লতা মংগেশকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লতা মংগেশকাৰ
প্ৰাথমিক তথ্য
জন্ম ছেপ্টেম্বৰ ২৮, ১৯২৯
ইন্দোৰ, ব্ৰিটিছ সাম্ৰাজ্য (বৰ্তমানমধ্যপ্ৰদেশ, ভাৰত)
সংগীতৰ প্ৰকাৰ চলচ্চিত্ৰৰ গান (playback singing)
পেচা গায়িকা
বাদ্যযন্ত্ৰ কন্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৪২ - বৰ্তমান


লতা মংগেশকাৰৰ (মাৰাঠী: लता मंगेशकर); জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী এগৰাকী সুকন্ঠী নেপথ্য গায়িকা হিচাবে জনপ্ৰিয়। লতাজীয়ে এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কন্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে।[1][2]

ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিযভাৱে কাম কৰিছে। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কন্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেঁওক 'ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একছত্ৰী সম্ৰাজ্ঞী' আখ্যা দিছিল[উদ্ধৃতিৰ প্ৰয়োজন]

শৈশৱকাল[সম্পাদনা কৰক]

মধ্য প্ৰদেশইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ সূপুত্ৰী লতাজীয়ে জন্মগ্ৰহন কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন পালন মহাৰাষ্ট্ৰত কৰা হয়।

নাটক[সম্পাদনা কৰক]

দেউতাকৰ মৃত্যুৰ পাছত আৰ্থিক অনাটনত পৰি লতাই কেইখনমান হিন্দী আৰু মাৰাঠী ছবিত অভিনয় কৰিছিল। অভিনেত্ৰীৰূপে তেঁওৰ প্ৰথম কথাছবি আছিল- পাহিলী মংগলাগৌৰ (১৯৪২); পিছলৈ লতাজীয়ে চিমুকলা সংসাৰ (১৯৪৩) , গজভাউ (১৯৪৪), বড়ী মা (১৯৪৫), জীৱন যাত্ৰা (১৯৪৬), ছত্ৰপতি শিবাজী (১৯৫২) আদি বিভিন্ন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।

সংগীত[সম্পাদনা কৰক]

১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে। গীতটোৰ লগে লগে লতাজীৰ মধুৰ কন্ঠৰ বিষয়েও চৰ্চা হ'ল। ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ স্থিতি সুদৃঢ় কৰিলে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালাশীৰ্ষক গীতটোৱে লতাজীক বহু চৰ্চিত কৰিলে। ইয়াৰ পিছত লতাজীয়ে আৰু পিছলৈ ঘুৰি চাব লগা হোৱা নাই।

পুৰস্কাৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

অধিক তথ্য[সম্পাদনা কৰক]

  • Bhimani, Harish (1995). In search of Lata Mangeshkar. Indus. ISBN 978-8172231705. 
  • Bharatan, Raju (1995). Lata Mangeshkar: A Biography. UBS Publishers Distributors. ISBN 978-8174760234. 
  • Kabir, Nasreen Munni (2009). Lata Mangeshkar: In Her Own Voice. Niyogi Books. ISBN 978-8189738419. 
  • Lata, Mangeshkar (1995). Madhuvanti Sapre and Dinkar Gangal. ed (in Punjabi ভাষাত). In search of Lata Mangeshkar. Harper Collins/Indus. ISBN 978-8172231705. . A collection of articles written by Lata Mangeshkar since 1952.
  • Nerurkar, Vishwas (in Marathi ভাষাত). Lata Mangeshkar Gandhar Swaryatra (1945-1989). প্ৰকাশক Mumbai: Vasanti P. Nerukar. .
  • Bichhu, Mandar V. (1996) (in Hindi ভাষাত). Gaaye Lata, Gaaye Lata. প্ৰকাশক Sharjah: Pallavi Prakashan. ISBN 978-8172231705. . A collection of articles written by Lata Mangeshkar since 1952.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]