শিশুৰ খেল-ধেমালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই নিজৰ নিজৰ থলুৱা খেল-ধেমালি থকাটো দেখা যায়। শিশুসকলৰ মাজতো বহুতো খেল-ধেমালি দেখা যায়, শিশুৰ এই খেল-ধেমালিবোৰ স্বভাৱতেই গীত সমৃদ্ধ হয়। ঠাই বিশেষে শিশুৰ খেল-ধেমালিৰ লগত জড়িত গীতবোৰ সুকীয়া সুকীয়া। অসমত প্ৰচলিত কিছুমান শিশুৰ খেল-ধেমালি জনপ্ৰিয় খেল তলত উল্লেখ কৰা হ'ল :-

কপটি বা হৈ গুদু[সম্পাদনা কৰক]

কপটি বা হৈ গুদু খেলটো অসমৰ গ্ৰামাঞ্চলত শিশু সকলৰ মাজত জনপ্ৰিয়। সাধাৰণতে মুকলি খেলপথাৰত হৈ গুদু খেলা হয়।

নিয়মাৱলী

মাটিত মাজতে এডাল আঁক পাৰি দুফালে দুটা দল হৈ এদলৰ এটাই আন দলটোৰ যিকোনো এজনক একে উশাহতে চুবলৈ যায়। খেদি যোৱা জনৰ মুখত উশাহ নসলোৱাকৈ গীত গাই যায় :-


মাগুৰ কি মাগুৰ জালি,
ঘোঁৰাৰ আগত দিলোঁ পানী,
ঘোঁৰাই বোলে নাখাওঁ পানী,
ইৰিকতি মিৰিকতি বাঁহৰ শলা,
মোমায়েৰে আনিব তিনিটা ঘোঁৰা,
অ' বান্দৰ পোৱালি
কচকচী ছোৱালী
ৰামে দিয়া শাৰীখনত ক’ত সেন্দূৰ লগালি।

এনেকৈ গীত গাই হাতেৰে চুই সাৰি আহিব পাৰিলেই চুই অহাজন খেলৰ পৰা বাহিৰ হৈ যাব লাগে। লগে লগে আনটো দলৰ এটাই উশাহ নসলোৱাকৈ মুখত আন এটা গীত গাই গাই বিপৰীত দলৰ খেলুৱৈ বোৰক খেদি আহে। এইদৰেই খেল চলি থাকে। যিদলৰে আটাইকেজন খেলুৱৈ মৰি মৰি খেলৰ পৰা বাহিৰ হ’ব, সেইদলটো হাৰিব আৰু আনটো দল জিকিল বুলি ধৰা হয়।

কুকুৰা যুঁজ[সম্পাদনা কৰক]

সৰু লৰা-ছোৱালীৰ মাজত কুকুৰা যুঁজ খেলবিধ খেলা দেখা যায়। সাধাৰণতে ল'ৰাবোৰেহে এই খেলত অংশ লয়। কুকুৰা যুঁজ খেলৰ বাবে কোনো আহিলাৰ প্ৰয়োজন নহয়।

নিয়মাৱলী[সম্পাদনা কৰক]

সাধাৰণতে খেলুৱৈসমূহ দুটা দলত ভাগ হয়। দুই দলৰ একো একোজন খেলুৱৈয়ে বাওঁহাত সোঁকান্ধত থৈ সোঁহাতেৰে সোঁভৰি ডাঙি ধৰি ইটোৱে সিটোক খুন্দা মাৰে, এইদৰে খুন্দিয়া খুন্দি লাগি থাকে যেতিয়ালৈকে কোনো এজনৰ হাত সুলকি নপৰে বা বাগৰি নপৰে। যিজনৰ প্ৰথমেই হাত সুলকিব বা বাগৰি পৰিব সেইজন হাৰিল বুলি ধৰা হয় আৰু আনজন জিকিল বুলি ধৰা হয়। এইদৰে দুই দলৰে প্ৰতিজনে এজন এজনকৈ যুঁজ লাগে। এটা সময়ত যি দলে বিপক্ষ দলৰ সকলো খেলুৱৈক হৰুৱাবলৈ সক্ষম হ’ব সেই দলেই বিজয়ী হ’ল বুলি ধৰা হয়।

ৰজা ৰাণী খেল[সম্পাদনা কৰক]

গ্ৰামাঞ্চলৰ শিশু সকলৰ মাজত আন এবিধ জনপ্ৰিয় খেল হ'ল ৰজা ৰাণী খেল।

নিয়মাৱালী

ৰজা-ৰাণী খেলটি-শিশু সকল এইখেলত দুটা দলহৈ খেলা কোনো খেলৰ বাবে প্ৰথমতে লৰা বা ছোৱালীবোৰ দুভাগ কৰি 'লবলৈ খেলুৱৈ বোৰৰ মাজৰ দুজন ৰজা-ৰাণী হয়। জাকটোৰ বাকীবোৰে দুজন দুজনকৈযোৰ পাতি প্ৰত্যেকেই মনে মনে সোণ-ৰূপ, ফলু-পাত, আদি বিভিন্ন ধৰণৰ নাম লৈ আহি ৰজা-ৰাণীক সোধেহি যে- সোণ লাগে নে ৰূপ লাগে বা ফুল লাগে নে পাত লাগে। ডাকে ডাক সিকে ডাক বুলি কোনো কোনোৱে আকৌ গীত বা যোজনা এফাকি গাই আহে। ৰজাই যদি সোণ লাগে বুলি কয় সোণ নামলৈ অহাজন ৰজাৰ ফালে আৰু ৰূপ নামলৈ অহাজন ৰাণীৰ ফালৰ দলত ভৰ্তি হয়। এইদৰে আটাইকেইটা যোৰা আহি সোধোতে সোধোতে গোটেই খেলুৱৈৰ দলটো দুভাগ হৈ যায়। দুভাগহৈ যোৱাৰ পাছত যি কোনো খেল খেলিবলৈ সুবিধা হয় আৰু দলৰ খেলুৱৈ সকলৰ মাজত কোনো আপত্তি ও নাথাকে। এতিয়া তেওঁলোকে হৈ গুদু, বৌ-গুদু যিকোনো খেল নিজৰ পচন্দ মতে খেলে।

চেংগুটি[সম্পাদনা কৰক]

খেলৰ সামগ্ৰী

পাঁচটা গুটি (শিলগুটি হ’লে ভাল), খেলুৱৈ দুজন বা ততোধিক।

নিয়মাৱলী

এই খেলত কিছুমান নিৰ্দিষ্ট ঢাপ (Step) আছে। প্ৰত্যেকটো ঢাপৰ কৌশল বেলেগ বেলেগ। খেলখনত প্ৰায় পাঁচ-ছটা মান ঢাপ থাকে। স্থানভেদে, ঢাপৰ সংখ্যা ভিন ভিন হোৱা দেখা যায়। খেলৰ মাজতে যদি কোনো এটা ঢাপত খেলুৱৈজনে ভুল কৰে, তেতিয়া পৰৱৰ্তী খেলুৱৈজনে খেলিবলৈ সুবিধা পায়। আটাইকেইটা ঢাপ শেষ কৰাৰ পাছত খেলুৱৈজনে একোটা নম্বৰ লাভ কৰে আৰু পুনৰ প্ৰথমটো ঢাপৰ পৰা খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।

খলিগুটি[সম্পাদনা কৰক]

খেলৰ সামগ্ৰী

পঞ্চাশটা শিলগুটি, দহটা সৰু সৰু গাঁত, দুজন খেলুৱৈ

নিয়মাৱলী

দুটা শাৰীত পাঁচোটাকৈ মুঠ দহটা সৰু সৰু গাঁত মাটিত খান্দি লোৱা হয়। প্ৰথমতে, প্ৰত্যেকটো গাঁততে পাঁচটাকৈ গুটি ৰখা হয়। এজন খেলুৱৈয়ে নিজৰ ফালে থকা যিকোনো এটা গাঁতৰ পৰা পাঁচোটা শিলগুটি লৈ খেল আৰম্ভ কৰে। খেলুৱৈজনে এই গুটিখিনি পৰৱৰ্তী গাঁতসমূহত বিলাই যায়। এই কাৰ্য তেতিয়ালৈকে চলি থাকে, যেতিয়ালৈকে গুটি বিলাই শেষ হোৱাৰ পিছত পৰৱৰ্তী গাঁতটো খালি থাকে। তেতিয়া খেলুৱৈজনে খালি গাঁতটোৰ পৰৱৰ্তী গাঁতটোৰ গুটিখিনি লাভ কৰে। ইয়াৰ পিছত পিছৰ খেলুৱৈজনে খেল আৰম্ভ কৰে। এনেদৰেই খেলখন আগবাঢ়ি গৈ থাকে।

অন্যান্য খেলসমূহ[সম্পাদনা কৰক]

  • ল’ৰা-ছোৱালীয়ে মাটিৰ লগত যেনে ধূলিবালিৰ লগত সমন্ধ থকা খেল-ধেমালিও বেছি ভাল পোৱা দেখা যায়। ধূলিবালিৰে ভাত ৰন্ধা, বজাৰ কৰা, খেতি কৰা, মাটিৰে সৰু সৰু পুতলা বনোৱা, কেতিয়াবা আকৌ কাপোৰেৰে পুতলা সাজি কইনা-দৰা খেলা খেলাও দেখা যায়।
  • কণকণ ল’ৰা-ছোৱালীয়ে কলিয়া কচু কাটি তাত চূণৰ বগা বগা দাগ দি লৈ কচুডালৰ মুৰত এডাল দীঘল সূতা লগাই আলিবাটৰ বননিৰ মাজত চূণ লগোৱা কচুডাল কোনেও নেদেখাকৈ লুকুৱাই ৰছীডালৰ আনটো মুৰ আলিবাটৰ সিপাৰে ৰাখি লুকাই থাকি বাটৰুৱা আহিলেই ৰছীডাল লাহে লাহে টানি দিলে বাটৰুৱাই দীঘলীয়া (সাপ) বুলি ভয় খাই দৌৰ মাৰিলে বৰ আনন্দ পোৱা খেলবিধো জনপ্ৰিয় আছিল।
  • কোনো কোনো ঠাইত ল’ৰা-ছোৱালীয়ে তামোল গছৰ ঢকুৱাৰ ঠাৰিৰ পাতবোৰ এৰুৱাই মাজৰ ঠাৰি ডালত ধৰি এটাই টানি নিয়ে আৰু এটা ঢকুৱাৰ বহল ছাল ডোখৰত বহি যায়। এইদৰে টানি লৈ যাওঁতে মাটিত এটা বহল লিক হৈ যায় আৰু বাকী ল’ৰা ছোৱালীবোৰ তাৰ লিকে লিকে খোজকাঢ়ি যায়।
  • কেতিয়াবা ল’ৰা-ছোৱালীয়ে ৰেলৰ দবাৰ দৰে দীঘলকৈ ইটোৱে সিটোৰ পিঠিত ধৰি শাৰী-পাতি থিয় হোৱাৰ পিছত, সমুখত এজনে আহি ক’ব- ইৰিকতি মিৰিকতি বাঁহৰ শলা, মোমাইৰ পদূলিত বান্ধিলোঁ ঘোঁৰা, বুঢা-বুঢী ঔ- দলটোৱে ক’ব কি ঔ- তেতিয়া আকৌ ক’ব- ৰজাৰ জীয়েকে ঘাটত গা ধুৱলৈ যাওঁতে পহু এটি পালে, তাকে খাবলৈ জালি কোমোৰা এটি লাগে। দলৰ আগত বা শাৰীটোৰ আগত থিয় হৈ থকা জনে ক’ব- তাৰে এটা চিঙি নিয়া, এইবুলি কোৱাৰ লগে লগেই শাৰীৰ শেষত থকা জনক চিঙি এৰুৱাই দিয়ে, এনেকৈয়ে খেলটো গৈ থাকে।
  • কেতিয়াবা শিশু সকল জুমপাতি বহি মাটিত শাৰী শাৰীকৈ হাত পাতি এজনে গীত গাই যায়—উকুলি মুকুলি দুকুলি কাঁহি আদৌ আদৌ ফুলৰ পাহি, আমপাতে চাম চাই –কঁঠাল পাতে সুহুৰিয়াই, কি, কি চৰাই, কি কি নাও, ইখন নদী এৰি সিখন নদী পাওঁ। উজনিৰ ফালে এই গীতবোৰ অলপ বেলেগ হোৱা দেখা যায়—একৈ দুকৈ নলৰ ঢৰা, বাঁহ বেত যঁতৰ শলা। উত্তৰে ধুমধাম পশ্চিমে বিয়া, ডাব নাৰিকল যোৰা দিয়া আদি। এনেকৈও খেল-ধেমালি কৰা দেখা যায়।

ফুটকলি বা বাঁহৰ খজা বন্দুক[সম্পাদনা কৰক]

ফুটকলি

ই শিশুৰ এবিধ থলুৱা খেলৰ সামগ্ৰী। গাওঁ বা চাহ বাগিছা অধ্যুষিত অঞ্চলসমূহত সৰু লৰা-ছোৱালীৰ ই এক খেলনা সামগ্ৰী।

প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

বাঁহৰ জেংৰপৰা প্ৰথমে সৰু নলিচা এডাল (নলিচাটোৰ দৈঘ্য প্ৰায় ৪/৯ ইঞ্চি আৰু নলিচাটোৰ মাজৰ ফুটাটোৰ ব্যাসাৰ্ধ প্ৰায় .৫ ছে.মি.) কাটি ল’ব লাগে। তাৰ পাছত নলিচাটোৰ মাজেৰে সুমাবপৰাকৈ এডাল খোচা মাৰি তৈয়াৰ কৰি ল’ব লাগে। খোচা মাৰিডালৰ নলিচাটোত সোমাবপৰা অংশটোৰ দৈঘ্য নলিচাটোতকৈ ১ ইঞ্চি কম হ’ব লাগে।

ফুটোৱাৰ প্ৰণালী[সম্পাদনা কৰক]

প্ৰথমে কাগজ তিয়াই লৈ চেপি ল’ব লাগে। এই কাগজৰপৰা অকণমান কাগজ নলিচাটোত খাজি লৈ খোচা মাৰিডালেৰে নলিচাটোৰ এটা মূৰত স্থাপন কৰিব লাগে। আকৌ অকণমান কাগজ খাজি লৈ খোচা মাৰিডালেৰে নলিচাটোৰ ইটো মূৰলৈ থেলি দিলে ইটো মূৰত থকা কাগজখিনি জোৰেৰে শব্দ কৰি ওলাই গৈ দূৰত পৰেগৈ। এই শব্দটোৱেই ল’ৰাহঁতৰ মনত আনন্দ দিয়ে। এই শব্দটোৰ উপৰিও লক্ষ্যস্থিৰৰ বাবেও ইয়াক ব্যৱহাৰ কৰে।

শৈশৱৰ খেলৰ লগত জড়িত কেইটিমান গীত বা যোজনা[সম্পাদনা কৰক]


  • কাণিমুনি ঘাই মোৰ গাত দোষ নাই।


  • জোনবাই এ তৰা এটি দিয়া,

পাত নাই চোত নাই কিহতকৈ দিম,
হালধীয়া চৰাইয়ে বাওধান খায়,
সাউদৰ পুতেকে নাও মেলি যায়,
নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বাওঁ,
গধূলিতে গধূলিতে দবা কোৱাওঁ।

  • বাঁহৰ মূঢা

বগৰীৰ গুড়া,
ক'ৰ পৰা আহিলি
চকু চেলোৱা বুঢ়া।

  • ৰ'দালি এ ৰ'দ দে, ৰ'দ দে

আলি কাটি জালি দিম,
চামৰ পীৰা পাৰি দিম,
তাতে বহি বহি ৰ'দ দে।



  • জোনবাই এ বেজি এটি দিয়া,

বেজিনো কেলৈ?
মোনো সীবলৈ॥
মোনানো কেলৈ?
ধন ভৰাবলৈ॥
ধননো কেলৈ?
হাতী কিনিবলৈ॥
হাতীনো কেলৈ?
উঠি ফুৰিবলৈ॥
হাতীত উঠিলে কি হয়?
বৰ মানুহ হয়।

  • অলৌ-গুটি তলৌ

গুটি কছুপাতৰ ঘাই
যিটো হাতত গুটি আছে
সেইটো হাতত পাই।

চতুৰতাৰ পৰিচায়ক গীত বা যোজনা[সম্পাদনা কৰক]

কোনোৱাই কি কথা বুলি সুধিলেই পোনচাতেই এটাই আনটোক কয় :-

কি কথা?
বেং কথা,
কি বেং?
পাত বেং,
কি পাত?
মৰাপাত,
কি মৰা?
দেওঁ মৰা,
কি দেওঁ?
শনি দেওঁ,
কি শনি?
কুকুৰা কণী।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • অসমৰ খেল ধেমালি, লেখক: নাৰায়ন শৰ্মা
  • অসমৰ পুৰণি খেল ধেমালি - লেখিকা: সুবোধমালা বৰুৱা
  • অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ড॰ নাৰায়ণ দাস, ড॰ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০