শ্ৰীমন্ত শংকৰদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শংকৰদেৱৰ পৰা পুনঃনিৰ্দেশিত)
শ্ৰীমন্ত শঙ্কৰদেৱ

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অংকন কৰা মহাপুৰুষজনাৰ কল্পিত চিত্ৰ
জন্ম ১৪৪৯[1]
বৰদোৱা, নগাঁও, অসম, ভাৰত
মৃত্যু ১৫৬৮[1]
মধুপুৰ সত্ৰ, ভেলাদংগা, কোচবিহাৰ, ভাৰত
উপাধি/সন্মান মহাপুৰুষ
প্ৰতিষ্ঠাপক মহাপুৰুষীয়া ধৰ্ম
দৰ্শন বৈষ্ণৱ ধৰ্ম
সাহিত্যিক কৰ্ম কীৰ্তন ঘোষা, বৰগীত, অংকীয়া নাট,
উল্লেখযোগ্য শিষ্য(সকল) মাধৱদেৱ

শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।[2] তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল।[1][2] অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়।[2]


পূৰ্বপুৰুষ আৰু জন্ম[সম্পাদনা কৰক]

খ্ৰীষ্টীয় ১৪ শ শতিকাত গৌড় ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণলৈ সাত ঘৰ বিশিষ্ঠ ব্ৰাহ্মণ আৰু সাত ঘৰ কায়স্থ মানুহ পঠাইছিল। দুৰ্লভ নাৰায়ণে বৰ আদৰ-সাদৰ কৰি তেওঁলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিল। কায়স্থ সাত ঘৰৰ ভিতৰত চণ্ডীবৰ নামে এজন বিদগ্ধ পণ্ডিত আছিল। ৰজাই তেওঁক শিৰোমণি ভূঞা উপাধি দি হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক পাতিছিল।[3] কিছুদিন সেই কাম সুকলমে কৰি শেষত ভোটবিলাকৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাবৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল। তেওঁৰ বংশতে বৰ্তমানৰ বৰদোৱাৰ প্ৰায় ৮ মাইল দূৰত অৱস্থিত আলি পুখুৰী নামে ঠাইত ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়।[1][3][4] শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা দেৱী[5]

বাল্যকাল আৰু শিক্ষা-দীক্ষা[সম্পাদনা কৰক]

শঙ্কৰদেৱৰ সৰু অৱস্থাতে পিতৃ-মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক পালন কৰে।[3] সৰুতেই তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল৷ খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।[6] বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা কৰি সকলোকে অভিভূত কৰে।[6] ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক দেৱ উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ (শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ ( মৎস্য , শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰক্ষ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, বৃহত্‌, অগ্নি, ভাগৱত) নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়।[6] তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে।[6]

বৈবাহিক জীৱন[সম্পাদনা কৰক]

শঙ্কৰদেৱৰ একৈছ বছৰ বয়সত তেওঁ নিজ কান্ধত থকা শিৰোমণি ভুঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰি নিজে একন্তভাৱে শাস্ত্ৰচৰ্চাত নিয়োজিত হ’বলৈ মন মেলিলে। পৰকালৰ বাবে শাস্ত্ৰজ্ঞান আহৰণ কৰি ধৰ্ম কৰাৰৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ককাকৰ আগত ব্যক্ত কৰিলে। অন্যথা সংসাৰৰ অৰ্থ নাই। ইয়াতে নাতিয়েকৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি চিন্তিত হৈ দুই পিতামহে চাই চিতি হৰিবৰগিৰি নামৰ এজন ভুঞাৰ সূৰ্যৱতী নামৰ কন্যাৰ লগত শঙ্কৰদেৱৰ বিয়া পাতি দিয়ে। সেয়া আছিল ১৩৯২ শক। বিবাহৰ তিনিবছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শঙ্কৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাটিৰ নাম থলে ’মনু’। দুৰ্ভাগ্যবশত: মনুৰ বয়স ন-মাহ হওঁতেই সূৰ্যৱতীৰ অকাল বিয়োগ ঘটে। পিছত দুকুৰি চৈধ্য বছৰ বয়সত সকলোৰে মতৰ সাপেক্ষে শঙ্কৰদেৱে কালিকা ভুঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ কৰে।

তীৰ্থ ভ্ৰমণ[সম্পাদনা কৰক]

১৪০৩ শকত ৩২ বছৰ বয়সত শঙ্কৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়। আন সোতৰজন তীৰ্থযাত্ৰী শঙ্কৰদেৱৰ লগত যাত্ৰাৰ সংগী হ’ল। এইসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকে ধৰি ৰামৰাম, সৰ্বজয়, পৰমানদ, বলোভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চোট বলোৰাম, মুকুণ্ড, মুৰাৰি, হৰিদাস, দামোদৰ, আৰু আন দুজন এই দলৰ সদস্য আছিল। শঙ্কৰদেৱে অনুগামীসকলৰ সৈতে গংগাৰ পৰা স্নান দৰ্শনেৰে আৰম্ভ ক্ৰি জগন্নথ-পুৰী, সীতাকুণ্ড, উত্তৰ বাহিনী গংগা, বৰাহক্ষেত্ৰ, পুষ্কৰিণী তীৰ্থ, মথুৰা, বৃন্দাবন, দ্বাৰকা, কাশী, বাৰানসী, প্ৰয়াগ, নেপাল, নিষধ, কৈকেয়, কোশল, অযোধ্যা, হস্তিনাপুৰ, পাঞ্চাল, শ্বেতদ্বীপ, কৰ্মনাশা কেশৰী, কাবেৰী, মাৰ্গকাশী, বিন্দুকাশী, কৈশিক তীৰ্থ, মুকুন্দ আশ্ৰম, পুষ্পভদ্ৰা, সোণাৰু, কপিল, গণ্ডকী নদী, উপদ্বাৰকা, অঙ্গদ নগৰ, ৰামেশ্বৰ সেতুখণ্ড, সুবাহু নগৰ, বিদিশা নগৰ, দণ্ডকা বন, চিত্ৰকুট পৰ্বত, গোদাবৰী, গোমতী, পঞ্চবটী আশ্ৰম, দা ঋষ্যমূক পৰ্বত, কিষ্কিন্ধ্যা, পুষ্কৰাৱতী, ভৰদ্বাৰ, হৰিদ্বাৰ, জয়দ্বাৰ, নৰ্মদা, মহানন্দা, কটক নগৰ, বদৰিকাশ্ৰম আদি প্ৰায়বোৰ তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে। ১৫৫০ শকৰ আঘোণ মাহত শঙ্কৰদেৱৰ ৯৭ বছৰ বয়সত সংগী ভকতসকলৰ সৈতে তেওঁ পুনৰ তীৰ্থলৈ যায়।

কৰ্মজীৱন[সম্পাদনা কৰক]

নগাঁও জিলাবৰদোৱাত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি

শিক্ষা সমাপ্ত কৰি গুৰুগৃহৰ পৰা ঘৰলৈ ঘূৰাৰ পাছত শঙ্কৰদেৱৰ ওপৰত সংসাৰৰ গুৰু দায়িত্ব কিছুমান পৰিবলৈ ধৰে। তেওঁ নথকা অৱস্থাত শিৰোমণি ভুঞাৰ দায়িত্বভাৰ লৈ থকা ককাদেউতাক জয়ন্ত দলৈয়ে প্ৰথমেই শিৰোমণি ভুঞাৰ বিষয়ভাৰ শঙ্কৰদেৱৰ ওপৰত অৰ্পণ কৰিলে। তেনেই কম বয়সতে ভুঞাসকলৰ শ্ৰেষ্ঠ সন্মান লাভ কৰা আৰু শ্ৰেষ্ঠ দায়িত্ব পোৱা বাবে তেওঁৰ নাম ডেকাগিৰি হ’ল। শঙ্কৰদেৱে দক্ষতাৰে শাসনকাৰ্য চলাবলৈ ধৰিলে। শঙ্কৰদেৱে শিৰোমণি ভুঞাৰ দায়িত্ব লোৱাৰ কিছুদিন পিছৰে পৰা কছাৰীসকলে আলিপুখুৰী আঞ্চলত বসবাস কৰি থকা ভুঞা আৰু ব্ৰাক্ষ্মণসকলৰ ওপৰত ঘনে ঘনে উপদ্ৰৱ কৰিবলৈ ধৰে। সকলোৰে অনুৰোধ আৰু কছাৰীসকলৰ উপদ্ৰৱলৈ লক্ষ্য ৰাখি শঙ্কৰদেৱে পৰিয়াল আৰু আন আন সকলৰ সৈতে আহি বৰদোৱাত ঘৰ-দুৱাৰ সাজি বসবাস কৰিবলৈ ল’লে। বৰদোৱাত ঘৰ-দুৱাৰ কৰি থাকোঁতে শঙ্কৰদেৱে ৰামৰাম গুৰুৰ লগত আলোচনা কৰি তাত এটি দেৱ মন্দিৰ নিমাৰ্ণ কৰাৰ সিদ্ধান্ত ল’লে। মন্দিৰৰ ভেঁটি তুলিবৰ সময়ত মাটি খান্দোতে কোৰৰ চাবত শিলত কটা চতুৰ্ভুজ বিষ্ণুমূৰ্তি এটা পালে। সেই বিষ্ণুমূৰ্তিটোকে সাতখলপীয়া সিংহাসনৰ ওপৰত প্ৰতিষ্ঠা কৰিলে।

প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰি কৰোঁতে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত সম্পৰ্কিত প্ৰায়বোৰ স্থান ভ্ৰমণ কৰি ভক্তিৰসেৰে আপ্লুত হৈ শঙ্কৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কৃষ্টি-সংস্কৃতিৰ মুকুতা বুটলি নিজ মাতৃভূমিত এক নতুন ধৰ্ম-সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে বাৰ বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি সংগীসকলৰ সৈতে ১৪১৫ শকত ( ১৮৯৩ খ্ৰী:) নিজ গৃহলৈ ঘূৰি আহিল। শঙ্কৰদেৱে তীৰ্থ ভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ ঢৌৱে ঢৌৱাই গৈছিল। তেওঁ ভক্তি আন্দোলনৰ মতবাদৰ সৰলতা আৰু কাৰ্যকাৰিতাত অতিকৈ মুগ্ধ হৈছিল। নিজৰ ৰাজ্যৰ মানুহখিনিৰ মাজত এই সহজ-সৰল ধৰ্মীয় মদবাদ প্ৰচাৰৰ বাবে শঙ্কৰদেৱৰ মনত হাবিয়াস জন্মে। সেই সময়ত অসম ৰাজ্যখনত বিভিন্ন ধৰ্মীয় মতবাদ প্ৰচলিত আছিল। ভগৱানক উপাসনা কৰাৰ কোনো নিদিৰ্ষ্ট পদ্ধতি নাছিল। অসংখ্য দেৱ-দেৱীৰ পূজা, বৃক্ষ পূজা, শিল পূজা, সৰ্প পূজা, ডাঙৰীয়া পূজা, প্ৰকৃতি পূজা আদি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল। দেৱ-দেৱীৰ সন্তুস্টিৰ অৰ্থে মানুহে বিগ্ৰহৰ আগত পশু বলি দিছিল; আনকি বৰবলি পৰ্যন্ত চলিছিল। ধৰ্মীয় আচাৰ-বিধিবোৰ সাধাৰণতে সহজ নাছিল। শঙ্কৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তিধৰ্মই ভিন্‌ ভিন্‌ ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটি মাথোন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তিধৰ্মই হ’ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব। তীৰ্থ ভ্ৰমণ কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তি তত্ত্বৰ পৰম জ্ঞানেৰে সমৃদ্ধ হৈ সৰ্বসাধাৰণ মানুহখিনিৰ বাজত নামধৰ্ম প্ৰচাৰ কৰি মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিলে। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত ’এক শৰণ ভাগৱতী বৈষ্ণৱ নামধৰ্মৰ’ খুঁটি পুতিলে। বিশ্বব্ৰক্ষ্মাণ্ডৰ সৰ্বময় কৰ্তা ভগৱান এজন আৰু তেৱেঁই হৈছে পৰমেশ্বৰ বিষ্ণু। এইজনাৰ নাম ল’লেই জগতৰ সকলো দুখ-যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পৰি; সেয়ে আমি এইজনা সৰ্বশক্তিমান ভগৱানৰ চৰণত শৰণ ল’ব লাগে। শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নামধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ’ল ’দ্বাদশ স্কন্ধ ভাগৱত’ গ্ৰন্থ। এই ধৰ্মমতত ক্ৰিয়াকাণ্ডৰ ব্যায়বহুলতা, বলি-বিধান, যাগ-যজ্ঞ, পূজা-পাতল, মূৰ্তি-উপাসনা অদি নাই। কেৱল ’একদেৱ, একসেৱ’ এক বিনে নাই কেৱ’ অৰ্থাত্‌ কায়মনো বাক্য হৰিৰ নাম শ্ৰৱণ-কীৰ্তন কৰা।

শঙ্কৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন-যাত্ৰা (চিহ্ন=চিত্ৰ, যাত্ৰা= নাটক)। এনেদৰেই অসমত নাট্যকলাৰ জন্ম হয় শঙ্কৰদেৱৰ হাতত। গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নটাকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেঁটি কৰি শঙ্কৰদেৱে ’চিহ্ন’ নামৰ নাট এখনি লিখি তাক যাত্ৰা বিচাপে অভিনয় কৰে। সেয়ে চিহ্ন-যাত্ৰা। শঙ্কৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ পোৱা যায় চিহ্ন-যাত্ৰাত। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত চাৰিদিন সাতৰাতি হৈছিল বুলি কথিত। নৃত্য-গীত আৰু চৰিত্ৰৰ সমাবেশেৰে ই ৰাইজক চমত্‌কৃত কৰিছিল। চিহ্ন-যাত্ৰাৰ ৰচনাকাল ১৪৬৮ খ্ৰীষ্টাব্দ বুলি জনা যায়।


শঙ্কৰ-মাধৱৰ মহামিলন[সম্পাদনা কৰক]

সেয়া আছিল ১৪৪৪ শক (১৫২২ খ্ৰীষ্টাব্দ)। এই সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দূৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই গুৰুজনাৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপস্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ’ল আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গ’ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ’ল। গুৰুজানি নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই। সুদীৰ্ঘ ন-ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শঙ্কৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি সুন্দৰ শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে। শ্লোকটি হ’ল- ”যথাতৰোৰ্মূল নিষচনেন, তৃপ্যন্তি তত্‌স্কন্ধ- বুজোপশাখা: প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়াণাং তথা চ সৰ্বাচৰ্নমচ্যতেঙ্গ্যা।”

একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱ হ’ল বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত ধৰণ ল’লে। ’শঙ্কৰ-মাধৱ’ এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শঙ্কৰ-মাধৱৰ এই মহামিলনক মণি-কাঞ্চণ যোগ বোলা হয়।

শঙ্কৰদেৱৰ সাহিত্য[সম্পাদনা কৰক]

সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল৷ সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে৷ জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰেই আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ৷ সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামে ভাষাত ৰচনা কৰিছিল৷ কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল৷ শ্ৰীশ্ৰীশঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবাভাগত ভগাব পাৰি, যেনে:

কাব্যঃ[সম্পাদনা কৰক]

ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থঃ[সম্পাদনা কৰক]

অনুবাদমূলক গ্ৰন্থঃ[সম্পাদনা কৰক]

অঙ্কীয়া নাটঃ[সম্পাদনা কৰক]

পত্নী প্ৰসাদ
কালিয়দমন

ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত কালিয়দমন নাট ৰচনা কৰা হৈছিল। কালি হ্ৰদত কালি নামৰ নাগে বাস কৰাৰ ফলত হ্ৰদৰ পানী বিষাক্ত হৈ পৰে। এদিন এই বিষাক্ত পানী সেৱন কৰাৰ ফলত গোপবালক সকল অচেতন হৈ মৃত্যুমুখত পৰে। কৃষ্ণই নিজৰ ঐশ্বৰিক শক্তিৰে কালি নাগক পৰাস্ত কৰি সেই হ্ৰদ এৰি যাবলৈ বাধ্য কৰে আৰু সকলো গোপবালককে জীৱন দান দিয়ে। এই কাহিনীভাগকেই ইয়াত অংকন কৰা হৈছে।

কেলিগোপাল

কেলিগোপাল নাটখন ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল। শৰতৰ ৰাতি কৃষ্ণৰ বাঁহীৰ সুৰত আকৰ্ষিত হৈ গোপীসকলে বৃন্দাবনলৈ ঢপলিয়াই আহে। মূলত: শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলাই এই নাটৰ উপজীব্য।

ৰুক্মিণী হৰণ

ৰুক্মিণী হৰণ নাটখন ভাগৱতৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। পিতাক ভীষ্মই কন্যা ৰুক্মীণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল যদিও জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে। ভাতৃ শিশুপালক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱায় নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ’ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে। এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে।

পাৰিজাত হৰণ

ভাগৱত আৰু হৰিবংশৰ মূলৰ পৰা পাৰিজাত হৰণ নাটখনি ৰচনা কৰিছিল। এদিন নাৰদে শ্ৰীকৃষ্ণক এপাহ পাৰিজাত ফুল অৰ্পণ কৰে। ৰুক্মীণীয়ে ফুলপাহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত কৃষ্ণই ফুলপাহ ৰুক্মীণীৰ খোপাত পিন্ধাই দিয়ে। কৃষ্ণৰ সেই কাৰ্য্যত ইৰ্ষাম্বিত হৈ আন এগৰাকী পত্নী সত্যভামাই কিদৰে ইন্দ্ৰপত্নী শচীৰ পৰা পাৰিজাত ফুল হাচিল কৰি তাক আনি নিজৰ কোঠাৰ কাষতে ৰুৱে আৰু ৰুক্মীণীক হেয় জ্ঞান কৰি নিজকে কৃষ্ণৰ প্ৰিয় পত্নী বুলি প্ৰতিপন্ন কৰিব খুজিছে তাকেই ইয়াত দেখুওৱা হৈছে।

ৰাম বিজয়

ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে ৰাম নিজয় নাট ৰচনা কৰিছিল। কেনেকৈ ৰামে হৰধনু ভাঙি সীতাক লাভ কৰে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামক যুদ্ধত পৰাস্ত কৰে এই সমস্ত ঘটনাৱলীয়ে এই নাটৰ মূল আধাৰ।

গীতঃ[সম্পাদনা কৰক]

নাম-প্ৰসঙ্গৰ গ্ৰন্থঃ[সম্পাদনা কৰক]

বহুমুখী প্ৰতিভা[সম্পাদনা কৰক]

শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল বীৰ্য্যৰ পৰিচয় দিছিল।[3] প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নিচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল৷ অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুস্থান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল।[4] আজিৰ পৰা পাঁচশ ৫০০ বছৰৰ আগতে শঙ্কৰদেৱে যি উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল ভাৱি সচাই বিস্ময় লাগে৷

তেখেতৰ প্ৰথম কবিতাটো হ'ল:


কৰতল কমল কমল-দল নয়ন ।
ভবদব দহন গহন বন শয়ন ॥
নপৰ নপৰ পৰ সতৰত গময় ।
সভয় মভয় ভয় মমহৰ সততয় ॥
খৰতৰ বৰশত হত দশ বদন ।
খগচৰ নগধৰ ফনধৰ শয়ন ॥
জগদঘ মপহৰ ভৱভয় তৰণ ।
পৰপদ লয় কৰ কমলজ নয়ন ॥

তিৰোভাৱ[সম্পাদনা কৰক]

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য্য চলাই আছিল। ১৫৬৮ খ্ৰীষ্টাব্দত ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।[1] সেই সময়ত কোঁচৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। কোচবিহাৰত থকা এই ভেলা মধুপুৰ সত্ৰত ১৪৯০ শকত ভাদ মাহৰ ২১ তাৰিখে শুক্লা দ্বিতীয়া তিথিত জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ হৈছিল।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে শব্দ ডট অৰ্গত". xobdo.org. http://www.xobdo.org/asm/%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1। আহৰণ কৰা হৈছে: January 12, 2013. 
  2. 2.0 2.1 2.2 "Sankardeva: saint-reformer of Assam". atributetosankaradeva.org. 25 September 2012. http://www.atributetosankaradeva.org/Sankaradeva.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  3. 3.0 3.1 3.2 3.3 "A Saint is Born...". atributetosankaradeva.org. ১৬ এপ্ৰিল, ২০০৭. http://www.atributetosankaradeva.org/bio.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  4. 4.0 4.1 Babul Tamuli. "Sankardeva – A Great Social Reformer". http://www.bipuljyoti.in/authors/sankardeva/sankardeva.html। আহৰণ কৰা হৈছে: December 21, 2012. 
  5. "Biography of Sankardeva". atributetosankaradeva.org. 02 October 2009. http://www.atributetosankaradeva.org/bio_cover.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  6. 6.0 6.1 6.2 6.3 "Sankardeva At the tol". atributetosankaradeva.org. December 24, 2008. http://www.atributetosankaradeva.org/bio2.htm। আহৰণ কৰা হৈছে: January 12, 2013. 
  7. বিপুলজ্যোতি ডট ইন, আহৰণ কৰা তাৰিখ: ০৩, জুলাই, ২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]