শক্তিমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শক্তিমান
SHAKTIMAAN.gif
শক্তিমানৰ ৰূপত মুকেশ খান্না
নিৰ্মাতা মুকেশ খান্না
লিখক গালিব ভূপালি আৰু ব্ৰিজ মোহন পাণ্ডে
পৰিচালক দিবাকৰ জানি
অভিনয়ত মুকেশ খান্না
বৈষ্ণৱী মহন্ত
কিতু গিডৱানী
সুৰেন্দ্ৰ পল
টম অল্টাৰ
শীৰ্ষ সংগীত শক্তিমান
দেশ ভাৰত
ভাষা হিন্দী
খণ্ডৰ সংখ্যা প্ৰায় ৩০০ (প্ৰথম সম্প্ৰচাৰত), প্ৰায় ৪০০ (পুণৰ সম্প্ৰচাৰত বৰ্ধিত)
প্ৰযোজনা
প্ৰযোজক মুকেশ খান্না
সম্পাদক নাছিৰ হাকিম আনচাৰী
চিত্ৰগ্ৰহণকাৰী মনোজ চনি
দৈৰ্ঘ্য ৩৮-৪২ মিনিট
সম্প্ৰচাৰ
মূল ছেনেল দূৰদৰ্শন
প্ৰদৰ্শনৰ সময় ১৪ ছেপ্তেম্বৰ ১৯৯৭ – ২৭ মাৰ্চ ২০০৫

শক্তিমান (ইংৰাজী: Shaktimaan) হ'ল ভাৰতীয় দূৰদৰ্শনত একে নামেৰে প্ৰচাৰিত,মুকেশ খান্না প্ৰযোজিত আৰু দিবাকৰ জানিৰ দ্বাৰা পৰিচালিত দূৰদৰ্শন শৃংখলা এখনৰ মুখ্য তথা ভাৰতৰ প্ৰথম চুপাৰহিৰো চৰিত্ৰ। প্ৰতি দেওবাৰে ভাৰতীয় মান সময় অনুসৰি দিনৰ ১২ বজাত, প্ৰায় ৪০০ খণ্ডৰে ২৭ ছেপ্তেম্বৰ, ১৯৯৭ তাৰিখৰ পৰা ২৭ মাৰ্চ ২০০৫ লৈ ডীডী নেচনেল যোগে প্ৰচাৰিত হৈছিল। পৰিচয়মূলক খণ্ডটো ২০ ছেপ্তেম্বৰ,১৯৯৭ তাৰিখতে সম্প্ৰচাৰ হৈছিল। শেষৰ খণ্ডটোৰ শ্লট দিনৰ ১২ বজাৰ পৰা ৰাতিপুৱা ৯:৩০ বজালৈ সলনি কৰা হৈছিল। ইয়াক প'গ'ত ইংৰাজীত, তৰঙ্গত ওড়িয়া আৰু চুট্টি টিভিত তামিলত সম্প্ৰচাৰণ কৰা হৈছিল। ষ্টাৰ উৎসৱত হিন্দীত ইয়াক পুণৰ সম্প্ৰাচাৰন কৰা হৈছিল। মুকেশ খান্নাই শক্তিমান আৰু শক্তিমানৰ অন্য ৰূপ পণ্ডিত গংগাধৰ বিদ্যাধৰ মায়াধৰ ওমকাৰনাথ শাস্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। শক্তিমান অতিমানৱ আছিল, তেওঁ আলৌকিক শক্তিৰ অধিকাৰী আছিল। গীতা বিশ্বাস নামৰ অইন এটা চৰিত্ৰ শক্তিমানৰ প্ৰেয়সী আছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]