লক্ষ্মীনাথ বেজবৰুৱা

Wikipedia -ৰ পৰা

লক্ষ্মীনাথ বেজবৰুৱা .JPG

সাহিত্যিক : লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৮-১৯৩৮)

সূচী

[সম্পাদন কৰক] আৰম্ভণি

অসমীয়া ভাষা-সাহিত্যৰ সংকত কালত যি জন ব্যক্তিয়ে হাতত কলম তুলিলৈ অসমীয়া সাহিত্যক সকলো দিশতে সমানে আগবঢ়াই নিছিল সেইজন মহান অসমীয়াই হ'ল লক্ষ্মীনাথ বেজবৰুৱা৷ অসমীয়া ভাষাক সেই সময়ৰ বঙলা ভাষাৰ গৰাহৰ পৰা ৰক্ষা কৰি নিজস্থ প্ৰাণ প্ৰতিস্থাৰে জীয়াই থকাৰ বাবে বেজবৰুৱাই হাতত কলম তুলি লৈছিল৷ কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ,ৰম্যৰচনা, সমালোচনা,প্ৰহসন, জীৱনী, আত্মজীৱনী,শিশুসাহিত্য, ইতিহাস অধ্যয়ন,সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাই অমূল্য অৱদান আগবঢ়াই গৈছে৷ কৃপাবৰ বৰুৱা ছদ্মনামতো বেজবৰুৱাই অনেক কৃপাবৰী সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে চিনাকী দিছে৷ সেইবাবেই বেজবৰুৱাক সাহিত্যৰথী, ৰসৰাজ আখ্যা দিয়া হয়৷

[সম্পাদন কৰক] জীৱনী

লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল৷ ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল৷ সেইসময়ত আজিকালিৰ দৰে যানবাহানৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল৷ সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা৷ গধুলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাওবান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল৷ দীননাথ বেজবৰুৱাৰ সৰু গৰাকী পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ ধৰি গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে৷ এই সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷ এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী দেখাৰ আগতেই জ্বুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ 'মোৰ জীৱন সোঁৱৰণ' ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল৷ তেওঁ উল্লেখ কৰা চনটো হ'ল ১৮৬৮ আনহাতে তেওঁ নিজকে সেইবাবে "ভূমিষ্ঠ নহৈ নৌকাষ্ঠ হলোঁ" বুলিহে উল্লেখ কৰিছে৷ দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে ক্ৰমে তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰি শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়িভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই প্ৰৱেশিকা পৰীক্ষা সমাপ্ত কৰে৷ সেই সময়ত অসমৰ স্কুলসমূহত অসমীয়া ভাষাৰ পৰিৱৰ্ত্তে বাংলা ভাষাৰ প্ৰচলন থকাত বেজবৰুৱাইও বাংলা ভাষাতে শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল যদিও তেওঁ ঘৰতে সংস্কৃতি ভাষা গ্ৰহণ কৰিছিল৷ ঘৰত ইংৰাজী শিক্ষা গ্ৰহন কৰাত বাধা আছিল কিন্তু বেজবৰুৱাই কলিকতাৰ ৰিপন কলেজত নাম লগাই ইংৰাজী পঢ়িবলৈ লয় যদিও শেষত চিটি কলেজৰ পৰা তেওঁ এফ.এ পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰে৷ আনহাতে পুনৰ ৰিপন কলেজৰ পৰাই বি.এ পাছ কৰি এম.এ আৰু আইন পঢ়িবলৈ আৰম্ভ কৰে; কিন্তু তাক আধাতে সামৰি কৰ্মজীৱনত প্ৰৱেশ কৰে৷ সেই সময়তে তেওঁ বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰী দেৱীক বিবাহ কৰে৷ চৰকাৰী চাকৰিৰ প্ৰতি কোনো আসক্তি নথকা লক্ষ্মীনাথে স্বাধীনভাৱে জীৱন-যাপন কৰাৰ প্ৰতিহে আগ্ৰহ দেখুৱাইছিল৷ সেইবাবেই সেইসময়ৰ বিখ্যাত অসমীয়া ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগ হৈ বেপাৰত নামে৷ তাৰপিছত তেওঁ উৰিষ্যাৰ সম্বলপুৰত স্বাধীনভাৱে কাঠৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে আৰু জীৱনৰ শেষলৈকে তাতেই লাগি থাকে৷ ইয়াৰ মজতো 1924 চনত অসম সাহিত্য সভাৰ সভাপতি হয়৷ 1938 খৃঃত ডিব্ৰুগড়ৰত বেজবৰুৱাই ইহলীলা সম্বৰণ কৰে৷

[সম্পাদন কৰক] সাহিত্যিক বেজবৰুৱা

কাঠৰ ব্যৱসায়েৰে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰিলেও তাৰ বহু আগতেই বেজবৰুৱাই সাহিত্যিক জীৱন আৰম্ভ কৰিছিল৷ কুঠাৰ তেওঁৰ কৰ্মজীৱনৰ প্ৰধান সমল হ'লেও তেওঁৰ জীৱনৰ প্ৰধান সমল আছিল হাতৰ কলমটো৷ সেইবাবেই বেজবৰুৱা সদাগৰ নহৈ সাহিত্যৰথী হৈ উঠিছিল৷ এই কথা উল্লেখ কৰি অহা হৈছে যে বেজবৰুৱাই উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যাবলগীয়া হৈছিল৷ কলিকতাত পঢ়ি থকাৰ সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়৷ সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনত মনোনিবেশ কৰে৷ জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে৷ ইয়াৰ পিছত তেওঁ নিৰবিচ্চিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷

[সম্পাদন কৰক] কবিতা পুথি

'কবিতা হয় যদি হওক নহয় যদি নহওক' বুলি বেজবৰুৱাই উচ্চ মানদণ্ডৰ কবিতা ৰচনা কৰিছিল৷ 'কদমকলি' তেওৰ প্ৰথম কবিতা পুথি৷ এই কাব্য পুথি খনত পুৰণি লোকসঙ্গীতৰ আৰ্হিত লিখা বহুতো কবিতা আছে৷ তাৰ ভিতৰত 'ধনবৰ-ৰতনী' 'মালতী' 'নিমাতী কন্যা' আদি উল্লেখ্যযোগ্য৷ স্বদেশ প্ৰীতি তেওঁৰ কবিতাৰ প্ৰধান বিশেষত্ব৷ বেজবৰুৱাৰ দ্বিতীয় কবিতা পুথি হ'ল 'পদুমকলি'৷ কবিতা পুথিখনৰ মাজত অসমৰ প্ৰকৃতি, তেওঁৰ স্বদেশপ্ৰীতি সুন্দৰভাবে প্ৰকাশ পাইছে৷

[সম্পাদন কৰক] নাটক আৰু প্ৰহসন

লিতিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি তেওঁৰ প্ৰধান প্ৰহসন৷ ইয়াৰ ভাষা, সংলাপ, বিষয়বস্তু খুহুতিয়া৷ পাঠকৰ মনত হাস্যৰস অৱতাৰণা কৰাই ইয়াৰ মুল উদ্দেশ্য৷ আনহাতে জয়মতী কুঁৱৰী, বেলিমাৰ, আৰু চক্ৰধ্বজ সিংহ তেওঁৰ গহীন বিষয়ৰ নাটক৷ নাটক কেইখনৰ বিষয়বস্তু ঐতিহাসিক৷ বেজবৰুৱাই ঐতিহাসিক ঘটনাক বিষয়বস্তু হিচাপে ললেও নিজস্বভাৱে কিছু চৰিত্ৰ সৃষ্টি কৰি অসমীয়া সমাজ জীৱনক প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে৷ ইয়াতেই তেওঁৰ মৌলিকতা প্ৰকাশ পাইছে৷ ইয়াৰ উপৰিও বেজবৰুৱাৰ 'নাটৰ কুকি'নামৰ নাট্য সংকলনটোৰ মাজত গদাধৰ ৰজা, বাৰেমতৰা, হ-য-ব-ৰ-ল, হেমলেট, মঙলা পাঁচখন নাট অন্তৰ্ভূক্ত কৰা হৈছে৷

[সম্পাদন কৰক] চুটি গল্প

বেজবৰুৱাৰ সকলো সাহিত্যৰ ভিতৰত অসমীয়া সাহিত্যলৈ শ্ৰেষ্ঠ অৱদান হ'ল অসমীয়া চুটি গল্পৰ সৃষ্টি৷ বেজবৰুৱাৰ আগতে অসমীয়া সাহিত্যত কোনো চুটি গল্পৰ আৰ্হি নাছিল৷ পৰম্পৰাগতভাৱে মানুহৰ মুখে মুখে চলি থকা সাধুকথা বিলাকেই আছিল গল্পৰ দৰে লগা কিছুমান কাহিনী৷ কিন্তু বেজবৰুৱাই তাৰেই আৰ্হিত আৰু প্ৰাচ্য-প্ৰাচাত্য সাহিত্যৰ বিপুল অধ্যয়নৰ ভেটিৰ ওপৰত আধুনিক অসমীয়া চুটিগল্পৰ জন্ম দিছিল৷ সেইবাবে তেওঁৰ চুটি গল্পসমূহৰ মাজত সাধুকথাৰ চাপ দেখা পোৱা যায় তথাপি আংগিকৰ ফালৰ পৰা তেওঁৰ বহুতো চুটিগল্প আধুনিক চুটিগল্পৰ ওচৰ চপা৷ বেজবৰুৱাৰ চুটি গল্পৰ পুথি চাৰিখন৷ সাধুকথাৰ কুঁকি, সুৰভি, আৰু জোনবিৰি তেওঁৰ জীৱিত কালতে প্ৰকাশ পাই যদিও বাঁহি আৰু অন্যান্য আলোচনীত প্ৰকাশিত গল্পসমূহক গোটাই মৃত্যুৰ পিছত কেহুঁকলি নামে এখন গল্প পুথি সংকলন কৰা হয়৷ বেজবৰুৱাৰ গল্প সমূহৰ মূল বিষয়বস্তু আছিল অসমীয়া সমাজ জীৱনৰ প্ৰতিফলন৷ অসমীয়া সমাজ জীৱনৰ পৰাই গল্পৰ কাৰণে প্ৰতিটো চৰিত্ৰ তেওঁ সংগ্ৰহ কৰিছিল আৰু তাৰ মাজেৰে মানুহৰ চাৰিত্ৰিক দিশসমূহ উদঙাই দেখুৱাইছিল৷ গল্পসমূহৰ মাজত অসমীয়া জতুৱা-ঠাচ, খণ্ড-বাক্য, প্ৰবাদ-প্ৰৱচনৰ প্ৰয়োগেৰে অসমীয়া ভাষাৰ সুন্দৰ প্ৰয়োগ মনকৰিবলগীয়া বিশেষত্ব৷

[সম্পাদন কৰক] উপন্যাস

পদুম কুঁৱৰী বেজবৰুৱাৰ একমাত্ৰ উপন্যাস৷ উপন্যাসখনত ঐতিহাসিক পটভূমিত লিখা এটা প্ৰেম কাহিনী অন্তৰ্ভূক্ত কৰা হৈছে৷

[সম্পাদন কৰক] জীৱনী

বেজবৰুৱাই পুৰণি চৰিত পুথিৰ পৰা সাৰ সংগ্ৰহ কৰি মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ জীৱনী আধুনিক সময়ৰ বাবে ৰচনা কৰিছে৷ তেওঁ পুথিকেইখনত মহাপুৰুষ দুজনাক সম্পূৰ্ণ মানৱীয় দৃষ্টিভঙ্গীৰে অংকন কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁৰ 'শ্ৰীশ্ৰীশঙ্কৰদেৱ' আৰু 'শ্ৰীশ্ৰ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ' দুখন অমূল্য জীৱনী৷ ইয়াৰ উপৰিও তেওঁৰ দীননাথ বেজবৰুৱাৰ জীৱনৰ ওপৰত আধাৰিত 'দীননাথ বেজবৰুৱা চৰিত' নামে এখন জীৱনী ৰচনা কৰিছে৷ য'ত তেওঁৰ পিতৃভক্তিত প্ৰকাশ পাইছে৷

[সম্পাদন কৰক] আত্মজীৱনী

'মোৰ জীৱন সোঁৱৰণ' বেজবৰুৱাৰ আত্মজীৱনী৷ ইয়াত সমসাময়িক সমাজ ব্যৱস্থাৰ লগতে বেজবৰুৱাৰ জীৱনৰ মহত্ব প্ৰকাশ পাইছে৷

[সম্পাদন কৰক] লোক-সাহিত্য উদ্ধাৰ

সমাজত মানুহৰ মুখে মুখে প্ৰচলিত লোক-সাহিত্যৰ সমল সাধুকথাবিলাকক সংগ্ৰহ কৰি বেজবৰুৱাই দুখন পুথি ৰচনা কৰে৷ 'ককাদেউতা আৰু নাতি ল'ৰা', 'বুঢ়ী আইৰ সাধু' আৰু 'জুনুকা'তিনিখন শিশু উপযোগি গ্ৰন্থ৷ ইয়াক বেজবৰুৱাই শিশু সকলৰ বাবে কাহিনীসমূহ মনোমহা ৰূপত ৰচনা কৰিছে৷

[সম্পাদন কৰক] ৰম্য ৰচনা

অসমীয়া সাহিত্যলৈ বেজবৰুৱাৰ আটাইতকৈ ডাঙৰ অৱদান হ'ল তেওঁৰ কৃপাবৰ বৰুৱা ছদ্মনামত লিখা ৰম্য ৰচনা সমূহ৷ ইয়াৰ বাহিৰেও তেওঁৰ অন্যান্য ৰচনাৰ মাজতো হাস্যৰসৰ প্ৰভাৱ দেখা যায়৷ কিন্তু কৃপাৱৰ বৰুৱাৰ নামত লিখা ৰচনা সমূহৰ মুল উদ্দেশ্যই আছিল হাস্যৰসৰ মাজেৰে সমাজৰ ভণ্ডামি, কপটতা, গোৰামি আদি দেখুৱাই সমাজখন সংস্কাৰ কৰা৷ ইয়াৰ বাবে তেওঁ 'বাঁহী' আলোচনীকে ধৰি অন্যান্য বহু আলোচনীত অসংখ্য ৰচনা লিখিছিল৷ এই সকলো ৰচনাকে গোটাই কেইবাখনো গ্ৰন্থ প্ৰস্তুত কৰা হৈছে৷ তাৰ ভিতৰত 'কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা','কৃপাবৰ বৰুৱাৰ ওভতনি','কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি','কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)','কৃপাবৰ বৰুৱাৰ চিন্তাৰ শিলগুটি','বৰবৰুৱাৰ বুলনি', বৰবৰুৱাৰ সাহিত্য ৰহস্য','কৃপাবৰ বৰুৱাৰ সামৰণি' উল্লেখযোগ্য৷ ইয়াৰ বাহিৰেও 'বাঁহী'ৰ পাতত তেওঁ 'কাহুদি আৰু খাৰলি' নামেৰে বহুতো হাস্যৰসাত্মক ভাৱত চিন্তনীয় বিষয় বস্তু প্ৰকাশ কৰিছে৷ বিমল হাস্যৰসৰ লগতে অসমীয়া সমাজ জীৱনৰ প্ৰতিফলনে এই ৰচনা সমূহক অভিনৱত্ব প্ৰদান কৰিছে৷

[সম্পাদন কৰক] চিন্তামূলক গ্ৰন্থ

ভাগৱত কথা, তত্ত্বকথা এই দুয়োখন বেজবৰুৱাৰ গভীৰ চিন্তামূলক গ্ৰন্থ৷ ইয়াত তেওঁ ভগৱান কৃষ্ণৰ বিভিন্ন দিশ, তেওঁৰ মহিমা তাত্বিকভাৱে বিশ্লেষণ কৰিছে৷ আনহাতে সাধাৰণ পাঠকৰ কাৰণেও ই সমানেই বোধগম্য হৈ পৰিছে৷ ইয়াৰ বাহিৰেও বেজবৰুৱাই নিজৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ পৰা লাভ কৰা জ্ঞান সৰু ল'ৰা-ছোৱালীৰ কাৰণে সহজ ভাষাত বুজি পাব পৰাকৈ 'বাখৰ' আৰু 'কামত কৃতিত্ব লভিবৰ সংকেত' নামৰ দুখন পুথি ৰচনা কৰিছে৷ মূলত শিশুৰ কাৰণে হ'লেও ইয়াৰ মাজত জীৱনৰ যাত্ৰা পথত বাট হেৰুৱা সকলোৱে এটি সুন্দৰ পথৰ সন্ধান যে পাব তাক দৃঢ়ভাৱে ক'ব পাৰি৷

ইয়াৰ বাহিৰেও বেজবৰুৱাই 'ভাৰতবর্ষৰ বুৰঞ্জী' ইংৰাজিৰ পৰা অনুবাদ কৰিছিল৷ পুথি সমালোচক হিচাপেও বেজবৰুৱা এজন দক্ষ সমালোচক হিচাপে নিজকে চিনাকি দিছিল৷ অসমৰ 'সাহিত্য প্ৰকাশনে' বেজবৰুৱাৰ সমগ্ৰ ৰচনাসমূহক তিনিখন ৰচনাৱলীৰ মাজত একত্ৰভাৱে সংৰক্ষণ কৰি ৰাখিছে৷ প্ৰায় ১০,০০০ পৃষ্ঠাৰ মাজত আৱদ্ধ ৰচনাসমূহৰ মাজত ইয়াৰ বাহিৰেও অনেক সৰু-বৰ ৰচনা বিচাৰি পোৱা যায়৷ য'ত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি উজ্জ্বল ৰূপত প্ৰতিফলিত হৈ উঠিছে৷

[সম্পাদন কৰক] বেজবৰুৱাৰ বিশেষত্ব

বেজবৰুৱাৰ বিশেষত্ব তেওঁৰ ৰচনাসমূহৰ মাজতে প্ৰতিফলিত হৈ আছে৷ অসমীয়া ভাষাৰ মূল কালিকাটো অনুধাৱন কৰি তাক তেওঁ ৰচনাৰ মাজত ধৰি ৰাখিছিল৷ তেওঁ প্ৰতিটো বিষয়কে ৰসাল কৰি উপস্থাপন কৰিব পাৰিছিল৷ গল্প, প্ৰৱন্ধ, তত্ত্বকথা, সকলোতে বেজবৰুৱাৰ সাহিত্যই সাধাৰণ পাঠকৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণী পাঠকক সমানে গুৰুত্ব দিছিল৷ মূলত সেই সময়ৰ অসমীয়া সমাজখনক সকলো ক্ষেত্ৰতে নিকা কৰিবৰ কাৰণেই হাতত কলম তুলি ল'লেও তেওঁৰ কলমে য'তেই হাল চলাইছিল তাতেই উত্কৃষ্ট মানৰ সাহিত্য সৃষ্টি হৈছিল৷

[সম্পাদন কৰক] সামৰণি

বেজবৰুৱা এজন আশাবাদী, উদাৰমনৰ আৰু দেশপ্ৰেমিক লোক আছিল৷ সমাজৰ দোষ-ত্ৰুটিবোৰ আঁতৰাই সমাজখন নিকা কৰি নতুন সমাজ গঢ়াৰ আশা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' তেওঁৰ ওপজা মাটিৰ প্রতি থকা গভীৰ মৰমবোধৰ চিন৷ এই গানতো অসমৰ জাতীয় সংগীত হিচাপে গ্রহন কৰা হৈছে। বেজবৰুৱাদেব অসমীয়া ভাষা পুণৰউদ্ধাৰৰ যুজঁৰ এজন বিশাল সেনাপতি। অসমীয়া ভাষা-সংস্কৃতি বেজবৰুৱাৰ মেধাৰ ওচৰত চিৰ ঋণী হৈ থাকিব।

আন ভাষাত