যোৰহাট জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোৰহাট জিলা
—  জিলা  —
শতবৰ্ষৰ স্মাৰক
অসমত যোৰহাট জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ যোৰহাট
মাটিকালি
 - মুঠ 2,851 কি.মি. (1,100.8 বৰ্গ মাইল)
জনসংখ্যা (2011)
 - মুঠ 10,91,295[1]
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট jorhat.gov.in

যোৰহাট জিলা ভাৰতঅসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামো যোৰহাটমাজুলী আৰু তিতাবৰ ইয়াৰ আন দুটা মহকুমা। পূৰ্বতে যোৰহাট শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।

সূচী

[সম্পাদনা কৰক] ইতিহাস

"যোৰহাট" নামটোৰ অৰ্থ হৈছে দুখন হাট বা বজাৰ- ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "মাছৰহাট" আৰু "চকীহাট"ৰ পৰাই এই নাম হৈছে। যোৰহাট আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী শিৱসাগৰ(পূৰ্বৰ ৰংপুৰ)ৰ পৰা যোৰহাটলৈ তুলি আনে। যোৰহাট নগৰখন উন্নত আৰু বাণিজ্যিক ক্ষেত্ৰত আগবঢ়া আছিল। কিন্তু ১৮১৭ চনৰ পিছত মানৰ অসম আক্ৰমণত ই বিধ্বস্ত হয়। ১৮২৪ চনত ব্ৰিটিছৰ আগমণৰ পিছত ডেভিদ স্কট আৰু কেপ্তেইন ৰিচাৰ্ডে জিলাখনৰ পুনৰ্নিৰ্মাণ আৰম্ভ কৰে।

ব্ৰিটিছ শাসনৰ প্ৰথম দশকতেই ১৮৩৯ চনত গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিৰ বিদ্ৰোহৰ সূত্ৰপাত হয়। সেই বছৰতেই যোৰহাট আৰক্ষী চকী স্থাপন কৰা হয় আৰু ১৮৫৮ চনত সেই স্থানতে চিপাহী বিদ্ৰোহৰ নেতাসকলক ফাঁচী দিয়া হয়।

১৮৮৫ চনত নেৰ'-গজ ৰেল সেৱা (যোৰহাট প্ৰভিন্সিয়েল ৰেইলৱে') আৰম্ভ হয় আৰু ফলত চাহ উদ্যোগৰ দ্ৰুত উত্তৰণ হয়।

১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়। সেই সময়ত অবিভক্ত শিৱসাগৰ জিলা বুলিলে বৰ্তমানৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলঙৰ অলপ অংশ সামৰি এটা বিস্তীৰ্ণ অঞ্চল বুজোৱা গৈছিল। মেজৰ প্লে'ফেয়াৰ আছিল অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰথম উপায়ুক্ত। ১৯৮৩ চনত শিৱসাগৰ জিলাৰ পৰা আঁতৰাই যোৰহাট জিলাক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়[2]

[সম্পাদনা কৰক] মধ্যযুগীয় নিৰ্মাণ[3]

[সম্পাদনা কৰক] পথ

পথৰ নাম নিৰ্মাণ কাল ৰাজত্ব মন্তব্য
চেউনী আলি (এ. টি. ৰ'ড) ১৬৫০ স্বৰ্গদেউ জয়ধ্বজ সিংহ যোৰহাটৰ পৰা গৌৰীসাগৰ ৪৮ কি:মি: বাদুলী বৰফুকনে গঢ়াইছিল.
ধোদৰ আলি ১৬৮১-১৬৯৫ স্বৰ্গদেউ গদাধৰ সিংহ কমাৰগাঁৱৰ পৰা মৰিয়নি চুই জয়পুৰলৈ মুঠ দৈৰ্ঘ্য ২১১ কি:মি:
খৰিকটীয়া ১৬৯৬-১৭১৪ স্বৰ্গদেউ ৰুদ্ৰ সিংহ খৰিকটীয়াৰ পৰা তিতাবৰ
ম'হবন্ধা আলি ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ পৰা ম'হবন্ধা
কমাৰবন্ধা ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ পৰা কমাৰবন্ধা
মালৌ আলি ১৭৫১-১৭৬৯ স্বৰ্গদেউ কমলেশ্বৰ সিংহ দিচৈৰ পৰা বচা
সুসন্দেবন্ধা আলি? (Susandebandha Ali) ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ ভিতৰত
চোলাধৰা আলি ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ ভিতৰত
বৰপাত্ৰ আলি ১৭৯৫-১৮১০ স্বৰ্গদেউ কমলেশ্বৰ সিংহ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সম্মুখেৰে যোৱা পথ
ন-আলি ১৭৯৬ স্বৰ্গদেউ কমলেশ্বৰ সিংহ যোৰহাটৰ পৰা তিতাবৰ

যোৰহাটৰ প্ৰথম পকী পথটো আছিল ব্ৰিটিছে সজোৱা নগৰৰ মধ্যভাগৰ পৰা জিমখানা ক্লাব সংলগ্ন 'ক্লাব ৰ'ড'।

[সম্পাদনা কৰক] মন্দিৰ

মন্দিৰৰ নাম নিৰ্মাণ কাল ৰাজত্ব মন্তব্য
হাতীগড় ১৮১২-আধা সজা, ১৮১৭-সম্পূৰ্ণ হয় স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ শিৱসাগৰলৈ যোৱা পথত যোৰহাটৰ পৰা ৫ কি:মি: দূৰত পূৰ্ণানন্দ বুঢ়াগোঁহায়ে সজায়।
বুঢ়ীগোঁসানী থান বা দেৱালয় ১৭৯৪-১৭৯৫ গৌৰীনাথ সিংহ/ চন্দ্ৰকান্ত সিংহ ভগদৈৰ পাৰলৈ স্থানান্তৰ কৰা হয়, এতিয়া দেৱালয় পথত অৱস্থিত।
গৰখীয়া দৌল (শিৱ মন্দিৰ) ১৭১৪ স্বৰ্গদেউ শিৱ সিংহ যোৰহাটৰ পৰা ৭ কি:মি: দূৰত
বৰভেটী থান (পূৰ্বতে মঠ) ১৭৬৯-৮০ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ মোৱামৰীয়া মহন্ত অষ্টভূজৰ দ্বাৰা যোৰহাটৰ পৰা ৭ কি:মি: দূৰত সজোৱা হৈছিল।
ঢেঁকীয়াখোৱা বৰ নামঘৰ ১৪৯৭-১৫৩৯ স্বৰ্গদেউ চুহুংমুং মাধৱদেৱৰ ভক্তসকলৰ দ্বাৰা নিৰ্মিত।

[সম্পাদনা কৰক] সত্ৰ

সত্ৰৰ নাম নিৰ্মাণ কাল ৰাজত্ব
বেঙেনা আটী সত্ৰ ১৫২৪ স্বৰ্গদেউ চুহুংমুং
দক্ষিণপাট সত্ৰ ১৬৬২ স্বৰ্গদেউ জয়ধ্বজ সিংহ
গড়মূৰ সত্ৰ ১৬৫৩? স্বৰ্গদেউ জয়ধ্বজ সিংহ?
আউনীআটী সত্ৰ ১৬৫৩ স্বৰ্গদেউ জয়ধ্বজ সিংহ
কমলাবাৰী সত্ৰ ১৫৫২-১৬০৩ চুখাম্‌ফা (খোৰা ৰজা)

[সম্পাদনা কৰক] ভৌগোলিক তথ্য

যোৰহাট জিলাৰ মাটিকালি হৈছে ২৮৫১ বৰ্গ কি:মি:,[4]ৰাছিয়াZemlya Georgaৰ প্ৰায় সমান[5]। বাৰ্ষিক বৃষ্টিপাতৰ হাৰ ২০২৯ মি:মি:[6]। উত্তৰ-পশ্চিম মৌচুমীৰ বৰঙণি ইয়াত বেছি। তাপমাত্ৰা ৯ৰ পৰা ৩৯0 হ'ব পাৰে।

জিলাখনৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰৰ মাজত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী অৱস্থিত। ইয়াৰ মাটিকালি হ'ল ৯২৪.৬ বৰ্গ কি:মি" আৰু জনসংখ্যা প্ৰায় ১.৫০ লাখ।

[সম্পাদনা কৰক] অৰ্থনীতি

যোৰহাট জিলাত প্ৰায় ১৩৫ খন চাহ বাগিছা আছে। ক্ষুদ্ৰ চাহ বাগিছাই ১৫০.৬ হেক্টৰ মাটি অধিকাৰ কৰি আছে। প্ৰধান খাদ্যশস্য হৈছে ধান। মুঠ শস্য ক্ষেত্ৰ হৈছে ১৫২৩৭৯ হেক্টৰ (৫৩.৪৪%)। জনমুৰি খাদ্য শস্যৰ উৎপাদন বছৰেকত ২০৫ কিলোগ্ৰাম [7]। ২০০০-২০০১ চনৰ তথ্য অনুসৰি যোৰহাট জিলাৰ বাসিন্দাৰ জনমুৰি আয় ১১২২২ টকা যি অসমৰ গড় আয়ৰ প্ৰায় দুগুণ আৰু সৰ্বভাৰতীয় গড়তকৈও বেছি।[8]

[সম্পাদনা কৰক] সমষ্টি

এই জিলাত ছয়টা অসম বিধানসভা সমষ্টি আছে: দেৰগাঁও, যোৰহাট, তিতাবৰ, মৰিয়নি, টীয়ক আৰু মাজুলী[9]। দেৰগাঁও সমষ্টি অনুসূচিত জাতি আৰু মাজুলী অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত[9]। দেৰগাঁও কলিয়াবৰ লোকসভা সমষ্টিৰ আৰু মাজুলী লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত, আন চাৰিখন ঠাই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত[10]

[সম্পাদনা কৰক] জনগাঁথনি

ভাৰতৰ ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে যোৰহাটৰ জনসংখ্যা হৈছে ১,০৯১,২৯৫[11] যিটো প্ৰায় চাইপ্ৰাছ দেশ[12] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰড দ্বীপপুঞ্জৰ সমান[13]। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত যোৰহাটৰ স্থান ৪১৯তম[11]। ঘনবসতি প্ৰতি কি:মি:ত ৩৮৩ জন[11]। ২০০১-২০১১ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ ৯.২১ %[11]। যোৰহাটৰ লিঙ্গ অনুপাত হৈছে প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে ৯৫৬ গৰাকী মহিলা[11] আৰু সাক্ষৰতাৰ হাৰ ৮৩.৪২ %[11]। জিলাখনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোক মুঠ জনসংখ্যাৰ ক্ৰমে ৭.৬১ % আৰু ১২.০৯ %। কিন্তু মাজুলী মহকুমাৰ জনজাতিৰ হাৰ ৭০ % যাৰ অধিক সংখ্যক হৈছে মিচিং জনগোষ্ঠীৰ।

[সম্পাদনা কৰক] ভাষা

যোৰহাট জিলাৰ প্ৰধান ভাষা হৈছে অসমীয়া। তাৰ লগতে হিন্দী, বাংলা, মিচিং, নেপালী, ভোজপুৰী, চাদ্ৰী উপভাষা আদিৰো প্ৰচলন আছে। ১৫০০ মান লোকৰ মাজৰ প্ৰচলিত আৰু বাৰ্মীয় লিপিত লিখা আন এটা ভাষা হৈছে আইটন[14]

[সম্পাদনা কৰক] সংস্কৃতি

[সম্পাদনা কৰক] উল্লেখযোগ্য ব্যক্তি

যোৰহাট কেইবাজনো বিখ্যাত অসমীয়া লেখক, বুৰঞ্জীবিদ, সাংবাদিক, ব্যৱসায়ী আদিৰ বাসস্থান আৰু কৰ্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈ, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য[15] , কবি ৰঘুনাথ চৌধাৰী, নীলমণি ফুকন আদিয়ে যোৰহাটত জন্ম গ্ৰহন কৰিছিল। তাৰোপৰি সমাজকৰ্মী দেবেশ্বৰ শৰ্মা, চিকিৎসক 'দীনবন্ধু' প্ৰসাদ বৰদলৈ, শিৱ প্ৰসাদ বৰুৱা, কৃষকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ, চাহ উদ্যোগী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, গায়ক জুবিন গাৰ্গ আদিৰো মূল বাসস্থান যোৰহাটতে।

[সম্পাদনা কৰক] বনাঞ্চল

১৯৯৭ চনত যোৰহাটত হোলোঙাপাৰ গিবন অভয়াৰণ্য মুকলি কৰা হয়[16]। ই যোৰহাট নগৰৰ পৰা প্ৰায় ১৯ কি:মি: আৰু মৰিয়নিৰ পৰা ৫ কি:মি: আঁতৰত অৱস্থিত। 21 বৰ্গ কি.মি. (8.1 বৰ্গ মিটাৰ) মাটিকালিৰ এই অভয়াৰণ্য হলৌ বান্দৰকে ধৰি বহুতো বন্যপ্ৰাণীৰ বাসস্থান। ব্ৰিটিছৰ দিনত ইয়াক হোলোঙাপাৰ হাবি বুলি কোৱা হৈছিল।

[সম্পাদনা কৰক] শিক্ষা

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান

যোৰহাটক আধুনিক শিক্ষাৰ বাবে এখন ভাল ঠাই বুলি গণ্য কৰা হয়। ২০০১ চনৰ লোকপিয়ল অনুসৰি যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক[17]। ১৮৮৩ চনত বিজ্ঞান শিক্ষাৰ ব্যৱস্থা সম্বলিত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয় স্থাপন কৰা হয়। ১৯৩০ চনত স্থাপিত জগন্নাথ বৰুৱা মহাবিদ্যালয় জিলাখনৰ তথা উজনি অসমৰ ভিতৰতে প্ৰথম মহাবিদ্যালয়[উদ্ধৃতিৰ প্ৰয়োজন]। ২০০০ চনৰ তথ্য অনুসৰি জিলাখনত ১৮ খন প্ৰাক-প্ৰাথমিক বিদ্যালয়, ১৭৬১ খন প্ৰাথমিক বিদ্যালয়, ৪৪৩ খন মধ্য ইংৰাজী বিদ্যালয়, ২৫১ খন উচ্চ মাধ্যমিক বিদ্যালয়, ২৫ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৪ খন কনিষ্ঠ মহাবিদ্যালয় আছে[18]

১৯৬৯ চনত স্থাপিত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰে একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ইয়াৰ উপৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (১৯৬০), উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (১৯৬১), প্ৰিন্স অফ ৱেল্‌চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (১৯২৬), টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (১৯১১) আদি আন আন উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান।

[সম্পাদনা কৰক] সংবাদপত্ৰ

যোৰহাটৰ পৰা জনমভূমি গোট আৰু জি.এল. প্ৰকাশন গোটৰ দ্বাৰা পাঁচখন দৈনিক বাতৰি কাকত প্ৰকাশ পায়[19]। জনমভূমি গোটৰ কেইখন হৈছে- সাপ্তাহিক জনমভূমি, দৈনিক জনমভূমি আৰু 'Eastern Clarion'। 'সাপ্তাহিক জনমভূমি'য়ে প্ৰকাশৰ ৫০ বছৰ আৰু 'দৈনিক জনমভূমি'য়ে ২৫ বছৰ সম্পূৰ্ণ কৰিছে। জি.এল. প্ৰকাশন গোটৰ কাকতসমূহ হ'ল- অসমীয়াত আমাৰ অসম, ইংৰাজীত North East Times আৰু হিন্দীত "পূৰ্বাঞ্চল প্ৰহৰী"। ইয়াৰোপৰি অসমীয়া খবৰ আৰু দৈনিক অগ্ৰদূত কাকত দুখনো যোৰহাটৰ পৰা প্ৰকাশিত হয়।

[সম্পাদনা কৰক] উল্লেখযোগ্য স্থান

পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীলৈ যোৱাৰ পথ
গৰখীয়া দ'ল
লাচিত বৰফুকনৰ মৈদাম
মাজুলী
বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী যোৰহাটৰ পৰা ২০ কি:মি: উত্তৰত অৱস্থিত। মাটিকালি ১২৫০ বৰ্গ কি:মি:। মাজুলী এক প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ। নৱবৈষ্ণৱ ধৰ্মৰ ২২ খন সত্ৰ মাজুলীত আছে যাৰ ভিতৰত আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ আৰু কমলাবাৰী সত্ৰ উল্লেখযোগ্য।
ঢেঁকীয়াখোৱা বৰ নামঘৰ
১৪৬১ চনত মাধৱদেৱৰ দ্বাৰা স্থাপিত এটা নামঘৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৰহাটৰ পৰা ১৫ কি:মি: পূবত ঢেঁকীয়াখোৱা গাঁৱত অৱস্থিত। নামঘৰৰ ১৩ বিঘা মাটি আছে আৰু নিজা এক প্ৰেক্ষাগৃহ আছে। কথিত আছে যে নামঘৰৰ মূল খুঁটাটো শাল গছেৰে নিৰ্মিত। কাহিনীমতে এৰাতি এজন ভকতে সপোনত দেখা পালে যে ঢেঁকীয়াখোৱা জানৰ সোঁত ওলোটা দিশত বৈছে আৰু তাত এদাল শাল গছ উটি আহিছে। পিছদিনা এই সপোন সঁচা হোৱা দেখি গাঁৱৰ ৰাইজে নামঘৰৰ মূল খুঁটাটো এই গছৰ পৰা তৈয়াৰ কৰে।
গৰখীয়া দ'ল
যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়৷
ৰজা মৈদাম
টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিক্ষেত্ৰ।
লাচিত বৰফুকনৰ মৈদাম
আহোম সেনাপতি লাচিত বৰফুকনমৈদাম। ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোমা সৈন্যই শৰাইঘাটৰ যুদ্ধমোগলক পৰাস্ত কৰিছিল। মৈদামটো মেলেং-হোলোঙাপাৰৰ গোঁহাই গাঁৱত অৱস্থিত।
লাহদৈগড়
ৰজা প্ৰতাপ সিংহই ৰাজ্যৰ সুৰক্ষাৰ বাবে দক্ষিণফালে নিৰ্মাণ কৰোৱা গড়।
জিমখানা ক্লাব
১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা স্থাপিত। স্থাপন হোৱা বছৰ ধৰি ইয়াত গোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়। ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি।
ঠেঙাল ভৱন
১৮৮০ চনত ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ দ্বাৰা নিৰ্মিত। প্ৰথম অসমীয়া দৈনিক কাকত 'দৈনিক বাতৰি' ইয়াৰপৰাই আৰম্ভ কৰা হৈছিল।[20]
কাজিৰঙা গ'ল্ফ ৰিজ'ৰ্ট
কাকডোঙা চাহ বাগিছাৰ ওচৰত থকা এক আমোদ-প্ৰমোদৰ ক্ষেত্ৰ।
চুকাফা সমন্বয় ক্ষেত্ৰ
প্ৰথম আহোম ৰজা চুকাফাৰ স্মৃতিৰক্ষাৰ বাবে যোৰহাটৰ ওচৰৰ ম'হবন্ধাত নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে ২০ কোটি টকাৰ অনুদান দিছে।
আয়ুৰ সঞ্জীৱা
টিলকিৰাম চাহ বাগিছাৰ ভিতৰত অৱস্থিত এক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰ।
মৌ চাপৰি
নিমাতীঘাটৰ ওচৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ এটা সৰু দ্বীপ। আমোদ-প্ৰমোদৰ বাবে ভাল ব্যৱস্থা আছে।
বিবুধি গড়
আহোম যুগত নিৰ্মিত এই গড়টোৰে মোৱামৰিয়া বিদ্ৰোহীসকলক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ নেতৃত্বত ১৭৯১ চনত সজা গড়টো দেখি মোৱামৰী্য়া সকলে পোনতে বিবুধি হৈছিল বাবে ইয়াৰ নাম বিবুধি গড় পৰে । বৰ্তমানে যোৰহাট নগৰৰ গড় আলি পূৰ্বৰ বিবুধি গড়ৰেই একাংশ।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. "CENSUS 2011 - Provisional Results for Jorhat". http://online.assam.gov.in/web/population-census/districts?webContentId=69973। আহৰণ কৰা হৈছে: December 15, 2011. 
  2. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. "List of Mediaeval Monuments Of Jorhat". N. F. Railway. http://www.nfr.railnet.gov.in/tourist/jorhat.htm। আহৰণ কৰা হৈছে: April 28, 2012. 
  4. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Assam: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1116. ISBN 978-81-230-1617-7. 
  5. "Island Directory Tables: Islands by Land Area". United Nations Environment Program. 1998-02-18. http://islands.unep.ch/Tiarea.htm। আহৰণ কৰা হৈছে: 2011-10-11. "Zemlya Georga 2,821km2" 
  6. [1]Average Rainfall for Jorhat, India
  7. "About the place "Jorhat"". অসম. District Administration,Jorhat. http://jorhat.nic.in/about.htm। আহৰণ কৰা হৈছে: ২০১১-১১-২৭. 
  8. "ECONOMIC PROFILE". DRDA Jorhat. http://jorhat.nic.in/drda/at_a_glance.htm। আহৰণ কৰা হৈছে: April 28, 2012. 
  9. 9.0 9.1 "List of Assembly Constituencies showing their Revenue & Election District wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.1%20-%20DEOs%20wise%20ACs%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  10. "List of Assembly Constituencies showing their Parliamentary Constituencies wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.2%20-%20PC-wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  11. 11.0 11.1 11.2 11.3 11.4 11.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  12. US Directorate of Intelligence. "Country Comparison:Population". https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Cyprus1,120,489July 2011 est." 
  13. "2010 Resident Population Data". U. S. Census Bureau. http://2010.census.gov/2010census/data/apportionment-pop-text.php। আহৰণ কৰা হৈছে: 2011-09-30. "Rhode Island1,052,567" 
  14. M. Paul Lewis, ed (2009). "Aiton: A language of India". Ethnologue: Languages of the World (16th edition সম্পাদনা). প্ৰকাশক Dallas, Texas: SIL International. http://www.ethnologue.com/show_language.asp?code=aio। আহৰণ কৰা হৈছে: 2011-09-28. 
  15. "Bhattacharya, Birendrakumar" in Amaresh Datta, ed., Encyclopaedia of Indian literature vol. 1 (Sahitya Akademi, 1987), ISBN 9788126018031, p. 482 (excerpt available at Google Books).
  16. Indian Ministry of Forests and Environment. "Protected areas: Assam". http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: September 25, 2011. 
  17. [2]District wise Literacy (2001 Census), আহৰণ ২৩.১১.২০১১
  18. [3]District wise Schools (2000); আহৰণ ২/১২/২০১১
  19. http://jorhat.nic.in/about.htm/ আহৰণ ২/১২/২০১১
  20. "Places of Interest". Jorhat District Administration. http://jorhat.nic.in/places_of_interest.htm। আহৰণ কৰা হৈছে: April 19, 2012. 

[সম্পাদনা কৰক] বাহ্যিক সংযোগ