লুই পেষ্ট'ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুই পেষ্ট'ৰ

নাডাৰে তোলা ছবি
জন্ম ডিচেম্বৰ ২৭, ১৮২২
ড'লে, ফ্ৰান্স
মৃত্যু ছেপ্টেম্বৰ ২৮, ১৮৯৫ (৭২ বছৰ)
মাৰ্নে-লা-ককেট, ফ্ৰান্স
জাতীয়তা ফৰাচী
ক্ষেত্ৰ ৰসায়ন বিজ্ঞান
অণুজীৱ বিজ্ঞান
প্ৰতিষ্ঠান * University of Strasbourg
  • Lille University of Science and Technology
  • École Normale Supérieure
  • Pasteur Institute
শিক্ষানুষ্ঠান École Normale Supérieure
উল্লেখযোগ্য ছাত্ৰ চাৰ্লছ ফ্ৰাইড[1]
Signature

লুই পেষ্ট'ৰ (Louis Pasteur) (/ˈli pæˈstɜr/, French: [lwi pastœʁ]; ডিচেম্বৰ ২২৭, ১৮২২ – ছেপ্তেম্বৰ ২৮, ১৮৯৫) এজন ফৰাচী ৰসায়নবিদ আৰু অণুজীৱবিদ। তেওঁ প্ৰতিষেধকৰ তত্ব, কিণ্বন (microbial fermentation) আৰু পেষ্টুৰাইজেচন (pasteurization)ৰ উদ্ভাৱনৰ বাবে বিখ্যাত। বিভিন্ন ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ উলিওৱাৰ বাবে তেওঁক সোঁৱৰণ কৰা হয় আৰু তেওঁৰ আৱিষ্কাৰে অগণন মানুহৰ জীৱন ৰক্ষা কৰি আহিছে। তেওঁৰ প্ৰসূতি জ্বৰ (puerperal fever)ৰ পৰা হোৱা মৃত্যুৰ হাৰ কমাইছিল, লগতে ৰেবিজ আৰু এন্‌থ্ৰাক্সৰ বাবে প্ৰথম প্ৰতিষেধক সৃষ্টি কৰিছিল। তেওঁৰ চিকিৎসা বিজ্ঞানৰ আৱিষ্কাৰসমূহে ৰোগৰ জীৱাণু তত্ব (germ theory of disease) আৰু নিদানত ইয়াৰ প্ৰয়োগক প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছিল। গাখীৰ আৰু ৱাইনক বেক্টেৰিয়াই দূষণ কৰিব নোৱাৰা কৌশলৰ বাবে তেওঁ সাধাৰণ ৰাইজৰ চিনাকি হৈ পৰিছিল। ফাৰ্ডিনাণ্ড ক'ন আৰু ৰবাৰ্ট কচৰ সৈতে তেওঁক বেক্টেৰিয়া বিজ্ঞানৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰাৰ লগতে তেওঁক "অণুজীৱ বিজ্ঞানৰ জনক" (father of microbiology) আখ্যা দিয়া হয়।[2][3][4]

পেষ্ট'ৰে ৰসায়ন বিজ্ঞানতো উল্লেখযোগ্য কেতবোৰ আৱিষ্কাৰ কৰিছিল। তাৰ ভিতৰত কিছুমান স্ফটিকৰ অপ্ৰতিসাম্যতা (Molecular asymmetry) আৰু ৰেচিমাইজেচন (racemization)ৰ আণৱিক কাৰণ উলিওৱাই প্ৰধান। মৃত্যু পৰ্যন্ত তেওঁ ১৮৮৭ চনত প্ৰতিষ্ঠা হোৱা পেষ্ট'ৰ ইন্‌ষ্টিটিউটৰ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃতদেহ সেই প্ৰতিষ্ঠানৰ তলতে এটা সমাধিকক্ষত থোৱা হৈছে আৰু বাইজেন্‌টিন ম'জাইকত তেওঁৰ আৱিষ্কাৰসমূহ অংকন কৰি কক্ষটো ঢাকি ৰখা হৈছে।[5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

২৭ ডিচেম্বৰ ১৮২২ তাৰিখে ফ্ৰান্সৰ পূৰ্ব দিশৰ পাহাৰীয়া অঞ্চলৰ ড'লে নামৰ এখন গাঁৱত এক দৰিদ্ৰ পৰিয়ালত লুই পেষ্ট'ৰৰ জন্ম হৈছিল ৷ তেওঁৰ পৰিয়ালটোৱে মৃত জন্তুৰ চামৰাৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল৷ জিন-জ'ছেফ পেষ্ট'ৰ আৰু জিন-ইটিয়েনেট ৰকিৰ তেওঁ আছিল তৃতীয় সন্তান। ১৮২৭ চনত তেওঁৰ পৰিয়ালটো আৰ্ব'ইছলৈ উঠি আহে আৰু ১৮৩১ চনত লুইয়ে পঢ়াশালিত নাম লগায়। সৰুৰে পৰাই বালক লুই পেষ্ট'ৰৰ ৰাপ আছিল চিত্ৰাংকণত৷ কালক্ৰমত মধ্যমীয়া প্ৰতিভাৰ ল'ৰাজনে স্কুলীয়া শিক্ষা সাং কৰি ১৮৪০ চনত কলা বিষয়ত স্নাতক আৰু ১৮৪২ চনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৮৪৭ চনত পেৰিচৰ এক শিক্ষানুষ্ঠানৰ পৰা ডক্টৰেট সন্মানেৰে বিভূষিত হোৱাৰ পিছত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয়ত অধ্যাপনা আৰম্ভ কৰে ষ্ট্ৰেচবাৰ্গ বিশ্ববিদ্যালয়ত৷ লগে লগে তেওঁ বিভিন্ন বিষয়ৰ গৱেষণাত মনোনিবেশ কৰিবলৈ ধৰে৷ ১৮৪৯ চনৰ ২৯ মে'ত বিশ্ববিদ্যালয়ৰ ৰেক্টৰ আৰু উপাচাৰ্য্যৰ কন্যা মেৰী ল'ৰেটৰ লগত লুই পেষ্ট'ৰৰ বিবাহ সম্পন্ন হয়।

তেওঁ পাঁচটা সন্তানৰ পিতৃ হয় যদিও তিনিটা সন্তানেই টায়ফয়েড ৰোগত মৃত্যুবৰণ কৰে৷ এই দুখজনক অভিজ্ঞতাই তেওঁক সংক্ৰামক ৰোগৰ আৰোগ্য বিচৰাত অনুপ্ৰেৰণা যোগায়।[2][6]

বৈজ্ঞানিক অৱদান[সম্পাদনা কৰক]

আণৱিক অসামঞ্জস্যতা[সম্পাদনা কৰক]

পেষ্ট'ৰে সোঁ আৰু বাঁও স্ফটিক আকৃতি ইটো-সিটোৰ পৰা পৃথক কৰি স্ফটিকৰ দুটা গোট সাজে: দ্ৰৱণত এটা আকৃতিয়ে পোহৰ বাঁওফাললৈ ঘূৰায় আৰু আনটোৱে সোঁফাললৈ ঘূৰায়; দুয়োটা আকৃতিৰ সমান সমান বা ৰেচিমিক মিশ্ৰণে ইটো সিটোৰ প্ৰভাৱ নোহোৱা কৰে আৰু প'লাৰাইজ পোহৰ নুঘূৰায়।

ৰসায়নবিদ হিচাপে কাম কৰা সময়ত পেষ্ট'ৰে টাৰ্টাৰিক এচিডৰ এটা সমস্যা সমাধান কৰে (১৮৪৮)।[7][8][9][10][11] জীৱিত বস্তুৰ পৰা উলিওৱা (বিশেষকৈ ৱাইনৰ কিণ্বন কাৰক) এই যৌগৰ এটা দ্ৰৱণে মাজৰে পঠিওৱা প'লাৰাইজ পোহৰ ঘূৰাই দিয়ে। ৰাসায়নিকভাৱে প্ৰস্তুত কৰা টাৰ্টাৰিক এচিডৰ বিক্ৰিয়া বা আণৱিক গঠন একে হোৱা সত্বেও ই এনে ঘটনা প্ৰদৰ্শন নকৰিছিল আৰু বিজ্ঞানীসকল বিভ্ৰান্ত হৈছিল।[12] কাইৰেল অণুৰ ব্যাখ্যা আগবঢ়োৱা এয়াই আছিল প্ৰথম।

কিণ্বনৰ জীৱাণু তত্ব[সম্পাদনা কৰক]

পেষ্ট'ৰে দেখুৱায় যে খাদ্যৰ কিণ্বন অণুজীৱৰ বাবেহে হয় আৰু নিউট্ৰিয়েণ্ট ব্ৰ'থত বেক্টেৰিয়াৰ বিকাশ নিজে নিজে নহয়, বৰং বায়'জেনেছিছৰ বাবেহে হয় (Omne vivum ex vivo "সকলো জীৱন জীৱনৰ পৰা")।

গৱেষণাগাৰত ব্যস্ত পেষ্ট'ৰ
পেষ্ট'ৰে ব্যৱহাৰ কৰা Bottle en col de cygne (swan neck duct)।
Institut Pasteur de Lille

তেওঁ উতলাই লোৱা ব্ৰ'থ ফিল্টাৰ লগাই থোৱা এটা পাত্ৰত ৰাখিছিল যাতে ভিতৰলৈ একো সোমাব নোৱাৰে, আৰু দীঘল অকওৱা-পকোৱা নলী থকা পাত্ৰতো সেই দ্ৰৱ ৰাখিছিল। পাত্ৰকেইটাৰ মুখ ভাঙি নিদিয়ালৈকে তাত একো জন্ম ল'ব পৰা নাছিল। তাৰ ফলৰ প্ৰমাণ হয় যে তেনে দ্ৰৱত নিজে নিজে জীৱৰ বিকাশ নহয়, বৰং সেইবোৰ বাহিৰৰ উৎস যেনে ধূলিত থকা ৰেণু আদিৰপৰাহে হয়। এই গুৰুত্বপূৰ্ণ পৰীক্ষাই স্বয়ংক্ৰিয় সৃষ্টি মতবাদক নস্যাৎ কৰিছিল।

যদিও জীৱাণু তত্ব আগবঢ়োৱা পেষ্ট'ৰ প্ৰথমজন ব্যক্তি নাছিল (জিৰ'লেম' ফ্ৰাকাষ্ট'ৰ', অগষ্টিন' বেচি, ফ্ৰেডেৰিক গুস্তাভ জেকব হেনলী আৰু আন কিছুমানে আগতেই এনে কথা কৈছিল), তেওঁ কৰা পৰীক্ষাই এই তত্বক শুদ্ধতা প্ৰমাণ কৰে আৰু ইউৰোপৰ বেছিভাগ বিজ্ঞানী পতিয়ন যায়। বৰ্তমান পেষ্ট'ৰকে জীৱাণু তত্বৰ জনক বোলা হয়।[13]

পেষ্ট'ৰে দেখুৱায় যে অণুজীৱৰ বিকাশৰ বাবেই গাখীৰ, ৱাইন, বিয়েৰ আদি বেয়া হয়। পেষ্ট'ৰে এনে এবিধ প্ৰক্ৰিয়া উলিয়ায় যাৰ দ্বাৰা খাদ্য-সামগ্ৰীসমূহ (বিশেষকৈ ডায়েৰীৰ সামগ্ৰী) অধিক দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি৷ সাধাৰণতে এনে জুলীয়া খাদ্য-সামগ্ৰীক এটা নিৰ্দিষ্ট তাপমানত এক নিৰ্ধাৰিত সময়লৈ উত্তাপ দি লগে লগে শীতল কৰিলে জীৱাণুৰ দ্বাৰা খাদ্য-সামগ্ৰীবিধ সোণকালে বিনষ্ট নহয়৷ এই প্ৰক্ৰিয়াক "পেষ্টুৰাইজেচন" বুলি কোৱা হয়।[13] ২০ এপ্ৰিল, ১৮৬২ চনত প্ৰথমবাৰ সম্পন্ন কৰা এই পৰীক্ষাত তেওঁক সহযোগ কৰিছিল ক্লউড বাৰ্ণাডে৷ আজি গোটেই বিশ্বতে ডায়েৰী উদ্যোগত পেষ্টুৰাইজেচন নহলেই নচলে৷

পানীয় দূষিত হোৱা ঘটনাৰ পৰা পেষ্ট'ৰে অনুমান কৰে যে অণুজীৱ‌ই জন্তু আৰু মানুহক আক্ৰমণ কৰি ৰোগৰ সৃষ্টি কৰে। তেওঁ মানৱ দেহত অণুজীৱ সোমোৱা প্ৰতিৰোধ কৰিবলৈ প্ৰস্তাৱ দিয়ে আৰু ইয়াৰ ফলতে জ'ছেফ লিষ্টাৰে শল্য চিকিৎসাত প্ৰয়োগৰ বাবে এণ্টিছেপ্টিক কৌশল উদ্ভাৱন কৰে।

১৮৬৫চনত পেষ্টু'ৰে চিল্কৰ পলুসমূহক বেক্টেৰিয়াই ৰোগাক্ৰান্ত কৰা কথা ধৰা পেলায় আৰু প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়ায়৷[13]

পেষ্ট'ৰে অবাত শ্বসনো আৱিষ্কাৰ কৰে যিটো প্ৰক্ৰিয়াৰ ফাল্ত কিছুমান অণুজীৱ‌ অম্লজান নোহোৱাকৈ জীৱাই থাকে। ইয়াক পেষ্ট'ৰ প্ৰভাৱ (Pasteur effect) বুলিও কোৱা হয়।

প্ৰতিৰোধ বিজ্ঞান আৰু প্ৰতিষেধক[সম্পাদনা কৰক]

পেষ্টু'ৰৰ ধাৰনামতে বেচি ভাগ ৰোগৰ কাৰন হ'ল বেক্টেৰিয়া আৰু তাৰ বিনাশ কৰিব পাৰিলেই ৰোগৰ পৰা উদ্ধাৰ পাব পাৰি ৷ তেওঁ পোনতে মূৰ্গীৰ কলেৰাৰ প্ৰতিষেধক আবিষ্কাৰ কৰিলে৷ ১৮৭০ চনত তেওঁ প্ৰতিৰোধী কৌশল প্ৰয়োগ কৰি জন্তুক আক্ৰন্ত কৰা এন্‌থ্ৰাক্সৰ প্ৰতিষেধক সৃষ্টি কৰে।

গৱেষণাগাৰত লুই পেষ্ট'ৰ, এলবাৰ্ট এদেলফেল্টে ১৮৮৫ চনত অঁকা ছবি

পেষ্ট'ৰে ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে তেওঁ বেছিলাছবিধক অক্সিজেনৰ প্ৰভাৱত অকামিলা কৰি এন্‌থ্ৰাক্স প্ৰতিষেধক তৈয়াৰ কৰিছিল। কিন্তু পেৰিছৰ Bibliothèque Nationale-ত থকা তেওঁ টোকাবহীবোৰ পৰীক্ষা কৰি জনা গ'ল যে প্ৰকৃততে পেষ্ট'ৰে তেওঁৰ প্ৰতিদ্বন্দ্বী জিন-জ'ছেফ-হেনৰী টুঁছেৰ কৌশলহে ব্যৱহাৰ কৰিছিল।[12][14] এই কৌশলত জাৰক পটাছিয়াম ডাইক্ৰমেট ব্যৱহাৰ কৰা হৈছিল। পেষ্ট'ৰৰ অক্সিজেন কৌশল ব্যৱহাৰ কৰি শেষত এটা প্ৰতিষেধক প্ৰস্তুত কৰা হৈছিল, কিন্তু সেয়া তেওঁ এন্‌থ্ৰাক্স প্ৰতিষেধকৰ পেটেণ্ট লাভ কৰাৰ পিছতহে।

তেওঁ পাগল কুকুৰে কামোৰাৰ বাবে হোৱা 'ৰেবিজ'ৰ প্ৰতিষেধক নিৰ্মাণ কৰিবলৈ সক্ষম হয় ১৮৮৫ চনত৷ জ'চেফ মেইষ্টাৰ নামৰ ৯বছৰীয়া কিশোৰ এজনক ৬ জুলাই, ১৮৮৫ ৰ দিনাখন ৰেবিজৰ প্ৰতিষেধক বেজী প্ৰদান কৰে৷[12] তিনিমাহ পিছত ল'ৰাটোক পৰীক্ষা কৰাত সুস্থতা ওলাই পৰে।[15] ইয়াৰ দ্বাৰা লুই পেষ্টু'ৰৰ নাম জগতত জনাজাত হৈ পৰে৷

সন্মান আৰু শেষৰ দিনকেইটা[সম্পাদনা কৰক]

১৮৬৮ চনৰ পৰা পেষ্ট'ৰৰ কেইবাবাৰো ষ্ট্ৰ'ক হৈছিল আৰু ১৮৯৪ চনত তেনে হওঁতে তেওঁৰ স্বাস্থ্য ভাঙি আহে। সম্পূৰ্ণ আৰোগ্য লাভ নকৰি তেওঁ পেৰিছৰ ওচৰত ১৮৯৫ চনত মৃত্যুবৰণ কৰে।[12] ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্তেষ্টিক্ৰিয়া পাতি নটৰ ডেমৰ কেথেড্ৰেলত সমাধিস্থ কৰা হয়। কিন্তু পিছলৈ তেওঁৰ শৰীৰৰ অৱশিষ্ট পেষ্ট'ৰ ইন্‌ষ্টিটিউটৰ এটা সমাধিগৃহত ৰখা হয়।

ৰেচিমিক এচিডৰ সংশ্লেষণৰ বাবে ১৮৫৩ চনত এটা ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানে তেওঁক ১৫০০ ফ্ৰাংকৰ বঁতা দিছিল। ১৮৫৬ চনত লণ্ডনৰ ৰয়েল ছ'চাইটিয়ে ৰেচিমিক এচিডৰ বৈশিষ্ট আৱিষ্কাৰৰ বাবে তেওঁক "ৰামফৰ্ড মেডেল" আৰু ১৮৭৪ চনত কিণ্বনৰ গৱেষণাৰ বাবে "ক'পলি মেডেল" আগবঢ়ায়। ফ্ৰেঞ্চ একাডেমী অৱ চায়েঞ্চে ১৮৫৯ চনত পৰীক্ষামূলক ফিজিঅ'লজীৰ বাবে তেওঁলৈ "মণ্টায়ন বঁটা", আৰু স্বয়ংক্ৰিয় সৃষ্টি মতবাদক নাকচ কৰা গৱেষণাৰ বাবে ১৮৫৯ চনত "জেকাৰ বঁটা" আৰু ১৮৬১ চনত "এলহামবাৰ্ট বঁটা" দিয়ে। ১৮৫৭ চনত একাডেমীৰ সদস্যতাৰ বাবে নিৰ্বাচনত তেওঁ পৰাস্ত হয় যদিও ১৮৬২ চনত mineralogy বিভাগত নিৰ্বাচিত হয় আৰু ১৮৮৭ চনত ভৌতিক বিজ্ঞানৰ স্থায়ী সম্পাদকৰূপে নিযুক্তি দিয়া হয়। ১৮৭৩ চনত তেওঁ Académie Nationale de Médecine-লৈ নিৰ্বাচিত হয়। ১৮৮১ চনত Académie française-ত তেওঁক Littré's আসন প্ৰদান কৰা হয়।

১৮৭৩ চনত তেওঁক ব্ৰাজিলিয়ান অৰ্ডাৰ অৱ দা ৰ'জৰ কমাণ্ডাৰ পতা হয়।

১৮৯৫ চনত পেষ্ট'ৰে বিজ্ঞান-কলাৰ ক্ষেত্ৰত নেডাৰলেণ্ডৰ সৰ্বোচ্চ বঁটা "লিউৱেনহুক মেডেল" লাভ কৰে। ১৮৯৫ চনত তেওঁৰ নামৰেই Institute Pasteur আৰু Université Louis Pasteur-ৰ নাম ৰখা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Asimov, Asimov's Biographical Encyclopedia of Science and Technology 2nd Revised edition
  2. 2.0 2.1 সাঁচ:CathEncy
  3. Feinstein S (2008). Louis Pasteur: The Father of Microbiology. Enslow Publishers, Inc.. পৃষ্ঠা. 1–128. ISBN 9781598450781. http://books.google.co.in/books?id=0mwwzIdiuhkC&printsec. 
  4. Vander Hook S (2011). Louis Pasteur: Groundbreaking Chemist & Biologist. প্ৰকাশক Minnesota, US: ABDO Publishing Company. পৃষ্ঠা. 1–112. ISBN 9781617589416. http://books.google.co.in/books?id=D74c6On7eUoC&printsec. 
  5. Campbell, D. M. (January 1915). "The Pasteur Institute of Paris". American Journal of Veterinary Medicine (Chicago, Ill.: D. M. Campbell) খণ্ড 10 (1): 29–31. http://books.google.com/?id=u8FUAAAAMAAJ&printsec=frontcover#v=onepage&q=। আহৰণ কৰা হৈছে: February 8, 2010. 
  6. Pasteur Brewing. "Louis Pasteur Timeline: The Life of Louis Pasteur". pasteurbrewing.com. http://www.pasteurbrewing.com/general/timeline/the-life-of-louis-pasteur-a-chronology.html। আহৰণ কৰা হৈছে: 2013-07-03. 
  7. L. Pasteur (1848) "Mémoire sur la relation qui peut exister entre la forme cristalline et la composition chimique, et sur la cause de la polarisation rotatoire" (Memoir on the relationship which can exist between crystalline form and chemical composition, and on the cause of rotary polarization)," Comptes rendus de l'Académie des sciences (Paris), vol. 26, pages 535-538.
  8. L. Pasteur (1848) "Sur les relations qui peuvent exister entre la forme cristalline, la composition chimique et le sens de la polarisation rotatoire" (On the relations that can exist between crystalline form, and chemical composition, and the sense of rotary polarization), Annales de Chimie et de Physique, 3rd series, vol. 24, no. 6, pages 442-459.
  9. George B. Kauffman and Robin D. Myers (1998)"Pasteur's resolution of racemic acid: A sesquicentennial retrospect and a new translation," The Chemical Educator, vol. 3, no. 6, pages (?).
  10. H. D. Flack (2009) "Louis Pasteur's discovery of molecular chirality and spontaneous resolution in 1848, together with a complete review of his crystallographic and chemical work," Acta Crystallographica, Section A, vol. 65, pages 371-389.
  11. Joseph Gal: Louis Pasteur, Language, and Molecular Chirality. I. Background and Dissymmetry, Chirality 23 (2011) 1−16.
  12. 12.0 12.1 12.2 12.3 David V. Cohn (December 18, 2006). "Pasteur". প্ৰকাশক University of Louisville. http://pyramid.spd.louisville.edu/~eri/fos/interest1.html। আহৰণ কৰা হৈছে: 2007-12-02. "Fortunately, Pasteur's colleagues Chamberlain [sic] and Roux followed up the results of a research physician Jean-Joseph-Henri Toussaint, who had reported a year earlier that carbolic-acid/heated anthrax serum would immunize against anthrax. These results were difficult to reproduce and discarded although, as it turned out, Toussaint had been on the right track. This led Pasteur and his assistants to substitute an anthrax vaccine prepared by a method similar to that of Toussaint and different from what Pasteur had announced." 
  13. 13.0 13.1 13.2 Ullmann, Agnes (August 2007). "Pasteur-Koch: Distinctive Ways of Thinking about Infectious Diseases". Microbe (American Society for Microbiology) খণ্ড 2 (8): 383–7. http://forms.asm.org/microbe/index.asp?bid=52099। আহৰণ কৰা হৈছে: December 12, 2007. 
  14. Loir A (1938). "A l'ombre de Pasteur". Le mouvement sanitaire. পৃষ্ঠা. 18, 160. http://books.google.co.in/books/about/A_l_ombre_de_Pasteur.html?id=WElmkgEACAAJ&redir_esc=y. 
  15. Trueman C. "Louis Pasteur". HistoryLearningSite.co.uk. http://www.historylearningsite.co.uk/louis_pasteur.htm। আহৰণ কৰা হৈছে: 2013-07-03. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Debré, P.; E. Forster (1998). Louis Pasteur. প্ৰকাশক Baltimore, Maryland: Johns Hopkins University Press. ISBN 0-8018-5808-9. 
  • Duclaux, E.Translated by Erwin F. Smith and Florence Hedges (1920). Louis Pasteur: The History of a Mind. প্ৰকাশক Philadelphia, Pennsylvania: W. B. Saunders Company. 
  • Geison, Gerald L. (1995). The Private Science of Louis Pasteur. প্ৰকাশক Princeton, New Jersey: Princeton University Press. ISBN 0-691-03442-7. 
  • Latour, Bruno (1988). The Pasteurization of France. প্ৰকাশক Boston: Harvard University Press. ISBN 0-674-65761-6. 
  • Reynolds, Moira Davison. How Pasteur Changed History: The Story of Louis Pasteur and the Pasteur Institute (1994)
  • Williams, Roger L. (1957). Gaslight and Shadow: The World of Napoleon III, 1851-1870. প্ৰকাশক NY: Macmillan Company. ISBN 0-8371-9821-6. 

বহিঃ সংযোগ[সম্পাদনা কৰক]

The complete work of Pasteur, BNF (Bibliothèque nationale de France)