শামুকভঙা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শামুকভঙা
থাইলেণ্ডৰ এক জলাশয়ৰ পাৰত এটি শামুকভঙা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ciconiidae
গণ: Anastomus
প্ৰজাতি: A. oscitans
বৈজ্ঞানিক নাম
Anastomus oscitans
Boddaert, 1783

শামুকভঙা (ইংৰাজী: Asian Openbill/Asian Openbill Stork, বৈজ্ঞানিক নাম: Anastomus oscitans) এবিধ সাৰেং জাতীয় চৰাই

বিৱৰণ[সম্পাদনা কৰক]

শামুকভঙা এবিধ পৰিভ্ৰমী চৰাই৷ খাদ্যৰ সন্ধানত ইহঁতে জাকপাতি বহু দূৰলৈ পৰিভ্ৰমণ কৰে৷ জলাশয়, বিল আদিত ইহঁতক জাকপাতি ফুৰা দেখা যায়৷ অকলশৰীয়া অৱস্থাত ইহঁতক একেবাৰে দেখা নাযায় বুলিব পাৰি৷ দূৰৈৰপৰা ইহঁতক দেখিবলৈ বগলীৰ নিচিনা লাগে৷ উৰন্ত অৱস্থাত ডিঙিটো আগলৈ আৰু ভৰিদুখন পাছলৈ ৰাখি উৰে৷

দেহৰ বৰণ ধূসৰ, ছাই বৰণীয়া। ডেউকা বহল৷ পিঠিৰ তলত নেজ আৰু ডেউকাৰ প্ৰাথমিক পাখি ক'লা। প্ৰজননৰ সময়ত ঠেং ৰঙা হয়। সাধাৰণ অৱস্থাত পাতল গোলপীয়া বা ছাই বৰণৰ৷ ঠোঁট দীঘল। ঠোঁটৰ মাজত অলপ ফাঁক থাকে। পোৱালি অৱস্থাত অৱশ্যে এই ফাঁক নাথাকে৷ ঠোঁটৰ হনু শক্তিশালী বাবে ইহঁতে শামুকৰ খোলা অনায়াসে ভাঙিব পাৰে৷[2]

অৱস্থিতি আৰু বাসস্থান[সম্পাদনা কৰক]

বিশেষকৈ ভাৰতীয় উপমহাদেশত ইহঁতৰ উপস্থিতি দেখা যায়৷ তাৰোপৰি বাংলাদেশ, থাইলেণ্ড, শ্ৰীলংকাটো ইহঁতক দেখা যায়৷ বিল, পথাৰ, জলাহভূমি আদিৰ কাষত সাধাৰণতে ইহঁতক দেখা যায়। নদীৰ কাষত ইহঁতক দেখা নাযায় বুলিব পাৰি৷ পোৱালিবোৰ উৰিব পৰা হ'লে খাদ্য আৰু উপযুক্ত পৰিবেশৰ সন্ধানত ইহঁত বহু দূৰৈলৈ পৰিভ্ৰমণ কৰে৷ ভাৰতৰ ভৰতপুৰত চিহ্নিত কৰা চৰাই ৮০০ কি.মি. পূবত আৰু থাইলেণ্ডত চিহ্নিত কৰা চৰাই ১৫০০ কি.মি পশ্চিমত বাংলাদেশত দেখা গৈছে৷[3] [4] আগষ্ট আৰু চেপ্তেম্বৰ মাহত ভাৰতৰ দক্ষিণ-পূৱ উপকূলৰ লাইটহাউচৰ বাবে এনে বহুতো পৰিভ্ৰমী পক্ষী দিশহাৰা হোৱা দেখা যায়৷[5] শামুকভঙা চৰায়ে সাধাৰণতে ওখ ফেৰেঙণি থকা গছত বাহ সাজে। ইহঁতে ওচৰা-ওচৰিকৈয়ে বাহ সাজে৷ ভাৰতৰ উত্তৰাঞ্চলত প্ৰজননৰ সময় জুলাইৰ পৰা চেপ্তেম্বৰলৈ, দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত মাৰ্চৰ পৰা নৱেম্বৰলৈকে৷ এবাৰত সাধাৰণতে ২-৪ টাকৈ কণী পাৰে৷ প্ৰায় ২৫ দিনত কণীৰপৰা পোৱালি উলায়৷ মতা -মাইকী দুয়োটায়ে উমনি আৰু পোৱালিৰ যত্ন লয়৷ কেতিয়াবা এটা চৰাইৰ দুজনী সংগী থকা দেখা যায়৷ তেতিয়া একেটা বাহতে দুজনী মাইকীয়ে কণী পৰা দেখা যায়৷[6]

খাদ্য[সম্পাদনা কৰক]

জলাশয় বিলাকত জাক পাতি লাহে লাহে খোজ কাঢ়ি খাদ্যৰ সন্ধান কৰে। জলজ সৰীসৃপ, কীট-পতংগ, ভেকুলী, শামুক আদি ইহঁতৰ খাদ্য।[7] শামুক ইহঁতৰ প্ৰিয় খাদ্য৷ ঠোঁটেৰে শামুকৰ খোলাটো বিশেষ কাইদাৰে এৰোৱাই খাব পাৰে। ঠোঁটেৰ তলৰ বখলাটো সোঁফালে বেঁকা কৰি শামুকৰ খোলাটো এৰোৱাই খাব পাৰে৷ সৰু সৰু শামুকবোৰ ই গোটাকৈয়ে গিলি থয়৷[8]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2008). Anastomus oscitans. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 3 February 2009. Database entry includes justification for why this species is of least concern
  2. Gosner, KL (1993). "Scopate tomia: an adaptation for handling hard-shelled prey?". Wilson Bulletin খণ্ড 105 (2): 316–324. http://elibrary.unm.edu/sora/Wilson/v105n02/p0316-p0324.pdf. 
  3. Ali, Salim (1959). "Local movements of resident waterbirds". J. Bombay Nat. Hist. Soc. খণ্ড 56 (2): 346–347. 
  4. Storks are regularly disoriented by lighthouses along the southeast coast of India on overcast nights between August and September
  5. Ali, S & SD Ripley (1978). Handbook of the Birds of India and Pakistan. Volume 1 (2 ed.). New Delhi: Oxford University Press. pp. 95–98.
  6. Datta T & BC Pal (1995). "Polygyny in the Asian Openbill (Anastomus oscitans)". The Auk খণ্ড 112 (1): 257–260. http://elibrary.unm.edu/sora/Auk/v112n01/p0257-p0260.pdf. 
  7. Mukherjee, Ajit Kumar (1974). "Food-habits of water-birds of the Sundarban, 24 Parganas District, West Bengal, India-IV. Stork, Teal, Moorhen and Coot". J. Bombay Nat. Hist. Soc. খণ্ড 71 (2): 188–200. 
  8. Kahl MP (1971). "Food and feeding behavior of Openbill Storks". Journal of Ornithology খণ্ড 112 (1): 21–35. doi:10.1007/BF01644077. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]