মৰিগাঁও জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰিগাঁও জিলা
—  জিলা  —
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ মৰিগাঁও
মাটিকালি
 - মুঠ 1,550 কি.মি. (598.5 বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
ৱেবছাইট www.morigaon.nic.in

মৰিগাঁও জিলা ভাৰতঅসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷

সূচী

ভূগোল [সম্পাদনা কৰক]

মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷ কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে ৷ কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰক্ষ্মপুত্ৰ নদীত পৰিছেগৈ ৷ জিলাখনৰ সাধাৰণ ৰূপ অতিকৈ আকৰ্ষণীয় ৷

অৰ্থতন্ত্ৰ [সম্পাদনা কৰক]

২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০ খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত) ৷ এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১ খন জিলাৰ ভিতৰত অন্যতম ৷

জনসংখ্যা [সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।


তথ্য সংগ্ৰহ [সম্পাদনা কৰক]