শিখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিখ

নিচান চাহিব, শিখসকলৰ ধৰ্মীয় নিচান
মুঠ জনসংখ্যা
৩০,০০০,০০০ কোটি (৩০ মিলিয়ন)[1]
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল
ধৰ্ম
শিখ ধৰ্ম
ধৰ্মগ্ৰন্থ
গুৰু গ্ৰন্থ চাহেব
ভাষা
হিন্দী, পঞ্জাবী

শিখ ধৰ্মৰ অনুসাৰীসকলক শিখ (ইংৰাজী উচ্চাৰণ: /ˈsiːk/ or /ˈsɪk/; পঞ্জাবী: ਸਿੱਖ, sikkh [ˈsɪkkʰ]) বোলা হয়। এই শব্দটো মূলতঃ সংস্কৃত ভাষাৰ শিষ্য শব্দৰ পৰা উৎপত্তি হৈছে। শিষ্য মানে শিক্ষাৰ্থী বা শিক্ষানুৰাগী। অথবা সংস্কৃত শব্দ শিক্ষাৰ পৰা এই শব্দৰ উৎপত্তি, যাৰ অৰ্থ হৈছে নিৰ্দেশ, উপদেশ ইত্যাদি".[3][4]। ১৫ শতাব্দীতে ভাৰতৰ পঞ্জাব প্ৰদেশত এজন শিখ গুৰুৰ অনুসাৰী এই ধৰ্মৰ আৰম্ভণি হয়। এজন শিখধৰ্মৰ লোকক চিনি উলিয়াবলৈ উপায় হ’ল পাঁচটা "ক" ৰে বুজোৱা হয়; ১- কেশ (চুলি)। ২-কাৰা(শিখসকলে বাওঁহাতত পিন্ধা বিশেষ বন্ধনী)। ৩-কৃপাণ (সৰু এক প্ৰকাৰৰ তৰবাৰি)। ৪-কাশেৰা (বিশেষ ধৰণৰ অন্তৰ্বাস)। ৫-কঙ্গ (পাগুৰীৰ লগত থকা চিৰুনী)। এই চিহ্নবোৰ তেওঁলোকে বিশেষ ধৰ্মীয় নিয়ম হিচাপে মানি চলে। ইয়াৰ বাহিৰে মুখভৰ্ত্তি দাড়ি, পাগুৰী বা বাওঁহাতত ব্ৰেছলেট দেখিলেই অনায়সে এজন শিখক চিহ্নিত কৰা সম্ভৱ। ব্ৰেছলেটডালক পঞ্জাবী ভাষাত "কাৰা" বোলা হয়। ইয়াৰ বাহিৰে তেওঁলোকৰ অধিকাংশ পুৰুষৰ নামে "সিং" (সিংহ) আৰু নাৰীসকলৰ নাম "কাউৰ" (ৰাজকন্যা) উপাধি থাকে। শিখসকলৰ অধিকাংশই বসবাস কৰে ভাৰতৰ পঞ্জাব এলেকাত। অৱশ্যে পৃথিৱীৰ বিভিন্ন অঞ্চলতো তেওঁলোকৰ বিস্তৃতি আছে।

শিখ গুৰুসকল[সম্পাদনা কৰক]

# নাম জন্ম তাৰিখ গুৰুত্ব অৰ্জন মৃত্যু তাৰিখ বয়স
গুৰু নানক এপ্ৰিল ১৫, ১৪৬৯ আগষ্ট ২০, ১৫০৭ ছেপ্টেম্বৰ ২২, ১৫৩৯ ৬৯
অঙ্গদদেৱ মাৰ্চ ৩১, ১৫০৪ ছেপ্টেম্বৰ ৭, ১৫৩৯ মাৰ্চ ২৯, ১৫৫২ ৪৮
অমৰ দাস মে ৫, ১৪৭৯ মাৰ্চ ২৬, ১৫৫২ ছেপ্টেম্বৰ ১, ১৫৭৪ ৯৫
ৰাম দাস ছেপ্টেম্বৰ ২৪, ১৫৩৪ ছেপ্টেম্বৰ ১, ১৫৭৪ ছেপ্টেম্বৰ ১, ১৫৮১ ৪৬
অঞ্জনদেৱ এপ্ৰিল ১৫, ১৫৬৩ ছেপ্টেম্বৰ ১, ১৫৮১ মে ৩০, ১৬০৬ ৪৩
হৰ গোবিন্দ জুন ১৯, ১৫৯৫ মে ২৫, ১৬০৬ ফেব্ৰুৱাৰী ২৮, ১৬৪৪ ৪৮
হৰ ৰায় জানুয়াৰি ১৬, ১৬৩০ মাৰ্চ ৩, ১৬৪৪ অক্টোবৰ ৬, ১৬৬১ ৩১
হৰ কৃষান জুলাই ৭, ১৬৫৬ অক্টোবৰ ৬, ১৬৬১ মাৰ্চ ৩০ ১৬৬৪
তেগ বাহাদুৰ এপ্ৰিল ১, ১৬২১ মাৰ্চ ২০, ১৬৬৫ নৱেম্বৰ ১১, ১৬৭৫ ৫৪
১০ গুৰু গোবিন্দ সিং ডিচেম্বৰ ২২, ১৬৬৬ নৱেম্বৰ ১১, ১৬৭৫ অক্টোবৰ ৭, ১৭০৮ ৪১

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Has India put the U.S. – India ‘Nukes – for mangoes’". Panthic Weekly. http://www.panthic.org/news/129/ARTICLE/3632/2007-10-24.html। আহৰণ কৰা হৈছে: 4 April 2008. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2007-09-27. https://web.archive.org/web/20070927201402/http://www.censusindia.net/religiondata/Summary%20Sikhs.pdf। আহৰণ কৰা হৈছে: 2012-01-14. 
  3. Singh, Khushwant (2006). The Illustrated History of the Sikhs. প্ৰকাশক India: Oxford University Press. পৃষ্ঠা. 15. ISBN 978-0-19-567747-8. 
  4. পঞ্জাবী Nabha, Kahan. Then th Sahib Singh (1930) (Punjabi ভাষাত). Gur Shabad Ratnakar Mahan Kosh/ਗੁਰ ਸ਼ਬਦ ਰਤਨਾਕਰ ਮਹਾਨ ਕੋਸ਼. পৃষ্ঠা. 720. http://www.ik13.com/online_library.htm#mahankosh। আহৰণ কৰা হৈছে: 2006-05-29. 

অধিক তথ্যসমৃদ্ধ গ্ৰন্থ[সম্পাদনা কৰক]

  • The Sikhs In History: A Millennium Study by Sangat Singh, Noel Quinton King. New York 1995. ISBN 81-900650-2-5
  • A History of the Sikhs: Volume 1: 1469–1838 by Khushwant Singh. Oxford India Paperbacks (13 January 2005). ISBN 0-19-567308-5
  • The Sikhs by Patwant Singh. Image (17 July 2001). ISBN 0-385-50206-0
  • The Sikhs of the Punjab by J. S. Grewal. Published by Cambridge University Press (28 October 1998). ISBN 0-521-63764-3.
  • The Sikhs: History, Religion, and Society by W.H. McLeod. Published by Columbia University Press (15 April 1989). ISBN 0-231-06815-8
  • The Sikh Diaspora: Tradition and Change in an Immigrant Community (Asian Americans  — Reconceptualizing Culture, History, Politics) by Michael Angelo. Published by Routledge (1 September 1997). ISBN 0-8153-2985-7


বাহ্যিক সংযোগ[সম্পাদনা কৰক]