মৌতম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌতম  

মৌতমৰ বেটুপাত
লেখক মৃণাল তালুকদাৰ
প্ৰচ্ছদ শিল্পী অনুপম নাথ
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী
প্ৰকাশক নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্‌
প্ৰকাশ অক্টোবৰ, ২০১১ চন
আই.এচ.বি.এন. 978-93-81139-49-3
পৰৱৰ্তী ১৯৬২ (গ্ৰন্থ)

মৌতম হৈছে ২০১১ চনত প্ৰকাশিত এখন গ্ৰন্থ। লিখক মৃণাল তালুকদাৰে একেলগে বুৰঞ্জী আৰু ভ্ৰমণৰ বিৱৰণৰ যোগেদি গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীসকলৰ উদ্দেশ্য, সমস্যা, চৰকাৰৰ সৈতে শান্তি স্থাপন আদি বিষয় সমূহ সন্নিৱিষ্ট কৰিছে। সেয়ে লিখকে এই গ্ৰন্থখনক উপন্যাসৰ সলনি বুৰঞ্জী বুলিহে উল্লেখ কৰিছে। ২০১১ চনৰ অক্টোবৰ মাহত গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল। বাৰ্টিল লিণ্টাৰ আৰু নিৰ্মল নিবেদনৰ ৭০ আৰু ৮০ দশকৰ বিভিন্ন প্ৰতিবেদনৰ পৰা এই কিতাপখন লিখি উলিওৱা হৈছে।[1]

আগকথা[সম্পাদনা কৰক]

সাংবাদিক মৃণাল তালুকদাৰে উত্তৰ-পূৰ্বাঞ্চলৰ কথা ইয়াৰ উগ্ৰপন্থীসকলৰ কথাৰে জানিব বিচাৰিছিল। তাকেই চেষ্টা কৰি তেওঁ প্ৰায় বিশ বছৰ কাল উত্তৰ-পূবৰ নানা প্ৰান্তত ঘূৰি ফুৰিছিল।[2] ৰুক্মিণী কালিমাসী নামৰ এগৰাকী আমেৰিকাৰ যুৱতীয়ে এই কাৰ্যত সহায় কৰিছিল।

অধ্যায়[সম্পাদনা কৰক]

সমগ্ৰ কাহিনীৰাজীক সৰ্বমুঠ ২৭ টা ভাগত (শেষ কথা বাদ দি) বিভক্ত কৰিছে লেখকে। ভাগসমূহ হ’ল -

  • ক’ৰ পৰা আৰম্ভ কৰিম!
  • বুৰঞ্জীৰ দুৰ্ঘটনা
  • মই, ৰুক্মিণী আৰু বাৰ্টিল দম্পতী
  • ৰুক্মিণীৰ ফাঁকি
  • ৰুক্মিণীয়ে নাজানে কৃষ্ণ কোন?
  • বাৰ্টিল বাপেক হ’ল
  • গান্ধীজীয়ে দিব নোৱাৰা স্বাধীনতা
  • নেহৰুক উদং তপিনা
  • নগাৰ ট্ৰেজিক নায়ক চাখ্ৰে
  • ভাৰতৰ ভিয়েটনাম
  • কোনেও কাকো বিশ্বাস নকৰে
  • কোনফালে অকিং
  • মিজোৰ মৌতমৰ বেদনা
  • মৌতমৰ পৰা জেৰিকোলৈ
  • অপাৰেচন জেৰিকো
  • সৰ্ববৃহৎ গণতন্ত্ৰৰ লাজ
  • ‘মোহৰা’ লালডেংগা
  • লালডেংগাৰ পাশা
  • লালডেংগাক মিজোৱে স্মৰণ নকৰে
  • ৱেল কাম টু মণিপুৰ
  • কুহেলিকাৰ অন্য নাম মণিপুৰ
  • চাৰ্জিট টাম্পাকলৈ কেতিয়া?
  • লক্ষ্য এটা পৰ্বতৰ টিং
  • যাত্ৰা : বাৰ্টিলৰ, আমাৰ
  • পামগৈনে অটিং
  • বৰদিন জন্মদিন
  • শেষ হ’ল যাত্ৰা
  • শেষ কথা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. মৌতম; অধ্যায়: আমাৰ কথা; মৃণাল তালুকদাৰ
  2. মৌতম; শেষ পৃষ্ঠা