মূলধন (অৰ্থনীতি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থনীতিমূলধন, মূলধনীজাত সামগ্ৰী বা প্ৰকৃত মূলধন বুলিলে পণ্য বা সেৱাৰ উত্পাদনত ব্যৱহৃত হোৱা পূৰ্বোত্পাদিত দীৰ্ঘস্থায়ী সামগ্ৰীকে সূচায়। মূলধনীজাত সামগ্ৰীসমূহৰ পূৰ্ণ ব্যৱহাৰ নহয় যদিও উত্পাদন প্ৰক্ৰিয়াত ইয়াৰ অৱক্ষয় হ'ব পাৰে। মূলধন আৰু ভূমিৰ পাৰ্থক্যটো এয়ে যে, উত্পাদনৰ উপাদান হিচাপে পাবলৈ মূলধন নিজেই মানৱ শ্ৰমৰদ্বাৰা উত্পাদিত হ'বই লাগিব। কোনো সময়ত, মুঠ বস্তুগত মূলধনক মূলধনী মজুত হিচাপে অভিহিত কৰা হয়, কিন্তু এই ব্যৱহাৰ এটা ব্যৱসায়ীক সত্বা(entity)ৰ ক্ষেত্ৰত প্ৰয়োগ কৰা একে termৰ পৰা পৃথক। মূলতঃ, এজন ব্যক্তিৰ প্ৰয়োজনীয় কাম মিতব্যয়ীভাৱে সম্পন্ন কৰাৰ ক্ষমতা বৃদ্ধি কৰিবপৰা যিকোনো উৎপাদিত বস্তুৱেই মূলধনৰ অন্তৰ্গত - এটা শিল বা এপাট কাঁড় এজন গুহা-মানৱৰ কাৰণে মূলধন যি ইয়াক চিকাৰৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিব পাৰে, আৰু বাট-পথবিলাক এখন চহৰৰ বাসিন্দাসকলৰ বাবে মূলধন। মূলধন হৈছে উত্পাদন ফলনৰ এটা input. ঘৰ বা ব্যক্তিগত বাহন আদি মূলধন নহয়, বৰঞ্চ দীৰ্ঘস্থায়ী পণ্য কাৰণ সিহঁত উত্পাদন কাৰ্যত ব্যৱহৃত নহয়।

মাৰ্ক্সবাদী অৰ্থনীতিৰ মতে মূলধনক কোনো দ্ৰব্য বা সেৱা ক্ৰয় কৰি পুনৰ বিক্ৰীৰ বাবেহে ব্যৱহাৰ কৰা হয় যাতে ইয়াৰদ্বাৰা বিত্তীয় লাভালাভ চৰিতাৰ্থ হয়, আৰু মাৰ্ক্সে বিশ্বাস কৰে যে কেৱল অৰ্থনৈতিক বিনিময় প্ৰক্ৰিয়াৰ মাজতহে মূলধন বিদ্যমান - মূলধন হৈছে সঞ্চৰণ প্ৰক্ৰিয়াৰ মাজত নিজেই বিকাশ লাভ কৰা সম্পদ আৰু পুঁজিবাদী অৰ্থব্যৱস্থাৰ ভিত্তি গঢ়োতা।[1]

সংকীৰ্ণ আৰু ব্যাপক ব্যৱহাৰ[সম্পাদনা কৰক]

সংস্থাপিত আৰু নৱ্য-সংস্থাপিত অৰ্থনীতিত, মূলধন হৈছে উত্পাদনৰ উপাদানসমূহৰ এটা। বাকী উপাদানসমূহ হ'ল ভূমি, শ্ৰম আৰু, কিছুসংখ্যক প্ৰৱক্তাৰ মতে, সংগঠন, শিল্পোদ্যোগীতা(entrepreneurship), বা ব্যৱস্থাপনা। নিম্নোল্লিখিত বৈশিষ্ট্যপূৰ্ণ দ্ৰব্য-সামগ্ৰীসমূহেই মূলধনঃ

১. ইয়াক অন্য পণ্য উৎপাদনত ব্যৱহাৰ কৰিব পাৰি (এই গুণটোৰ কাৰণেই ই উত্পাদনৰ উপাদান)। ২. ই উৎপাদিত, যিটো বৈশিষ্ট ভুমিৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়। ভুমি হৈছে প্ৰাকৃতিক সংঘটনৰ ফলত সৃষ্ট সম্পদ, যেনে - ভৌগোলিক অৱস্থান আৰু খনিজ পদাৰ্থ। ৩. কেঁচামাল বা মধ্যৱৰ্তী দ্ৰব্য-সামগ্ৰীৰ দৰে উত্পাদন প্ৰক্ৰিয়াত ইয়াক তাৎক্ষণিকভাৱে ব্যৱহাৰ কৰা নহয় (ইয়াৰ তাৎপৰ্যপূৰ্ণ ব্যতিক্ৰম হৈছে অৱক্ষয়/মূল্যহ্ৰাস বানচ, যাক মধ্যৱৰ্তী দ্ৰব্য-সামগ্ৰীৰ দৰে ব্যৱসায়ীক ব্যয় বুলি ধৰা হয়)।

উপৰোক্ত উদাহৰণসমূহে মূলধনক প্ৰায়েই বস্তুগত দিশৰপৰাই ব্যাখ্যা কৰিছে - যেনে, উৎপাদন প্ৰক্ৰিয়াত ব্যৱহৃত সা-সৰঞ্জাম, নিৰ্মাণ-কাৰ্যসমূহ আৰু যান-বাহন ইত্যাদি। অন্ততঃ ১৯৬০ৰ দশকৰপৰা অৰ্থনীতিবিদসকলে মূলধনৰ অন্যান্য ব্যাপক প্ৰকাৰবোৰৰ ওপৰত বৰ্ধিত হাৰত মনোনিবেশ কৰিবলৈ ল'লে। উদাহৰণস্বৰূপে, দক্ষতা আৰু শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগক মানৱ-মূলধন বা বোধ-মূলধন (knowledge capital)ৰ সবলীকৰণ হিচাপে গণ্য কৰিব পাৰি। ঠিক সেইদৰে বৌদ্ধিক-সম্পত্তিৰ ক্ষেত্ৰত হোৱা বিনিয়োগক বৌদ্ধিক-মূলধনৰ সবলীকৰণ হিচাপে গণ্য কৰিব পাৰি।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. [1] Definition of Capital on Marxists.org
  ২.  ^Paul A. Samuelson and William D. Nordhaus (2004). Economics, 18th ed.,
  ৩.  ^ Glossary of Terms, "Capital (capital goods, capital equipment."
  • Deardorff's Glossary of International Economics, Capital.
  ৪.  ^ Lane, Frederic C; Riemersma, Jelle, eds. (1953). Enterprise and Secular Change: Readings in Economic History. R. D. Irwin. p. 38. (quoted in "Accounting and rationality")