মোহনদাস কৰমচান্দ গান্ধী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
মহাত্মা গান্ধী
MKGandhi.jpg
১৯৪০ চনৰ মহাত্মা গান্ধী
জন্ম ২ অক্টোবৰ, ১৮৬৯
জন্মস্থান পুৰবন্দৰ, গুজৰাট
মৃত্যু ৩০ জানুৱাৰী, ১৯৪৮ (৭৮ বছৰ)
মৃত্যুস্থান নতুন দিল্লী, ভাৰত
মৃত্যুৰ কাৰণ হত্যা
জাতীয়তা ভাৰতীয়
অন্যান্য নাম মোহনদাস কৰমচাদ গান্ধী
পৰিচিত ভাৰতীয় স্বাধীনতা আন্দোলন
শিক্ষা ইউনিভাচিটি কলেজ লণ্ডন
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্য সঙ্গী কস্তুৰবা গান্ধী
সন্তান হৰিলাল
মনিলাল
ৰামদাস
দেবদাস
স্বাক্ষৰ Gandhi signature.svg

মোহনদাস কৰমচান্দ গান্ধী (গুজৰাটী: મોહનદાસ કરમચંદ ગાંધી; Devnagari मोहनदास करमचंद गांधी), উচ্চাৰন: [moːˈɦənd̪aːs kəˈrəmtʃənd̪ ˈɡaːnd̪ʱi] ( শুনক). ২ অক্টোবৰ ১৮৬৯ – ৩০ জানুৱাৰী ১৯৪৮) বৃটিচ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন প্ৰমূখ পথপ্ৰদৰ্শক নেতা আছিল। অহিংসা নীতিৰে পৰিচালিত সত্যাগ্ৰহ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰবৰ্তীকালত পৃথিবীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়[1]। তেখেতক সাধাৰণতে মহাত্মা (ৰবিন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক সংস্কৃত: महात्मा, ইংৰাজী: mahātmā, ([məˈɦaːt̪maː] বা "মহান আত্মা"), [2] নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক জাতীৰ পিতাৰ মৰ্য্যদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতীক অহিংসা দিবস হিচাবে পালন কৰে। গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ১৯১৫ চনত ভাৰতলৈ ঘুৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে। ১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেটা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰন, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাবলম্বীতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ স্বৰাজ অৰ্থাত ভাৰতৰ বিদেশী শাসকনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত বৃটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া নিমখ কৰৰ প্ৰতিবাদত তেখেতৰ ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ ডাণ্ডি নামে স্থানত দাণ্ডিযাত্ৰা নিমখ তৈয়াৰ কৰি বৃটিছ আইন উলংঘা কৰা কাৰ্য্য বিশেষভাবে উল্লেখযোগ্য। ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে ভাৰত ত্যাগ আন্দোন আৰম্ভ কৰে। আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাতো কেইবাবাৰো কাৰাবন্দী হ'ব লগা হৈছিল।

গান্ধীয়ে সকলো ক্ষেত্ৰতে সত্য আৰু অহিংসাৰ ব্যবহাৰত গুৰুত্ব দিছিল আৰু আনকো তেনে কৰিবলৈ উদগণি দিছিল। সবৰমতী আশ্ৰমত অত্যন্ত সাধাৰণ ভাবে থকা গান্ধীয়ে হাতেকটা সুতাৰে তৈয়াৰী আঠুৰ ওপৰলৈকে পৰা এখন চুৰিয়া পিন্ধিছিল আৰু শৰীৰ থাকিবলৈ এখন খদ্দৰৰ কাপোৰ ব্যবহাৰ কৰিছিল। নিজেও তেখেতে প্ৰতিদিনেই যঁতৰত সূতা কাটিছিল। নিৰামীষাহাৰী গান্ধীয়ে প্ৰয়েই শৰীৰ আৰু আত্মাৰ শুদ্ধিৰ বাবে আৰু কেতিয়াবা প্ৰতিবাদৰ বাবে শনশন কৰিছিল।

সূচী

[সম্পাদনা কৰক] জীৱনৰ প্ৰথমচোৱা

Kirti Mandir, Porbandar, the birth place of Mahatma Gandhi.

মোহনদাস কৰমচান্দ গান্ধীৰ[3] জন্ম হৈছিল জন্ম হৈছিল ১৮৬৯ চনৰ অক্টোবৰ মাহৰ ২ তাৰিখে, গুজৰাটপোৰবন্দৰ (বৰ্তমান কিৰ্তী মন্দিৰ) নামে স্থানত। হিন্দু ধৰ্মাবলম্বী মোধ সম্প্ৰদায়ৰ, পিতাক কৰমচান্দ গান্ধীয়ে (১৮২২ - ১৮৮৫) পোৰবন্দৰ ৰাজ্যৰ এজন দেৱান হিচাবে কাথিৱাৰ এজেন্সি নামে বৃটিছ প্ৰশাসনীয় বিভাগত কাম কৰিছিল[4]। বৈষ্ণব ধৰ্মাৱলম্বী মাতৃ পুতলীবাই আছিল কৰমচান্দ গান্ধীৰ চতুৰ্থা স্ত্ৰী, এখেতৰ আগৰ কেইগৰাকীৰ সন্তানজন্মৰ সময়ত মৃত্যু ঘটিছিল।[5] জৈন ধৰ্মৰ পৰিবেশত এগৰাকী ধাৰ্মিক মাতৃৰ সান্নিধ্যত ডাঙৰ দীঘল হোৱা গান্ধীৰ জীৱনত ভবিষ্যতলৈ গভীৰ প্ৰভাব পেলাব। সহজ সৰল জীৱন যাপন, নিৰামিষ আহাৰ, ব্ৰত আৰু অনশন, পাৰস্পৰিক সহনশীলতা আদি পাছলৈ তেখেতৰ জীৱনৰ অভিন্ন অংগ হৈ পৰিব।[6]

গান্ধী আৰু তেওঁৰ স্ত্ৰী কস্তুৰবা (১৯০২)


[সম্পাদনা কৰক] দক্ষিণ আফ্ৰিকাৰ গণঅধিকাৰ আন্দোলন (১৮৯৩-১৯১৪)

১৮৯৫ চনত দক্ষিণ আফ্ৰিকাত গান্ধী













[সম্পাদনা কৰক] ভাৰতীয় স্বাধীনতা আন্দোলন

[সম্পাদনা কৰক] অসহযোগ আন্দোলন

সবৰমতী আশ্ৰম, গুজৰাটত গান্ধীৰ ঘৰ

















[সম্পাদনা কৰক] স্বৰাজ আৰু লোণ অমান্য আন্দোলন

গান্ধী লোণ আইন অমান্য আন্দোলন ৫ এপ্ৰিল ১৯৩০ তাৰিখে ডাণ্ডিত।




















[সম্পাদনা কৰক] হত্যাকাণ্ড

ৰাজঘাট: আগা খান প্ৰসাদত গান্ধীৰ দেহভস্ম (পুনে, ভাৰত)।





















[সম্পাদনা কৰক] গান্ধীৰ মূলনীতি

[সম্পাদনা কৰক] সত্য

[সম্পাদনা কৰক] অহিংসা

[সম্পাদনা কৰক] নিৰামিষভোজন

[সম্পাদনা কৰক] ব্ৰহ্মচৰ্য

[সম্পাদনা কৰক] বিশ্বাস

[সম্পাদনা কৰক] সৰলতা

[সম্পাদনা কৰক] গান্ধীৰ বিভিন্ন ৰচনা

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Gandhi, "The Momentous Issue", Young India, 10 November 1921, in Collected Works of Mahatma Gandhi, electronic edition,vol. 25, pp. 76–8; and letter to P. Kodanda Rao, 10 September 1935, in Collected Works of Mahatma Gandhi, electronic edition,vol. 67, p. 400, where he stated: "... I found that even civil disobedience failed to convey the full meaning of the struggle. I therefore adopted the phrase civil resistance."
  2. an honorific first applied to him byRabindranath Tagore). Bhattacharya, Sabyasachi (1997). The Mahatma and the Poet. New Delhi: National Book Trust, India. p. 1. 
  3. Gandhi means "grocer" in Gujarati (L. R. Gala, Popular Combined Dictionary, English-English-Gujarati & Gujarati-Gujarati-English, Navneet), or "perfumer" in Hindi (Bhargava's Standard Illustrated Dictionary Hindi-English).
  4. Fischer, Louis (1954). Gandhi:His life and message for the world. Mentor. 
  5. Cite error: Invalid <ref> tag; no text was provided for refs named tendulkar
  6. Sannuti, Arun. "Vegetarianism: The Road to Satyagraha". International Vegetarian Union (IVU). http://www.ivu.org/history/gandhi/road.html. 
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত