ভাৰতৰ ৰাজ্য মিজোৰামক ৮ খন জিলাত বিভক্ত কৰা হৈছে।
১৯৭২ চনৰ ২১ জানুৱাৰীত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল, তেতিয়া মিজোৰামক তিনিখন জিলাত বিভক্ত আছিল: আইজল, লুঙলে আৰু ছিমটুইপুই। পৰৱৰ্তী কালত, ইয়াৰপৰা পাঁচখন নতুনকৈ জিলা সৃষ্টি কৰা হয়।
মিজোৰামৰ প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আইন পৰিস্থিতি পৰইচালনা কৰে। District Collector হিচাপে তেওঁ জিলাখনৰ প্ৰধান কৰ বিষয়া আৰু সেই সূত্ৰে তেওঁ কৰ সংগ্ৰহ বিভাগটো চোৱা-চিতা কৰে। জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এখন জিলাক এটা বা তাতোতকৈ অধিক মহকুমাত ভাগ কৰা হৈছে। ইয়াক পুনৰ মৌজা আৰু ব্লকত বিভক্ত কৰা হৈছে।
| ক’ড[1] |
জিলা |
সদৰ |
প্ৰতিষ্ঠা |
মহকুমা |
মাটিকালি |
জনসংখ্যা (২০০১ চনৰ লোকপিয়ল মতে) |
জনসংখ্যা ঘনত্ব |
| AI |
আইজল |
আইজল |
|
|
3,577 বৰ্গ কি.মি. (1 বৰ্গ মিটাৰ) |
339,812 |
95 /km2 (250 /sq mi) |
| CH |
ছাম্ফাই |
ছাম্ফাই |
|
|
3,168 বৰ্গ কি.মি. (1 বৰ্গ মিটাৰ) |
101,389 |
32 /km2 (83 /sq mi) |
| KO |
ক’লাশিব |
ক’লাশিব |
|
|
1,386 বৰ্গ কি.মি. (535 বৰ্গ মিটাৰ) |
60,977 |
44 /km2 (110 /sq mi) |
| LA |
লঙট্লাই |
লঙট্লাই |
|
|
2,519 বৰ্গ কি.মি. (973 বৰ্গ মিটাৰ) |
73,050 |
29 /km2 (75 /sq mi) |
| LU |
লুংলে |
লুংলে |
|
|
4,572 বৰ্গ কি.মি. (1 বৰ্গ মিটাৰ) |
137,155 |
30 /km2 (78 /sq mi) |
| MA |
মামিত |
মামিত |
|
|
2,967 বৰ্গ কি.মি. (1 বৰ্গ মিটাৰ) |
62,313 |
21 /km2 (54 /sq mi) |
| SA |
ছাইহা |
ছাইহা |
|
|
1,414 বৰ্গ কি.মি. (546 বৰ্গ মিটাৰ) |
60,823 |
43 /km2 (110 /sq mi) |
| SE |
চাৰছিপ |
চাৰছিপ |
|
|
1,424 বৰ্গ কি.মি. (550 বৰ্গ মিটাৰ) |
55,539 |
39 /km2 (100 /sq mi) |
| মুঠ |
-- |
|
|
-- |
21,081 বৰ্গ কি.মি. (8 বৰ্গ মিটাৰ) |
888,573 |
42 /km2 (110 /sq mi) |