যোৰহাট
| যোৰহাট | |
| — নগৰ — | |
|
|
|
|
|
|
| স্থানাঙ্ক | 26°45′0″N 94°13′0″E / 26.75°N 94.21667°E |
| দেশ | |
| অঞ্চল | উজনি অসম |
| ৰাজ্য | অসম |
| জিলা | যোৰহাট জিলা |
| উপায়ুক্ত | ৰমেশ চান্দ জৈন |
| জনসংখ্যা |
10,09,197 (44) (2009[update]) |
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
| মাটিকালি • উচ্চতা |
>2851 km2 (1101 sq mi) • 116 m (381 ft) |
যোৰহাট ভাৰতৰ উজনি অসমস্থিত এখন গুৰুত্বপূৰ্ণ নগৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই নগৰখনৰ নাম 'যোৰহাট' হয়[1]। "আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী" হিছাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ "ৰজা মৈদাম"কে ধৰি বহুতো পুৰণি সমল পোৱা যায়। যোৰহাটক "অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ" বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক। অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী । ৰৰৈয়া যোৰহাটৰ বিমান বন্দৰ, ৰেলৱে জংচন যোৰহাট আৰু মৰিয়নি। 'লাচিত বৰফুকনৰ মৈদাম', অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, 'জিমখানা ক্লাব' আদি যোৰহাটৰ অন্যতম স্থান।
সূচী |
[সম্পাদনা কৰক] ভৌগোলিক অৱস্থিতি আৰু জনগাঁথনি
যোৰহাটৰ স্থানাংক হৈছে [2] আৰু গড় উচ্চতা 116 মিটাৰ (381 ফুট)। যোৰহাট জিলাৰ পূবে শিৱসাগৰ জিলা, পশ্চিমে গোলাঘাট জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে নগা পাহাৰ। যোৰহাট নগৰৰ পৰিসীমা ৯.২০ বৰ্গ কি:মি: আৰু ইয়াত পৌৰসভাৰ অন্তৰ্গত ১৯ টা ৱাৰ্ড আছে।[3]
২০০১ চনৰ লোকপিয়ল মতে যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬৬,৪৫০ আৰু ঘনবসতি ২,৮৫১ [2]। পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৩৬,৩৬৬ আৰু ৩০,০৮৪ জন। ১৯৯১ চনৰ লোকপিয়লতকৈ এই সংখ্যা ১৮.৬৯ শতাংশ বেছি। বৰ্তমান যোৰহাট নগৰৰ মুঠ জনসংখ্যা প্ৰায় ১.৪৫ লাখ।
যোৰহাট নগৰৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰ নদীৰ মাজত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী অৱস্থিত। ইয়াৰ মাটিকালি ১২৫০ বৰ্গ কিল'মিটাৰ আৰু জনসংখ্যা প্ৰায় ১,৫০,০০০ । চাহৰ বাদে যোৰহাটৰ মুখ্য খাদ্য-শস্য হল ধান। বাৰ্ষিক বৃষ্টিপাতৰ হাৰ ২০২৯ মিমি.[4]।
[সম্পাদনা কৰক] ইতিহাস
'যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজ্যৰ ৰাজধানী শিৱসাগৰ( পূৰ্বৰ ৰংপুৰ) ৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে[1]। আহোম ৰজাসকলে নগৰখনত ৰাজমাও পুখুৰী বা বৰপুখুৰী, বুঢ়াগোঁহাই পুখুৰী, বলিয়া গোঁহাই পুখুৰী, বঙাল পুখুৰী, কটকী পুখুৰী, মিঠাপুখুৰী আদি খন্দাইছিল। কিন্ত ১৮১৭ চনৰ পিছত হোৱা উপৰ্যুপৰি মানৰ অসম আক্ৰমণত যোৰহাট নগৰ প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংস হয়। তাৰ পৰবৰ্তী কালত যোৰহাট ব্ৰিটিছৰ দখললৈ আহে আৰু ডেভিদ স্কট, কেপ্তেইন ৰিচাৰ্দ আদি চাহাবৰ নেতৃত্বত চহৰ খনৰ পুনৰ নিৰ্মাণ আৰম্ভ হয়।
ব্ৰিটিছ শাসন যদিও নানা বিদ্ৰোহ, আন্দোলন আদিৰ পৰা মুক্ত নাছিল, তথাপিও, এই ঐতিহাসিক চহৰ খনৰ পুনৰ নিৰ্মাণত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। তেওঁলোকৰ শাসনৰ প্ৰথম দশকতে ১৮৩৯ চনত গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিৰ নেত্বত্বত ব্ৰিটিছৰ বিৰূদ্ধে বিদ্ৰোহে গা কৰি উঠে। বিখ্যাত চিপাহী বিদ্ৰোহৰ কেন্দ্ৰ স্বৰূপ এই নগৰতে বিদ্ৰোহ দমন কৰাৰ নামত মণিৰাম দেৱানকে ধৰি ১৮৫৮ চনত বিদ্ৰোহৰ নেতা সকলক ৰাজহুৱাভাৱে ফাঁচী দিয়া হয়[5]।
১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়[1]। ১৮৮৫ চনত য়োৰহাটলৈ ৰেলসেৱা আৰম্ভ হয়। সেই সময়ত অবিভক্ত শিৱসাগৰ জিলা বুলিলে বৰ্তমানৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলঙৰ অলপ অংশ সামৰি এটা বিস্তীৰ্ণ অঞ্চল বুজোৱা গৈছিল। মেজৰ প্লে'ফেয়াৰ আছিল অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰথম উপায়ুক্ত[1]। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়।
[সম্পাদনা কৰক] সংস্কৃতি
যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। যোৰহাটৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ ফলত চহৰখনত এতিয়াও পুৰণি ঐতিহ্যৰ স্বাক্ষৰ দেখিবলৈ পোৱা যায়। ১৯১৫ চনত 'যোৰহাট সাহিত্য সভা' স্থাপিত হয়। অসম সাহিত্য সভাৰ এক মুখ্য কাৰ্য্যালয় ৰাধাকান্ত সন্দিকৈয়ে দান দিয়া "চন্দ্ৰকান্ত সন্দিকৈ ভৱন" ইয়াতে অৱস্থিত।
যোৰহাট জিলা অসমৰ কেইবাজনো বিখ্যাত মণিষীৰ জন্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈ, জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কবি ৰঘুনাথ চৌধাৰী, নীলমণি ফুকন আদিকে ধৰি বহুতো কবি, সাহিত্যিক, গৱেষক পণ্ডিত, কাৰিকৰী বিশাৰদ, সাংবাদিকে যোৰহাটত জন্মগ্ৰহণ কৰিছিল।
যোৰহাটৰ পৰা কেইবাখনো দৈনিক আৰু সাপ্তাহিক বাতৰি কাকত প্ৰকাশ হয়- ইংৰাজীত 'The North East Times' আৰু 'The Telegraph', অসমীয়াত 'সাপ্তাহিক জনমভূমি', 'দৈনিক জনমভূমি', 'আমাৰ অসম', 'অসমীয়া খবৰ' আৰু 'দৈনিক অগ্ৰদূত', হিন্দীত 'পূৰ্বাঞ্চল প্ৰহৰী'[1]। 'City Guide of Jorhat' নামৰে ১৯৮৭ চনত যোৰহাটৰ প্ৰথমখন নিৰ্দেশিকা প্ৰকাশ পায়।
নগৰৰ মাজমজিয়াত গড় আলিত অৱস্থিত 'ইলি চিনেমা' আছিল যোৰহাটৰ প্ৰথম ছবিঘৰ।
[সম্পাদনা কৰক] শিক্ষা আৰু গৱেষণা
যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক[6]। শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “জগন্নাথ বৰুৱা মহাবিদ্যালয়” ১৯৩০ চনত যোৰহাট নগৰত প্ৰতিষ্ঠা কৰা হয়। পৰবৰ্তী কালত নগৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে।
[সম্পাদনা কৰক] গৱেষণা প্ৰতিষ্ঠান
- উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology, NEIST)
- টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station)
- বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান (Rain Forest Research Institute, RFRI)
- কেন্দ্ৰীয় এৰি আৰু মুগা গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠান (Central Eri & Muga Research Training Institute), লাহদৈগড়
- Institute of Biotechnology & Geotectonics Studies (INBGS), চিনামৰা
- ভাৰতীয় শস্য সঞ্চয় ব্যৱস্থাপনা আৰু গৱেষণা প্ৰতিষ্ঠান (Indian Grain Storage Management and Research Institute)
- কেন্দ্ৰীয় চিল্ক প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠান (Central Silk Technological Research Institute), তিনিআলি
[সম্পাদনা কৰক] বিশ্ববিদ্যালয়
- অসম কৃষি বিশ্ববিদ্যালয় (১৯৬৯ চনত স্থাপিত)
[সম্পাদনা কৰক] কাৰিকৰী শিক্ষানুষ্ঠান
- যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
- প্ৰিন্স অফ ৱেল্চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
- যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (পূৰ্বৰ বিজ্ঞান মহাবিদ্যালয়)
- উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (Industrial Training Institute)
- জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (District Institute of Education & Training)
- উত্তৰ পূব ব্যৱস্থাপনা বিজ্ঞান প্ৰতিষ্ঠান (North East Institute of Management Science)
[সম্পাদনা কৰক] চিকিৎসা প্ৰতিষ্ঠান
- যোৰহাট চিকিৎসা মহাবিদ্যালয়
- ড: জে. কে. শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয়
- যোৰহাট চিকিৎসা প্ৰতিষ্ঠান (Jorhat Medical Institute)
[সম্পাদনা কৰক] মহাবিদ্যালয়
- জগন্নাথ বৰুৱা মহাবিদ্যালয়
- বাহনা মহাবিদ্যালয়
- চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টিয়ক
- চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
- দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়
- যোৰহাট মহাবিদ্যালয়
- যোৰহাট আইন মহাবিদ্যালয়
- কাকজান মহাবিদ্যালয়
- কেন্দ্ৰীয় মহাবিদ্যালয়
- স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়
- পূৰ্ব ভাৰতী কনিষ্ঠ মহাবিদ্যালয়, চিনামৰা
- The Eastern Theological College, ৰাজাবাৰী
[সম্পাদনা কৰক] বিদ্যালয়
- কচাৰীপাৰী প্ৰাথমিক বিদ্যালয়
- কল্যাণী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- কাৰ্মেল বিদ্যালয়
- খালচা উচ্চ মাধ্যমিক বিদ্যালয়
- চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- জয়া বিদ্যাপীঠ
- জোনাকী সংঘ বিদ্যালয়
- ডন বস্ক' বিদ্যালয়, বাঘচুং
- ডন বস্ক' বিদ্যালয়, লিচুবাৰী
- তৰাজান উচ্চ মাধ্যমিক বিদ্যালয়
- দীপাংকৰ বিদ্যাপীঠ
- দেৱী চৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
- দহোতীয়া উচ্চ মাধ্যমিক বিদ্যালয়
- পালি উচ্চ মাধ্যমিক বিদ্যালয়
- বাহনা বাল্য ভৱন
- বাল্য ভৱন
- বাল ভাৰতী বায়ু সেনা বিদ্যালয়
- ভাটেমৰা গীতাৰ্থী নিম্ন প্ৰাথমিক বিদ্যালয়
- ভাটেমৰা মধ্য ইংৰাজী বিদ্যালয়
- মহৰ্ষি বিদ্যা মন্দিৰ
- মালৌ আলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়
- মেৰীলেণ্ড উচ্চ মাধ্যমিক বিদ্যালয়
- যোৰহাট গীতাৰ্থী বিদ্যালয়
- যোৰহাট হাই মাদ্ৰাছা
- যোৰহাট চৰকাৰী মধ্য ইংৰাজী বালিকা বিদ্যালয়
- যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়
- যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়
- ৰ'য়েল অ'ক বিদ্যালয়
- ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয়
- সৈনিক বিদ্যালয়
- শঙ্কৰদেৱ চেমিনেৰী বিদ্যালয়
- ষ্প্ৰিং ডে'ল উচ্চ মাধ্যমিক বিদ্যালয়
- হেমলতা সন্দিকৈ বিদ্যালয়
[সম্পাদনা কৰক] কেন্দ্ৰীয় বিদ্যালয়
- কেন্দ্ৰীয় বিদ্যালয় (বায়ু সেনা আস্থান)
- কেন্দ্ৰীয় বিদ্যালয় (NEIST)
- কেন্দ্ৰীয় বিদ্যালয় (ONGC)
[সম্পাদনা কৰক] ৰাজনীতি
যোৰহাট নগৰ যোৰহাট (লোকসভা সমষ্টি)ৰ অন্তৰ্গত.[7]। বৰ্তমানৰ সাংসদ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিজয়কৃষ্ণ সন্দিকৈ। বৰ্তমানৰ বিধায়ক হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাণা গোস্বামী যি ২০০৬ আৰু ২০১১ চনত যোৰহাটৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়[8]।
[সম্পাদনা কৰক] যাতায়ত
[সম্পাদনা কৰক] বিমান
"যোৰহাট বিমান বন্দৰ"ক "ৰৰৈয়া বিমান বন্দৰ" বুলিও কোৱা হয়। নগৰৰ মাজতে ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে গুৱাহাটী, কলকাতা, মুম্বাই, বাংগালুৰু আদি ঠাইলৈ বিমান চলাচল কৰে।
[সম্পাদনা কৰক] ৰেলসেৱা
যোৰহাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলসেৱাৰ অন্তৰ্গত। নগৰৰ ভিতৰত 'যোৰহাট ৰেল ষ্টেচন' আৰু কিছু আঁতৰত 'মৰিয়নি জাংচন' আছে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ। তাৰোপৰি ৰাজধানী সংযোগী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আদি ৰেলো চলাচল কৰে।
[সম্পাদনা কৰক] পথ
উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ পথেৰে সু-সংযোগ আছে। তৰাজান কটকীপুখুৰীত আন্তঃৰাজ্যিক বাছ সেৱা অৱস্থিত। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ (ভাৰত)এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে।
[সম্পাদনা কৰক] জল পৰিবহণ
যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীলৈ নিয়মীয়াকৈ জাহাজ চলাচল কৰে।
[সম্পাদনা কৰক] উল্লেখযোগ্য স্থান
[সম্পাদনা কৰক] ৰজা মৈদাম
১৮৯৪ চনৰ ১ অক্টোবৰত মৃত্যু হোৱা আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিক্ষেত্ৰ। টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত।
[সম্পাদনা কৰক] লাচিত বৰফুকনৰ মৈদাম
আহোম সেনাপতি লাচিত বৰফুকনৰ মৈদাম। ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোমা সৈন্যই শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিছিল। মৈদামটো মেলেং-হোলোঙাপাৰৰ গোঁহাই গাঁৱত অৱস্থিত।
[সম্পাদনা কৰক] জিমখানা ক্লাব
১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা স্থাপিত। স্থাপন হোৱা বছৰ ধৰি ইয়াত গোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধাও আছে। ইয়াত ক্ৰিকেটৰ বাবে 'যোৰহাট জিমখানা খেলপথাৰ'ও আছে।
নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথম পকী পথ।
[সম্পাদনা কৰক] চন্দ্ৰকান্ত সন্দিকৈ ভৱন
ৰাধাকান্ত সন্দিকৈয়ে দান কৰা চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। ১৯২৬ চনত ইয়াক সজা হৈছিল। যোৰহাটৰ পৰা চন্দ্ৰধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত আদি ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল।
[সম্পাদনা কৰক] বঙাল পুখুৰী
যোৰহাট নগৰৰ দক্ষিণফালে ন-আলিৰ কাষত অৱস্থিত। ১৭৩৯ চনত বদন বৰফুকনে গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে তেওঁক হত্যা কৰিছিল। তাৰ বাবে তেওঁ লাভ কৰা পুৰষ্কাৰ ধনেৰে এই পুখুৰী খন্দোৱায়। মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰোৱা বাবে স্থানীয় ৰাইজে ইয়াৰ পানী ব্যৱহাৰ নকৰে।
[সম্পাদনা কৰক] বুঢ়ীগোঁসানী দেৱালয়
বুঢ়ীগোঁসানী দেৱালয় আৰু ইয়াৰ পুৰুহিতজনক জয়ন্তীয়া ৰাজ্যৰ পৰা ৰংপুৰলৈ অনা হৈছিল। যোৰহাটলৈ ৰাজধানী উঠাই অনাৰ পিছত সেয়া যোৰহাটৰ মাজমজিয়াত এটা মন্দিৰ সাজি প্ৰতিষ্ঠা কৰা হয়।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 1.4 http://jorhat.nic.in/about.htm, আহৰণ ২৩.১১.২০১১
- ↑ Falling Rain Genomics, Inc - Jorhat
- ↑ "পৌৰপতিৰ একলম". Jorhat municipal board. http://www.jorhatmunicipalboard.org/as/index.php. Retrieved April 28, 2012.
- ↑ [1]Average Rainfall for Jorhat, India
- ↑ http://jorhat.nic.in/history.htm, আহৰণ ২৩.১১.২০১১
- ↑ http://www.whereincity.com/india/assam/assam-districts.php, আহৰণ ২৩.১১.২০১১
- ↑ [http://www.mpmla.in/mp.php?stcode=S03&pcno=12 "M.P Jorhat, Assam, India"]. Assam. Election Commission of India. http://www.mpmla.in/mp.php?stcode=S03&pcno=12. Retrieved ২০১১-১১-২৬.
- ↑ [http://www.mpmla.in/mla.php?stcode=S03&pcno=12&acno=98 "M.L.A Jorhat, Jorhat, Assam, India"]. Assam. Election Commission of India. http://www.mpmla.in/mla.php?stcode=S03&pcno=12&acno=98. Retrieved ২০১১-১১-২৬.
[সম্পাদনা কৰক] আৰু চাওক
[সম্পাদনা কৰক] বহিঃসংযোগ
[সম্পাদনা কৰক] গেলেৰী
|
|||||||||||||||||||
|
|||||