লালকিল্লা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান
লালকিলা
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
RedFort.jpg
লালকিল্লা, দিল্লীৰ এক উল্লেখযোগ্য দুর্গ

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iii, iv
উদ্ধৃতি 231
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া
অভিলিখনৰ ইতিহাস
অভিলিখন ২০০৭ (৩১ তম অধিবেশন)

লাল কিল্লা (হিন্দী: लाल क़िला; উৰ্দু: لال قلعہ; ইংৰাজী: Red Fort) খ্ৰীষ্টিয় সপ্তদশ শতাব্দীত প্ৰাচীৰ-বেষ্টিত পুৰণি দিল্লী (বৰ্তমান দিল্লী, ভাৰত) চহৰত মুগল সম্ৰাট ছাহজাহানৰ (১৬২৮-৫৮) দ্বাৰা নিৰ্মিত এটা দুৰ্গ। ১৮৫৭ চনলৈকে এই দুৰ্গটো মুগল সাম্ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ পাছত ব্ৰিটিছ ভাৰতীয় চৰকাৰে মুগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহক পৰাভূত কৰি ভাৰতৰ ৰাজধানী কলকাতালৈ স্থানান্তৰিত কৰে। ১৯৪৭ চনলৈকে ব্ৰিটিছসকলে এই দুৰ্গটোক এটা সামৰিক চাউনী হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান এইটো এটা জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ আৰু ভাৰতীয় প্ৰজাতন্ত্ৰৰ সাৰ্বভৌমত্বৰ এটা শক্তিশালী প্ৰতীক: প্ৰতি বছৰে ভাৰতীয় স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লাল কিল্লাৰ লাহোৰি গেট সংলগ্ন এটা স্থানত জাতীয় পতাকা উত্তোলন কৰে। ২০০৭ চনত এই কিলাটো ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে নিৰ্বাচিত হয়।[1]

লালকিল্লা দিল্লীৰ উত্তৰ অংশত অৱস্থিত। মোগল শাসনৰ গৌৰৱৰ প্ৰতিনিধি এই কিল্লা মোগল স্থাপত্য, শিল্পকৌশল আৰু সৃষ্টিশীলতাৰ স্বৰ্ণযুগৰ অনুপম এটি নিদৰ্শন। ই ভাৰতীয় আৰু পাৰস্য স্থাপত্য কলাৰ এক সংমিশ্ৰণ। জাল-আকাৰ জ্যামিতিক নক্সাৰ গঠনশৈলীত দুৰ্গৰ প্ৰাংগন নিৰ্মিত। পৰৱৰ্তীকালত ৰাজস্থান, দিল্লী, আগ্ৰা আৰু অন্যান্য অঞ্চলৰ বহু স্থাপত্য এই জাতীয় নক্সাত নিৰ্মিত হয়। দুৰ্গটো ৰঙা(লাল) বেলেপাথৰৰ বেৰাৰ দ্বাৰা বেষ্টিত। সেই বাবে ই লালকিল্লা নামে জনাজাত । ১৫৪৬ চনত ইছলাম শাহ শোৰীয়ে চেলিমগড় দুৰ্গ নিৰ্মাণ কৰছিল, যিটো এই দুৰ্গটোৰ ঠিক কাষতেই আছিল। বৰ্তমানে উক্ত দুৰ্গটো লালকিল্লাৰেই এটি অংশ। সমগ্ৰ দুৰ্গ প্ৰাংগনৰ আয়তন ১২০ একৰ। ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ সংশোধিত অভিলিখনৰ (i), (ii), (iii) আৰু (iv) বিভাগৰ অন্তৰ্গত। ১৬৩৯ পৰা ১৮৪৮ চনৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত ৬৫৬ মিটাৰ (২,১৫০ ফুট)x৩২৮ মিটাৰ (১,০৮০ ফুট) আয়তনৰ এই কিল্লাৰ সৰ্বোচ্চ উচ্চতা ২৩ মিটাৰ (৭৫ ফুট)। ই যমুনা নদীৰ পাৰত অবস্থিত। আগেয়ে ই এটা সেতুৰ সহায়ত চেলিমপুৰ দুৰ্গৰ লগত যুক্ত আছিল ৷ বৰ্তমান এই সেতুটো এটা পথ হিচাবে ব্যৱহাৰ কৰা হয়৷ দুৰ্গ প্ৰাংগনৰ প্ৰাসাদটো 'দেওয়ান-ই-আমেৰ' (গণ দৰবাৰ কক্ষ)ৰ পিছফালে অবস্থিত। এই প্ৰাসাদত অনেক উচ্চমানৰ কাৰুকাৰ্যখচিত শ্বেতপাথৰৰ প্ৰাসাদ প্যাভিলিয়ন আছে। এইসমূহ 'নহৰ-ই-বেহেস্ত' নামে কৃত্ৰিম জলধাৰাৰ দ্বাৰা পৰস্পৰৰ লগত যুক্ত। ইয়াতে দেওয়ান-ই-খাস (ব্যক্তিগত দৰবাৰ কক্ষ), বহু অন্যান্য দৰকাৰী ব্যক্তিগত ভবন স্থাপন কৰা হৈছে, তাৰোপৰি সম্ৰাট ঔৰঙ্গজেৱৰ নিৰ্মিত মোতি মছজিদ আদিও আছে।[2][3]



আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Red Fort Complex". World Heritage List. UNESCO World Heritage Centre. http://whc.unesco.org/en/list/231। আহৰণ কৰা হৈছে: November 15, 2009. 
  2. "Red Fort Complex". UNESCO. http://whc.unesco.org/en/list/231/। আহৰণ কৰা হৈছে: 2010-10-03. 
  3. "Red Fort Complex (Delhi) No. 231 rev". UNESCO. http://whc.unesco.org/archive/advisory_body_evaluation/231rev.pdf। আহৰণ কৰা হৈছে: 2010-10-03. 


বাহ্যিক সংযোগ[সম্পাদনা কৰক]