লিঅ'নাৰ্ড' দা ভিন্সি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


লিঅ'নাৰ্ড' দা ভিন্সি

ৰঙা চকেৰে অঁকা আত্ম-প্ৰতিকৃতি, আনুমানিক ১৫১২-১৫১৫[nb 1] ৰয়েল লাইব্ৰেৰী অৱ টুৰিন
নাম লিঅ'নাৰ্ড' দি চেৰ পিয়েৰ' দা ভিন্সি
জন্ম এপ্ৰিল ১৫, ১৪৫২
ভিন্সি, ইটালী, ফ্ল'ৰেঞ্চৰ ওচৰত
মৃত্যু মে' ২, ১৫১৯ (৬৭ বছৰ)
এম্‌ব্ৰ'ইচ, ফ্ৰান্স
দেশ ইটালীয়ান
পেচা কলা, বিজ্ঞান আৰু বহুতো ক্ষেত্ৰ
বিপ্লৱ উচ্চ নৱজাগৰণ
কৰ্মৰাজী ম'না লিছা, দা লাষ্ট চাপাৰ, দা ভিট্ৰুভিয়ান মেন

লিঅ'নাৰ্ড' দি চেৰ পিয়েৰ' দা ভিন্সি (এই শব্দটোৰ বিষয়ে উচ্চাৰণ ) (১৫ এপ্ৰিল ১৪৫২- ২ মে' ১৫১৯) আছিল ইটালীয়ান নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি: একেধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক। "জিনিয়াছ" আখ্যা দিয়া এইজন ব্যক্তিয়ে সম্ভৱ সমসাময়িক আন সকলো ব্যক্তিতকৈ বেছি নৱজাগৰণৰ মানৱতাবাদী আদৰ্শক দাঙি ধৰিছিল। লিঅ'নাৰ্ড'ক প্ৰায়েই "অদম্য অনুসন্ধিৎসু মন" আৰু "অসম্ভৱ কল্পনাশক্তি" সমৃদ্ধ বহুমুখী দক্ষতাৰ প্ৰতিভূৰূপে অভিহিত কৰা হয়।[1] তেওঁক সৰ্বকালৰ এজন মহান চিত্ৰশিল্পী হিছাপে আৰু সম্ভৱতঃ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলোতকৈ প্ৰতিভাশালী ব্যক্তি হিছাপে গণ্য কৰা হয়।[2] চিত্ৰ ইতিহাসবিদ হেলেন গাৰ্ডনাৰৰ মতে তেওঁৰ আগ্ৰহৰ পৰিসীমা আছিল নজিৰবিহীন আৰু "তেওঁৰ মন আৰু ব্যক্তিত্ব আমাৰ বাবে অতিমানৱীয় যেন লাগে"।[1] মাৰ্ক' ৰচিয়ে অৱশ্যে আঙুলিয়াই দিছে যে লিঅ'নাৰ্ডক লৈ অতি চৰ্চা হ'লেও তেওঁৰ বিশ্বদৰ্শন ৰহস্যজনক হোৱাৰ বিপৰীতে যুক্তিসম্পন্ন আছিল, আৰু তেওঁ অৱলম্বন কৰা পৰীক্ষা-লব্ধ পদ্ধতিবোৰ সেই সময়ৰ হিছাপত অসাধাৰণ আছিল।[3]

এজন আইনৰ বিষয়া পিয়েৰ' দা ভিন্সি আৰু কৃষক মহিলা কেটেৰিনাৰ বিবাহৰ পূৰ্বেই ইটালীৰ ফ্ল'ৰেঞ্চ প্ৰদেশৰ ভিন্সিত লিঅ'নাৰ্ড'ৰ জন্ম হৈছিল। ফ্ল'ৰেঞ্চৰ বিখ্যাত চিত্ৰকৰ ভেৰ'চ্চিঅ'ৰ ষ্টুডিঅ'ত লিঅ'নাৰ্ড'ই শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক কৰ্ম জীৱনৰ বেছিভাগ সময় মিলানৰ লুড'ভিক' ইল ম'ৰ'ৰ সেৱাত পাৰ হৈছিল। জীৱনৰ শেষ সময় তেওঁ ফ্ৰান্সত ফ্ৰান্সিছ প্ৰথমে দিয়া এটা ঘৰত পাৰ কৰিছিল।

লিঅ'নাৰ্ড ঘাইকৈ চিত্ৰশিল্পীৰূপে প্ৰসিদ্ধ।[2] তেওঁৰ চিত্ৰকৰ্মৰ ভিতৰত "ম'না লিছা" হৈছে সকলোতকৈ বিখ্যাত আৰু দা লাষ্ট চাপাৰ হৈছে সকলোতকৈ বছি পুনঃঅঙ্কিত ধৰ্মীয় চিত্ৰ। কেৱল মাইকেলেঞ্জেল'দা ক্ৰিয়েচন অৱ আডামএহে সেই যশ স্পৰ্শ কৰিব পাৰিছে।[1] লিঅ'নাৰ্ড'ৰ দা ভিট্ৰুভিয়ান মেনৰ অংকনকো এক সাংস্কৃতিক প্ৰতীক হিছাপে গণ্য কৰা হয়,[4] ইউৰ', পাঠ্যপুথি আৰু টি-ছাৰ্টৰ দৰে সামগ্ৰীত ই স্থান পাইছে। তেওঁৰ পোন্ধৰখন ছবি এতিয়া পোৱা যায়; সম্ভৱ তেওঁৰ নিৰন্তৰ নতুন কৌশলৰ পৰীক্ষা আৰু কাম পিছলৈ পেলাই থোৱা অভ্যাস এই কম সংখ্যাৰ বাবে দায়ী।[nb 2] এইখিনি আৰু তেওঁৰ নক্সা, বৈজ্ঞানিক চিত্ৰ, ছবি সম্পৰ্কে তেওঁৰ ধাৰণা সম্বিলিত টোকাবহীবোৰে পিছৰ প্ৰজন্মৰ শিল্পীসকলক বাৰুকৈ প্ৰভাৱিত কৰিছে যাৰ প্ৰতিদ্বন্দিতা কেৱল তেওঁৰ সমসাময়িক মাইকেলেঞ্জেল'ইহে কৰিব পাৰিছে।

লিঅ'নাৰ্ড'ৰ প্ৰযুক্তিমূলক উদ্ভাৱনবোৰো আছিল অসাধাৰণ।[2] তেওঁ হেলিকপ্টাৰ, টেংক, সৌৰ শক্তি. কেলকুলেটৰ, আৰু প্লেট টেক্‌টনিক্‌ছৰ ধাৰণা আগবঢ়াইছিল।[5] তেওঁৰ ৰূপাঙ্কনসমূহৰ অতি কম সংখ্যকহে সেই কালত সজা হৈছিল।[nb 3] কিন্তু তেওঁৰ সৰু কিছুমান উদ্ভাৱন যেনে স্বয়ংক্ৰিয় ববিন ৱাইণ্ডাৰ আৰু তাঁৰৰ শক্তি পৰীক্ষা কৰা সঁজুলি সহজেই বাণিজ্যিক জগতত প্ৰবেশ কৰিছিল।[nb 4] এনাটমী, অসামৰিক অভিযান্ত্ৰিক বিদ্যা, আলোকবিদ্যা আৰু হাইড্ৰ'ডাইনামিক্‌ছ বিষয়তো তেওঁ কিছুমান গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰিছিল যদিও সেইবোৰ প্ৰকাশ কৰা নাছিল আৰু সেইবোৰে পিছৰ কালৰ বিজ্ঞানত কোনো প্ৰভাৱ পেলোৱা নাছিল।[6]

পাদটীকা[সম্পাদনা কৰক]

  1. ৰঙা চকেৰে অঁকা এই ছবিখনক বহুলভাৱে (যদিও বিশ্বজনীনভাৱে নহয়) অ'ৰিজিনেল আত্ম-প্ৰতিকৃতি বুলি ভবা হয়। গ্ৰহণ কৰাত সংকোচৰ কাৰণ এই যে লিঅ'নাৰ্ড' জীয়াই থকা বয়সতকৈ ছবিখনত তেওঁক অধিক বৃদ্ধ যেন লগা হৈছে। এইটোও সম্ভৱ যে ৰাফেলে দা স্কুল অৱ এথেন্‌ছত অঁকা তেওঁৰ প্ৰতিকৃতিৰ বাবে লিঅ'নাৰ্ড'ই ইচ্ছা কৰিয়েই উপৰোক্ত ছবিখনত নিজকে বয়সীয়াল যেন লগাকৈ অংকন কৰিছিল।
  2. পোন্ধৰখন ছবি সম্পূৰ্ণ বা আংশিকভাৱে লিঅ'নাৰ্ড'ই অঁকা বুলি ইতিহাসবিদসকলে ঠাৱৰ কৰে। এই পোন্ধৰখন ছবিৰ ভিতৰত আছে পেনেলত অঁকা ছবি, এখন মুৰেল, কাগজত অঁকা এখন ডাঙৰ নক্সা আৰু প্ৰাৰম্ভিক পৰ্যায়ত থকা দুখন ছবি। ইয়াৰ বাহিৰেও আন কিছুমান কৰ্ম লিঅ'নাৰ্ড'ৰ বুলি ধাৰণা কৰা হয়।
  3. আধুনিক ধাতুবিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যা নৱজাগৰণৰ সময়ত চালুকীয়া পৰ্যায়ত আছিল।
  4. ভিন্সিৰ সংগ্ৰহালয়ত লিঅ'নাৰ্ড'ৰ কেতবোৰ উদ্ভাৱন সক্ৰিয় মডেল হিছাপে প্ৰদৰ্শন কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Daniel Arasse (1997). Leonardo da Vinci. Konecky & Konecky. ISBN 1-56852-1987. 
  • Michael Baxandall (1974). Painting and Experience in Fifteenth Century Italy. Oxford University Press. ISBN 0-19-881329-5. 
  • Fred Bérence (1965). Léonard de Vinci, L'homme et son oeuvre. Somogy. Dépot légal 4° trimestre 1965. 
  • Luciano Berti (1971). The Uffizi. Scala. 
  • Liana Bortolon (1967). The Life and Times of Leonardo. Paul Hamlyn, London. 
  • Hugh Brigstoke (2001). The Oxford Companion the Western Art. U.S.: Oxford University Press. ISBN 0198662033. 
  • Gene A. Brucker (1969). Renaissance Florence. Wiley and Sons. ISBN 0471113700. 
  • Fritjof Capra (2007). The Science of Leonardo. প্ৰকাশক U.S.: Doubleday. ISBN 9780385513906. 
  • Cennino Cennini (2009). Il Libro Dell'arte O Trattato Della Pittui. প্ৰকাশক U.S.: BiblioBazaar. ISBN 9781103390328. 
  • Angela Ottino della Chiesa (1967). The Complete Paintings of Leonardo da Vinci. Penguin Classics of World Art series. ISBN 0-14-00-8649-8. 
  • Simona Cremante (2005). Leonardo da Vinci: Artist, Scientist, Inventor. Giunti. ISBN 88-09-03891-6 (hardback). 
  • Frederich Hartt (1970). A History of Italian Renaissance Art. Thames and Hudson. ISBN 0500231362. 
  • Michael H. Hart (1992). The 100. Carol Publishing Group. ISBN 0-8065-1350-0 (paperback). 
  • Martin Kemp (2004). Leonardo. Oxford University Press. ISBN 0192806440. 
  • Mario Lucertini, Ana Millan Gasca, Fernando Nicolo (2004). Technological Concepts and Mathematical Models in the Evolution of Modern Engineering Systems. Birkhauser. ISBN 376436940X. 
  • John N. Lupia. The Secret Revealed: How to Look at Italian Renaissance Painting. Medieval and Renaissance Times, Vol. 1, no. 2 (Summer, 1994): 6–17. ISSN 1075-2110. 
  • Andrew Martindale (1972). The Rise of the Artist. Thames and Hudson. ISBN 0500560064. 
  • Roger Masters (1996). Machiavelli, Leonardo and the Science of Power. University of Notre Dame Press. ISBN 0-268-01433-7. 
  • Roger Masters (1998). Fortune is a River: Leonardo Da Vinci and Niccolò Machiavelli's Magnificent Dream to Change the Course of Florentine History. Simon & Schuster. ISBN 0-452-28090-7. 
  • Charles D. O'Malley and J. B. de C. M. Sounders (1952). Leonardo on the Human Body: The Anatomical, Physiological, and Embryological Drawings of Leonardo da Vinci. With Translations, Emendations and a Biographical Introduction. Henry Schuman, New York. 
  • Charles Nicholl (2005). Leonardo da Vinci, The Flights of the Mind. Penguin. ISBN 0-14-029681-6. 
  • Sherwin B. Nuland (2001). Leonardo Da Vinci. Phoenix Press. ISBN 0-7538-1269X. 
  • A.E. Popham (1946). The Drawings of Leonardo da Vinci. Jonathan Cape. ISBN 0224604627. 
  • Shana Priwer & Cynthia Phillips (2006). The Everything Da Vinci Book: Explore the Life and Times of the Ultimate Renaissance Man. Adams Media. ISBN 1598691015. 
  • Ilan Rachum (1979). The Renaissance, an Illustrated Encyclopedia. Octopus. ISBN 0-7064-0857-8. 
  • Jean Paul Richter (1970). The Notebooks of Leonardo da Vinci. Dover. ISBN 0-486-22572-0.  volume 2: ISBN 0-486-22573-9. A reprint of the original 1883 edition.
  • Marco Rosci (1977). Leonardo. Bay Books Pty Ltd. ISBN 0858351765. 
  • Paolo Rossi (2001). The Birth of Modern Science. Blackwell Publishing. ISBN 0631227113. 
  • Bruno Santi (1990). Leonardo da Vinci. Scala / Riverside. 
  • Theophilus (1963). On Divers Arts. প্ৰকাশক U.S.: University of Chicago Press. ISBN 9780226794822. 
  • Jack Wasserman (1975). Leonardo da Vinci. Abrams. ISBN 0-8109-0262-1. 
  • Giorgio Vasari (1568). Lives of the Artists. Penguin Classics, trans. George Bull 1965. ISBN 0-14-044-164-6. 
  • Williamson, Hugh Ross (1974). Lorenzo the Magnificent. Michael Joseph. ISBN 0718112040. 
  • Emanuel Winternitz (1982). Leonardo Da Vinci As a Musician. প্ৰকাশক U.S.: Yale University Press. ISBN 9780300026313. 
  • Alessandro Vezzosi (1997 (English translation)). Leonardo da Vinci: Renaissance Man. Thames & Hudson Ltd, London. ISBN 0-500-30081-X. 
  • Frank Zollner (2003). Leonardo da Vinci: The Complete Paintings and Drawings. Taschen. ISBN 3-8228-1734-1 (hardback).  [The chapter "The Graphic Works" is by Frank Zollner & Johannes Nathan].

বহিঃসংযোগ[সম্পাদনা কৰক]