মিচিং জনগোষ্ঠী
|
|
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অতিৰিক্ত তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে আলোচনা পৃষ্ঠাখনটো এই সম্পৰ্কীয় কিবা তথ্য থাকিব পাৰে, সেয়াও আপুনি চাব পাৰে।
অধিক সহায়ৰ বাবে কাষৰ "[বিস্তাৰ কৰক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্রয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্রহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্রত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্রথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভূল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰুপন কৰিবলৈ অকো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
|---|
| অসম, অৰুণাচল প্ৰদেশ, ভাৰত: |
| ভাষাসমূহ |
| ধৰ্ম |
|
হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম[1] ইত্যাদি |
মিচিং জনগোষ্ঠী (ইংৰাজী: Mising People) হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতি সমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলতে মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত। ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বাস কৰে। মিচিংসকল আদিতে অসমৰ উত্তৰ-পূব ফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা "মিয়ং" আৰু "দাম্ ৰ" নামৰ দুই জাতিৰ পৰাই ফাটি আহিছে। অসমৰ ধেমাজি, তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, দৰং, শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতঃপ্ৰোতভাৱে জড়িত।
সূচী |
মিচিং ভাষা [সম্পাদনা কৰক]
অসমৰ জনজাতীয় ভাষাসমূহ বৃহৎ চীন-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষা পৰিয়ালটো দুটা ভাগত বিভক্ত - তিব্বত-বৰ্মী আৰু থাইচীন শাখা। মিচিং ভাষা তিব্বত-বৰ্মীৰ অন্তৰ্গত অসম-বৰ্মী শাখাৰ অন্তৰ্গত এটি ভাষা। মিচিংসকলৰ বিষয়ে খুব বেছি পুৰণি ঐতিহাসিক তথ্য পাবলৈ নাই। তেওঁলোকৰ মৌখিক সাহিত্য, কিম্বদন্তি আৰু সিঁচৰতি হৈ থকা দুই-এটা লিখিত তথ্যৰপৰা কিছু আভাস পাব পাৰি। সেইমতে, পূৰ্বতে অসমৰ উত্তৰে থকা পাহাৰসমূহত তেওঁলোকৰ বাসস্থান আছিল। পিছত বিভিন্ন কাৰণত তেওঁলোক ভৈয়ামলৈ নামি আহে। বৰ্তমান অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ জিলাৰ লগতে শদিয়া আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, নগাঁও আৰু গুৱাহাটীত মিচিংভাষীৰ বসতি আছে। মিচিং ভাষাত উচ্চাৰিত ধ্বনিসমূহক স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনি- এই দুটা ভাগত ভাগ কৰা হৈছে। ভাষাটোত মুঠতে সাতটা স্বৰধ্বনি উচ্চাৰিত হয়। প্ৰতিটো স্বৰধ্বনিৰে হ্ৰস্ব আৰু দীৰ্ঘ- দুটা ৰূপ পোৱা যায়। হ্ৰস্ব আৰু দীৰ্ঘ দুয়োটা ৰূপ ধৰিলে স্বৰধ্বনিৰ সংখ্যা হ’ব চৈধ্যটা।
উৎসৱ [সম্পাদনা কৰক]
আলি আঃয়ে লৃগাং [সম্পাদনা কৰক]
আলি আঃয়ে লৃগাং অসমৰ মিচিং বা মিৰি জনজাতিৰ এক বসন্ত উৎসৱ৷ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়৷[2] এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়৷ প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে৷ মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আ'য়ে" মানে ফল আৰু "লিগাং" মানে উৎসৱ বুজায়৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে৷ উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে৷ লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰ ৰে কিছুমান মচাং, এগে, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে৷ গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে৷ গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে৷ উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি পুৰাং আপিন সিজায়৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ নেতৃত্বত ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে৷ সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে৷ পীঃৰৰ আলিত থকা পাতবোৰ একেলগে মেৰিয়াই বগা সূতাৰে বান্ধি ৰাখে আৰু পূৱেদি গুজি পীঃৰ গছৰ আগলি ডালৰ গুৰিতে সঁচ লৈ পঃৰ আপং আৰু নগিন আপং ঢালি প্ৰাৰ্থনা কৰে৷[3] এই অনুষ্ঠান গাঁৱৰ প্ৰতিঘৰতে কৰা হয়৷ পথাৰৰ পৰা আহি ভোজ-ভাত খাই সন্ধিয়া পাকছ-মনাম নৃত্য কৰে৷ এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে৷
পঃৰাগ [সম্পাদনা কৰক]
পঃৰাগ মিচিং জনগোষ্ঠীৰ আন এক উৎসৱ। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাওঁ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়। আলি আই লৃগাঙৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত,নৃত্য-গীতৰ আয়োজন হয়। পৰাগ উৎসৱ তিনিদিন ধৰি পালন কৰা হয়। প্ৰথম দিনাৰ সকলো আয়োজন শেষ কৰাৰ পিচত ৰাতিলৈ 'মিবু'ৰ আদৰণিৰে মিবু-দাগনাম অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত মিবুৰে সৈতে সকলো দেকা-গাভৰু শাৰী-শাৰীকৈ নৃত্য কৰে।এই নৃত্যত আঃবাঃ গীত গোৱা হয়। এনে মাঃগলিক অনুষ্ঠানবোৰত মিবুৰ সৈতে গাঁৱৰ বয়োবৃদ্ধসকলে বধ কৰা গাহৰিৰ আগমঙহত আচিন-তাগিৰ বা মংগল চায়। দ্বিতীয়দিনা নিমন্ত্ৰিত অতিথি'মিনম'সকলক আদৰ শুশ্ৰ্দ কৰা হয়। পৰাগ উৎসৱত চুবুৰীয়া গাঁৱৰ উপৰি দূৰ-দূৰণিৰ গাঁৱকো নিমন্ত্ৰণ কৰা হয়। পৰাগ উৎসৱত গাঁৱৰ মুৰংঘৰ অনুষ্ঠিত কৰা হয়। মুৰংঘৰ গাঁৱৰ সোঁমাজত নাইবা যিকোনো এমুৰত মুকলি ঠাইত পূবা-পশ্চিমাকৈ বনোৱা হয়। ইয়াক বাঁহ, কাঠ,আৰু খেৰেৰে নিৰ্মাণ কৰা হয়। মুৰংঘৰত বেৰ নাথাকে; ই এটা মুকুলি চাংঘৰ। ইয়াৰ দুয়োমূৰে চাঙত উঠা-নমা কৰিবলৈ জখলা লগাোৱা থাকে। পঃৰাগৰ কেউনিশা গাঁৱৰ ডেকা-গাভৰু আৰু মিনমসকলে এক লগে মুৰংঘৰত শোৱে। এয়া মিচিংসকলৰ পৰম্পৰাগত ৰীতি। পঃৰাগ উৎসৱৰ অন্যতম অনুষ্ঠান হ'ল-পঃবৰ্-কাতনাম্ আৰু এঃগ-মাননাম। পঃবৰ বাঁহ-বেতেৰে সজোৱা চুপি আকৃতিৰ এক সাজ, ইয়াক আপঙ্ চাকিবলৈ ব্যৱহাৰ কৰা হয়। এঃগ-মাননাম বা গাহৰি বধ কৰা অনুষ্ঠান। এইদৰে তিনতত দিন, তিনদিন নিশা ৰং-আনন্দ, ভোজভাত আৰু পূজা-অৰ্চনাৰ পাচত পঃৰাগ উৎসৱৰ সামৰণি মৰা হয়।
বিবাহ পদ্ধতি [সম্পাদনা কৰক]
মিচিংসকলৰ বিবাহ কাৰ্য দুটা পদ্ধতিৰে সম্পাদিত কৰা হয়। এই পদ্ধতিক মিদাং(সাধাৰণ নিয়মেৰে বিয়া) আৰু আনটো পদ্ধতিক দুগলা লাঃনাম(পলুৱাই নিয়া)দুয়োটা পদ্ধতিয়েই মিচিঙ সমাজত সামাজিকভাৱে স্বীকৃত দিয়া হয়। মিচিং সমাজত গুঃমৃনভেদে উপাধি পৃথক পৃথক হব। একে গুঃমৃন অৰ্থাৎ একে উপাধি বা গোত্ৰৰ ডেকা-গাভৰু মাজত বিবাহ নিষিদ্ধ।
মিদাং [সম্পাদনা কৰক]
মিদাং বা সাধাৰণ নিয়মৰ বিয়াৰ বাবে সাধাৰণতে দৰাঘৰীয়াই ছোৱালী খাজা-বঢ়া আৰু চোৱা-মেলা কৰা হয়। বিশেষকৈ আঘোণ,মাঘ,ফাগুণ আৰু বহাগ মাহত মিচিংসকলে বিবাহ পতাৰ বাবে দিন বাছি লয়। ছোৱালী পছন্দ হ'লে ল'ৰাৰ মাক-দেউতক ছোৱালীৰ ঘৰত খবৰ দিয়ে। সেইমতে ছোৱালীৰ মা-দেউতাক বা অভিভাৱকে ল'ৰা ঘৰৰ লোকসকলৰ থকা-মেলা আৰু খোৱা-বোৱাৰ বাবে সকলো যোগাৰ কৰি থয়। নিৰ্দ্দিষ্ট দিনত ল'ৰাৰ পক্ষৰ মানুহ আহিলে ছোৱালী পক্ষৰই সম্বন্ধীয় লোক আৰু গাঁৱৰ মুখিয়ালসকলক লৈ দিয়া বিষয়ে মতামত দিয়ে। ইয়াক 'য়ামনী তাদনাম'বোলি কোৱা হয়। সকলো ঐক্যমত থাকিলেহে ছোৱালী বিয়া দিয়াৰ নিয়ম। দুয়োপক্ষৰ আলোচনা-বিলোচনাৰ অন্তত বিয়াৰ বন্দোবস্ত হ'লে ল'ৰাই ছোৱালীৰ ঘৰত মাজে মাজে এসপ্তাহ-দহদিনৰ কাৰণে কটাই যৎকিঞ্চিৎ কাম-বন কৰি দিব লাগে। ইয়াক মাগব-দুগনাম বোলে। মূল বিয়াৰ সময়ত দৰাক নতুন সাজ-পোছাকেৰে সজাই-পৰাই কন্যাৰ ঘৰলৈ লৈ যোৱা হয়। দৰাৰ লগত দুজন সমবয়সীয়া ডেকা আৰু দুজনী গাভৰু য়ামগুৰ হিচাপে সজাই সোঁমাজত দৰাক বহিবলৈ দিয়া হয়। দৰাৰ দুয়োফালে দুটা পাছিত শুকান মাছ ভৰাই দুজনে পাছিটো কঢ়িয়াই নিয়ে। দৰাপক্ষই সেইদিনা কন্যাঘৰৰ বাবে পূৰ্বে বন্দোবস্ত কৰামতে নিৰ্দিষ্টসংখ্যাক দঁতাল গাহৰি,পঃৰ-আপঙৰ টোপোলা আৰু তামোল-পাণ লগত নিয়ে। দৰা আহি পোৱা লগে লগে কন্যাপক্ষৰ বয়সীয়া মহিলাসকলে দৰাক আদৰেল কন্যা ঘৰৰ চোতালত চালি এটা সাজি সেইনিশা দৰাক তাতে থাকিবলৈ দিয়া হয়। পচিদিনা পুৱাৰ পৰা আচল বিয়া আৰম্ভ হয়। এক নিদ্দিষ্ট সময়ত দৰাক কন্যাঘৰৰ চাঙৰ ওপৰলৈ তুলি নিয়া হয় আৰু তাতে দৰা-কন্যা দুয়োকে একেলগে 'পিনপু-আপিন' ভাত খাবলৈ দিয়া হয়। সমজুৱাসকলক মাংস আৰু আপঙৰ সৈতে ভোজভাত খুউৱা হয়। সমবেত সকলোৰে খোৱা-বোৱা শেষ হ'লে দৰা-কইনাই পুৰোহিত, কন্যাৰ মাক-দেউতাক আৰু সমজুৱাক সেৱা জনায়।তেওঁলোকে দৰা-কন্যাক আশীবাৰ্দ জনায়। আশীবাৰ্দ লোৱা পৰ্ব শেষ হোৱাৰ পিচত দৰাই কন্যাক নিজ ঘৰলৈ লৈ যায়। মিচিংসকলৰ বিয়াত দৰা-কইনাৰ ঘৰত নতুন জখলা কঃবাং,পীৰা কুংকেঃ, জখলাত বন্ধা পাতেৰে সৈতে পিঃৰ গছ, দুৱাৰ মুখত দুয়োফালে দুকলহ পানী,চাউল আৰু ধানৰ পাচি আদি ৰখাটো এক অনিবাৰ্য প্ৰথা। নতুন জখলা আৰু পিৰা এবিধ বিশেষ কাঠেৰে বনোৱা হয়।
দুগলা-লাঃনাম [সম্পাদনা কৰক]
মিচিং সমাজত দুগলা-লাঃনাম অৰ্থাৎ ছোৱালী পলুৱাই নিয়া প্ৰথাৰেও বিয়া পতা হয়। প্ৰণব-পাশত আবদ্ধ ডেকা-গাভৰুৰ্ কোনো পক্ষৰ পিতৃ-মাতৃৰ বিবাহত অমত থাকিলে কিম্বা আৰ্থিক স্বচ্ছলতা নাথাকিলে এই প্ৰথাৰে বিবাহ সম্পন্ন হয়। পলুৱাই অনাৰ এদিন বা দুদনিৰ পিচতেই ছোৱালীৰ ঘৰত জাননী দিবলৈ দুগতাদ দূত এজনক পঠিওৱা হয়। দুগতাদজন ল'ৰাৰ সম্পৰ্কীয় বা গাওঁৰ কোনো জ্যেষ্ঠ ব্যক্তি হ'ব লাগে । দুগতাদৰ জাননীৰ পিচত ছোৱালীক ঘৰত তোলা হয়। ন-ছোৱালীক ঘৰত তুলিবৰ সময়তো সাধাৰণ মিদাং-বিয়াৰ দৰে নতুন জখলা দুৱাৰমুখত দুকলহ পানী,দুপাচি ধান বা চাউল আদিৰ ব্যৱস্হা কৰা হয়। পানী দুকলহৰ মুখ পাতেৰে ঢাকি টানকৈ বন্ধা থাকে। নৱ-দাম্পতীয়ে একেলগে নতুন জখলাদি উঠি বন্ধাপাত ফালি কলহৰ পানী স্পৰ্শ কৰে। পাচিৰ ধান বা চাউল স্পৰ্শ কৰে আৰু মাক-দেউতাকৰ ভৰি চুই কুমনাম সেৱা কৰে। ন-বোৱাৰী অনাৰ দিনা সাধাৰণতে ৰাতি 'য়ামনী-তানচাং' পৰ্ব অনুষ্ঠিত হয়। ইয়াত ন-বোৱাৰীৰ চকা পঃৰ-আপঙেৰে অভ্যাগতসকলক আপ্যায়ন কৰা হয়। ছোৱালী অনাৰ এমাহ বা দুমাহ পিচত ল'ৰাপক্ষৰ মানুহে ছোৱালীপক্ষৰ ঘৰলৈ অৰায়্-আলৃগ দিবলৈ যায়। অৰায়-আলৃগৰ অৰ্থ কন্যামূল্য বা গা-ধন।'অৰায়-আলৃগ' কাৰ্য সাধাৰণতে ৰাতি কৰা হয়।
লোক নৃত্য [সম্পাদনা কৰক]
মিচিং ভাষাত চঃমান বুলি ক'লে নৃত্য লগতে আনুষংগিক গীত আৰু বাদ্যকো বুজায়। মাকচঃ-চঃনামবুলি ক'লে নৃত্যৰ বুজায়। পৰম্পৰাগতভাৱে চলি অহা মিচিং লোক-নৃত্যক ঘাইকৈ চাৰি ভাগত বিভক্ত কৰিব পাৰি-
- ধৰ্মমূলক নৃত্য।
- কৃষি-উৎসৱমূলক নৃত্য।
- সাধাৰণ চঃমান নৃত্য।
- ধেমেলীয়া চঃমান নৃত্য।
ধৰ্মমূলক নৃত্য [সম্পাদনা কৰক]
মিচিংসকলৰ পুজা-পাৰ্বণৰ পুৰোহিত হ'ল মিবু। পূজাৰ সময়ত মিবুৱে আঃবাং মন্ত্ৰ উচ্চাৰণ কৰি নৃত্য কৰে আৰু গাঁৱৰ ডেকা-গাভৰুৱে তেওঁৰ লগে লগে বৃত্তাকাৰ কৰি গীত আৰু নৃত্য কৰি তেওঁক অনুসৰণ কৰে। মিবুৰ হাতত য়কচা নামৰ এবিধ তৰোৱালজাতীয় বিশেষ অস্ত্ৰ থাকে। নৃত্য কৰোতে সেই য়কচাৰ জোকাৰণিৰ শব্দই বাদ্যৰ কাম কৰে । ইয়াক 'মিবু-দাগনাম' নৃত্য বোলে । পঃৰাগ উৎসৱত,কধঃচাগ পূজাত আৰু আনুষ্ঠানিকভাৱে মংগল চোৱা আদি বিশেষ উদ্দেশ্য আৰু কাৰণতহে 'মিবু-দাগনাম' অনুষ্ঠিত হয়।
কৃষি-উৎসৱ নৃত্য [সম্পাদনা কৰক]
গুমৰাগ নৃত্য মচিংসকলৰ প্ৰধান কৃষিনৃত্য। আলি আই লৃগাং উৎসৱত নচা নৃত্যক গুমৰাগ্-পাকচং বা গুমৰাগ চঃমান বুলি কোৱা হয়। বীজ ৰুৱা বা সিঁচাৰ পিচত ভৰিদুখনেৰে মোহাৰি দিওঁতে যি ৰূপত ভৰিৰ সঞ্চালন হয় তাৰেই নৃত্যৰূপ হৈছে গুমৰাগ নৃত্যৰ মুখ্য মুদ্ৰা ।এই মুদ্ৰাক মিচিং ভাষাত দাকেঃ-কেঃনাক বুলি কোৱা হয়। শস্যৰ বীজবোৰ গজালি মেলি লহপহকৈ বাঢ়ি বতাহত হালিজালি থকাৰ ৰূপত দুয়োখন হাত ওপৰলৈ তুলি এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে কৰি নৃত্য কৰে। গুমৰাগ নৃত্যত ঢোল-তালৰ উপৰিও লীনং আৰু মাৰাবাং নামৰ পুৰণিলীয়া বাদ্য ব্যৱহাৰ কৰে।
সাধাৰণ চঃমান নৃত্য [সম্পাদনা কৰক]
আলিয়াই লৃগাং, পৰাগ,বিহু আদিৰ উপৰি সাধাৰণভাৱেও মিচিং সমাজত চঃমান বা নৃত্য-গীত অনুষ্ঠিত হয়। বছৰৰ যিকোনো সময়ত গাঁৱৰ ৰাইজৰ কীবাং আহবান কৰিলে, বিয়া-বাৰু, উৰম-দদগাং আদি সকাম অনুষ্ঠিত হ'লে সেইবোৰৰ উপলক্ষেও চঃমান পতা হয়। মিচিংসকলে তিনিওটা বিহু নিজাববীয়াকৈ পালন কৰে । ৰৈলাঃ-নৃত্য বহাগ বিহুত কৰা হয়।
ধেমেলীয়া নৃত্য [সম্পাদনা কৰক]
সকাম,পূজা-পাৰ্বণ শেষ কৰাৰ পিচত বুঢ়া-বুঢ়ীসকলে কেতিয়াবা চঃমান পাতে। ইয়াত যিকোনো ধৰণৰ নৃত্য কৰিব পাৰে। সাধাৰণতে ফুচৰি,ছদ্মবেশী নৃত্য আদি কৰা হয়। ইয়াত কোনো ধৰণৰ বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা নহয়।
মৃতকৰ সৎকাৰ [সম্পাদনা কৰক]
মিচিংসকলে মানুহক ঘৰৰ ভিতৰতেই মৰিবলৈ দিয়ে। মৰিবৰ সময়ত পাত এখিলা চুপি আকৃতি কৰি মৰিবলৈ ওলোৱা লোকৰ মুখত পানী নাইবা আপঙ্ দিয়া হয়। মৃৎত লোকজনক গা-ধুৱাই মূৰত তেল সানি ফণিয়াই দিয়া হয়। লগতে গা-ধোৱাই নতুন কাপোৰ-কানি পিন্ধাই দিয়া হয়। মৃতকক কাপোৰ ওলোটাকৈ পিন্ধোৱা হয়। মৃতক পুৰুষ হ'লে মূৰত পাগুৰী পিন্ধাই দিয়া হয়। ইয়াৰ পিচত মৃতকক চাংঘৰৰ ককতক(নামনিত) ঘৰৰ দীঘলে উত্তৰ বা পশ্চিম দিশে মূৰ শিতান দি ৰখা হয়। আত্মীয়সকলে বিশেষকৈ তিৰোতাসকলে এক বিশেষ সুৰত কান্দোন জুৰে । মিচিংসকলৰ মৃতদেহ পুতে,দাহ নকৰে। সমাধি দিবলৈ মাটিত পূব-পশ্চিমাকৈ দীঘল আৰু দ গাঁত খন্দা হয়। কাঠৰ নাও বা তক্তাৰে বাকচ এটা বনাই তাৰ ভিতৰত মৃতদেহ ভৰোৱা হয়; ইয়াক ৰুংকুক বোলা হয়। ৰুংকুক থবলৈ গাঁতটোত পথালিকৈ পাঁচ টুকুৰা বাঁহ পাতি লোৱা হয়। গাঁতটোৰ চাৰিওফালে মৃতদেহ লৈ পাঁচবাৰ প্ৰদক্ষিণ কৰাৰ পিচত ৰুংকুকটোত মৃতদেহ পশ্চিমফালে মূৰৰ শিতান কৰি ভৰোৱা হয়। ৰুংকুকটো ঢাকনিৰে মজবুতকৈ ঢাকি দি তাৰ ওপৰত এফালে হেলনীয়াকৈ শাৰী শাৰী বাঁহৰ টুকুৰা জাপি দিয়া হয়। বাঁহৰ টুকুৰাবোৰক গলং বুলি কোৱা হয়। মিচিংসকলৰ বিশ্বাসমতে গলং দিয়াটোৱেই মৃতকৰ প্ৰতি কৰা শেষ শ্ৰদ্ধা তৰ্পণ। ডাঙৰ পুতেকে গলং দিবৰ বাবে বিশেষভাৱে ঘৰৰ চাঙৰ পৰা এডাল বীনীৰ বাঁহ উলিয়াই অনা হয় আৰু তাক কেইবাটুকুৰা কৰি গলং হিচাপে দিয়া হয়। ঠিক সেইদৰে মাটি দিয়াৰ ক্ষেত্ৰতো প্ৰথম মাটি চপৰা ডাঙৰ পুতেকে বাওঁহাতেৰে দিয়াৰ নিয়ম। সমাধিত মাটি যথেষ্ট পৰিমাণে দিয়া হয় যাতে সমতলতকৈ ই দুই-তিনি ফুটমান ওখ হৈ থাকে। সমাধিৰ ওপৰত বগা কাপোৰৰ ঢাকনি এটা দীঘলে দীঘলে তৰি দিয়া হয় মিচিং ভাষাত সমাধিক আগ বোলি কোৱা হয়।গাঁৱৰ বয়সস্হ,বৃদ্ধ আৰু প্ৰতিপত্তিশীল ব্যক্তৰ মৃত্য়ু হ'লে মৃতকৰ ঘৰৰ মুধচত উঠি লীঃনং-বাৰবাং বজোৱা হয়। এইবিধ বাদ্যৰ মাত শুনিলেই কোনো বিশিষ্ট ব্যক্তিৰ মৃত্য হোৱা বুলি গম পায় আৰু সকলো গোট খাই মৃতকৰ সৎকাৰ কৰে।অকালতে মৰা ডেকা-গাভৰু আৰু প্ৰসুতি নাৰী মৃত্য মিচিং সমাজৰ বাবে এক কৰুণ আৰু অস্বাভাবিক ঘটনা। প্ৰসুতি নাৰী মৃত্য হোৱাটোক মিচিংসকলে য়ৃপ-তালীং বোলে। এনে মৃত্যদেহক উঠি অহা ল'ৰা-ছোৱালীক দৰ্শন কৰিবলৈ দিয়া নহয়। আনকি মৃত নাৰীয়ে বৈ থৈ যোৱা কাপোৰ-কানিও উঠি অহা ছোৱালীক পৰিধান কৰিবলৈ দিয়া নহয়। কেৱল গাঁৱৰ আদহীয়া,বুঢ়া-বুঢ়ীসকলহে এনে মৃতদেহৰ সৎকাৰ কৰে। তিনিদিনৰ মূৰত গাঁৱৰ বয়োবৃদ্ধ লোকসকলে শুদ্ধি কাৰ্য সম্পন্ন কৰে। প্ৰায় এমাহৰ পিচতহে বিশেষ শুদ্ধি কাৰ্য কৰা হয়। ইয়াক উচীঃ বা উৰম্-আপিন বুলি কোৱা হয়। ইয়াত গাহৰি আৰু কুকুৰা মাৰি ইষ্ট-কুটুম্বক ভোজ-ভাত খুওৱা হয়। বছৰ চেৰেকৰ পিছত শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ইয়াক দদগাং বোলে। সামৰ্থ্য অনুসৰি মিচিংসকলে দদগাং বিৰাট আয়োজন আৰু ধূমধামেৰে সম্পন্ন কৰে। দদগাংৰ দিনা সমজুৱাক খোৱাৰ বাবে ভোজ-ভাতৰ আয়োজন কৰা হয়। এভাগত ভাত,মাংস আৰু আপাং মৃতকৰ বাবে আগ' বা সমাধিত দি থৈ অহাৰ নিয়ম। এই কাৰ্য্যত ঘৰৰ লোকসকলৰ সৈতে সম্বন্ধীয় যাব লাগে। মৃতকৰ বাবে উৰ্চগা কৰা বস্তুবোৰ দি সকলোৱে দুখ কৰে। এই কাৰ্য্য সম্পন্ন হোৱা পাছত মৃতকৰ বাবে আযোজন কৰা শ্ৰাদ্ধৰ ওৰ পৰে।
লগতে চাওক [সম্পাদনা কৰক]
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- Kashyap, Samudra Gupta (2000-07-10), More reconversion stories, this time from Assam "More reconversion stories, this time from Assam", The Indian Express, http://www.expressindia.com/ie/daily/20000710/ina10046.html More reconversion stories, this time from Assam, r কৰা হৈছে: 2007-12-07
- গ্ৰন্থ: মিচিং সমাজ আৰু সংস্কৃতি, লেখক: ইন্দ্ৰেশ্বৰ পেগু, পৃষ্ঠ নং:৫২, ৬৮,৬৯,৭০,৪৬, প্ৰকাশক: অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান, জৱহৰনগৰ,গুৱাহাটী।
- ↑ [Not available online. Available only in CD. "Census of India - Socio-cultural aspects, Table ST-14"]. Government of India, Ministry of Home Affairs. Not available online. Available only in CD..
- ↑ M. Narimattam (1988). The Valley in Blossom: Neo-Vaishnavism and the Peoples of the Brahmaputra Valley. Spectrum Publications. পৃষ্ঠা. 77.
- ↑ আলি আঃয়ে লৃগাং, বিজু বৰি, দৈনিক জনমভূমি, সংগ্ৰহৰ সময়- ১৫ ফেব্ৰুৱাৰী ২০১২
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- Indigenous Communities from India
- The Mishings of Assam by Jatin Mipun
- Ethnologue profile, old profile [1]
- The Hindu: Flood of trouble
- indianetzone ৱেবছাইটত থকা আলি আঃয়ে লৃগাং উৎসৱৰ এক চমু বৰ্ণনা
- আলি আঃয়ে লৃগাং নৃত্য ইউটিউবত
- আলি আঃয়ে লৃগাং নৃত্য প্ৰদৰ্শন ইউটিউবত
|
|
|||||