মাৰ্লিন ডিট্ৰিস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্লিন ডিট্ৰিস

১৯৫১ চনৰ "ইন্‌ ন' হাইৱে" বোলছবিত ডিট্ৰিস
জন্ম মেৰী মেগ্‌ডেলেন ডিট্ৰিস
ডিচেম্বৰ ২৭, ১৯০১
স্ক'নবাৰ্গ, জাৰ্মান সাম্ৰাজ্য
মৃত্যু মে' ৬, ১৯৯২ (৯০ বছৰ)
পেৰিছ, ফ্ৰান্স
পেচা অভিনেত্ৰী/গায়িকা
সক্ৰিয় হৈ থকা সময় ১৯১৯-৮৪
দাম্পত্যসঙ্গী ৰুডল্ফ চিবাৰ (১৯২৩-)
সন্তান মাৰিয়া ৰীভা, জন্ম ডিচেম্বৰ ১৩, ১৯২৪[1]
আত্মীয়-স্বজন জন মাইকেল ৰীভা (নাতি), জন্ম জুন ২৮, ১৯৪৮
ৱেবছাইট
http://www.marlene.com/

মাৰ্লিন ডিট্ৰিস (Marlene Dietrich, জাৰ্মান উচ্চাৰণ: [maɐˈleːnə ˈdiːtʁɪç]; ২৭ ডিচেম্বৰ ১৯০১ – ৬ মে' ১৯৯২)[2] আছিল এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।

নিজৰ দীৰ্ঘ কৰ্মজীৱনত পেছদাৰীভাৱে আৰু চৰিত্ৰগতভাৱে ন-ন উপায়েৰে নিজকে চিনাকী দি ডিট্ৰিস জনপ্ৰিয় হৈ ৰৈছিল। ১৯২০ৰ সময়ছোৱাত বাৰ্লিনত তেওঁ মঞ্চ আৰু অবাক চলচ্চিত্ৰত অভিনয় কৰিছিল। জ'চেফ ভন ষ্টাৰ্নবাৰ্গ পৰিচালিত "দা ব্লু এঞ্জেল" চলচ্চিত্ৰৰ "ল'লা-ল'লা" চৰিত্ৰই মাৰ্লিনলৈ আন্তৰ্জাতিক খ্যাতি কঢ়িয়াই আনে আৰু তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰামাউণ্ট পিক্‌চাৰ্ছৰ লগত চুক্তিবদ্ধ হয়। "চাংহাই এক্সপ্ৰেছ" আৰু "ডিজায়াৰ"ৰ দৰে হলিউডৰ চলচ্চিত্ৰত তেওঁৰ সৌন্দৰ্য আৰু গ্লেমাৰক প্ৰাধান্য দিয়া হৈছিল। এইবোৰ ছবিৰ পিছতে মাৰ্লিন সেই যুগৰ এগৰাকী অন্যতম তাৰকা শিল্পী আৰু সৰ্বোচ্চ পাৰিতোষিক পাওঁতাৰূপে পৰিগণিত হয়। ১৯৩৭ চনত ডিট্ৰিসে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে[3]দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাতো তেওঁৰ জনপ্ৰিয়তা অটুট আছিল। যদিও যুদ্ধোত্তৰ কালত তেওঁ মাজে-সময়ে ছবিত অভিনয় কৰিছিল, ১৯৫০ৰ পৰা ১৯৭০ চনৰ কালছোৱাত বিশ্বজুৰি সফল অনুষ্ঠান পৰিবেশনেৰেহে ডিট্ৰিসে বেছিভাগ সময় কটাইছিল।

১৯৯৯ চনত আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠানে ( American Film Institute) ডিট্ৰিসক "সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা তাৰকা শিল্পী" হিছাপে অভিহিত কৰে।

তথ্যসূত্ৰ [সম্পাদনা কৰক]

  1. N.B. This date requires further review: some sources quote 1925.
  2. Flint, Peter B. (1992-05-07). "Marlene Dietrich, 90, Symbol of Glamour, Dies". The New York Times. http://query.nytimes.com/gst/fullpage.html?res=9E0CE6D7163CF934A35756C0A964958260&sec=&spon=&pagewanted=all. 
  3. http://www.marlene.com/bio.html. N.B. This date requires further review: some sources quote 1939.