লীনাক্স
|
|
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অতিৰিক্ত তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য তথ্যসূত্ৰ দেখুৱাই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। তথ্যসূত্ৰ উল্লেখ নকৰা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে আৰু বিলোপ কৰা হ'ব পাৰে। |
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
| কোম্পানী / ডেভেলপাৰ | বহুতো |
|---|---|
| প্ৰোগ্ৰাম কৰা ভাষা | বিভিন্ন |
| OS পৰিয়াল | ইউনিক্সৰ দৰে |
| কাৰ্যৱস্থা | বৰ্তমান |
| উৎস মডেল | বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ |
| প্ৰাৰম্ভিক মুক্তি | ১৯৯১ |
| বিপণন লক্ষ্য | ব্যক্তিগত কম্পিউটাৰ, এম্বেডেদ সঁজুলিবোৰ, ভ্ৰাম্যমাণ সঁজুলিবোৰ, চাৰ্ভাৰ |
| উপলভ্য প্ৰাকৃতিক ভাষা | বহুভাষী |
| উপলভ্য প্ৰোগ্ৰামিং ভাষা | বহুতো |
| সমর্থিত প্লেটফৰ্ম | DEC Alpha, ARM, AVR32, Blackfin, ETRAX CRIS, FR-V, H8/300, Itanium, M32R, m68k, Microblaze, MIPS, MN103, OpenRISC, PA-RISC, PowerPC, s390, S+core, SuperH, SPARC, TILE64, Unicore32, x86, Xtensa |
| কাৰ্ণেলৰ প্ৰকাৰ | মনোলিথিক |
| ইউজাৰলেণ্ড | বিভিন্ন |
| অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ | বহুতো |
| অনুজ্ঞা-পত্ৰ | বহুতো[1] (লীনাক্স ট্ৰেডমাৰ্কৰ গৰাকী লাইনাচ টৰ্ভেল্ডচ[2] আৰু লীনাক্স মাৰ্ক ইন্সটিটিউটৰ দ্বাৰা প্ৰশাসিত) |
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম; ইয়াত লীনাক্স নামৰ কাৰ্ণেল আৰু তদুপযোগী অন্যান্য প্ৰগ্ৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।
সূচী |
[সম্পাদনা কৰক] পৰিচয় আৰু ইতিহাস
প'জিক্স(POSIX) নামেৰে এলানী সৰ্বজনমান্য নিৰ্দেশনা অনুসিৰ SYSV আৰু BSDনামৰ দুইধৰণৰ ধাৰাত লীনাক্স অপাৰেটিং চিষ্টেম তৈয়াৰ কৰা হৈছে। সাধাৰণভাবে ইয়াক ইউনিক্স (UNIX) নামৰ এবিধ বহুপ্ৰচলিত অপাৰেটিং চিষ্টেমৰ নিচিনা বুলি কব পৰা যায়।
অপাৰেটীং চিষ্টেমৰ নাম লীনাক্স হলেও প্ৰকৃততে ইয়াৰ কাৰ্ণেল অৰ্থাৎ চফ্টৱেৰৰ যি অংশই কম্পিউটাৰটো মুলত: পৰিচালনা কৰে তাৰ নামহে লীনাক্স। এই কাৰ্ণেলৰ মূল স্ৰষ্টা লাইনাচ টৰ্ভেল্ডচ-অৰ নাম অনুসৰি ইয়াৰ নাম লীনাক্স ৰখা হৈছে। ইয়াৰ চ'ৰ্ছ ক'ড সাৰ্বজনীন – অৰ্থাৎ বিনামূল্যে উপলব্ধ আৰু সত্বাধিকাৰ মুক্ত। এনেধৰণে সত্বসংৰক্ষণ বাহাল ৰাখিবৰ বাবে ইয়াক জি এন ইউ সাৰ্বজনীন লাইচেন্সৰ অধীনত বিতৰণ কৰা হয়। এই কাৰ্ণেল আৰূ ইয়াক ব্যৱহাৰ কৰি চলাব পৰা অন্যান্য প্ৰগৰেম সন্নিবিষ্ট কৰি এক পূৰ্ণাংগ ব্যৱহাৰযোগ্য অপাৰেটিং চিষ্টেমৰূয়পে বিতৰণ কৰা হয় কাৰণে জনপ্ৰিয়ভাৱে অপাৰেটিং চিষ্টেমটোক লীনাক্স বোলা হয়। সাধাৰণতে ওপৰোক্ত সন্নিবিষ্ট প্ৰগ্ৰেমবিলাকো জি এন ইউ লাইচেন্সযুক্ত হয়। ফলস্বৰূপে পৰিবহন আৰু বিতৰণৰ বাবে হোৱা খৰচ বাদ দিলে লীনাক্স অন্য যিকোনো ব্যাৱসায়ীক ভাৱে তৈয়াৰ কৰা অপাৰেটিং চিষ্টেম যেনে মাইক্ৰচফ্ট উইন্ড'জ এক্স পি, এপল মেক অ' এচ আদিৰ লগত ফেৰ মাৰিব পৰা অথচ বিনামূলীয়াকৈ পোৱা যায়।
লীনাক্স কাৰ্ণেল লাইনাচ টৰ্ভেল্ডচ-এ ১৯৯১ চনত লিখা আৰম্ভ কৰে। ইয়াৰ কাৰণে ১৯৮৩-ত ৰিচাৰ্ড ষ্টলমেনৰ উদ্যমত প্ৰতিস্থিত ফ্ৰী চফটৱেৰ ফাউণ্ডেশ্যন (FSF) নামে অব্যৱসায়ীক সংস্থাৰ সৌজন্যত প্ৰাপ্ত জি এন ইউ (GNU) লাইচেন্সযুক্ত চফ্টৱেৰ লাইব্ৰেৰী আৰু প্ৰগ্ৰেমিঙৰ সাধনসমূহ ব্যৱহাৰ কৰা হয়। সেয়ে লীনাক্সক কেতিয়াবা-কেতিয়াবা জি-এন-ইউ/লীনাক্স বুলিও উল্লেখ কৰা দেখা যায়।
[সম্পাদনা কৰক] লীনাক্সৰ ডিষ্ট্ৰীবিউশ্যন বা সংকলনসমূহ
লীনাক্স কাৰ্ণেল আৰু বিভিন্ন প্ৰগ্ৰেম সহকাৰে বিভিন্ন সংকলনৰূপে বিভিন্ন ব্যৱসায়ীক বা দাতব্য গোটে উপভোক্তাৰ ব্যৱহাৰৰ কাৰণে লীনাক্স প্ৰস্তুত কেৰ। বিভিন্ন মাধ্যম যেনে ইন্টাৰনেট, চি ডি/ডিভিডি, ইউ এচ বি ড্ৰাইভ ইত্যাদি ব্যৱহাৰ কৰি এই সংকলনবোৰ যোগান ধৰা হয়। এই বিভিন্ন সংকলনবোৰ সাধাৰণ দৈনন্দিন কামত যেনে ৱৰ্ড প্ৰচেচিং, স্প্ৰেডচিট, খেলা আদিত ব্যৱহাৰৰ উপৰিও িবিভন্ন বিশেষ ব্যৱহাৰ যেনে ৰাউটিং, শিক্ষামূলক ব্যৱহাৰ, ইমেইল, ৱেব আদি বিভিন্ন ইন্টাৰনেট চাৰ্ভাৰ প্ৰগ্ৰেমৰ উপযোগী হোৱাকৈও প্ৰস্তুত কৰা হয়। আৰ্থিক লাভৰ বাবে উপভোক্তাৰ প্ৰয়োজন অনুসৰী কোনো কোনো সংগঠনে ব্যাৱসায়ীক সেৱা আৰু দিহা-পৰামৰ্শও আগবঢ়ায়।
নিম্নলিখিত তালিকাত এনে কিছুমান ভাষ্য আৰু সেইবোৰৰ বিষয়ে কিছু তথ্য দিয়া হ'ল।
[সম্পাদনা কৰক] বিভিন্ন সমজুৱা ডিষ্ট্ৰীবিউশ্যনসমূহ
এনেধৰণৰ ডিষ্ট্ৰীবিউশ্যনসমূহ সাধাৰণতে ইন্টাৰনেটৰ জৰিয়তে মিভিন্ন স্বেচ্ছাসেৱক ব্যক্তি, গোট বা কোম্পানীয়ে যুটীয়াভাৱে প্ৰস্তুত কৰা। জী এন ইউ বা তেনেজাতী্য লাইচেণ্সৰ অধীনত ব্যৱহাৰ আৰু বিতৰণৰ বিশেষ বাধ্যবাধকতা নথকাকৈ এইবোৰ বিতৰণ কৰা হয়। তলত কিছুমান এনে ডিষ্ট্ৰীবিউশ্যন কিছুমানৰ বৰ্ণনা দিয়া হ'ল।
- আৰ্কলীনাক্স(Archlinux): এই সংকলনত লীনাক্সক যথাসম্ভৱ সৰল কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।
- চেন্টঅ'এচ(CentOS): ৰেডহেট সংকলনৰ অনুকৰণ কৰি এই সংকলন তৈয়াৰ কৰা হৈছে। এক স্বেচ্ছাসেৱক গোটে জনপ্ৰিয় ৰেডহেটৰ দৰে অথচ বিনামূলীয়া এই লীনাক্স-অৰ চোৱাচিতা কৰে।
- ডেবীয়ান(Debian): ই “বিনামূলীয়া চফ্টৱেৰ নীতি”-ৰ সমৰ্থক স্বেচ্ছাসেৱক গোটৰ দ্বাৰা সৃষ্টি আৰু চোৱাচিতা কৰা লীনাক্সৰ এক জনপ্ৰীয় সংকলন।
- ফেড'ৰা(Fedora): ৰেডহেট সংকলনৰ ৰাজহুৱা ৰূপ (বিনামূল্য উপলব্ধ)
- জেণ্টু/গেণ্টু(Gentoo): পাকৈত উপভোক্তাৰ কাৰণে। ইয়াৰ চফ্টৱেৰ উন্নীতকৰণৰ কাৰণে স্বয়ংক্ৰিয় ভাবে চ'ৰ্ছ ক'ড ডাউনল'ড আৰু কম্পাইল কৰি কম্পিউটাৰ চিষ্টেমটোত শেহতীয়া পৰিবৰ্তনবোৰ যোগ দিয়াৰ ব্যৱস্থা আছে।
- নপিক্স লাইভ চি-ডি(Knoppix Live CD): ইয়াক চি-ডি-ৰ পৰা কম্পিউটাৰ বুট কৰি কাম কৰিব পৰা যায়। ফলত লীনাক্স ইনষ্টল নকৰা কম্পিউটাৰতো লীনাক্স-অত কাম কৰিব পৰা যায়।
- মেনড্ৰীভা(Mandriva): ৰেডহেটৰেই মূল ব্যৱহাৰ কৰি সৃষ্ট এই সংকলণটো ফ্ৰান্স আৰু ব্ৰাজিলত অত্যন্ত জনপ্ৰিয়।
- মণ্টাভিষ্টা চফ্টৱেৰ(MontaVista Software): লাইনাক্সৰ এক “লীনাক্স এম্বেডেড ডিভাইচ”-ত ব্যৱহাৰ কৰিব পৰা সংকলণ
- ৰেডহেট/ৰেডহেট এন্টাৰপ্ৰাইজ লীনাক্স(Red Hat): একে নামৰ কম্পেনীৰদ্বাৰা সৃষ্টি আৰু বিক্ৰয় কৰা জনপ্ৰিয় ব্যৱসায়ীক সংকলণ।
- শ্লেকওৱেৰ(Slackware): লীনাক্সৰ প্ৰথমৰ ফালৰ এক অন্যতম জনপ্ৰিয় সংকলণ।
- ইউবাণ্টু(Ubuntu) আৰু এডুবাণ্টু: ডেবিয়ানৰ পৰিবৰ্তিত ৰূপ। এডুবান্টু-ক বিশেষভাবে শৈক্ষিক কাৰ্যত ব্যৱহাৰৰ কাৰণে তৈয়াৰ কৰা হৈছে।
সাধাৰণেত এই সংকলনবোৰ নিজৰ নিজৰ ৱেব চাইটৰ পৰা ডাউনল'ড কৰিব পৰাকৈ বিতৰণ কৰা হয়।
[সম্পাদনা কৰক] ব্যৱসায়ীক বা এন্টাৰপ্ৰাইজ ডিষ্ট্ৰীবিউশ্যন
ব্যৱসায়ীক সংকলনবিলাকত উপভোক্তাৰ সুবিধাৰ কাৰণে সাধাৰণতে কোনো কোনো অতিৰিক্ত চফ্টৱেৰ যোগ-বিয়োগ কৰি বিশিষ্ট গ্ৰাহক গোটৰ উপযোগী কৰি (customize) বিক্ৰি কৰা হয় মূল্যৰ বিনিময়ত এনে লীনাক্স সংকলনৰ লগত সাধাৰণতে ব্যৱসায়িক সেৱা আৰু দিহা-পৰামৰ্ষও পোৱা যায়।
- ৰেডহেট এন্টাৰপ্ৰাইজ
- চিউচ (SUSE) এন্টাৰপ্ৰাইজ
[সম্পাদনা কৰক] প'ৰ্টেবল বা লাইভ চিডি
এইবোৰ ইউ এচ বি ড্ৰাইভ বা চিডীৰমৰ পৰা পোনেই বুট কৰি ব্যৱহাৰ কৰিব পৰাকৈ বনোৱা হয়। যেনে ন'পিক্স লাইভ ছিডি।
[সম্পাদনা কৰক] লীনাক্সৰ বাবে উপলব্ধ বিভিন্ন চফ্টৱেৰ
এটা লীনাক্স সংকলনত সন্নিহিত চফ্টৱেৰ সমুহক নিম্নলিখিত ভাগত শ্ৰেণীবদ্ধ কৰিব পৰা যায়:
- কাৰ্ণেল আৰু ডিভাইচ ড্ৰাইভাৰ
- চফ্টৱেৰ লাইব্ৰেৰী আৰু বিভিন্ন চিষ্টেম চফ্টৱেৰ
- এপ্লিকেশ্যন চফ্টৱেৰ
[সম্পাদনা কৰক] কাৰ্নেল আৰু ডিভাইচ ড্ৰাইভাৰ
লীনাক্স কাৰ্নেল মন'লিথিক। কম্পিউটাৰ বুট কৰাৰ সময়ত প্ৰথমেত হাৰ্ড-ডিস্ক-অৰ পৰা কাৰ্নেল চফ্টৱেৰটো প্ৰাথমিক মেমৰীত তুলি তাৰ ইনষ্ট্ৰাকচন বোৰ ৰাণ কৰা হয়।
কোনো কোনো সাধন – বিশেষকৈ প্ৰিন্টাৰ, নেটৱৰ্ক কাৰ্ড, ডিচপ্লে আদি পাৰিপাৰ্শ্বিক যতনবোৰ ব্যৱহাৰ কৰিবলৈ কাৰ্নেলক ডিভাইচ ড্ৰাইভাৰ চফ্টৱেৰৰ প্ৰয়োজন হয়। এইবোৰ সাধাৰণতে ডিভাইচবোৰ তৈয়াৰ কৰা কোম্পানীবোৰেই যোগান ধৰে। বুটিঙৰ সময়তে কাৰ্ণেলে কম্পিউটাৰৰ হাৰ্ডৱেৰ ডিভাইচবোৰ বা অন্যান্য সংসাধনবোৰৰ অনুসন্ধান কৰি উপযুক্ত ড্ৰাইভাৰবোৰ ল'ড কৰে। ল'ড কৰাৰ দুইধৰণৰ উপায় আছে - ড্ৰাইভাৰ বোৰ কাৰ্ণেলৰ লগতে কম্পাইল কৰি কাৰ্ণেলৰ লগতে যোগ কৰি,অথবা মডিউল হিচাবে কাৰ্ণেলৰ লগত প্ৰয়োজন অনুসৰী বাহিৰৰ পৰা ল'ড কৰা। প্ৰথম উপায়টো সাধাৰণতে য'ত সৰু বা তড়িৎ প্ৰতিক্ৰিয়াযুক্ত কাৰ্ণেল-অৰ প্ৰয়োজন, তেনে ক্ষেত্ৰত যেনে ঔদ্যোগিক যন্ত্ৰৰ পৰিচালনা আদিৰ বাবে ব্যৱহাৰ কৰা হয়। অন্যথা বেছিভাগ ক্ষেত্ৰতে দ্বিতীয় উপায় ব্যৱহাৰ কৰা হয়। এনে কৰিলে ভোক্তাই বুটিঙৰ সময়ত ড্ৰাইভাৰবোৰ ল'ড নকৰি প্ৰয়োজন অনুসৰী ল'ড বা আনল'ড কৰে।
[সম্পাদনা কৰক] লাইব্ৰেৰী আৰু চিষ্টেম চফ্টৱেৰ
এইশ্ৰেণীৰ চফ্টৱেৰ ভোক্তাই প্ৰত্যক্ষভাবে ব্যৱ্হাৰ নকৰিলেও সাধাৰণতে যিকোনো প্ৰগ্ৰেম ৰাণ কৰিবলৈ প্ৰয়োজন হয়। লীনাক্স-অত মূখ্যত: জি এন ইউ-ৰ দ্বাৰা প্ৰযোজিত চফ্টৱেৰ লাইব্ৰেৰী জিলীবচী ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও অন্যান্য এপ্লীকেশ্যন চফ্টৱেৰৰ লগতো প্ৰয়োজনীয় লাইব্ৰেৰী যোগান ধৰা হয়। অনেক সংকলনৰ লগত প্ৰায়ে বিভিন্ন কম্পাইলাৰ পেকেজ (চী, ফৰট্ৰান ইত্যাদি), পাৰ্ল, পাইথন আদি প্ৰগ্ৰেমিঙৰ সঁজুলি চফ্টৱেৰ-ও (সাধাৰণতে জি এন ইউ লাইচেন্স যুক্ত) বিতৰণ কৰা হয়।
সাধাৰণতে লীনাক্স-অত শ্বেয়াৰ্ড অবজেক্ট লাইব্ৰেৰী ব্যৱহাৰ (উইন্ড'জ-অৰ ডি এল এল লাইব্ৰেৰীৰ সমকক্ষ) কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত ষ্টেটিক লাইব্ৰেৰীও ব্যৱহাৰ কৰা হয়।
[সম্পাদনা কৰক] এপ্লীকেশ্যন চফ্টৱেৰ
এইশ্ৰেণী চফ্টৱেৰৰ সহায়ত লীনাক্স-অৰ ভোক্তাই নিজৰ প্ৰয়োজনীয় কাম কৰে। লীনাক্স-অত ব্যৱহাৰোপযোগী অনেক বিনামূলীয়া, শ্বেয়াৰৱেৰ বা জি-এন-ইউ বা তৎসম লাইচেন্সযুক্ত অনেক চফ্টৱেৰ ইন্টাৰনেটট উপলব্ধ। তলত এনে কিছুমান চফ্টৱেৰৰ নাম আৰু থুলমুল বৰ্ণনা দিয়া হ'ল।
- এক্স-ফ্ৰী-এইট-চিক্স (Xfree86): গ্ৰাফিকেল ইউজাৰ ইন্টাৰফেচ বা জী-ইউ-আই (GUI). লীনাক্স-অৰ গ্ৰাফিকচ-ৰ পৰিৱেশক চফ্টৱেৰ।
- বেশ্ব শ্বেল (bash shell): লীনাক্সৰ অক্ষৰিক(text) কামান্ড ইন্টাৰপ্ৰিটাৰ (command interpreter)
- জী-ন'ম, কে-ডি-ই (Gnome, KDE): লীনাক্স-অৰ দুইপ্ৰকাৰ জনপ্ৰীয় উইন্ড' মেনেজাৰ – যি লীনাক্স-অৰ গ্ৰাফিকেল ডেস্কটপ পৰিবেশৰ সৃষ্টি কৰে। ই উইন্ড'জৰ ডেস্কটপৰ দৰেই * লীনাক্সতো সাধাৰণ ভোক্তাৰ কাৰণে সহজতে শিকিব আৰু কাম কৰিব পৰা পৰিবেশৰ সৃষ্টি কৰে।
- জী-এন-ইউ চী/চী++ (GNU C/C++) আৰু অন্যান্য প্ৰগ্ৰেমিঙৰ সাধনসমূহ: এইলানী চফ্টৱেৰৰ সহায়ত একে নামৰ প্ৰগ্ৰেমিং লেংগুৱেজত প্ৰগ্ৰেম তৈয়াৰ কৰিব পৰা হয়।
[সম্পাদনা কৰক] লীনাক্সৰ বিভিন্ন ডেস্কটপ এন্ভাইৰণ্মেণ্ট সমূহ
[সম্পাদনা কৰক] লীনাক্সৰ ব্যৱহাৰ
[সম্পাদনা কৰক] চাৰ্ভাৰ
[সম্পাদনা কৰক] ডেস্কটপ
[সম্পাদনা কৰক] এম্বেডেড, মবাইল ইত্যাদি
[সম্পাদনা কৰক] লীনাক্স বনাম মাইক্ৰচফ্ট উইণ্ড'জ বিতৰ্ক
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "Debian GNU/Linux Licenses – Ohloh". ohloh.net. https://www.ohloh.net/p/debian/analyses/latest. Retrieved 2009-03-27.
- ↑ "U.S. Reg No: 1916230". United States Patent and Trademark Office. http://assignments.uspto.gov/assignments/q?db=tm&rno=1916230. Retrieved 2006-04-01.
|
|
||||||||
সাঁচ:Unix-like সাঁচ:FOSS সাঁচ:Operating system সাঁচ:Linux distributions সাঁচ:GNU