মৌ-মাখি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


মৌমাখি
Honeybees
এটা ইউৰোপীয়ান মৌমাখি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Hymenoptera
পৰিয়াল: Apidae
উপপৰিয়াল: Apinae
গোত্ৰ: Apini
Latreille, 1802
গণ: Apis

মৌ-মাখি এবিধ সন্ধিপদী প্ৰাণী। সমাজ পাতি বাস কৰা মৌ-মাখিবোৰক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। ইহঁতে ফুলে ফুলে ৰস বিচাৰি উৰি ফুৰে। শৰীৰৰ গঠন আৰু কামৰ দিশৰ পৰা এইবোৰক উচ্চস্তৰৰ পতংগ ৰূপে জনা যায়। ইহঁতে মৌবাহ সাজি থাকে। এই মৌবাহবোৰক মৌচাক বোলা হয়। পৰাগৰেণু আৰু ফুলৰ ৰসৰপৰা ইহঁতে সুস্বাদু মৌজোল তৈয়াৰ কৰে।

মৌ-মাখিৰ প্ৰকাৰ[সম্পাদনা কৰক]

মৌ-মাখি তিনি প্ৰকাৰৰ পোৱা যায়:

  1. কৰ্মী মৌ-মাখি
  2. ৰাণী মৌ-মাখি
  3. পুং মৌ-মাখি

কৰ্মী মৌ-ৰ শৰীৰৰ পিছঅংশত এডাল বিষধৰ শুং থাকে আৰু ই ইয়াক মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰে। ৰাণী মৌৰ শৰীৰটো এডাল শুং থাকে আৰু ই ইয়াক কেইবাৰু ব্যৱহাৰ কৰিব পাৰে। পুং মৌ-ৰ শৰীৰত কোনো শুং নাথাকে।

কৰ্মী মৌ-মাখি[সম্পাদনা কৰক]

নিষিক্ত কণীৰপৰা কৰ্মী মৌ বা মাইকী মৌ-ৰ জন্ম হয়। ই দেখাত ক'লা আৰু মুগা বৰণৰ। ইহঁতৰ কাম হ'ল ফুলৰ পৰা ফুলৰ পৰাগৰেণু আৰু ৰস সংগ্ৰহ কৰি মৌজোল তৈয়াৰ কৰা। পোৱালী আৰু ৰাণী মৌ-মাখিৰ আলপৈচান ধৰাৰ উপৰিও বাহটোৰ সকলো যাবতীয় কাম কৰ্মী মৌ-মাখিয়ে কৰে। কৰ্মী মৌ-মাখিয়ে খাদ্যৰ উৎস বিচাৰি বহু দূৰলৈকে ভ্ৰমণ কৰে আৰু ঘূৰি আহি বিশেষ প্ৰকাৰৰ নাচ সংগী মৌ-ৰ আগত প্ৰৰ্দশন কৰে। খাদ্যৰ উৎস ওচৰত হ'লে খৰকৈ গোল গোলকৈ ঘূৰি ঘূৰি, খাদ্যৰ উৎস অলপ দূৰত হ'লে (৮০ মিটাৰমান) শৰীৰৰ কেৱল পিচফালৰ অংশ লৰাই আৰু খাদ্যৰ উৎস বহু দূৰত হ'লে লাহে লাহে নাচ প্ৰদৰ্শন কৰে। ইয়াৰ দ্বাৰাই কৰ্মী মৌয়ে খাদ্যৰ উৎসৰ বিষয়ে সংগী মৌক অৱগত কৰে।

ৰাণী মৌ-মাখি[সম্পাদনা কৰক]

ৰাণীজনীৰ দেহাটো লাহি আৰু দীঘলীয়া (১৫-২০ মিলিমিটাৰমান)। আনবোৰ মৌ-মাখিৰ পৰা ৰাণীজনীক সহজে চিনিব পাৰি। পেটৰ অংশ দীঘলীয়া আৰু ক্ৰমান্নয়ে জোঙা। ঠেং আৰু পাখিবোৰ চুটি। পলু অৱস্হাত থাকোতেই কৰ্মী মৌবোৰে স্বাহ্যবান পলু এটাক ৰাণীৰ বাবে নিৰ্বাচিত কৰি উলিয়াই আৰু পলু অৱস্হাৰ পৰাই বিশেষ আলপৈচান আৰু খাদ্য যোগানেৰে টনকিয়াল কৰি তোলে। এনেকৈয়ে এই বিশেষ মৌ-জনী অন্যবোৰ মৌ-ৰপৰা পৃথক হৈ প্ৰজনন ক্ষমতাসম্পন্ন হৈ ৰাণী মৌ-লৈ পৰিবৰ্তীত হয়। এজনী ৰাণী মৌৱে এদিনত প্ৰায় ২০০০টা কণী পাৰে আৰু কেৱল ৰাণী মৌৱেহে কণী পাৰিব পাৰে। সাধাৰণতে এবাহ মৌ-ত এজনীহে ৰাণী থাকে।

পুং মৌ-মাখি[সম্পাদনা কৰক]

অনিষিক্ত কণীৰপৰা পুং মৌৰ জন্ম হয়। এইবিধ মৌ-মাখি ১৫-১৭ মিলিমিটাৰমান দীঘল। দেখাত দেহাটো মজবুত আৰু বহল। ইয়াৰ বৰণ ক'লা। ইহঁত একেবাৰে এলেহুৱা। মৌবাহৰ বাবে কোনো কাম ইহঁতে নকৰে। যৌন সংগমৰ সময়ত পুং মৌৰ শৰীৰৰ এটা অংশ (endophallus) ৰাণী মৌৰ শৰীৰত সংলগ্ন হৈ থাকি আহে। সেয়ে যৌন সংগমৰ অলপ সময়ৰ পাছেত পুং মৌ-টোৰ মৃত্যু হয়।

গেলেৰী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • Engel, Michael S. & Grimaldi, David (2005): Evolution of the Insects. Cambridge University Press.
  • Kak, Subhash C. (1991): The Honey Bee Dance Language Controversy. The Mankind Quarterly Summer 1991: 357-365. HTML fulltext
  • Lindauer, Martin (1971): Communication among social bees. Harvard University Press.