মণি কুমাৰ চুব্বা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণি কুমাৰ চুব্বা
লোকসভাৰ সাংসদ, অসম বিধানসভাৰ বিধায়ক
সমষ্টি তেজপুৰ লোকসভা সমষ্টি, নাওবৈচা বিধানসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ১৬ মাৰ্চ, ১৯৫৮ (৬৬ বছৰ)
মৃত্যু ২৭ মে',২০১৯
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী জ্যোতি চুব্বা
সন্তান ১জন পুত্ৰ, ৩ গৰাকী কন্যা
বাসস্থান উত্তৰ লখিমপুৰ
September 25, 2006-ৰ তথ্য
উৎস: [1]

মণি কুমাৰ চুব্বা (জন্ম:১৬ মাৰ্চ ১৯৫৮- মৃত্যু:২৭ মে',২০১৯) ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈ ক্ৰমে দ্বাদশ, ত্ৰয়োদশ আৰু চতুৰ্দশ লোকসভাত তিনিবাৰৰ বাবে লোকসভাৰ সাংসদ আছিল। তেওঁ অসমতেজপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ আগেয়ে তেওঁ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিধায়ক আছিল। চুব্বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল।

নাগৰিকত্ব বিতৰ্ক[সম্পাদনা কৰক]

২০০৭ চনত কেন্দ্ৰীয় অনুসন্ধান সংস্থা (ইংৰাজী: Central Bureau of Investigation), চমুকৈ চি বি আইয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ক জনায় যে, চুব্বাৰ নাগৰিকত্ব সন্দেহজনক। ইয়াৰ লগতে সম্প্ৰতি তেওঁ দাখিল কৰা নাগৰিকত্ব সম্পৰ্কীয় নথি-পত্ৰ সমূহ ভুৱা। কিন্তু, ন্যায়ালয়ে চুব্বাৰ সাংসদ পদি খাৰিজ কৰিবৰ বাবে দাখিল হোৱা আবেদন নাকচ কৰে। ন্যায়ালয়ে এইবুলি কয় যে, ন্যায়ালয়ে "cannot unseat legislators".[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

  • ১৯৯১-১৯৯৮ অসম বিধান সভাৰ সদস্য (দুটা কাৰ্যকাল)
  • ১৯৯৮ : দ্বাদশ লোকসভালৈ নিৰ্বাচিত
  • ১৯৯৮-৯৯ : সদস্য, গৃহ পৰিক্ৰমা সমিতি আৰু স্বতন্ত্ৰতা সৈনিক সন্মান পেঞ্চন আঁচনিৰ ওপৰত ইয়াৰ উপ-সমিতি ; সদস্য, পৰামৰ্শদাতা সমিতি, বিত্ত মন্ত্ৰালয়
  • ১৯৯৯ : ত্ৰয়োদশ লোকসভালৈ পুনৰ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল)
  • ১৯৯৯-২০০৪ সদস্য, বাণিজ্য সমিতিি;

সদস্য, পৰামৰ্শদাতা সমিতি, জল সম্পদ মন্ত্ৰালয়

  • ২০০৪: চতুৰ্দশ লোকসভালৈ পুনৰ নিৰ্বাচিত (তৃতীয় কাৰ্যকাল);

সদস্য, শক্তি সমিতি; সদস্য, পৰামৰ্শদাতা সমিতি, গৃহ মন্ত্ৰালয়[2]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]