ উত্তৰ দ্ৰাঘিমাংশ, ১০৫০ পূব অক্ষাংশত অৱস্থিত।
[সম্পাদনা কৰক] জলবায়ু
মঙ্গোলিয়াৰ জলবায়ু ভীষণ মহাদেশীয়। শীতকালত প্ৰচণ্ড তুষাৰপাত হয়। দেশখন শীতকালি ভীষণ আৰু দীৰ্ঘস্থায়ী হিমায়িত অৱস্থাপ্ৰাপ্ত হয়। দক্ষিণত শুষ্ক মৰুময় অৱস্থা বৰ্তি থাকে। গ্ৰীষ্মকাল তেনেই চুটি। তাপমাত্ৰা শীতকালি শূণ্যৰো তলত -২৬ ডিগ্ৰী ছেঃৰ পৰা -৩০ ডিগ্ৰী ছেঃলৈকে নামি যায় (বিশেষকৈ জানুৱাৰী মাহত) আৰু গ্ৰীষ্মকালি সৰ্ব্বোচ্ছ ১৬ ডিগ্ৰী ছেঃ – ২২ ডিগ্ৰী ছেঃ লৈকে উঠে। বাৰ্ষিক গড় বৰ্ষাৰ পৰিমাণ ২০৮ মিঃমিঃ।
[সম্পাদনা কৰক] জনগাঠনি আৰু সংস্কৃতি
২০১০ চনৰ লোকপিয়ল অনুসৰি মঙ্গোলিয়াৰ জনসংখ্যা ২,৭৫৪,৬৮৫ জন।[5] খাল্খা ভাষিক গোষ্ঠীৰ লোক সকলেই মঙ্গোলিয়াৰ বৃহত্তম জনগোষ্ঠী। মঙ্গোলিয়সকল পৰম্পৰাগতভাৱে ঘাইকৈ যাযাবৰী বা অঘৰী জাতি। যিয়ে বৃত্তিৰ তাগিদাত কোনো স্থানতেই স্থায়ীভাৱে দীৰ্ঘকাল নাথাকে। কিন্তু সময়ৰ লগে লগে এই যাযাবৰী লোকৰ সংখ্যা কমি আহিছে। কিয়নো বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ বহুতে নগৰীয়া আৰামদায়ক আৰু সুবিধাজনক সভ্যতাক আঁকোৱালী লৈছে আৰু স্থায়ীভাৱে নগৰ-চহৰ সমূহতে থাকিবলৈ লৈছে। বৰ্তমান দেশখনৰ জনবসতি ২ জন প্ৰতি বৰ্গকিঃমিঃত। ৫৯% লোক নগৰ সমূহত বাস কৰে আৰু ৪১% লোক বসবাস কৰে নগৰ সমূহৰ বাহিৰত। তেওঁলোকৰ যাযাবৰী জীৱনৰ প্ৰতিক হৈছে এটি প্ৰাণী, সেয়া হৈছে ঘোঁৰা। অধিকাংশ প্ৰাপ্তবয়স্ক মংগোলিয় লোকেই পাকৈত ঘোঁৰা চালক । চহা সমাজত যাৰ মালিকি স্বত্ত্বত যিমান সংখ্যক ঘোঁৰা থাকে তেওঁক সিমানেই চহকী বুলি ধৰা হয় । তেওঁলোকৰ মানত ঘোঁৰা হৈছে আশা, শক্তি, গতি আৰু প্ৰগতিৰ প্ৰতিক। তেওঁলোকে গঢ়ি লোৱা পৰম্পৰাগত কাপোৰ আৰু কাঠ খোটাৰ তম্বুটোক স্থানীয় ভাষাত “গেৰ” বা ৰুছ ভাষাত “ইয়ুৰ্ট” বোলে। মঙ্গোলিয় সংগীত, মঙ্গোলিয় বাদ্য-যন্ত্ৰ, মঙ্গোলিয় গীত-মাত, নৃত্য আদিৰ আকৰ্ষণীয়তা অতুলনীয় আৰু অতি একক বিধৰ। মঙ্গোলিয় লোকসকলৰ মূল ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম।
[সম্পাদনা কৰক] অৰ্থনীতি
পশুপালন মংগোলিয় সকলৰ প্ৰাচীন বৃত্তি। দুগ্ধ, মাংস, ঊণ, ঊল উৎপাদন আৰু তাৰ সংৰক্ষণ ও ক্ৰয়-বিক্ৰয় সমান্তৰালভাৱে চলি আহিছে। আজি সি মঙ্গোলিয়াৰ বিৰাট খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰূপ লৈছে। ঘোঁৰা আৰু অন্য পশু সম্পদ ক্ৰয়-বিক্ৰয়ো চলি আহিছে। পাৰম্পৰিক চহা, যাযাবৰী পশুপালন অৰ্থনীতি এতিয়াও বিৰাজমান। কিন্তু বৰ্তমান ৰাষ্ট্ৰায়ত্ব কৃষি উৎপাদন প্ৰতিষ্ঠান সমূহে ক্ৰমান্বয়ে আগস্থান আৰু গুৰুত্ব লাভ কৰিছে। বস্ত্ৰ আৰু খনিজ উদ্যোগ সমূহেও প্ৰাধান্য লাভ কৰিছে। কিন্তু বেছিভাগ উদ্যোগ ৰাজধানী উলান বাটোৰ আৰু ইয়াৰ প্ৰধান নগৰ সমূহত কেন্দ্ৰিভূত। খনিজ মণিক বিশেষকৈ কয়লা, সোণ, ইউৰেণিয়াম তথা অন্যান্য ধাতুৰ মণিক উদ্ঘাটন, নিষ্কাষণ আৰু ৰপ্তানি উদ্যোগসমূহে বৰ্তমান মঙ্গোলিয়াৰ মুঠ ঘৰুৱা উৎপাদন ও অৰ্থনীতিলৈ প্ৰভূত বৰঙণি যোগাবলৈ সক্ষম হৈছে। “ডাৰ্চান” আৰু “চয়বাল্ছান” দুখন গুৰুত্বপূৰ্ণ কয়লা উৎপাদন নগৰী।
[সম্পাদনা কৰক] ইতিহাস
মঙ্গোলিয়াৰ ইতিহাস বা বুৰঞ্জী একেটা সময়তে অতি চমকপ্ৰদ আৰু ৰহস্যময়। অতীজৰে পৰা মঙ্গোলিয়া বিভিন্ন জাতিৰ শাসনত আছিল। জিয়ংনু, জিয়ান্বেই, ৰো’ৰাণ, গ’ক্টুৰ্ক আদি বেলেগ-বেলেগ জাতিয়ে ইটোৱে সিটোক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি মঙ্গোলিয়াত বিভিন্ন সময়ত নিজৰ-নিজৰ আধিপত্য বৰ্তাই ৰাখিছিল। জনগোষ্ঠী সমূহৰ মাজত একতা নাছিল। মঙ্গোলিয়াৰ শাসক সকল এটা সময়ত পৰাক্ৰমী, ৰণকৌশল পাকৈত যোদ্ধা আছিল। প্ৰবল পৰাক্ৰমী, নিপুণ যোদ্ধবীৰ তথা দুৰদৰ্শী সম্ৰাট ছেঙ্গিজ খাঁ (বা ছিঙ্গিজ খাঁ) এই মঙ্গোলিয়াৰে সন্তান আছিল। ১২০৬ খ্ৰীষ্টাব্দত মঙ্গোল জাতিৰ পিতা ছেঙ্গিজ খাঁই বিশাল মঙ্গোল সাম্ৰাজ্যৰ সুচনা কৰে। ছেঙ্গিজ খাঁৰ বিশাল সাম্ৰাজ্য সমগ্ৰ চীন দেশ, মধ্য এছিয়া, পাৰস্য লৈকে বিস্তাৰিত আছিল। তেখেতৰেই দূৰ সম্বন্ধীয় নাতি আছিল ভাৰতবৰ্ষত প্ৰথমজনা মোগল সম্ৰাট বাবৰ। সম্ৰাট ছেঙ্গিজ খাঁৰ দুৰ দৰ্শিতাৰ পৰিচয় পোৱা যায় তেখেতৰ কাম-কাজত। তেখেতে প্ৰথমে মঙ্গোলিয়াৰ যাযাবৰী যুঁযাৰু শক্তিশালী জাতিসমূহক যিকোনো প্ৰকাৰে একত্ৰিত কৰি অনৈক্যৰ মাজত ঐক্যৰ ডোলেৰে বান্ধি ৰখাত গুৰুত্ব আৰোপ কৰিছিল যাতে বহিঃ শক্তিসমূহে মঙ্গোল সমাজক পদানত কৰিব নোৱাৰে। সেয়েহে সম্ৰাট ছেঙ্গিজ খাঁক আজিও মঙ্গোল সমাজে জাতিৰ গুৰিয়াল হিচাপে মানে আৰু তেওঁক মহান মঙ্গোল হিচাপে গণ্য কৰে। ছেঙ্গিজ খাঁই বিশাল সাম্ৰাজ্য শাসনৰ সুবিধাৰ বাবে মঙ্গোলিয়াক অন্তঃমঙ্গোলিয়া (মূল ভূ-ভাগ) আৰু বহিঃমঙ্গোলিয়া হিচাপে দুভাগত বিভক্ত কৰিছিল। চীনৰ এটা সময়ৰ প্ৰবল প্ৰতাপী সম্ৰাট কুবলাই খাঁও এই ছেঙ্গিজ খাঁৰে বংশধৰ। কিন্তু পাছলৈ য়ুৱান বংশৰ পতনৰ লগে-লগে মঙ্গোল সমাজ আকৌ ভাগ-ভাগ হৈ পৰিল। ১৬-১৭ শতিকাত তিব্বতীয় বৌদ্ধ ধৰ্মৰ প্ৰভাৱত আহে। ১৭ শতিকাৰ পাছত চীনৰ কিং বংশৰ শাসনৰ তললৈ যায়। ১৯১১ চনত কিং বংশৰ পতনৰ পাছত মঙ্গোলিয়াই স্বাধীনতা ঘোষণা কৰে। কিন্তু ১৯২১ চনলৈকে চীনৰ অৰাজক পৰিস্থিতিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা পাবলৈ যথেষ্ট আন্দোলন কৰিব লগীয়া হয়। ১৯৪৫ চনত ই সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
মঙ্গোলিয় জাতিৰ যাযাবৰী প্ৰকৃতিৰ কাৰণে তেওঁলোক এছিয়াৰ বিভিন্ন কোণতো সিচঁৰিত হৈ পৰিছিল। পূব এছিয়া, মধ্য এছিয়া, দক্ষিণ-পূব এছিয়া, উত্তৰ-পূব ভাৰত পাৰ হৈ তেওঁলোক দক্ষিণ-পূব প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জতো বসতি কৰিছিলগৈ। সেয়ে এই সমগ্ৰ অঞ্চলটোতে মানৱ জাতিৰ এই বিশেষ শাৰীৰিক অৱয়বধাৰী (মঙ্গোলিয় শাৰীৰিক অৱয়ব) ঠাঁল বা গোষ্ঠীটোৰ লোক সকলৰ চেহেৰা-পাতিৰ মিল দেখা যায়।
[সম্পাদনা কৰক] শাসন ব্যৱস্থা
১৯২৪ চনত মঙ্গোলিয়া হৈছিল “মঙ্গোলিয়া লোক প্ৰজাতন্ত্ৰ”। মঙ্গোলিয়া লোক প্ৰজাতন্ত্ৰক পৰিচালনা কৰিবলৈ আছিল “মহান খুৰ্ৰাল” (ই হৈছে মঙ্গোলিয়াৰ সংসদ, এতিয়াও বিদ্যমান), এখন মন্ত্ৰী পৰিষদ আৰু সভাপতি পৰিষদে বা প্ৰেছিডেন্সিয়েল কাউন্সিলে। সভাপতি পৰিষদৰ অধ্যক্ষ জন হৈছে ৰাষ্ট্ৰপতি বা প্ৰেছিডেন্ট। ১৯৯২ চনত এখন নতুন সংবিধান ৰূপায়ন কৰি লাগু কৰা হয়।
[সম্পাদনা কৰক] ৰাজধানী উলান বাটোৰ
মঙ্গোলিয়াৰ ৰাজধানী উলান বাটোৰ। অতীজৰ নাম আছিল “উৰ্ঘাট”। বৰ্তমান ই দেশখনৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু উদ্যোগিক কেন্দ্ৰস্থল। মূখ্য প্ৰশাসনিক ভৱন সমূহ, সংসদ আদি ইয়াতে অৱস্থিত। কেইবাটাও বস্ত্ৰ উদ্যোগ আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ কেন্দ্ৰস্থল এই উলান বাটোৰ।
[সম্পাদনা কৰক] চিত্ৰসংগ্ৰহ
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ "Official Documents to be in Mongolian Script" (in Chinese). UB Post. 2011-06-21. http://ubpost.mongolnews.mn/index.php?option=com_content&task=view&id=6478&Itemid=36. Retrieved 2010-07-11.
- ↑ Mongolia National Census 2010 Provision Results. National Statistical Office of Mongolia (in Mongolian.)
- ↑ "Mongolian" is included minorities like Kazakhs or Tuvans.
- ↑ Official landuse balanse data (2007)[সংযোগবিহীন উৎস]
- ↑ 5.0 5.1 Date: (2011-06-13). "Momgolia National Census 2010 Preliminary Results". National Statistical Office of Mongolia. http://www.toollogo2010.mn/doc/NSO_F-06-10-1.pdf. Retrieved 2011-06-14.
- ↑ 6.0 6.1 6.2 6.3 "Mongolia". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2011/01/weodata/weorept.aspx?pr.x=68&pr.y=1&sy=2008&ey=2011&scsm=1&ssd=1&sort=country&ds=.&br=1&c=948&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=. Retrieved 2011-04-21.
- ↑ "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/. Retrieved 2 March 2011.
- ↑ "Human Development Report 2011". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Tables.pdf. Retrieved 27 January 2012.
- ↑ "Mongolia Standard Time is GMT (UTC) +8, some areas of Mongolia use GMT (UTC) + 7". Time Temperature.com. http://www.timetemperature.com/asia/mongolia_time_zone.shtml. Retrieved 2007-09-30.
- ↑ "The Mongolian government has chosen not to move to Summer Time". World Time Zone.com. http://www.worldtimezone.com/dst_news/dst_news_mongolia01.html. Retrieved 2007-09-30.
- ↑ "Mongolian Time Zones". http://www.statoids.com/tmn.html. Retrieved 2011-05-20.
[সম্পাদনা কৰক] আৰু পঢ়ক
- Ling, Elaine (2010). Mongolia: Land of the Deer Stone. Lodima Press. ISBN 9781888899026. http://www.lodimapress.com/html/elaine_ling.html.
- Mongolia, Encyclopædia Britannica
- Mongolia entry at The World Factbook
- Background notes on Mongolia, US Department of State
This article incorporates public domain material from websites or documents of the Library of Congress Country Studies.
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
| ৱিকিমিডিয়া কমন্সত ‘মঙ্গোলিয়া’ বিষয় সংক্ৰান্তত মিডিয়া আছে। |
- চৰকাৰ
- Official Website of the Government Organizations of Mongolia
- Mongolia Government Overview
- Chief of State and Cabinet Members
- তথ্য
- Mongolia entry at The World Factbook
- Mongolia at UCB Libraries GovPubs
- মঙ্গোলিয়া বিষয়ে অডিপি (মুক্ত নিৰ্দেশিকা প্ৰকল্প)ত থকা তথ্য
- Wikimedia Atlas of Mongolia
- Mongolia, an external wiki
- Mongolia on International Business, an external wiki
- ভ্ৰমণ
- Official Tourism Website of Mongolia
- মঙ্গোলিয়া ভ্ৰমণ নিৰ্দেশিকা, ৱিকিট্ৰেভেলৰ পৰা
- Expedition trip to the North-West Mongolia, Tomsk State University and the University of Hovd, cooperation. Video.
|
|||||||||||||||||||||