লখিমপুৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লখিমপূৰৰ পৰা পুনঃনিৰ্দেশিত)
লখিমপুৰ জিলা
—  জিলা  —
অসমত জিলাখনৰ অবস্থান
দেশ ভাৰত ভাৰত
ৰাজ্য অসম
সদৰ উত্তৰ লখিমপুৰ
মাটিকালি
 - মুঠ 2,277 কি.মি. (879.2 বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ 10,40,644
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
ৱেবছাইট www.lakhimpur.nic.in

লখিমপুৰ বা লক্ষীমপুৰ হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা। ইয়াৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে যোৰহাট জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা

সূচী

লখিমপুৰ (লক্ষীমপুৰ) নামৰ উৎপত্তি [1] [সম্পাদনা কৰক]

জিলাখনৰ লক্ষীমপুৰ নামকৰণৰ বিষয়ে কেইবাটাও তথ্য প্ৰচলিত। ঐতিহাসিক দৃষ্টিভঙ্গীৰে চালে দেখা যায় শদিয়াৰ চুতীয়া ৰাজ বংশৰ এটা ঠালে লক্ষীমপুৰ চহৰৰ পৰা পাচঁ মাইল নিলগৰ ধল আৰু ঘাগৰ নৈৰ মাজত এখন চহৰ প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰিছিল। পৰৱৰ্তী কালত ৰজা সত্যনাৰায়ণ আৰু ৰজা লক্ষ্মীনাৰায়ণ প্ৰদত্ত দেৱোত্তৰ, ব্ৰহ্মোত্তৰ মাটি দান কৰা তামৰ ফলি উদ্ধাৰ হোৱাত প্ৰমাণ হয় যে ৰজা লক্ষ্মীনাৰায়ণৰ নামেৰে এই অঞ্চলৰ নাম লক্ষীমপুৰ হয়। প্ৰত্নতাত্তিক তথা প্ৰখ্যাত বুৰঞ্জীবিদ স্বৰ্গীয় সৰ্বেশ্বৰ বৰুৱা দেৱে এই তামৰ ফলি দুখনৰ পাঠোদ্ধাৰ কৰি যুক্তিসহকাৰে প্ৰমাণ কৰিছিল যে ৰজা লক্ষ্মীনাৰায়ণৰ নামেৰেহে এই অঞ্চলৰ নামেৰেহে এই নামকৰণ। আন এটা মতানুসাৰে এই নাম বাৰভূঞা সকলৰ উৎপত্তিৰ উল্লেখ থকা আদি চৰিত নামৰ পুথিত বাৰভূঞা সকলৰ বুঢ়ীমাক লক্ষীআইৰ নামেৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮৩৮ চনত শেষ আহোম ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহক উজনি অসমৰ কৰতলীয়া ৰজা পদৰ পৰা অৱসৰ দি, পশ্চিমে বিশ্বনাথ আৰু পূবে চিচি ধেমাজি এই দুই ঠাই এৰি তাৰ মাজৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে থকা অঞ্চলটো লৈ প্ৰথমে গঠন কৰোঁতেই ইয়াক লক্ষীমপুৰ নামেৰে অভিহিত কৰা হয় (অসম লেণ্ড ৰেভিনিউ ৰেগুলেচনৰ পাতনি ৩৮, ১৯০৫ চন)। ইং ১৮৪২ চনত বৃটিছে শদিয়া আৰু মটক ৰাজ্য নিজ দখললৈ অনাৰ পিছত জিলাৰ আকাৰ বৃহৎ হোৱাত আৰু লক্ষীমপুৰৰ আওহতীয়া অৱস্থিতি, যাতায়তৰ অসুবিধাৰ বাবে জিলাৰ সদৰ দক্ষিণ পাৰৰ ডিব্ৰুগড় চহৰলৈ স্থানান্তৰিত কৰিলে আৰু উত্তৰ পাৰৰ ভূখণ্ডক এটা মহকুমা কৰি নাম থ’লে উত্তৰ লক্ষীমপুৰ। ইং ১৯৭১ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত মহেন্দ্ৰ মোহন চৌধুৰীৰ আদেশ মৰ্মে লক্ষীমপুৰ জিলাক দ্বিখণ্ডিত কৰি ডিব্ৰুগড় আৰু লক্ষীমপুৰ জিলা গঠন কৰে। এই নতুন জিলাখনক পুনৰ ইং ১৯৮৯ চনত দ্বিখণ্ডিত কৰি লক্ষীমপুৰ আৰু ধেমাজি জিলা নামকৰণেৰে দুখন পৃথক জিলাৰ সৃষ্টি কৰিলে।

ভৌগোলিক অৱস্থিতি [সম্পাদনা কৰক]

অসমৰ উত্তৰ-পূব অংশত লখিমপুৰ জিলাৰ অৱস্থান। অক্ষাংশ ২৬° ৪৮' উত্তৰৰপৰা ২৭° ৫৩' উত্তৰলৈ; আৰু দ্ৰাঘিমাংশ ৯৩° ৪২' পূবৰপৰা ৯৪° ২০' পূবলৈ বিস্তৃত।

জলবায়ু [সম্পাদনা কৰক]

হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই জিলাৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ।



বুৰঞ্জী [সম্পাদনা কৰক]


ভাষা [সম্পাদনা কৰক]

অসমীয়া হ'ল প্ৰধান ভাষা।

মাটিকালি [সম্পাদনা কৰক]

মুঠ মাটিকালি- ২২৭৭ বৰ্গ কিলোমিটাৰ [2]

মুঠ জনসংখ্যা [সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১০,৪০,৬৪৪ [3]৷ ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৭.০৫%[4]

জনবসতিৰ ঘনত্ব [সম্পাদনা কৰক]

জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৫৭ জন [5]

সাক্ষৰতাৰ হাৰ [সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭৮.৩৯% ৷ পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪.৬৬% আৰু ৭১.৯১%[6]

জিলাৰ সদৰ [সম্পাদনা কৰক]

উত্তৰ লখিমপুৰ

মহকুমা [সম্পাদনা কৰক]

দুখন মহকুমা - উত্তৰ লখিমপুৰ আৰু ঢকুৱাখনা

লখিমপুৰৰ উল্লেখযোগ্য [সম্পাদনা কৰক]

লক্ষীমপুৰ জিলাৰ নগৰ/চহৰ [সম্পাদনা কৰক]

ঐতিহাসিক স্থানসমূহ [সম্পাদনা কৰক]

  • ৰজাবাৰী
  • হাৰ্হি দেৱালয়
  • গৰখীয়া দৌল
  • নীল দেৱালয়
  • পঞ্চানন দেৱালয়
  • লোণপানী দৌল
  • মাঘনোৱা দৌল আৰু দোতোলা
  • ফুলবাৰী দেৱালয়
  • বুটীকুৰ
  • চাউলধোৱা
  • দুলুংমুখ
  • কদম
  • খগা
  • হাতীলুং
  • পকা দ’ল পিঠাগুৰি
  • হাৰমতী
  • ৰাজগড় আলি
  • বৈঠাৱতী দেৱালয়
  • মুঢ়া ভগা দ’ল
  • বুঢ়ী গোসাঁনীৰ থান
  • দেওঘৰ
  • ঘাৰমৰা সত্ৰ
  • নাহৰ আটি সত্ৰ
  • বিষ্ণু বালিকুচি
  • লেতেকু পুখুৰী
  • বেলগুৰি থান বা সত্ৰ
  • পুণীয়া সত্ৰ
  • চাঙিনী থান
  • বাহজেঙনী সত্ৰ

শিক্ষানুষ্ঠান [সম্পাদনা কৰক]

  • উত্তৰ লখিমপুৰ মহাবিদ্যালয়
  • লক্ষীমপুৰ বালিকা মহাবিদ্যালয়
  • লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়
  • লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়
  • লক্ষীমপুৰ আইন মহাবিদ্যালয়
  • স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়
  • লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়
  • ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়
  • ঢকুৱাখনা মহাবিদ্যালয়
  • ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়
  • শংকৰদেৱ মহাবিদ্যালয়
  • ওম প্ৰকাশ দিনোদিয়া মহাবিদ্যালয় (পানীগাঁও)
  • মাধৱদেৱ মহাবিদ্যালয়
  • বিহপুৰীয়া মহাবিদ্যালয়
  • বিহপুৰীয়া বাণিজ্য মহাবিদ্যালয়
  • পূব ডিক্ৰং মহাবিদ্যালয়
  • লালুক মহাবিদ্যালয়
  • নাওবৈচা মহাবিদ্যালয়
  • ভিবিৰাম হাজৰিকা মহাবিদ্যালয়
  • খেৰাজখাত মহাবিদ্যালয়
  • ব্ৰহ্মপুত্ৰ ভেলী একাডেমী
  • জিনিয়াছ একাডেমী
  • উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • উত্তৰ লক্ষীমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • পদ্মনাথ গোহাঞিবৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • লোহিত-ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • শংকৰদেৱ কলেজিয়েট
  • খ'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • নামনি সোৱনশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • টাউন হাইস্কুল
  • জন ফাৰ্থ হাইস্কুল
  • বসন্তলতা বিশ্বেশ্বৰ চাংকাকতি সোঁৱৰণী শংকৰদেৱ শিশু নিকেতন, লখিমপুৰ
  • পিছলা নেশ্যনেল একাডেমি, নাৰায়ণপুৰ
  • সংগম একাডেমী
  • এচিয়ান পাব্লিক স্কুল
  • টাউন হাই মাদ্ৰাছা স্কুল
  • ৰে’লৱে স্কুল
  • লীলাৱতী বৰদলৈ হিন্দী স্কুল
  • টোল আদৰ্শ প্ৰাথমিক বিদ্যালয়

সাংস্কৃতিক অনুষ্ঠান [সম্পাদনা কৰক]

  • পঞ্চানন নাট্য মন্দিৰ
  • নট সৈনিক
  • নাবিক

লক্ষীমপুৰ জিলাৰ উল্লেখযোগ্য ৰাজহুৱা প্ৰতিষ্ঠান [সম্পাদনা কৰক]


লক্ষীমপুৰ জিলাৰ উল্লেখযোগ্য ব্যক্তি [সম্পাদনা কৰক]

  • গনেশ পেগু
  • বিশ্ব বৰুৱা
  • ড° চন্দ্ৰধৰ চমুৱা
  • জীৱন বৰা
  • তোষেশ্বৰ চেতিয়া
  • হৰেন্দ্ৰ দেৱগোস্বামী
  • শিৱ শৰ্মা
  • অনু বৰুৱা
  • দেবেন বৰগোঁহাই
  • চন্দ্ৰকমল গগৈ
  • আলি হাইদৰ
  • মুনীন ভূঞা
  • ঘন হাজৰিকা
  • ইন্দ্ৰ বনিয়া


তথ্য সংগ্ৰহ [সম্পাদনা কৰক]

  1. ..'লক্ষীমপুৰ'-লক্ষীমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্বৰ্ণজয়ন্তী স্মাৰক গ্ৰন্হ, সম্পাদনা- হিৰণ্য সভাপণ্ডিত আৰু অৰবিন্দ ৰাজখোৱা..
  2. ..http://lakhimpur.nic.in/..
  3. ..http://lakhimpur.nic.in/profile.htm..
  4. ..http://lakhimpur.nic.in/profile.htm..
  5. ..http://lakhimpur.nic.in/profile.htm..
  6. ..http://lakhimpur.nic.in/profile.htm..

বাহ্যিক সংযোগ [সম্পাদনা কৰক]