মাকুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাকুম
—  নগৰ  —
মাকুম is located in Assam
মাকুম
ভাৰতঅসমত মাকুমৰ অৱস্থান
ভৌগোলিক স্থানাংক: 27°30′N 95°27′E / 27.5°N 95.45°E / 27.5; 95.45স্থানাংক: 27°30′N 95°27′E / 27.5°N 95.45°E / 27.5; 95.45
দেশ  ভাৰত
ৰাজ্য অসম
জিলা তিনিচুকীয়া জিলা
উচ্চতা
জনসংখ্যা (2001)
 - মুঠ 15,058
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 786170
Telephone code Police Station -03742345557

মাকুম (IPA: mɑːkəm) অসমতিনিচুকীয়া জিলাত অৱস্থিত এখন নগৰ৷ 'মাকুম' শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ "meeting point"৷ প্ৰকৃততে এই অঞ্চলতে অসমৰ তিনিখন প্ৰধান চহৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে৷ তাৰোপৰি এই মাকুমতে ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ মিলিত হৈছে৷ ইয়াতে অৱস্থিত মাকুম ৰে'লৱে ষ্টেচন ভাৰতীয়া ৰেলৰ আটাইতকৈ পূবত অৱস্থিত ষ্টেচন৷ [1]

মাকুম ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

মাকুম ভৌগোলিকভাৱে 27°30′N 95°27′E / 27.5°N 95.45°E / 27.5; 95.45 অৱস্থিত৷ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১২২ মিটাৰ (৪০০ ফুট)৷ এই টাউনখন তিনিচুকীয়াৰ পৰা ৭ কিমি পূবে অৱস্থিত৷ এই অঞ্চলটো দাঁতিকাষৰীয়া সৰু-বৰ ঠাইসমূহৰ সৈতে ঘাইপথ আৰু ৰে'লপথেৰে সংযোজিত হৈ আছে৷

আন্ত:গাথঁনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] মাকুমৰ মুঠ জনসংখ্যা ১৫,১১৮ জন৷ [3] ইয়াৰে ৫৩% পুৰুষ আৱু ৪৭% মহিলা৷ মাকুমৰ গড় সাক্ষৰতাৰ হাৰ ৬৮%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৭৩% আৰু ৬২%৷ মাকুমৰ জনসংখ্যাৰ ১৩% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

অৰ্থনীতি[সম্পাদনা কৰক]

মাকুম এখন উদ্যোগিক নগৰ৷ ইয়াত কেইবাটাও ডাঙৰ প্লাইউডৰ কাৰখানা আছিল যদিও বৰ্তমান প্ৰায়ভাগেই বন্ধ হৈ আছে৷ তাৰোপৰি মাকুমত ভালেসংখ্যক চাহ কাৰখানা আছে৷ অন্যন্য উদ্যোগসমূহ হ'ল, আটা, মম ইত্যাদি৷ মাকুম নগৰৰ আশে পাশে ভালসংখ্যক চাহ বাগান আছে৷

শিক্ষা[সম্পাদনা কৰক]

মাকুমত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • Ganga Bishan Chowkhani উচ্চ মাধ্যমিক বিদ্যালয়
  • গোপালকৃষ্ণ বালিকা বিদ্যালয়
  • ৰে'লৱে বিদ্যালয়

মহাবিদ্যালয়-

  • মাকুম মহাবিদ্যালয়

অন্যান্য-

বনৰক্ষীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান (Forest's guards training school)

চাইনা টাউন[সম্পাদনা কৰক]

মাকুম অঞ্চলটোত এসময়ত ১৮৩০ৰ দশকত চীনৰ পৰা অহা বহু লোকে বাস কৰিছিল৷ ১৯৬২ চনত চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত এই চাইনা টাউন বন্ধ কৰি দিয়া হয়৷ বৰ্তমান এই চাইনা টাউন (বৰ্তমানৰ চীনাপট্টি) ত স্থানীয় লোকে বসবাস কৰে যদিও বহুতো চীনা আৰ্হিৰ ঘৰ দেখিবলৈ পোৱা যায়৷ এই চীনা লোকসকলৰ অতীত আৰু বৰ্তমানক লৈ অসমীয়া লেখিকা ৰীতা চৌধুৰীয়ে 'মাকাম' নামৰ এখন গ্ৰন্থ ৰচনা কৰিছে৷ [4]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. TI Trade (2010-06-17). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=jun1710/state07। আহৰণ কৰা হৈছে: 2012-09-30. 
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  3. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 
  4. "India’s shame". The Telegraph - Calcutta (Kolkata). http://www.telegraphindia.com/1100418/jsp/7days/story_12351075.jsp। আহৰণ কৰা হৈছে: 2012-09-30.