মাত্তুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাত্তুৰ(Mattur)
ಮತ್ತೂರು
Mathur, Matthur, Mathoor
—  গাঁও  —
Tunga.jpgমাত্তুৰত থকা টুংগা নদী
মাত্তুৰ(Mattur) is located in কৰ্ণাটক
মাত্তুৰ(Mattur)
কৰ্ণাটকৰ অন্তৰ্গত মাত্তুৰৰ অৱস্থান
ভৌগোলিক স্থানাংক: 13°52′26″N 75°33′32″E / 13.87389°N 75.55889°E / 13.87389; 75.55889স্থানাংক: 13°52′26″N 75°33′32″E / 13.87389°N 75.55889°E / 13.87389; 75.55889
দেশ  ভাৰত
ৰাজ্য কৰ্ণাটক
জিলা শিৱমগ্গা জিলা
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
নিকটতম চহৰ শিৱমগ্গা (Shivamogga)

মাত্তুৰ (ইংৰাজী: Mattur or Mathur) ভাৰতকৰ্ণাটক ৰাজ্যৰ শিৱাম'গা নগৰৰ ওচৰৰ এখন গাঁও। এই গাঁওখনৰ অধিবাসীসকলে তেওঁলোকৰ দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰে। [1][2]

মাত্তুৰত এটা ৰাম মন্দিৰ, এটা শিৱালয়, সোমেশ্বৰ মন্দিৰ আৰু লক্ষ্মীকেশৱ মন্দিৰ আছে।

মাত্তুৰৰ গাতে লগা থকা হ'ছাহাল্লি গাঁৱৰো বৈশিষ্ট্য মাত্তুৰৰ সৈতে প্ৰায় একেধৰণৰ। হ'ছাহাল্লি গাঁওখন টুংগা নদীৰ আনটো পাৰে অৱস্থিত। এই দুয়োখন গাঁৱকে প্ৰায়ে একেলগে বুজোৱা হয়।[3]

মাত্তুৰ আৰু হ'ছাহাল্লি গাওঁদুখন গামাকা(কাহিনী কোৱা)(ইংৰাজী:Gamaka (storytelling)) শিল্প বৰ্তাই ৰখাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে খ্যাত। গামাকা কৰ্ণাটকৰ গীত আৰু কাহিনী পৰিবেশনৰ এক অদ্বিতীয় কলা।

এই গাঁও দুখনত স্থানীয় ভাষা হিচাপে দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহৃত হয়। ইয়াৰ ৯০% তকৈ বেছি অধিবাসীয়ে সংস্কৃত ভাষা জানে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Omkar Nath Koul, L. Devaki, Central Institute of Indian Languages, Unesco (2000). Linguistic heritage of India and Asia. Central Institute of Indian Languages. পৃষ্ঠা. 247. 
  2. Arvind Sharma (2005). New focus on Hindu studies. D.K. Printworld (P) Ltd.,. পৃষ্ঠা. 65. 
  3. Rao, Subha J (Mar 02, 2008). "Keeping Sanskrit alive". The Hindu. Archived from the original on 16 October 2010. https://web.archive.org/web/20101016090621/http://www.hindu.com/mag/2008/03/02/stories/2008030250200800.htm। আহৰণ কৰা হৈছে: 1 April 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]