লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান
.
ভৌগলিক
অৱস্থান তেজপুৰ, উত্তৰ-পূব ভাৰত, অসম, ভাৰত
সংস্থান
চিকিৎসালয়ৰ প্ৰকাৰ বিশেষত্ব
সেৱাসমূহ
সংযোগসমূহ
ৱেবছাইট www.lgbrimh.org
তালিকা

ভাৰতবৰ্ষত ব্ৰিটিছৰ আগমণৰ পৰাহে মানসিকভাৱে অসুস্থ লোকক আনৰপৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে ফাটেকত থোৱাৰ ব্যৱস্থা কৰা হৈছিল। বৰ্তমান ৮১ একৰ মাটিকালিৰ এই প্ৰতিষ্ঠানটোত মুঠ ৩৩৬ জন পুৰুষ-মহিলাৰ বাবে পৃথক পৃথক থকাৰ ব্যৱস্থা, চিকিৎসক-কৰ্মচাৰীৰ বাবে আৱাস, পেথ’ল’জিকেল পৰীক্ষাগাৰ, পুথিভঁৰাল, পুনৰ্সংস্থাপন বিভাগ আদিৰ সুবিধা আছে । Psychiatry, Psychiaric nursing আদি বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পি.জি. আৰু এম.ফিল. পাঠ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই বছৰৰ পৰা Clinical Psychiatry course ৰ বাবেও অনুমোদন লাভ কৰা হৈছে ।

ইতিহাস[সম্পাদনা কৰক]

১৮৭৬ চনত ব্ৰিটিছে ঢাকা পগলা ফাটেকৰ পৰা সেই অঞ্চলৰ ৰোগীসকলক স্থানান্তৰ কৰি স্থানীয় লোকৰ সুবিধাৰ্থে তেজপুৰতে এখন পগলা ফাটেক স্থাপন কৰিছিল[1]। গিৰিষ চন্দ্ৰ দাস (পিছলৈ অধীক্ষক) নামৰ এগৰাকী স্বাস্থ্য সহায়কৰ তত্বাৱধানত তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু তেতিয়ালৈকে ৰোগীসকলৰ হাত-ভৰি বান্ধি ৰখা হৈছিল আৰু প্ৰয়োজনসাপেক্ষে উন্মাদ ৰোগীক চে’লত ৰখাৰ ব্যৱস্থাও আছিল ।

১৯২২ চনত ৰোগীৰ হাত-ভৰিৰ বান্ধোন খুলি প্ৰকৃত চিকিৎসা আৰম্ভ কৰি ‘পগলা ফাটেক’ নামটো সলাই তেজপুৰ মানসিক চিকিৎসালয় ৰখা হয় । ১৯৩২ চনত নতুনকৈ অধীক্ষক নিয়োগ কৰি চিকিৎসালয়ৰ কাম-কাজ জিলা প্ৰশাসনৰ হাতৰ পৰা অধীক্ষকৰ হাতত ন্যস্ত কৰা হয় । ১৯৮৩-৮৪ চনত ভাৰতৰ পৰিকল্পনা আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য বিকাশ আৰু সেৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এখন উন্নয়ন কমিটী গঠন কৰি দিয়ে । ১৯৮৭ চনত বৰ্হি ৰোগী বিভাগ নিৰ্মাণ কৰি চিকিৎসালয়খনৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য কেন্দ্ৰ কৰা হয় । ১৯৯৯ চনত উত্তৰ-পূব পৰিষদ আৰু অসম চৰকাৰৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তি অনুযায়ী চিকিৎসালয়খনৰ সমস্ত দায়িত্ব উত্তৰ-পূব পৰিষদৰ হাতলৈ যায় । ২০০৭ চনৰ ১ জুনৰ পৰা ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এটা সৰ্বাংগসুন্দৰ অনুষ্ঠানলৈ গঢ় দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগে দায়িত্ব গ্ৰহণ কৰে[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

বহি:সংযোগ[সম্পাদনা কৰক]