মানৱ উন্নয়ন প্ৰতিবেদন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব মানচিত্ৰত ২০১৩ চনৰ মানৱ উন্নয়ন সূচকাংক (কোৱাৰ্টাইল হিচাপে)।
  বহু বেছি
  কম
  বেছি
  তথ্য নাই
  মধ্যমীয়া
বিশ্ব মানচিত্ৰত মানৱ উন্নয়ন সূচকাংক (২০১২ চনৰ তথ্য অনুসৰি, প্ৰকাশ- ১৪ মাৰ্চ ২০১৩)[1]
  ০.৯০০০ বা বেছি
  ০.৮৫০-০.৮৯৯
  ০.৮০০-০.৮৪৯
  ০.৭৫০-০.৭৯৯
  ০.৭০০-০.৭৪৯
  ০.৬৫০-০.৬৯৯
  ০.৬০০-০.৬৪৯
  ০.৫৫০-০.৫৯৯
  ০.৫০০-০.৫৪৯
  ০.৪৫০-০.৪৯৯
  ০.৪০০-০.৪৪৯
  ০.৩৫০-০.৩৯৯
  ০.৩৪৯ বা কম
  তথ্য নাই

মানৱ উন্নয়ন প্ৰতিবেদন হৈছে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি (United Nations Development Programme) ৰ উদ্যোগত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়নৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদন। এই প্ৰতিবেদন পোনপ্ৰথমে প্ৰকাশ কৰা হৈছিল ১৯৯০ চনত পাকিস্তানী অৰ্থনীতিবিদ মেহবুব-উল-হক আৰু ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ উদ্যোগত। তাৰ পিছৰে পৰা প্ৰতিবছৰে এই প্ৰতিবেদন প্ৰকাশ কৰি থকা হৈছে। এই প্ৰতিবেদন প্ৰকাশ কৰোঁতে কেতবোৰ মানৱ উন্নয়ন সূচকাংক, দৰিদ্ৰতা উন্নয়ন সূচকাংক আৰু লিংগ উন্নয়ন সূচকাংকৰ সহায়ত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়নৰ গতিবিধিৰ হাৰ পৰীক্ষা কৰা হয়। প্ৰতিবছৰে তাৰ ভিত্তিত দেশসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হয় যাৰ পৰা দেশসমূহত মানৱ উন্নয়নৰ হাৰ সম্পৰ্কে জানিব পাৰি। উদাহৰণস্বৰূপে, ২০১৪ চনৰ প্ৰতিবেদনত ভাৰতৰ স্থান আছিল ১৩৫ নম্বৰত। প্ৰতিবেদনত প্ৰতিবছৰেই একো একোটা মূল বিষয় ৰখা হয় আৰু প্ৰতিবেদনখনৰ নামকৰণো সেই হিচাপেই কৰা হয়। ২০১৪ চনৰ প্ৰতিবেদনৰ মূল বিষয় আছিল 'Sustaining Human Progress:Reducing Vulnerability and Building Resilience'। [2]

তথ্য-সূত্ৰ[সম্পাদনা কৰক]

  1. "The 2013 Human Development Report – "The Rise of the South: Human Progress in a Diverse World"". HDRO (Human Development Report Office) United Nations Development Programme. পৃষ্ঠাসমূহ: 144–147. http://hdr.undp.org/en/reports/global/hdr2013/। আহৰণ কৰা হৈছে: 2 March 2013. 
  2. "Human Development Report 2014". UNITED NATIONS DEVELOPMENT PROGRAMME. http://hdr.undp.org/en/content/human-development-report-2014। আহৰণ কৰা হৈছে: মাৰ্চ 17, 2015.