লক্ষ্মীনাথ বেজবৰুৱা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
লক্ষ্মীনাথ বেজবৰুৱা
জন্ম ১৮৬৮, ১৪ অক্টোবৰ
আহঁতগুৰি
মৃত্যু ১৯৩৮, ২৬ মাৰ্চ
ডিব্ৰুগড়
পেচা গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা বি.এ
সময় ১৮৬৮-১৯৩৮
উল্লেখনীয় কৰ্মৰাজী মোৰ জীৱন সোঁৱৰণ
শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
উল্লেখযোগ্য বঁটা অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন),
অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন)
জীৱনসংগী প্ৰজ্ঞাসুন্দৰী দেৱী

লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷

সূচী

[সম্পাদনা কৰক] জন্ম

লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল৷ ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁওৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল৷ সেইসময়ত আজিকালিৰ দৰে যানবাহানৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল৷ সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা৷ গধুলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাওবান্ধি ৰাতিৰ ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছিল৷ দীননাথ বেজবৰুৱাৰ সৰু গৰাকী পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত ৰান্ধিবলৈ ধৰি গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে৷ এই সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷ এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী দেখাৰ আগতেই জুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ 'মোৰ জীৱন সোঁৱৰণ' ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল৷ তেওঁ উল্লেখ কৰা চনটো হ'ল ১৮৬৮ খৃষ্টাব্দ, নৱেম্বৰ মাহ৷ আনহাতে তেওঁ নিজকে সেইবাবে "ভূমিষ্ঠ নহৈ নৌকাষ্ঠ হলোঁ" বুলিহে উল্লেখ কৰিছে৷[1]

বৰ্তমান অসম সাহিত্য সভাই তেওঁৰ জন্ম চন ১৮৬৪ চনৰ ১৪ অক্টোবৰ বুলি নিশ্চিত কৰিছে৷[2] আনহাতে বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডত প্ৰকাশিত দিনলিপিত তেওঁ ১৯৩২ চনৰ ১৩ অক্টোবৰ বৃহস্পতিবাৰৰ দিনলিপিত “My birthday, fed Senapatis etc.” বুলি উল্লেখ কৰিছে৷[3] এই ফালৰ পৰা বেজবৰুৱাৰ জন্ম তাৰিখ ১৩ অক্টোবৰ বুলিও অনুমান কৰিব পাৰি৷

[সম্পাদনা কৰক] শিক্ষা

Bezbaruah.png

বেজবৰুৱাই দেউতাকৰ চাকৰীৰ বদলিৰ লগে লগে প্ৰথম অৱস্থাত তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল৷ শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়িভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ১৮৮৬ খ্ৰীষ্টাব্দ এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰে৷ এণ্ট্ৰেঞ্চ পৰীক্ষাত পাছ কৰাৰ পিছতে বেজবৰুৱা উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল৷ কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল৷ প্ৰথম অৱস্থাতে কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে৷ দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে দোধোৰ মোধোৰ অৱস্থাত থকাৰ কাৰণে তেওঁৰ নাম লগোৱাত দেৰী হয়৷ ফলত আন ছাত্ৰতকৈ তেওঁ ক্লাছত পিছ পৰি যাব লগা হৈছিল৷ অধ্যাপকে দিয়া ক্লাছৰ লেক্‌চাৰবোৰ একোকে বুজিব নোৱাৰি তেওঁৰ মন নৈৰাশ্যৰে ভৰি পৰিছিল৷ এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে সামৰি ঘৰলৈ ঘূৰি আহিল৷ কিন্তু শেষত পুনৰ কলিকতালৈ গৈ কলেজ ষ্ট্ৰীটৰ এটা ছাত্ৰাৱাসত থাকি চিটি কলেজত পঢ়া-শুনা কৰে৷ ১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেমব্লি কলেজৰ পৰা বেজবৰুৱাই বি-এ পাছ কৰে৷ এজন ওখ খাপৰ উকিল হোৱাৰ ইচ্ছাৰে তেওঁ পুনৰ ৰিপন কলেজত আইন পঢ়িবলৈ আৰম্ভ কৰিছিল৷ লগতে প্ৰেছিডেন্সি কলেজত এম-এ শ্ৰেণীতো নাম লগাইছিল৷ কিন্তু শেষত বেজবৰুৱা জীৱনৰ প্ৰাকচক্ৰত পৰি আইন পৰীক্ষা (বি.এল) আৰু একে সময়তে চলি থকা এম.এ পৰীক্ষা দুয়োটাতে উত্তীৰ্ণ হ’ব পৰা নাছিল৷ ইয়াতেই বেজবৰুৱাৰ শিক্ষা জীৱনৰ অন্ত পৰে আৰু জীৱনত উকীল নহও বুলি দৃঢ় সংকল্প গ্ৰহণ কৰে৷[4]

[সম্পাদনা কৰক] বৈবাহিক জীৱন

বি.এ পাছ কৰাৰ ঠিক পাচতেই ১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথৰ বিয়া হয়৷[5] বেজবৰুৱাৰ চাৰিগৰাকী কন্যাৰ জন্ম হৈছিল৷৷

[সম্পাদনা কৰক] কৰ্ম-জীৱন

বেজবৰুৱাই আইন আৰু এম.এ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী প্ৰতিষ্ঠান ‘বৰুৱা-ফুকন-ব্ৰাদাৰ্স’ৰ মেনেজাৰ ভোলানাথ বৰুৱাৰ লগত সাক্ষাৎ হয়৷ সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল৷ লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ কাৰবাৰ আৰম্ভ কৰে৷ পিছলৈ ১৯১৬ চনৰ পৰা ১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা কাঠৰ ব্যৱসাযৰ বাবে সম্বলপুৰত থাকিবলৈ লয়৷[6]

[সম্পাদনা কৰক] সাহিত্যিক জীৱন

বেজবৰুৱাৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল কলিকতাত পঢ়ি থকাৰ সময়তে৷ কলিকতাত পঢ়ি থকাৰ সময়তেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পায়৷ সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ এই 'জোনাকী'ৰ পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনত মনোনিবেশ কৰে৷ জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে৷[7] ইয়াৰ পিছত তেওঁ নিৰবিচ্চিন্নভাৱে অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷ বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল৷ বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা, ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল৷

[সম্পাদনা কৰক] সন্মান

বেজবৰুৱাৰ নামত থকা ডাকটিকট


[সম্পাদনা কৰক] বেজবৰুৱাৰ সাহিত্যৰাজি

বেজবৰুৱাৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি৷

[সম্পাদনা কৰক] আত্ম-জীৱনী আৰু জীৱনী

  • মোৰ জীৱন সোঁৱৰণ
  • ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত
  • শ্ৰীশ্ৰী শংকৰদেৱ
  • শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ

[সম্পাদনা কৰক] চিন্তাশীল ৰচনা

  • তত্ত্বকথা
  • শ্ৰীকৃষ্ণকথা
  • ভগৱৎ কথা

[সম্পাদনা কৰক] উপন্যাস

  • পদুমকুঁৱৰী

[সম্পাদনা কৰক] গল্প পুথি

  • সুৰভি
  • সাধুকথাৰ কুঁকি
  • জোনবিৰি
  • কেহোঁকলি

[সম্পাদনা কৰক] সাধুকথা আৰু শিশু সাহিত্য

  1. মেকুৰীৰ জীয়েকৰ সাধু
  2. বান্দৰ আৰু শিয়াল
  3. ঔ-কুঁৱৰী
  4. ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
  5. এজনী মালিনী আৰু এজোপাৰ ফুল
  6. বুধিয়ক শিয়াল
  7. বাঘ আৰু কেঁকোৰা
  8. তেজীমলা
  9. বুঢ়া-বুঢ়ী আৰু শিয়াল
  10. দীঘল ঠেঙীয়া
  1. গঙ্গাটোপ
  2. নুমলীয়া পো
  3. সৰবজান
  4. এটা শিঙৰা মাছৰ কথা
  5. এটা বলী মানুহ
  6. চিলনী জীয়েকৰ সাধু
  7. তুলা আৰু তেজা
  8. কটা যোৱা নাক,খাৰণী দি ঢাক
  9. তীখৰ আৰু চুটিবাই
  10. চম্পাৱতী
  1. জৰদগৱ ৰজাৰ উপাখ্যান
  2. পানেশৈ
  3. জোঁৱাইৰ সাধু
  4. কুকুৰীকণা
  5. ভেকুলীৰ সাধু
  6. তাৱৈয়েকৰ সাধু
  7. লটকন
  8. লখিমী তিৰোতা
  9. দুই বুধিয়ক
  10. কাঞ্চনী

[সম্পাদনা কৰক] বৈষয়িক গদ্য

  • বাখৰ
  • কামত কৃতিত্ব লভিবৰ সংকেত

[সম্পাদনা কৰক] নাটক

ধেমেলীয়া নাটক (প্ৰহসন)

  • লিতিকাই
  • নোমল
  • পাচনি
  • চিকৰপতি নিকৰপতি

নাটৰ কুকি

  • গদাধৰ ৰজা
  • বাৰেমতৰা
  • হ-য-ব-ৰ-ল
  • হেমলেত
  • মঙলা

বুৰঞ্জীমূলক নাটক

  • চক্ৰধ্বজ সিংহ
  • জয়মতী কুঁৱৰী
  • বেলিমাৰ

[সম্পাদনা কৰক] ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা

  • কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
  • কৃপাবৰ বৰুৱাৰ ওভতনি
  • বৰবৰুৱাৰ বুলনি
  • বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
  • বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
  • বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
  • বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
  • কৃপাবৰ বৰুৱাৰ সামৰণি

[সম্পাদনা কৰক] অনুবাদ

  • ভাৰতবৰ্ষৰ বুৰঞ্জী

[সম্পাদনা কৰক] অন্যান্য

  • অসমীয়া ভাষা আৰু সাহিত্য
  • পত্ৰলেখা
  • কাঁহুদী আৰু খাৰলি
  • সম্পাদকৰ চ'ৰা

[সম্পাদনা কৰক] মৃত্যু

বেজবৰুৱাই জীৱনৰ অন্তিম সময়খিনি সম্বলপুৰ, বৰোডা, বোম্বাই, নাগপুৰ আদি বিভিন্ন ঠাইত কটোৱাৰ পিছত ১৯৩৭ চনৰ ১৮ আগষ্টত অসমলৈ ঘূৰি আহে৷ ইয়াতেই ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে বেজবৰুৱাৰ মৃত্যু হয়৷[8]

[সম্পাদনা কৰক] লগতে চাওক

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা-৯-১১
  2. অসমীয়া প্ৰতিদিন, ২৭ অক্টোবৰ, ২০০৭
  3. বেজবৰুৱা গ্ৰন্থাৱলী, তৃতীয় খণ্ড, সাহিত্য প্ৰকাশন, পৃষ্ঠা-২৯৩০
  4. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা-১০, ৮৩, ১০৯, ১৩৪
  5. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা-১১৬, ১২৪
  6. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা
  7. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃষ্ঠা- ৯০, ৯২, ৯৩
  8. লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, প্ৰবন্ধ- বেজবৰুৱাৰ জীৱন-আলেখ্য, লেখক- নৱকান্ত বৰুৱা, পৃষ্ঠা-১

[সম্পাদনা কৰক] প্ৰসঙ্গ পুথি

  • সাহিত্যৰথী, ডঃ প্ৰফুল্ল কটকী, জ্যোতি প্ৰকাশ, ২০০৬
  • মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, বাণী মন্দিৰ, ২০০৬
  • লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, ১৯৬৪
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত