মাজুলী
যোৰহাট নগৰৰপৰা মাজুলীলৈ যোৱাৰ পথ |
|
|
|
|
| Geography | |
|---|---|
| অৱস্থান | ব্ৰহ্মপুত্ৰ নদী |
| ভৌগোলিক স্থানাংক | 26°57′0″N 94°10′0″W / 26.95°N 94.166667°W |
| মাটিকালি | 1,250 |
| সৰ্বোচ্চ উচ্চতা | 84.5 |
| Country | |
| ৰাজ্য | অসম |
| জিলা | যোৰহাট |
| জনগাঁথনি | |
| জনসংখ্যা | 1, 53, 362 (as of 2001) |
| ঘনবসতি | 300 |
| জনগোষ্ঠীসমূহ | মিচিং, দেউৰী আৰু সোণোৱাল কছাৰী |
মাজুলী (উচ্চাৰণ: ˈmʌʤʊlɪ) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু যোৰহাট জিলাৰ এটা মহকুমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ উদ্যোগৰ সত্ৰসমূহ লৈ ই মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠ কেন্দ্ৰ। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১২৫০ বৰ্গকিলোমিটাৰ (১৬৩ বৰ্গমাইল)। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ সংকোচন হৈছে।[1]
দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱনশিৰী নৈ লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। যোৰহাট নগৰৰৰপৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে। অসমৰ ৰাজধানী গুৱাহাটীৰপৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
সূচী |
ইতিহাস [সম্পাদনা কৰক]
মাজুলীয়ে নদীদ্বীপৰ আকাৰ লোৱাৰ আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালি বা মাজালি বোলা হৈছিল। "মাজুলী" নামৰ উৎপত্তিৰ দিশৰ পৰা সাহিত্যচায অতুল চন্দ্ৰ হাজৰিকা দেৱে সন্ধি ভাঙি দেখুওৱাইছে যে "মা"+"জুলী"= মাজুলী হৈছে ৷ য'ত "মা= মা লক্ষ্মী" আৰু "জুলী= জোলোঙা/ভৰাল" ৷ এসময়ত শস্যে- মৎস্যে নদন-বদন অৱস্থাৰ হোৱাৰ বাবেই মাজুলীক মা লক্ষ্মীৰ জোলোঙা বা ভৰাল বুলি অভিহিত কৰা যেন ধাৰণা হয় ৷ নকুল চন্দ্ৰ ভূঞাই বাৰ ভূঞাৰ চমু বুৰঞ্জীত স্বৰ্গদউ জয়ধ্বজ সিংহৰ দিনতেই উপদ্বীপ মাজুলীয়ে নদী দ্বীপৰ আকাৰ লয় বুলি উল্লেখ কৰিছে[2]। ড০ জে পি ৱেডে অষ্টাদশ শতিকাতে মাজুলী শব্দটো ব্যৱহাৰ কৰিছিল। ইয়াৰ দীঘ ১৬০ আৰু প্ৰস্থ ৬০ ব্ৰিটিছ মাইল বুলিও ৱেডে উল্লেখ কৰি গৈছে। Gazetter of Bengal and North East India ৰ তথ্য মতে ১৯০১ খ্ৰীষ্টাব্দত মাজুলীৰ আয়তন আছিল ৪৮৫ বৰ্গমাইল।
ভৌগোলিক তথ্য [সম্পাদনা কৰক]
মাজুলী ২৬° ৪৮′ ৰ পৰা ২৭° ১২′ উত্তৰ অক্ষাংশ আৰু ৯৩° ৩৯′ ৰ পৰা ৯৪° ৩৫′ দ্ৰাঘিমাংশত অৱিস্থত[3] অসমৰ যোৰহাট মহকুমাৰ উত্তৰ দিশত মাজুলী অৱস্থিত। যোৰহাট জিলাৰ দ্বিতীয়টো মহকুমা হ'ল মাজুলী। মাজুলীৰ সমতলভূমিৰ আকাৰ এটা শিলিখা ফলৰ দৰে। এসময়ত মাজুলীৰ ভৌগোলিক মাটিকালি ১২৫০ বৰ্গ কিলোমিটাৰ আছিল যদিও ব্ৰহ্মপুত্ৰৰ খহনীয়াত এই মাজুলীৰ ভূখণ্ড সংকীৰ্ণ হৈ ২০১২ চনত ৫০৮°১৩ বৰ্গ কিলোমিটাৰ হৈ পৰিছে ৷ ইয়াৰ উত্তৰ দিশত লখিমপুৰ জিলা আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট, পূবে শিৱসাগৰ জিলা আৰু পশ্চিমে গোলাঘাট জিলা আৰু শোণিতপুৰ জিলা।
মাজুলীৰ জলবায়ু [সম্পাদনা কৰক]
মাজুলীৰ জলবায়ু বলিলে মৌচুমী জলবায়ু বুলিয়ে কোৱা যায়। জলবায়ু বিজ্ঞানৰ ফালৰ পৰা মাজুলীৰ জলবায়ুক উপক্ৰান্তীয় মৌচুমী জলবায়ু বোলা হয়। ঋতু অনুসৰি উত্তাপ পৰিবৰ্তন হোৱাৰ ফলত চাপৰ সালসলনি হৈ এই মৌচিমী বায়ু প্ৰৱাহৰ সৃষ্টি হয়। মাজুলীৰ জলবায়ু সাধাৰণতে গৰম আৰু সেমেকা। শীতকালত বৰষুণ আৰু তাপৰ মাত্ৰা কম হৈ ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি হয়। গৰমকালি মাজুলীৰ তাপমাত্ৰা ২২° ৰ পৰা ৩৪° চেলচিয়াছ হোৱাৰ লগতে শীতকালত ১০° ৰ পৰা ১২° চেলিচয়াছ হয়। নিয়মীয়া মৌচুমী বায়ুৰ প্ৰৱাহ থাকিলে মাজুলীত ২০০ ৰ পৰা ৩০০ ছেণ্টিমিটাৰ বৰষুণ হয়।
জন-গাঁথনি [সম্পাদনা কৰক]
মাজুলীৰ বৰ্তমান জনসংখ্যা ১৪০,০০০৷ মাজুলীৰ জনগাথনি মিশ্ৰিত, ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে৷ মিছিং জনজাতিৰ সংখ্যাগৰিষ্ঠটা থাকিলেও যথেষ্ঠ সাধাৰন শ্ৰেণী, অনুসুচিত জাতি, সোণোৱাল কছাৰী আৰু দেউৰী সম্প্ৰদায়ৰ জনজাতিৰ লগতে আৰু কিছুসংখ্যক বঙালী হিন্দু আৰু নেপালী সম্প্ৰদায়ৰ লোকে বাস কৰে৷
সংস্কৃতি [সম্পাদনা কৰক]
লোক-সংস্কৃতিৰ দিশৰ পৰা মাজুলী অতিকে চহকী ৷ বিভিন্ন জনগোষ্ঠীৰ মিলনে মাজুলীক বাৰে ৰহনীয়া কৰি তুলিছে । অনবৰেত সত্ৰীয়া গীত-মাত, খোল-তাল, নাছ-গান, ভাওনা-সবাহ, অদূৰৰ মিচিং গাৱৰ পৰা ভাহি অহা মিচিং গাভৰুৰ ঐনিতমৰ সুৰ আদিয়ে মাজুলীৰ জন-জীৱন মুখিৰত কিৰ ৰাখে ৷ সত্ৰীয়া সংস্কৃতি মাজুলীৰ মূল দিশ ৷
যাতায়ত [সম্পাদনা কৰক]
মাজুলীলৈ যোৰহাট আৰু লক্ষ্মীমপুৰ দুয়ো দিশৰ পৰা যাব পৰা যায় ৷ যোৰহাটৰ পৰা যাবৰ বাবে নগৰখনৰ উপকন্ঠৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এক আমোদজনক যাত্ৰা কৰিব লগা হয় ৷ নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী, দক্ষিণপাট, চুমৈমাৰী, অফলামুখ, শালমৰা, ফুলনি (বগৰীগুৰি) আদি পাৰ ঘাটলৈ যাব পৰা যায় ৷ যাত্ৰীৰ উপৰিও লঘু যান-বাহন পাৰাপাৰ কৰাৰ ব্যৱস্থাও ফেৰী সমূহত আছে ৷ আন্যহাতে, লক্ষ্মীমপুৰৰ পৰা লুইত আৰু খাবলু নামৰ দুবাৰকৈ দুটা ঘাট পাৰ হ'ব লগা হয় ৷ লক্ষ্মীমপুৰৰ বিহপুৰীয়া হৈ মাজুলীলৈ যাব পৰা আন এটা বাট আছে। ই তুলনামুলকভাবে সুচল।
অনুষ্ঠান-প্ৰতিষ্ঠান [সম্পাদনা কৰক]
অনুষ্ঠান-প্ৰতিষ্ঠান বুলিলে মাজুলীৰ সত্ৰ সমূহৰ কথাই প্ৰথমেত উল্লেখ কৰিব লাগিব। পঞ্চদশ শতিকাতে মহাপুৰুষ শংকৰদেৱে মাজুলীৰ ধূঁৱাহাট-বেলগুৰিত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতি তথা ভক্তিধৰ্মক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে কছাৰীসকলৰ লগত বাৰভূঞাসকলৰ সংঘৰ্ষ হোৱাত বৰদোৱা এৰি আহি বিশ্বনাথত কিছুদিন আশ্ৰয় লয়। তাৰপিছত বিশ্বনাথৰ পৰা উজাই আহি কেইবাঠাইতো ৰৈ অৱশেষত মাজুলীৰ ধূঁৱাহাট-বেলগুৰিত সত্ৰ স্থাপন কৰে। ১৮৩৭ শকৰ বাৰিষা ব্ৰহ্মপুত্ৰই মহাপুৰুষজনাৰ ঐতিহাসিক বেলগুৰি সত্ৰ খহাই নিয়াত পিছত এই সত্ৰখন লখিমপুৰ কাচিকটালৈ উঠি যায়। অসমৰ বৈষ্ণৱ সংস্কৃতিৰ বিকাশৰ থলীস্বৰূপ সত্ৰসমূহ অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ। অসমৰ সত্ৰসমূহ ভক্তি আন্দোলনৰ বাহক। সত্ৰ শব্দটো বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিলেও মহাপুৰুষ শংকৰদেৱে ভিক্তধৰ্ম প্ৰৱৰ্তন, ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এইক্ষেত্ৰতমাজুলীৰ চাৰি সত্ৰৰ ভূমিকাক বিশেষভাবে স্বীকৃতি দিয়া হৈছে। চাৰিসত্ৰ আউনীআটী, কমলাবাৰী, গড়মূৰ আৰু দক্ষিণপাট সত্ৰই অসমীয়া সমাজত উচ্চ আসন অধিকাৰ কৰি আছে।
সত্ৰসমূহ [সম্পাদনা কৰক]
|
|
|
|
|
পৰ্যটন [সম্পাদনা কৰক]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ A Capricious River, an Indian Island’s Lifeline, Now Eats Away at It April 14, 2013 New York Times
- ↑ নকুল চন্দ্ৰ ভূঞা ৰচনা সমগ্ৰ
- ↑ Gazetter of Bengal and North East India
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘মাজুলী’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- [1]
- majuli.org maintained by Majuli Island Protection & Development Council (MIPDC)
- Life in Majuli
- Culture of Majuli
- Satras of Majuli
- World's Largest River Island
- [2] Disaster Management plan for 2011-12 for Jorhat district
|
|||||||||||||||||||