মিডিয়াৱিকি:Uploadtext

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আপুনি যি চিত্র বা মিডিয়া আপল’ড কৰিব খুজিছে সেয়া মুক্ত হয়নে? তেন্তে অনুগ্ৰহ কৰি ৱিকিপিডিয়া কমন্সত একাউণ্ট সৃষ্টি কৰি বা প্ৰৱেশ কৰি চিত্ৰখনক আপল’ড তালিকাৰ পৰা টেগ নিৰ্বাচন কৰি অথবা সৰল আপল’ড প্ৰক্ৰিয়া ব্যৱহাৰ কৰি তাতেই আপল’ড কৰক।

তলত যিখন উকা ফৰ্ম দিয়া হৈছে এইখন ৱিকিপিডিয়াত ফাইল আপল’ড কৰাৰ বাবে। আৰু অধিক সুনিৰ্দিষ্ট আপল’ড পদ্ধতিৰ বিষয়ে জানিব ইচ্ছা কৰিলে ৱিকিপিডিয়া:আপল’ড চাওক।

ৱিকিপিডিয়াত চিত্ৰ, শব্দ বা সংগীত অথবা ভিডিঅ’ যোগ কৰাৰ বাবে পৰ্যায়সমূহ:
  1. ইণ্টাৰনেটত উপলদ্ধ অধিকাংশ চিত্ৰ‍ আৰু মিডিয়া ফাইলেই ৱিকিপিডিয়াত আপল’ড কৰাৰ উপযোগী নহয়। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি যি আপল’ড কৰিব ওলাইছে সেয়া ৱিকিপিডিয়াত গ্ৰহনযোগ্য হয় আৰু যদি কিবা সন্দেহ বা প্ৰশ্ন থাকে তেন্তে, ইয়াত সোধক
  2. আপল’ড কৰিব খোজা ফাইলটোৰ বাবে এটা বৰ্ণনাত্মক ফাইল নাম ৰাখক। উদাহৰণ স্বৰূপে, "Mahatma.jpg" নামটো ঠিক নহয়, সেয়ে আপুনি যদি "Mahatma Gandhi's memorial at Rajpath.jpg" বুলি লিখে, সেয়া বেছি ভাল হয়।
  3. আপল’ড কৰাৰ সময়ত কিছু প্ৰাথমিক তথ্য প্ৰদান কৰক। এইটো কৰপৰা পাইছে? কোনে তুলিছিল আৰু কেতিয়া?
  4. আপল’ড কৰাৰ সময়ত কপিৰাইট তথ্য দিয়ক নতুবা ড্ৰপডাউন মেনুত থকা চিত্ৰ কপিৰাইট টেগসমূহৰ পৰা বাচনি কৰক। যদি আপুনি যথাযোগ্য টেগ বিচাৰি পোৱা নাই, অনুগ্ৰহ কৰি আপলোড কৰাৰ আগেয়ে মিডিয়া কপিৰাইট প্ৰশ্নোত্তৰ চাওক।
  5. উপৰোক্ত কামসমূহ সমাধা কৰি "ফাইল আপল’ড কৰক" ত ক্লিক কৰাৰ পাছত যথাযোগ্য প্ৰবন্ধ সমূহত আপুনি আপল’ড কৰা ফাইলটো অন্তৰ্ভুক্ত কৰক।

সাৰাংশ বিৱৰণ

সাধাৰণ ফৰ্ম


সাৰাংশ বিৱৰণ দিবৰ বাবে আপুনি ওচৰৰ সাৰাংশ ফৰ্মখন প্ৰতিলিপি কৰি সাৰাংশ অংশত লেপন কৰক। ৱিকিপিডিয়াত বিভিন্ন প্ৰকাৰৰ সাৰাংশ ফৰ্ম আছে। এইখন এখন আদৰ্শ সাৰাংশ ফৰ্ম।

=={{int:filedesc}}==
{{Information
|Description=
|Source=
|Date=
|Author=
|Permission=
|other_versions=
}}
  • Descriptionৰ কাষত আপোনাৰ ফাইলৰ যথাসম্ভৱ বিস্তাৰিত বিৱৰণ দিয়ক
  • Sourceৰ কাষত উৎস হিচাপে সংগ্ৰহ কৰা ৱেবছাইটৰ সংযোগ প্ৰদান কৰক অথবা আপোনাৰ নিজা কাম হ’লে লিখক "নিজা কাম"
  • Dateৰ কাষত নথি তৈয়াৰ কৰা অথবা প্ৰকাশ পোৱা তাৰিখ দিয়ক
  • Authorৰ কাষত নথিখনৰ সৃষ্টিকৰ্তা / স্বতাধিকাৰীৰ নাম লিখক
  • অনুমতি - সৃষ্টিকৰ্তা অনুমতি উদ্ধৃত কৰক। যদি আপুনি সৃষ্টিকৰ্তা নহয়, তেনে সৃষ্টিকৰ্তাৰ অনুমতি সম্বলিত ই-মেইলখন permissions-commons at wikimedia.org লৈ প্ৰেৰণ কৰক। যিকোনো উপায়েৰে আপুনি ৱিকিপিডিয়া কপিৰাইট টেগ প্ৰদান কৰিব লাগিব। চিত্ৰ অথবা মিডিয়াটো যদি কপিৰাইট অনুজ্ঞাপত্ৰ দিয়া নাথাকে তেন্তে বিলোপ কৰা হ’ব।

অনুজ্ঞাপত্ৰ:: উপৰোক্ত বিৱৰণ ঠিকমতে দিয়াৰ পাছত তলত দিয়াৰ দৰে লিখক বা প্ৰতিলিপি কৰি চিত্ৰ্খনত যোগ দিয়ক, এইখন ৱিকিপিডিয়াত সচৰাচৰ ব্যৱহৃত এখন অনুজ্ঞাপত্ৰ, অধিক জানিবৰ বাবে আপুনি ইয়াত চাব পাৰে।

=={{int:license-header}}==
{{self|cc-by-sa-3.0}}
অ-মুক্ত মিডিয়াৰ ব্যৱহাৰ

অ-মুক্ত মিডিয়া (Non-free Media) সমূহক সৎ উদ্দেশ্যে বা সৌজন্যমূলক ব্যৱহাৰ কৰি ওচৰৰ সাৰাংশ ফৰ্ম খন ব্যৱহাৰ কৰক।

=={{int:filedesc}}==
{{Non-free use rationale
| Description               =
| Source                    =
| Article                   =
| Portion                   =
| Low_resolution            =
| Purpose                   =
| Replaceability            =
| other_information         =
}}
  • Descriptionৰ কাষত চিত্ৰৰ যথাসম্ভৱ বিস্তাৰিত বিৱৰণ দিয়ক
  • Sourceৰ কাষত উৎস হিচাপে সংগ্ৰহ কৰা ৱেবছাইটৰ সংযোগ প্ৰদান কৰক অথবা আপোনাৰ নিজা কাম হ’লে লিখক "নিজা কাম" বা {{own work}}
  • Articleৰ কাষত যি প্ৰবন্ধত চিত্ৰখন ব্যৱহাৰ কৰা হৈছে বা হ’ব সেই প্ৰবন্ধৰ নাম দিয়ক, মনত ৰাখিব যে চিত্ৰখন যদি একাধিক প্ৰবন্ধতেই ব্যৱহাৰ কৰা হয়, তেন্তে প্ৰত্যেক ব্যৱহাৰৰ বাবেই এই ফৰ্মখন ভৰ্ত্তি কৰিব লাগিব।
  • Portionৰ কাষত কপিৰাইট যুক্ত কিমান অংশ ইয়াত ব্যৱহাৰ কৰা হৈছে সেয়া লিখক।
  • Low_resolutionৰ কাষত “হয়” নে “নহয়” সেয়া লিখক, অ-মুক্ত চিত্ৰৰ বাবে সাধাৰনতে নিম্ন-ৰিজলিউশ্যনৰ চিত্ৰ হ’লে ভাল হয়।
  • Purposeৰ কাষত প্ৰকৃত উদ্দেশ্য লিখক, যেনে: জীৱিত ব্যক্তিৰ চিত্ৰৰ ভাল ব্যৱহাৰ”
  • Replaceabilityৰ কাষত এই মিডিয়াটোক কোনো মুক্ত সমতুল্য অথবা সৃষ্ট চিত্ৰৰ দ্বাৰা কিয় প্ৰতিস্থাপন কৰা হৈছে সেয়া যুক্তিযুক্ত ভাৱে ব্যাখ্যা কৰক।
  • other_informationৰ কাষত অন্য কোনো তথ্য থাকিলে সেয়া লিখক

অনুজ্ঞাপত্ৰ:: উপৰোক্ত বিৱৰণ ঠিকমতে দিয়াৰ পাছত তলত দিয়াৰ দৰে লিখক বা প্ৰতিলিপি কৰি চিত্ৰ্খনত যোগ দিয়ক। অধিক জানিবৰ বাবে আপুনি ইয়াত চাব পাৰে।

=={{int:license-header}}==
{{Non-free fair use in|প্ৰবন্ধৰ নাম}}


এইখন এখন আদৰ্শ অ-মুক্ত মিডিয়াৰ সৎ উদ্দেশ্যে বা সৌজন্যমূলক ব্যৱহাৰ কেনেদৰে কৰা হৈছে সেয়া চিত্ৰ:Harekrishna-deka-poet.jpg খনত চাব পাৰে।

বিকল্প সাঁচসমূহ {{Non-free image data}} আৰু {{Non-free image rationale}}

আগেয়ে আপল’ড কৰা চিত্ৰসমূহ চাবৰ বাবে আপল’ড কৰা চিত্ৰৰ তালিকা চাওক। আপল’ড কৰা চিত্ৰৰ নাম আপল’ডৰ ইতিহাস তালিকাত সংৰক্ষিত হৈ থাকে।

কোনো প্ৰবন্ধত চিত্ৰখন যোগ কৰিব বিচাৰিলে নিম্নোক্ত আৰ্হি অনুযায়ী সংযোগ দিয়ক

  • [[চিত্ৰ:File.jpg|200px|thumb|left|চিত্ৰৰ চমু বিৱৰণ]] প্ৰবন্ধৰ বাওঁদিশত ২০০ পিক্সেল মাপৰ ক্ষুদ্ৰতম সংস্কৰণৰ বাবে। চিত্ৰ ডাঙৰ বা কৰিবৰ বাবে আপুনি পিক্সেলসমূহ সলনি কৰিব লাগিব। (অধিক সহায় চাওক)


টোকা: বিভিন্ন প্ৰকাৰৰ আপল’ড ফৰ্ম বা চিত্ৰৰ কপিৰাইট সংক্ৰান্তীয় প্ৰশ্ন বা মন্তব্য থাকিলে অনুগ্ৰহ কৰি মিডিয়া কপিৰাইট প্ৰশ্নোত্তৰ চাওক আৰু আপোনাৰ জিজ্ঞাসা নিৰ্মূল কৰক।