মহিম বৰা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| মহিম বৰা | |
|---|---|
![]() |
|
| জন্ম | জুলাই ৬, ১৯২৪ (প্ৰমাণ-পত্ৰ মতে ১৯২৬) |
| জন্মস্থান | শোণিতপুৰ, ঘোপ সাধাৰু চাহ বাগিচা |
| জাতীয়তা | ভাৰতীয় |
| পেশা | অধ্যাপক,গল্পকাৰ, কবি |
মহিম বৰা অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ ৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ পাছ কৰে আৰু নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে৷ তেওঁ জীৱনৰ বেছি সময় নগাঁৱতে পাৰ কৰে৷ কলং নদীৰ লগত মহিম বৰাৰ আজন্ম সম্পৰ্ক আছিল৷ সেয়ে তেওঁক 'কলংপৰীয়া কবি' আখ্যা দিয়া হয়৷ তেওঁক ১৯৮৯ চনত অসম সাহিত্য সভাৰ সভাপতি সন্মানেৰে সন্মানিত কৰা হয়৷
[সম্পাদনা কৰক] মহিম বৰাৰ বিভিন্ন প্ৰকাশিত গ্ৰন্থ
- দেহা গৰকা প্ৰেম
- কাঠনিবাৰী ঘাট (১৯৬১)
- বহুভুজী ত্ৰিভুজ (১৯৬৭)
- মই, পিপলী আৰু পূজা (১৯৬৭)
- এই নদীৰ সোঁতে (১৯৭৫)
- ৰাতি ফুলা ফুল (১৯৭৭)
- ৰঙাজীঞা (১৯৭৮)
- বৰযাত্ৰী (১৯৮০)
- এধানি মাহীৰ হাঁহি
[সম্পাদনা কৰক] বঁটা-সন্মান
- পদ্মশ্ৰী (২০১১)
- সাহিত্য অকাডেমি বঁটা (২০০১) (এধানি মাহীৰ হাঁহি গ্ৰন্থৰ বাবে)
- প্ৰকাশন পৰিষদ বঁটা (১৯৮০)
- অসম উপত্যকা সাহিত্য বঁটা (১৯৯৮) (সম্পূৰ্ণ ৰচনাৱলীৰ বাবে)
- ছগনলাল জৈন বঁটা (১৯৯৬) (গল্প সমগ্ৰৰ বাবে)
