লাজুকী বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাজুকী বান্দৰ (Bengal slow loris)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Lorisidae
গণ: Nycticebus
প্ৰজাতি: N. bengalensis
বৈজ্ঞানিক নাম
Nycticebus bengalensis
(Lacépède, 1800)
লাজুকী বান্দৰৰ গোলকীয় বিতৰণ
সমাৰ্থক[1][2]

লাজুকী বান্দৰ (ইংৰাজী: Bengal slow loris) প্ৰধানতঃ ভাৰত উপমহাদেশ তথা ইণ্ডোনেচিয়াত পোৱা বান্দৰৰ এটা প্ৰজাতি৷ সমগ্ৰ বিশ্বত পোৱা অন্যান্য পাঁচটা লাজুকী বান্দৰৰ প্ৰজাতিৰ ভিতৰত এই প্ৰজাতিটোয়ে আটাইতকৈ বহুলভাৱে বিস্তৃত ৷ এই জন্তুবিধৰ মুৰটো ঘুৰণীয়া, সমতল মুখমণ্ডল, বৃহৎ চকু, ক্ষুদ্ৰাকৃতিৰ কাণ তথা নোমাল দেহ ইয়াৰ দেহৰ প্ৰধান বৈশিষ্ট্য৷

নামকৰণ[সম্পাদনা কৰক]

An old drawing of a Bengal slow loris sitting on a branch with another moving between branches in the background
লাজুকী বান্দৰক পোনপ্ৰথমে ২০০১ চনত পৃথক প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হয়৷ তাৰ আগলৈকে ইয়াক উপ-প্ৰজাতি ৰূপে গণ্য কৰা হৈছিল

পূৰ্বতে সুন্দা লাজুকী বান্দৰৰ উপপ্ৰজাতি ৰূপে গণ্য কৰা এই জন্তু বিধে ২০০১ চনত পোনপ্ৰথমে পৃথক প্ৰজাতিৰ স্বীকৃতি পায়৷ অন্যান্য আঞ্চলিক ভাষাত এই প্ৰাণীবিধৰ নামবোৰ এনেধৰণৰ- বড়ো-নীলাজী মাকৰা,হিন্দী- মৰমিন্দি বিল্লি, বাংলা- লজ্জাৱতী বান্দৰ, গাৰো- গলুই ডুৰক, মিজো-চাহুয়াই, মণিপুৰী- সমৰোক গেমকক, খাচী- ইয়াপনঁঙ ইত্যাদি [3]

বিৱৰণ[সম্পাদনা কৰক]

লাজুকী বান্দৰৰ শৰীৰ ঘন নোমেৰে আৱৰা৷ দেহৰ বৰণ ছাই বৰণীয়া, খয়েৰীৰ পৰা বগা ধৰণৰ৷ দেহ সৰু, ঘুৰণীয়া মুখৰ অধিকাংশ আৱৰি বৃহৎ চকুযোৰ , কাণ ক্ষুদ্ৰাকৃতিৰ৷ সমগ্ৰ দেহ ভেলভেট ৰঙৰ নোমেৰে আবৃত , মূৰ আৰু বাহুৰ নোমৰ ৰঙ পাতলীয়া৷ লাজুকী বান্দৰৰ কান্ধৰ ওপৰত আৰু চকুৰ চাৰিওফালে চক্ৰাকাৰ গাঢ় খয়েৰী বৰণৰ দাগ দেখিবলৈ পোৱা যায়৷ এই লাজকুৰীয়া জন্তুটোৰ বিষয়ে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ ইয়াৰ দিবতীয় আঙুলিৰ নখটো বেঁকা হয় আৰু ইয়াক গছৰ মুঢ়াৰ পৰা পোক-পতংগ খান্দি উলিওৱাত ব্যৱহাৰ কৰে

লাজুকী বান্দৰৰ দেহৰ দৈৰ্ঘ্য ৩০-৪০ ছে. মি.৷ ওজন- ১.২-১.৩ কি.গ্ৰা.৷

উনৈশ শতিকাৰ এটি বিৱৰণত লাজুকী বান্দৰৰ বৃহৎ চকু, ঘুৰণীয়া মুৰ, ক্ষুদ্ৰাকৃতিৰ কাণৰ প্ৰদৰ্শন

লাজুকী বান্দৰৰ মূৰৰ আগৰ পৰা পিঠিৰ ফাললৈ এটা ডাঠ দীঘলীয়া আঁক আছে৷ ইয়াৰ আগঠেং দুখন প্ৰায় বগা৷

১৭ৰ পৰা ২১ মাহ বয়স হ'লে মাইকী লাজুকী বান্দৰে পোৱালী দিয়ে৷ গৰ্ভধাৰণৰ কাল প্ৰায় ১৯১ দিন হয়৷ ১২ ৰ পৰা ১৮ মাহৰ মূৰে মূৰে ই এটাকৈ পোৱালী দিয়া দেখা যায়৷ লাজুকী বান্দৰৰ আয়ুস প্ৰায় ২০ বছৰ[4]

বসতিস্থান[সম্পাদনা কৰক]

লাজুকী বান্দৰৰ অন্যন্য সকলো প্ৰজাতিতকৈ ই বহুল ভাৱে বিস্তৃত হৈ আছে৷ ভাৰত উপমহাদেশ, বাংলাদেশ, ইণ্ডোনেছিয়া, কম্বোডিয়া, লাওছ, ম্যানমাৰ, ভিয়েটনাম, দক্ষিণ চীন তথা থাইলেণ্ড জুৰি এই জন্তুৰ আৱাসভূমি৷ এই লাজুকী বান্দৰ বিধ মূলত: উত্তৰ-পূব ভাৰত অৰ্থাৎ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ গভীৰ চিৰসেউজীয়া তথা সেমেকা পৰ্ণপাতী অৰণ্যত পোৱা যায়৷

বিচৰণ[সম্পাদনা কৰক]

লাজুকী বান্দৰ নিশাচৰ জন্তু৷ ইয়াৰ খাদ্য হ’ল, ফল-মূল, গছৰ পাত, চৰাই, পোক-পতংগ ইত্যাদি৷ অকলশৰে নাইবা যোৰ পাতি থাকে৷ ফল-মূল খাওতে ওলোটাকৈ ওলমি থাকিব পাৰে ৷

লাজুকী বান্দৰে গছৰ গাৰ পৰা নি:সৃত ৰসো খাদ্য হিচাপে গ্ৰহণ কৰে

দিনৰ ভাগত ই গভীৰ জোপোহা বা গছৰ খোৰোঙত নিদ্ৰামগ্ন হৈ থাকে৷ মতা-মাইকী উভয়ে নিজা ঠাই (territory) মূত্ৰৰ সহায়ত চিহ্নিত কৰে৷

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

লাজুকী বান্দৰ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত৷ এই আইন অনুসৰি লাজুকী বান্দৰ ১ নঙ তালিকাভুক্ত প্ৰাণী৷ তাৰোপৰি ২০০৮ চনৰ আই.ইউ. চি. এন (IUCN) ৰ ৰেড ডাটা লিষ্টত লাজুকী বান্দৰক "বিপথগামী" (Vulnerable) প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে৷ চোৰাংচিকাৰ তথা বনাঞ্ছল ধ্বংসকে ইয়াৰ বাবে জগৰীয়া কৰা হয় ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Groves 2005, পৃষ্ঠা. 122.
  2. Groves 2001, পৃষ্ঠা. 99.
  3. অসমৰ প্ৰাইমেট-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন
  4. অসমৰ প্ৰাইমেট-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন

বহি:সংযোগ[সম্পাদনা কৰক]

  • Francis, Charles A. (2008). A Field Guide to the Mammals of South-East Asia. প্ৰকাশক London: New Holland. ISBN 1-84537-735-4. 
  • Osman-Hill, W.C. (1953). Primates: Comparative Anatomy and Taxonomy. Strepsirhini. প্ৰকাশক Edinburgh, Scotland: Edinburgh University Press. 
  • Smith, Andrew T.; Xie, Yan; Hoffman, Robert S.; Lunde, Darrin (2008). A Guide to the Mammals of China. Princeton University Press. ISBN 978-0691099842. 
  • Vivek Menon,2003, A field Guide to Indian Mammals