মাকাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাকাম  
লেখক ড॰ ৰীতা চৌধুৰী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক জ্যোতি প্ৰকাশন
প্ৰকাশ এপ্ৰিল, ২০১০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলামাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। সেই সময়ৰ নেফা (অৰুণাচল প্ৰদেশ)ৰ সীমা অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হোৱা চীনা সৈন্যৰ আক্ৰমণৰ সমান্তৰালভাৱে ভাৰত চৰকাৰে দেশখনত কেইবা পুৰুষো পাৰ কৰা চীনা বংশোদ্ভৱ লোকসকলক অমানৱীয়ভাৱে আটক কৰি প্ৰথমে ৰাজস্থান আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰে কিছু সংখ্যকক সমুদ্ৰ পথৰে চীনলৈ বিতাড়িত কৰা হৈছিল। ইয়াৰ পটভূমিতেই বিশিষ্টা ঔপন্যাসিক গৰাকীয়ে ‘মাকাম’ ৰচনা কৰি উলিয়াইছে।

অনুবাদ[সম্পাদনা কৰক]

ইংৰাজী ভাষাত উপন্যাসখন লেখিকা ৰীতা চৌধুৰীয়ে নিজেই চাইনাটাউন ডেইজ্ (Chinatown Days) নামেৰে অনুবাদ কৰিছে। ২০১৭ চনত এই অনূদিত সংস্কৰণটো মেকমিলান প্ৰকাশনে প্ৰকাশ কৰে।[2] উপন্যাসখন বড়ো ভাষালৈও অনুবাদ কৰা হৈছে। অনুবাদ কৰিছে সোণালী বড়োৱে। অনুবাদৰ বাবে ছমাহ সময় লোৱা উপন্যাসখন বড়ো সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱাৰ দায়িত্ব গ্ৰহণ কৰিছে।[3] বিদ্যা শৰ্মাই উপন্যাসখন একে নামেৰে মাৰাঠী ভাষালৈ অনুবাদ কৰিছে।[4]

অভিযোজন[সম্পাদনা কৰক]

ইতিমধ্যে এই উপন্যাসখনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে।[5]

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ড॰ ৰীতা চৌধুৰী (জন্ম:২০ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা।[6][7] তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত অধিস্থিত আছিল ৷ সম্প্ৰতি তেখেত কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

লগতে চাওক[সম্পাদনা কৰক]

  1. দেও লাংখুই
  2. মায়াবৃত্ত
  3. পপীয়া তৰাৰ সাধু

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Makam – Rita Chowdhury". Archived from the original on March 7, 2012. https://web.archive.org/web/20120307000841/http://ritachowdhury.com/2010/07/12/makam-rita-chowdhury/। আহৰণ কৰা হৈছে: February 25, 2012. 
  2. Chowdhury, Rita (2018-01-11) (en ভাষাত). Chinatown Days. Pan Macmillan. ISBN 9781509896561. https://books.google.co.in/books?id=jYVCDwAAQBAJ&pg=PT2&source=gbs_selected_pages&cad=2#v=onepage&q&f=false. 
  3. "'মাকাম' বড়ো ভাষালৈ অনূদিত". The Sunday Indian. http://www.thesundayindian.com/as/story/...%E0%A6%AC%E0%A6%A1%E0%A6%BC%E0%A7%8B-%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%B2%E0%A7%88.../11/892/। আহৰণ কৰা হৈছে: February 25, 2012. [সংযোগবিহীন উৎস]
  4. "Marathi woman to take Assamese literature to Maharashtra". Times of India. https://timesofindia.indiatimes.com/city/guwahati/Marathi-woman-to-take-Assamese-literature-to-Maharashtra/articleshow/24564638.cms. 
  5. "Silver screen aspires to immortalise Makam". The Telegraph. (Saturday, December 4, 2010). http://www.telegraphindia.com/1101204/jsp/northeast/story_13255012.jsp। আহৰণ কৰা হৈছে: 2011-09-15. 
  6. "Literary feats lauded". The Assam Tribune. (Monday, December 29, 2008). Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170116/http://www.assamtribune.com/scripts/details.asp?id=dec2908%2FCity2। আহৰণ কৰা হৈছে: 2009-10-22. 
  7. "Chowdhury, Narzary given Akademi award". The Assam Tribune. (Wednesday, February 18, 2009). Archived from the original on 2012-02-19. https://web.archive.org/web/20120219170112/http://www.assamtribune.com/scripts/details.asp?id=feb1809%2Fat05। আহৰণ কৰা হৈছে: 2009-10-22. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]