মহম্মদ শ্বামি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহম্মদ শ্বামি
{{{imagealt}}}
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম মহম্মদ শ্বামি আহমেদ
জন্ম ৩ ছেপ্টেম্বৰ, ১৯৯০ (৩৩ বছৰ)
চাহচপুৰ অমৰোহা, পশ্চিম উত্তৰ প্ৰদেশ, ভাৰত
উচ্চতা 5 ফুট 10 ইঞ্চি (1.8 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া মধ্যমবেগী
ভূমিকা বলাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (মুঠ খেল ২৭৯) ৬ নৱেম্বৰ ২০১৩ বনাম ৱেষ্ট ইণ্ডিজ
ODI অভিষেক (মুঠ খেল ১৯৫) ৬ জানুৱাৰী ২০১৩ বনাম পাকিস্তান
ODI shirt no. ১১
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০১০/১১–বৰ্তমান বংগ
২০১২–২০১৩ কলকাতা নাইট ৰাইডাৰ্ছ
২০১৪–বৰ্তমান দেল্হি ডে'ৰডেভিল্‌ছ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ODI FC List A
মুঠ খেল ১২ ৪৫ ২৭ ৬১
ৰাণ ১৬৬ ১০৮ ৩৯৬ ১৯৩
বেটিং গড় ১২.৭৬ ১০.৮০ ১২.০০ ৮.৭৭
শতক/অৰ্ধশতক ০/১ ০/০ ০/১ ০/০
সৰ্বোচ্চ ৰাণ ৫১* ২৫ ৫১* ২৬
বল ২৬৭৯ ২১৮৩ ৬,৩৬৮ ৩০৭৬
উইকেট ৪৭ ৮৫ ১১৮ ১১৫
বলিং গড় ৩৬.১৪ ২৪.৫৪ ৩০.৪৯ ২৪.২৩
এক ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৫/৪৭ ৪/৩৫ ৭/৭৯ ৪/২৫
কেচ্চ/ষ্টাম্পিং ১/– ১৪/– ৭/– ২৩/–
উৎস: ESPN Cricinfo, ৬ March ২০১৫

মহম্মদ শ্বামি আহমেদ (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯০) এজন ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ আৰু তেওঁ ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। তেওঁ এজন সোঁহতীয়া বেগী-মধ্যমবেগী ছুইং আৰু ছীম বলাৰ আৰু তেওঁ একেৰাহে ১৪০ কি.মি. প্ৰতি ঘণ্টা বেগত বলিং কৰিব পাৰে।[1][2][3] এজন 'ৰিভাৰ্ছ ছুইং বিশেষজ্ঞ' হিচাপেও তেওঁ জনাজাত।[4] ২০১৩ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ বিপক্ষে এদিনীয়াত আত্মপ্ৰকাশ কৰে আৰু সেইখন খেলত তেওঁ অভিলেখসংখ্যক চাৰি অ'ভাৰ মেইডেন কৰে। একে বছৰৰে নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেকত তেওঁ ৫ উইকেট দখল কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

শ্বামিৰ জন্ম হয় উত্তৰ প্ৰদেশমোৰাদাবাদৰ চাহচপুৰ গাঁৱত। তেওঁৰ দেউতাক তৌচিফ আলি এজন খেতিয়ক আৰু ডেকা বয়সত তেৱোঁ এজন বেগী বলাৰ আছিল। শ্বামিৰ এগৰাকী ভগ্নী আৰু তিনিজন ককাই-ভাই আছে। গোটেইকেইজন ককাই-ভায়েই বেগী বলাৰ আশা পুহিছিল।[5] ২০০৫ চনত দেউতাকে শ্বামিৰ প্ৰতিভাৰ উমান পাই গাঁৱৰপৰা ২২ কি.মি. নিলগৰ মোৰাদাবাদত থকা এজন প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিৰ ওচৰলৈ লৈ যায়। তাতে প্ৰশিক্ষণ লৈ থকা শ্বামিয়ে উত্তৰ প্ৰদেশ অনূৰ্ধ্ব-১৯ দলত স্থান নোপোৱাত ছিদ্দিকিয়ে তেওঁক কলকাতালৈ পঠায় আৰু তাতে তেওঁ 'ডেলহাউচি এথলেটিক ক্লাব'ত খেলিবলৈ লয় আৰু তাৰপৰাই তেওঁ লাহে লাহে বংগ অনূৰ্ধ্ব-২২ দলত স্থান পায়।[6]

টেষ্টৰ এক ইনিংছত ৫ উইকেট[সম্পাদনা কৰক]

মহম্মদ শ্বামিৰ টেষ্টত ৫-উইকেট দখলসমূহ
নং প্ৰদৰ্শন খেল অ'ভাৰ মেইডেন বিপক্ষ H/A স্থান চন ফলাফল
৫-৪৭ ১৩.১  ৱেষ্ট ইণ্ডিজ ঘৰুৱা ইডেন গাৰ্ডেন, কলকাতা, ভাৰত ২০১৩ বিজয়ী
৫-১১২ ১২ ২৮.৩  অষ্ট্ৰেলিয়া বিদেশ ছিডনী ক্ৰিকেট গ্ৰাউণ্ড, ছিডনী, অষ্ট্ৰেলিয়া ২০১৫ ড্ৰ

পুৰস্কাৰ[সম্পাদনা কৰক]

এদিনীয়া মেন অৱ দ্য মেচ[সম্পাদনা কৰক]

নং বিপক্ষ স্থান তাৰিখ প্ৰদৰ্শন ফলাফল
 ৱেষ্ট ইণ্ডিজ ফিৰোজ শ্বাহ কোটলা গ্ৰাউণ্ড, দিল্লী, ভাৰত ১১ অক্টোবৰ ২০১৪ ৯.৩ অ'ভাৰ, ৩৬ ৰাণ, ৪ উইকেট বিজয়ী [7]
 ৱেষ্ট ইণ্ডিজ WACA গ্ৰাউণ্ড, পাৰ্থ, অষ্ট্ৰেলিয়া ৬ মাৰ্চ ২০১৫ ৮ অ'ভাৰ, ৩৫ ৰাণ, ৩ উইকেট বিজয়ী[8]

আৰু চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সাঁচ:Bengal cricket squad সাঁচ:Delhi Daredevils Squad