লুম্মেৰ দাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লুম্বেৰ দাইৰ পৰা পুনঃনিৰ্দেশিত)
লুম্মেৰ দাই
জন্ম ১ জুন, ১৯৪০
চিলুক, পাছিঘাট, অৰুণাচল প্ৰদেশ
মৃত্যু ৫ এপ্ৰিল, ২০০২ (৬১ বছৰ)
পেচা সহিত্যিক, তথ্য আৰু জনসংযোগ বিষয়া, নিৰ্দেশক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা ইংৰাজী সাহিত্যত স্নাতক, ১৯৬৬
উল্লেখযোগ্য বঁটা অসম প্ৰকাশন পৰিষদ বঁটা (১৯৬৩)
সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা (১৯৮৬)
হৰিপ্ৰসাদ নেওগ মেম্‌ৰিয়েল মুদ্ৰণ আৰু অলংকৰণ (১৯৮৬)
সাহিত্যজ্যোতি বঁটা (২০০৫)
দাম্পত্যসংগী নান্নী দাই[1]

লুম্মেৰ দাই আছিল অৰুণাচল প্ৰদেশৰ পটভূমিত অসমীয়া ভাষাত সৃষ্টিধৰ্মী ৰচনাৰ বাটকটীয়া।[2] তেওঁ আছিল মূলত এগৰাকী অসমীয়া জনজাতীয় লেখক। তেওঁ ৰচনাত জনজাতীয় জীৱন-বৈচিত্ৰ্যৰ ছবিহে বেছিকৈ উজলি উঠিছে।[2]

জন্ম[সম্পাদনা কৰক]

১৯৪০ চনৰ ১ জুনত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ চিলুক গাঁৱত। পিতৃৰ নাম আছিল জবো দাই আৰু মাতৃ কমছাক দাই আছিল অৰুণাচলৰ আদি জনগোষ্ঠীৰ লোক।[2][3]

শিক্ষা[সম্পাদনা কৰক]

লুম্মেৰ দাইৰ পিতৃ-মাতৃ অনাক্ষৰী হ'লেও পুত্ৰক শিক্ষাৰ পোহৰৰ বাট দেখুৱাই নাম লগাই দিছিল চিলুক প্ৰাথমিক বিদ্যালয়ত। ১৯৫০ চনত তেওঁ পাছিঘাট মিডল স্কুলত নামভৰ্তি কৰিছিল। ১৯৫৯ পাছিঘাট হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯৫৯ চনত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যায়তনিক তীৰ্থস্বৰূপ কটন মহাবিদ্যালয়ত আই এ মহলাত ভৰ্ত্তি হ'ল কিন্তু ১৯৬১ চনত আই এ পৰীক্ষাত কৃতকাৰ্য্য হ'ব নোৱাৰিলে ফলত চৰকাৰী বৃত্তি লাভৰ পৰা বঞ্চিত হয়। শ্বিলঙৰ নেফা সচিবালয়ত ৰেকৰ্ড কীপাৰৰ চাকৰি এটা যোগাৰ কৰি পঢ়াৰ খৰচ উলিয়াই ১৯৬২ চনত ইণ্টাৰমেডিয়েট পাছ কৰিলে। ১৯৬৬ চনত ইংৰাজী সাহিত্যত অনাৰ্চ লৈ শ্বিলঙৰ ছেইণ্ট এডমণ্ডচ কলেজৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতক ডিগ্ৰী লাভ কৰিলে। তাৰ পিচত গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত যোগদান কৰিছিল যদিও চূড়ান্ত পৰীক্ষাত নিদিলে আৰু শিক্ষা জীৱনৰ সামৰণি পেলাইছিল।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬৯ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰপৰা ঘোষক হিচাপ কৰ্মজীৱনৰ পাতনি মেলে। ১৯৭৩ চনত ব'মডিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাবে যোগদান কৰিছিল। একেটা বিভাগতেই ১৯৭৯ চনত সহকাৰী নিৰ্দেশক, ১৯৮১ চনত উপ-নিৰ্দেশক আৰু শেষত ১৯৮৩ চনত নিৰ্দেশক হিচাবে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে।[4]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

প্ৰাথমিক স্কুলত পঢ়োঁতেই উমেশ্বৰ দলে নামৰ এজন শিক্ষকৰ তত্ত্বাৱধানত লুম্মেৰ দাইয়ে সাহিত্য-চৰ্চাৰ প্ৰেৰণা লাভ কৰে আৰু তেওঁৰ অনুপ্ৰেৰণাত প্ৰথম প্ৰবন্ধ লিখিছিল। ছাত্ৰ অৱস্থাতে 'গিৰিবাণী' নামেৰে এখন হাতেলিখা আলোচনী প্ৰকাশ কৰে। তাৰপিছত মহেন্দ্ৰ বৰঠাকুৰ আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ যোগেদি ৰামধেনুলৈ বিভিন্ন প্ৰবন্ধপাতি প্ৰকাশ পায়।[4][5]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • ১৯৫৯ চনত অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত 'উদয়াচলৰ সাধু' নামে সাধু পুথি
  • ১৯৬১ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত প্ৰথম উপন্যাস 'পাহাৰৰ শিলে শিলে'[2]
  • ১৯৬৩ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত দ্বিতীয় উপন্যাস 'পৃথিৱীৰ হাঁহি'[2]
  • ১৯৬৭ চনত দত্ত বৰুৱা এণ্ড কোম্পানী দ্বাৰা প্ৰকাশিত তৃতীয় উপন্যাস 'মন আৰু মন'[2]
  • ১৯৭৮ চনত তিনিচুকীয়াৰ মিত্ৰ এজেন্সীৰ দ্বাৰা প্ৰকাশিত চতুৰ্থ উপন্যাস 'কইনাৰ মূল্য'[2]
  • ২০০৩ চনত প্ৰকাশিত 'ওপৰ মহল'[2]

মৃত্যুৰ পিছত আৰু দুখন গ্ৰন্থ বিকাশজ্যোতি বৰুৱাৰ যত্নত প্ৰকাশ পায় তলত উল্লেখ কৰা দুখন গ্ৰন্থ―

  • 'এটি তপত স্মৃতি' (গল্প সংকলন) আৰু
  • 'সাত ভাইৰ মনোবল ৰাইজৰ তপোবল হ‌ওক' (প্ৰবন্ধ সংকলন)

বঁটা[সম্পাদনা কৰক]

  • ১৯৬৩ চনত 'পাহাৰৰ শিলে শিলে' উপন্যাসৰ বাবে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী (নেফা)-ৰ পৰা বিশেষ প্ৰশংসা পত্ৰ লাভ কৰে।
  • ১৯৬৩ চনত 'পৃথিৱীৰ হাঁহি'ৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।[6]
  • ১৯৭০ চনত 'মন আৰু মন' উপন্যাসৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক মাতৃভাষাৰ বাদেও আন ভাষা চৰ্চা কৰা প্ৰথম পৰ্যায়ৰ সাহিত্যিক বুলি সম্বৰ্দ্ধনা জনায়।[6]
  • ১৯৮৬ চনত অসম সাহিত্য সভাই 'কইনাৰ মূল্য'ৰ বাবে সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা আৰু 'মন আৰু মন' ৰ বাবে হৰিপ্ৰসাদ নেওগ মেম্‌ৰিয়েল মুদ্ৰণ আৰু অলংকৰণ বঁটা প্ৰদান কৰে।[6]
  • ২০০৫ চনত লখিমপুৰৰ নতুন সুৰ গোষ্ঠীয়ে মৰণোত্তৰভাৱে 'সাহিত্যজ্যোতি' বঁটা আগবঢ়ায়।

মৃত্যু[সম্পাদনা কৰক]

২০০২ চনৰ ৫ এপ্ৰিলত লুম্মেৰ দাইৰ ৬২ বছৰ বয়সত মৃত্যু হয়।[3]

সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা[সম্পাদনা কৰক]

অসম সাহিত্য সভাই ২০০৯ চনৰ পৰা সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰি আহিছে।[7]

বছৰ বঁটা লাভ কৰা ব্যক্তি ব্যক্তিজনৰ চমু বিবৰণ
২০০৯ স্বৰ্ণ বৰা উপন্যাসিক, গীতিকাৰ, কবি[8]
২০১১ বসন্ত দাস উপন্যাসিক[8]
২০১৩ কেংচাম কেংলাম লেখক[7]
২০১৫ দিলীপ বৰা লেখক[9][10]
২০১৭ তিলোত্তমা মিশ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা[9]
২০১৯ ৰংবং তেৰাং অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Lummer Dai remembered". The Arunachal Times. The Arunachal Times. https://arunachaltimes.in/index.php/2018/04/08/lummer-dai-remembered/। আহৰণ কৰা হৈছে: 1 May 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 Goswami, Karabi (Mar. 2015). "Reading Folklore in the Novels of Lummer Dai". IOSR Journal Of Humanities And Social Science খণ্ড 20 (3): 46. 
  3. 3.0 3.1 Pertin, Tokong. "Thy say so too – Luminous Lummer Dai". The Arunachal Times. https://arunachaltimes.in/index.php/2019/06/01/thy-say-so-too-luminous-lummer-dai/। আহৰণ কৰা হৈছে: 1 May 2020. 
  4. 4.0 4.1 4.2 "প্ৰবন্ধ ভাষা-সাহিত্য". সাহিত্য ডট অৰ্গসাহিত্য ডট অৰ্গ. Archived from the original on 2016-07-23. https://web.archive.org/web/20160723123313/http://www.xahitya.org/2013/03/14/%e0%a6%85%e0%a7%b0%e0%a7%81%e0%a6%a3%e0%a6%be%e0%a6%9a%e0%a6%b2%e0%a7%b0/। আহৰণ কৰা হৈছে: 2020-05-01. 
  5. Juri, Dutta (2007). Tribal life and society in select novels of Lummer Dai and Yeshe Dorjee Thongchi. Rajiv Gandhi University. http://hdl.handle.net/10603/205520. 
  6. 6.0 6.1 6.2 Karabi, Goswami (2016). Folklore materials in the novels of Lummer Dai and Yeshe Dorjee Thongchi. Gauhati University. http://hdl.handle.net/10603/195595. 
  7. 7.0 7.1 "Lummer Dai literary award for Kengsam Kenglang". The Assam Tribune. The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=jun0213/oth06। আহৰণ কৰা হৈছে: 1 May 2020. [সংযোগবিহীন উৎস]
  8. 8.0 8.1 "Sabha sets up research centre after Lummer Dai". The Assam Tribune. The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=may1011/state06। আহৰণ কৰা হৈছে: 1 May 2020. [সংযোগবিহীন উৎস]
  9. 9.0 9.1 "অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ'ছাইটিৰ সহযোগত অসম সাহিত্য সভাৰ লুম্মেৰ দাইৰ ৭৮ সংখ্যক জন্ম দিৱস উদযাপন আৰু লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান অনুষ্ঠান". প্ৰথম খবৰ. প্ৰথম খবৰ. https://prathamkhabar.com/2017/06/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%B2%E0%A6%BF%E0%A6%9F%E0%A6%BE%E0%A7%B0%E0%A7%87%E0%A7%B0%E0%A7%80/। আহৰণ কৰা হৈছে: 1 May 2020. [সংযোগবিহীন উৎস]
  10. "Honour for Assam Writer". The Telegraph. The Telegraph. https://www.telegraphindia.com/states/north-east/honour-for-assam-writer/cid/1530776। আহৰণ কৰা হৈছে: 1 May 2020. 
  11. "'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা ৰংবং তেৰাঙক লুম্মেৰ দাই সাহিত্য বঁটা". এন ই নাও নিউজ. এন ই নাও নিউজ. https://assam.nenow.in/lummer-dai-award-2019-presented-to-ex-sabha-president-terang/। আহৰণ কৰা হৈছে: 1 May 2020.